Chandrabindu Rules

By: Anjal Borah (অঞ্জল বৰা)


অসমীয়া চন্দ্রবিন্দু বিধি


(মহেশ্বৰ নেওগৰ 'নিকা অসমীয়া ভাষা' আৰু গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ'ৰ আধাৰত)



(১) অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়৷ সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়৷ যেনে-


মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ৷ একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি৷



(২) মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়৷ যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো৷ ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়৷ এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে৷


(৩)কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া৷ এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়৷




(৪)আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়৷" এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে৷



(৫)আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে৷ ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়৷



(৬)সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়৷ যেনে-


গ্ৰাম > গাঁও


কণ্টক > কাঁইট


অঙ্ক > আঁক


সঞ্চ > সাঁচ


ৱংশ > বাঁহ


পঞ্চ > পাঁচ ইত্যাদি৷



(৭) কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalization) হোৱা দেখা যায়৷ যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি৷ এইবোৰত অনুনাসিকতাই মূল কাৰণ৷



(৮)'ও' থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই৷ যেনে- নেওগ, নেওতা ইত্যাদি৷



(৯)বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে৷ যেনে- সিহঁত, তহঁত৷



(১০) মনকৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে৷ যেনে-


কাঁহ (ধাতু) কাহ (এবিধ বেমাৰ)


আঁহ (উদ্ভিদৰ মিহি জৰী) আহ (আগমন কৰ)


বাঁহ (এবিধ উদ্ভিদ) বাহ (চৰাইৰ ঘৰ)


আঁহত (গছ) আহত (আঘাত হোৱা)


ভাঁজ (বেকা) ভাজ (কিবা খাদ্য তৈয়াৰ কৰা)


পাঁচ (সংখ্যা) পাচ (পাচত)


ধোঁৱা (বাস্প) ধোৱা (পৰিষ্কাৰ কৰা)