Assamese Grammar > xobdo-bibhokti >

শব্দ বিভক্তি

অসমীয়া শব্দ বিভক্তি আৰু অনুপদবোৰ তলৰ তালিকাত দেখুওৱা হ'ল।


বিভক্তি
চিহ্ন

উদাহৰণ
১মা বিভক্তি
-এ

মানুহে
২য়া বিভক্তি
-ক

মানুহক
৩য়া বিভক্তি
-েৰে, দ্বাৰা*,দি

মানুহেৰে
৪ৰ্থী বিভক্তি
-লৈ

মানুহলৈ
৫মী বিভক্তি **
-ৰপৰা

মানুহৰপৰা
৬ষ্ঠী বিভক্তি
-ৰ

মানুহৰ
৭মী বিভক্তি
-ত

মানুহত









* -দ্বাৰা চিহ্ন সাধাৰণতে ষষ্ঠী বিভক্তি চিহ্ন ৰ-'ৰ পিছতহে বহে।
** কিছুমান ব্যাকৰণবিদৰ মতে অসমীয়া ভাষাত ৫মী বিভক্তি নাই। পৰা এটা পৰ-সৰ্গহে। ষষ্ঠী ৰ-বিভক্তি যোগ হোৱাৰ পিছতহে পৰা-সৰ্গ বহে। যেনে গছৰপৰা, কিতাপৰপৰা
ইত্যাদি।