All>Personalities

Items in Personalities


1. PersonalitiesLiterature(Proper Noun-Masculine) Krishna Kanta Handiqui was a Sanskrit scholar, an Indologist and philanthropist from Assam. He was born on 20th July, 1898 to a respectable family at Jorhat, a small upper Assam tea town, Krishna Kanta Handiqui epitomized a rare combination of profound knowledge and high order of academic administration. He not only studied but also mastered as many as eleven languages which included Latin, Greek, Italian, French, German, Spanish & Russian besides Pali & Prakrit. He was also awarded the Honorary degree of D. Lit. by Gauhati and Dibrugarh Universities in 1968 and 1972 respectively. Handique was the founder Vice-Chancellor of Gauhati University for nine years (1948-57). Prior to this he was the founder Principal of J.B. College, Jorhat (1930-48) and established the Hemalata Handique Memorial Institute in Jorhat. He was the President of Axom Xahitya Xabha during the Guwahati conference in 1937. He was awarded “Padmashri” in 1955 and “Padma Bhusan” in 1967 by the Govt. of India. Handique three major works are Naisadhacarita of Sriharsa, Yasastilika and Indian Culture, Pravarasena's Setubandha. কৃষ্ণকান্ত সন্দিকৈ অসমৰ এজন সংস্কৃত পণ্ডিত আৰু ভাষাতত্ত্ববিদ৷ ১৮৯৮ চনৰ ২০ জুলাইত যোৰহাটৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰে৷ ১৯৩০ চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় প্ৰথম অধ্যক্ষ, ১৯৪৮ চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আৰু ১৯৩৭ চনত অসম সাহিত্য সভাৰ সভাপতি কৃষ্ণকান্ত সন্দিকৈয়ে ভাৰতীয় বহুতো ভাষাৰ লগতে লেটিন, গ্ৰীক, ইটালিয়ান, ফ্ৰান্স, জাৰ্মান, স্পেনিচ, ৰাছিয়ান আৰু পালি-প্ৰাকৃত ভাষাত ব্যুৎপত্তি লাভ কৰিছিল৷ ১৯৫৫ চনত "পদ্মশ্ৰী" আৰু ১৯৬৭ চনত "পদ্মবিভূষণ" লাভ কৰা সন্দিকৈদেৱৰ বিভিন্ন ভাষাত একাধিক প্ৰৱন্ধ প্ৰকাশিত হৈছিল৷ শ্ৰীহৰ্ষৰ "নৈষধ চৰিত", "যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ" আৰু পৱৰসেনৰ "সেতু বন্ধন" সন্দিকৈৰ তিনিখন প্ৰধান গ্ৰন্থ৷
English: Krishna Kanta Handiqui,
Assamese: কৃষ্ণকান্ত সন্দিকৈ

2. PersonalitiesMusic(Proper Noun-Masculine) Parvati Prasad Baruva was born on August 19, 1904 near the banks of the Dikhow River in Sibsagar, Assam. He received his early education at Phuleswari School. His interest in the arts, music and drama were also nurtured during his childhood. At the age of ten, he played the part of Joymoti, in a play staged by the local theater group. He did this for several years and received lots of prizes for his performance. After matriculation in 1921, Parvati Prasad did his Intermediate in Science from Cotton College, Guwahati. During this period, he became very interested in the songs of Nobel laureate Kabiguru Rabindra Nath Tagore. Parvati Prasad began his career at his maternal uncle’s Sarusarai T.E. as an apprentice. He continued his pursuit of music and drama along with his career. During this period, he composed two dance dramas, ‘Lakhimi’ and ‘Sonar Soleng.’ In 1940, he produced, directed and acted in the 4th Assamese movie, Rupohi. During his lifetime, Parvati Prasad published three books of his songs. They are the following: Gungunani, Luiti, Sukula Dawor Oi Kohuwa Phul. After his death, two more previously unpublished works were included in the Parvati Prasad Baruva Rasanawali. অসমীয়া গীত-কবিতাৰ স্ৰষ্টা পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত৷ ১৯২১ চনত কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ সময়তে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ প্ৰতি আকৰ্ষিত হয় আৰু তাৰ পিছতে তেওঁৰ মনত সংগীত সাধনাৰ সপোনটোৱে পোখা মেলে৷ ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু সেই সময়তে শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ পাতনি মেলে৷ পিছলৈ বাগিচাৰ কামত কৰ্মজীৱন আৰম্ভ কৰে৷ এই সময়তে তেওঁ নৃত্যনাটিকা ‘লখিমী’ আৰু গীতি-নাটিকা ‘সোণৰ সোলেং’ ৰচনা কৰে৷ অসমীয়া সংগীত-সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্বতি প্ৰসাদে ৰচিছিল ‘গুণগুণনি’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ আদি গীতৰ পুথি৷ গীত ৰচনাৰ উপৰিও ১৯৪০ চনত চতুৰ্থখন অসমীয়া কথাছবি ‘ৰূপহী’ নিৰ্মাণ কৰে৷ ১৯৬৪ চনত দুবাৰকৈ ৰক্তচাপত ভোগাৰ ফলত তেওঁ ৭ জুনৰ দিনা ইহলীলা সম্বৰণ কৰে৷
English: Parvati Prasad Baruva,
Assamese: পাৰ্বতি প্ৰসাদ বৰুৱা

3. PersonalitiesLiterature(Proper Noun-Masculine) Eminent author and journalist of the State Assam, Padma Barkataki was born to Suryadhar Barkataki and Binandi Devi Barkataki of Rajahowli in Jorhat on July 30, 1926. He started his career as the Shillong Correspondent of The Assam Tribune in 1948 before joining the Hindustan Standard as a feature writer in 1956. He later edited a number of magazines including Amar Pratinidhi (1960), Natun Pratinidhi (1960), Samakaleen (1967), Matribhumi (1979) and Istahar (1982). He was also the chief editor of The North East Daily, and editor of Natun Dainik and Natun Din besides president of Journalists’ Union of Assam. A powerful writer known for his uncompromising stand, Barkataki’s creations encompassed diverse realms from short story and novel to drama and poetry to children’s literature and translation works. He was also an acclaimed critic and prose writer. Barkataki authored as many as 38 novels, five short story collections, two poetry collections, three children’s books, 15 dramas and ten books on various topics. He edited a book titled Hidden Facts from the Magic Land of Assam. He also used to write several columns in newspapers. A reputed radio artiste, Barkataki served as staff artiste and announcer in All India Radio Guwahati-Shillong in 1948, and acted in a record number of radio plays and television (Doordarshan) serials. Barkataki was the recipient of the Su-Ka-Pha Award in 2007. Padma Barkataki passed away 11 March 2008 ১৯২৬ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰাজহাউলিত জন্ম গ্ৰহণ কৰা অসমৰ খ্যাতিসম্পন্ন লিখক আৰু সাংবাদিক পদ্ম বৰকটকী আছিল সূৰ্য্যধৰ বৰকটকী আৰু বিনন্দী দেৱীৰ সন্তান ৷ ১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰকটকীয়ে ১৯৪৮ চনতে শ্বিলঙৰ পৰা প্ৰকাশিত "আছাম ট্ৰিবিউন" কাকত নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল ৷ ১৯৬০ চনত পদ্ম বৰকটকীয়ে কলিকতাৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি" আৰু ১৯৬৫ চনত প্ৰকাশিত আলিচনী "নতুন প্ৰতিনিধি" সম্পাদনা কৰিছিল ৷ইয়াৰোপৰি ১৯৬৭ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত "সমকালীন" আলোচনীখনৰ মূখ্য সম্পাদক আছিল ৷ ১৯৭৯ চনত "মাতৃভূমি" আৰু ১৯৮২ চনত "ইস্তাহাৰ" নামৰ আলোচনী দুখনৰো সম্পাদক আছিল ৷ "The North East Daily" নামৰ সংবাদপত্ৰখনৰ মূখ্য সম্পাদক হিচাপে ১৯৯৮ চনত কাৰ্যনিৰ্বাহ কৰা বৰকটকীয়ে নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি কাকতৰো সম্পাদক আছিল ৷ কোনো দিনে কাৰো লগত আপোচ নকৰা শক্তিশালী গদ্য লিখক বৰকটকীযে অসমীয়া ভাষা-সাহিত্যলৈ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰত বিপুল অৱদান আগবঢ়াই গৈছে ৷ ইয়াৰোপৰি তেওঁ আছিল অসমীয়া সাহিত্যৰ এজন বিশিষ্ট সমালোচক আৰু প্ৰৱন্ধকাৰ ৷ বৰকটকীয়ে তেওঁৰ জীৱনত ৩৮ খন উপন্যাস, পাচঁখন চুটিগল্প সংস্কৰণ, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল ৷ তেখেতে 'Hidden Facts from the Magic Land of Assam' নামৰ এখন গ্ৰন্থ সম্পূৰ্ণ সংকলন আৰু সম্পাদনা কৰিছিল ৷ কেইবাখনো দৈনিক, সাপ্তাহিক কাকতৰ স্তম্ভ লিখক হিচাপে থকা বৰকটকীয়ে ১৯৪৮ চনত গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ ঘোষক হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ সময়তে কেইবাখনো অনাতাঁৰ নাটক ৰচনা কৰিছিল ৷ অসম চৰকাৰে ২০০৭ বৰ্ষত চুকাফা বটাঁৰে সন্মানিত কৰে ৷ নিৰলস সাধক সাহিত্যকৰ্মী পদ্ম বৰকটকীয়ে ২০০৮ বৰ্ষৰ ১১ মাৰ্চত ইহলীলা সম্বৰণ কৰে ৷
English: Padma Barkataki,
Assamese: পদ্ম বৰকটকী

4. PersonalitiesMusic(Proper Noun-Masculine) A legendary singer of Assam. He is known for his wonderful crisp voice and flawless diction, as a lyricist, he is known for poetic compositions and parables that touch on a wide range of themes-ranging from the erotic to social and political commentary, and as a composer for his use of folk music with a touch of the contemporary. He was born on September 8, 1926 in Sadiya, Assam. He earned a doctorate from Columbia University, New York for his dissertation titled, Proposals for preparing India`s basic education to use audio-visual techniques in adult education. He won the prestigious Dadasaheb Phalke award in 1992 for his lifelong contribution to Indian cinema. He breathed his last on November 5, 2011 at the age of 85 years. সংগীতজ্ঞ, শিল্পী ভূপেন হাজৰিকাৰ জন্ম হয় ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে৷ তেওঁ ‘দাদা চাহেব ফাল্কে’ বঁটা (১৯৯২) পোৱা প্ৰথম অসমীয়া ব্যক্তি৷ ১৯৩৯ চনত কলকাতা অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰথম গীত প্ৰচাৰ কৰা ড: হাজৰিকা ১৯৭৭ চনত ‘পদ্মশ্ৰী’ আৰু ২০০১ চনত ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত হয়৷ ১৯৮৭ চনত ‘শংকৰদেৱ বঁটা’ আৰু ২০০০ চনত সন্মানীয় ‘লতা মংগেশকাৰ বঁটা’ও লাভ কৰে৷ তেখেতে ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতিও হয়৷ অসমীয়া, হিন্দী আদি ভাষাত অসংখ্য গীত ৰচনা কৰাৰ লগতে সুৰ প্ৰদান কৰা হাজৰিকাই কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনা কৰে৷ শেহতীয়াভাৱে ২০০৯ চনত অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ‘অসম ৰত্ন’ সন্মানেৰে তেখেতক সন্মানিত কৰাৰ লগতে ‘কেবিনেট’ মৰ্য্যাদাও প্ৰদান কৰে৷ ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে ৮৫ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে৷
English: Bhupen Hazarika,
Assamese: ভূপেন হাজৰিকা, সুধাকণ্ঠ

5. PersonalitiesMusic(Proper Noun-Masculine) an eminent Tabla virtuoso from Assam with international fame. Honoured as one of the few Top Grade artists of All India Radio, Bordoloi is a precursor of imparting Indian classical music to the youths of Assam and thus creating a new mind set. He has authord TAAL MANIKOOT,a classic book on the Tabla. অসমৰ খ্যাতনামা তবলা বাদক| আকাশবাণীৰ সৰ্বোচ্ছ স্তৰৰ বাদকৰূপে স্বীকৃত একমাত্ৰ অসমীয়া| বৰদলৈৰ ৰচিত তাল মণিকূট তবলাৰ বিষয়ে এক ধ্ৰুপদী পাঠ্যপুঠি|
English: Paban Bordoloi,
Assamese: পবন বৰদলৈ

6. PersonalitiesLiterature(Proper Noun-Feminine) an Assamese novelist, poet, editor, scholar and a professor. She is the winner of the Sahitya Akademi Award (1983), Jnanpith Award (2000) and is also India`s first Principal Prince Claus Laureate (2008). One of the most celebrated writers of contemporary Indian Literature, she is well known for novels such as The Moth Eaten Howdah of a Tusker, Pages Stained With Blood, and The Man from Chinnamasta. She is also well known for her attempts to structure social change, both through her writings and through her role as mediator between the banned secessionist group ULFA and the central government of India. Her involvement led to the formation of a peace committee - the People`s Consultative Group. She modestly refers to herself an `observer` of the ongoing peace process rather than a mediator or initiator. Her work has been performed on stage and in screen. Adajya, a film based on her novel won international awards. She left for her heavenly abode on November 29, 2011 at Guwahati. অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, কবি, গল্পকাৰ আৰু গৱেষক৷ দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা বিভাগত অধ্যাপক হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰি বৰ্তমান অৱসৰ গ্ৰহণ কৰে৷ তেওঁ ১৯৮৩ চনত সাহিত্য একাডেমি বঁটা, ২০০০ চনত জ্ঞানপীঠ বঁটাৰ লগতে দেশ-বিদেশৰ একাধিক বঁটা-সন্মানেৰে বিভূষিত হয়৷ তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ হ'ল- দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, মামৰে ধৰা তৰোৱাল আৰু দুখন উপনাস, চিন্নমষ্টৰ মানুহজন, চেনাবৰ সোঁত, তেজ আৰু ধুলিৰে ধূষৰিত পৃষ্ঠা আদি৷ সংস্কাৰ, উদং বাকচ আদি তেওঁৰ উল্লেখযোগ্য চুটিগল্প৷ "আধালিখা দস্তাবেজ" তেওঁৰ একমাত্ৰ আত্মজীৱনী৷ তেওঁ 'অসম সংযুক্ত মুক্তি বাহিনী' (আলফা) আৰু কেন্দ্ৰ চৰকাৰৰ মাজত আলোচনা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অসমৰ এটা জলন্ত সমস্যা সমাধানত মনোনিৱেশ কৰিছিল৷ ২০১১ চনৰ ২৯ নৱেম্বৰত তেওঁ গুৱাহাটীত ইহলীলা সম্বৰণ কৰে ৷
English: Indira Goswami, Mamoni Raisom Goswami,
Assamese: ইন্দিৰা গোস্বামী, মামণি ৰয়চম গোস্বামী

7. PersonalitiesLiteratureEkasarana Dharma(Proper Noun-Masculine) Mahapurusha Srimanta Sankardeva (1449-1568) saint-scholar, playwright,social-religious reformer, is a colossal figure in the cultural and religious history of Assam, India. Sankaradeva was born into the Shiromani (chief) Baro-Bhuyans family, near Bordowa in Nagaon in a village called Ali-pukhuri. He began attending the tol or chatrasaal(school) of the renowned scholar Mahendra Kandali at the age of twelve and soon wrote his first verses: karatalakamala kamaladalanayana | His literary works, we can divide in Six part as (1) Transliteration- Bhagavat (Book VI, VIII, I, II, VII, X, XI, XII; IX not available), Ramayana (uttarakanda). (2) Poetic works (kavya)- Harischandra-upakhyana, Rukmini-harana, Ajamilopakhyana, Bali-chalana Kurukshetra-yatra, Amrta-manthana. (3) Drama (Naat)- Patni-prasada, Kalia-damana, Keli-gopala, Rukmini-harana, Parijata-harana, Ram-vijay.(4) Songs - Borgeet, Bhatima (5) NamPrasang- Kirtana-ghosha, Gunamala.(6) Bhakti Theory- Bhakati-pradipa, Bhakti Ratnakara. Sattriya dance, that Sankaradeva first conceived and developed and which was later preserved for centuries by the sattras, is now among the classical dance forms of India.Thus, in 1568, after leading a most eventful life dedicated to enlighten humanity; the Mahapurusha passed away - within six months of his stay at Bheladonga -at the remarkable age of 120 years. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮) অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ৷ অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে শঙ্কৰদেৱৰ অৱদান বিৰল ৷ ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰি নামে ঠাইত বাৰ-ভূঞাঁৰ বংশত তেখেতৰ জন্ম হয় ৷ বাৰ বছৰ বয়সত তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰতে কোনো মাত্ৰা নোহোৱাকৈ এক অনুপম কবিতা (কৰতল কমল কমল দল নয়ন) ৰচনা কৰি নিজৰ প্ৰতিভাৰ পৰিচয দিছিল ৷ ৰচনাৰীতি অনুসৰি শঙ্কৰদেৱৰ ৰচনাক ছটা ভাগত ভগাব পাৰি (১) অনুবাদমূলক- ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ'ৰ অনুবাদ, উত্তৰাকাণ্ড ৰামায়ণ (২) কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিনীহৰণ, বলিছলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ, অজামিল উপাখ্যান (৩) অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়াদমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰামবিজয় (৪) গীত- বৰগীত, ভটিমা (৫) নাম প্ৰসঙ্গ- কীৰ্তন, গুণমালা (৬) ভক্তিতত্ত্ব- ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ ৷ শঙ্কৰদেৱে পোনপ্ৰথমবাৰৰ কাৰণে 'চিহ্নযাত্ৰা' নাট লিখি পটত চিত্ৰ আঁকি সাত বৈকুণ্ঠৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল ৷ কীৰ্তন তেখেতৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ ৷ অসমীয়া সংস্কৃতিলৈ নামঘৰ, সত্ৰ, খোল, আৰু মুখাশিল্প আৰু সত্ৰীয়ানৃত্ৰৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান উল্লেখযোগ্য ৷ ১৫৬৮ চনত প্ৰায় ছকুৰি বছৰ বয়সত শঙ্কৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ হয় ৷
English: Sankardev, Srimanta Sankardeva, Xongkordev,
Assamese: অধিকাৰী, গঙ্গাধৰ, গুৰুজনা, গোমস্তা, ডেকাগিৰী, বাণীনাথ, বৰআতা, শংকৰদেৱ, শঙ্কৰদেৱ, শ্ৰীমন্ত, শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীশঙ্কৰদেৱ,
Dimasa: Sonkordeb

Related Idea:

a. Proper Noun-Masculine: Madhabdev, SriSri Madhabdev, বঢ়াৰ-পো, মাধৱদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ...
b. Proper Noun: উৰেষা-বৰ্ণন...

8. PersonalitiesMusic(Proper Noun-Masculine) Khagen Mahanta is a singer from Assam, better known for his renditions of Assamese folk and classical songs. Born to a xotradhikar, Mahanta started learning xotriya music from the age of seven. As a youngster he also learned to play the tabla. His journey as a popular singer began after he came in contact with Rudra Barua and Keshav Mahanta. His rendition of the song kolore patote kauri pore written by Keshav Mahanta and composed by Rudra Barua catapulted his singing career in 1957.
In 1965 Mahanta performed in the Royal Hall at Kathmandu, Nepal. His performance, including two Nepali folk songs earned him accolades from the King Mahendra. On the same occasion famous Nepali singer Dharma Raj Thapa took off his Nepali cap and placed it on Mahanta's head. Similar headdresses have since adorned his head.
Mahanta has rendered his voice in hundreds of Assamese modern, folk and classical songs along with his wife Archana Mahanta. খগেন মহন্ত এগৰাকী অসমীয়া গায়ক, সুৰকাৰ, অভিনেতা তথা কথাছবি পৰিচালক| তেখেত অসমীয়া লোক-সঙ্গীত আৰু বৰগীতৰ গায়ক হিচাবে বেছি প্ৰখ্যাত| ১৯৪২ চনত এটা সত্ৰীয়া পৰিয়ালত জন্ম হোৱা মহন্ত ডাঙৰীয়াৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ গোস্বামী আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া দেৱী|
তেখেতে সাত বছৰ বয়সৰ পৰাই সত্ৰীয়া সঙ্গীতৰ শিক্ষা আৰম্ভ কৰি অতি কম বয়সতে তবলাতো দক্ষতা অৰ্জন কৰিছিল| ৰূদ্ৰ বৰুৱা আৰু কেশৱ মহন্তৰ সান্নিধ্যলৈ অহাৰ পৰা গায়ক হিচাবে তেখেতৰ প্ৰকৃত যাত্ৰা আৰম্ভ হয়| কেশৱ মহন্ত ৰচিত আৰু ৰূদ্ৰ বৰুৱাৰ সুৰাৰোপিত ‘কলৰে পাততে কাউৰী পৰে’ নামৰ গীতটিয়ে ১৯৫৭ চনত গায়ক হিচাবে তেখেতক বিখ্যাত কৰি তোলে| ১৯৫৮ চনত তেখেতে শ্বিলঙৰ ফাইন আৰ্টছ ছেন্টাৰৰ সভ্য হয়| ১৯৫৯ চনত তেখেতে মহীশূৰত সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় সমাৰোহত পৰম্পৰাগত লোকবাদ্য শ্ৰেণীত খোল বাদন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে| ১৯৬০ৰ ভাষা আন্দোলনৰ সময়ছোৱাত তেখেতে বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ স’তে সুৰ বাহিনীৰ জৰিয়তে সমগ্ৰ অসমতে শান্তিৰ বাবে গোহাৰি জনাই গীত পৰিবেশন কৰে| অসমৰ্থিত সূত্ৰৰ মতে তেখেতে বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘পৰজনমৰ শুভ লগনত’ নামৰ গীতটিত সুৰৰোপ কৰিছিল| ১৯৬১ চনত তেখেতৰ প্ৰথম গ্ৰাম’ফ’ন ৰেকৰ্ড ওলায়|
১৯৬৫ চনত তেখেতে নেপালৰ কাঠমান্ডুৰ ৰয়েল হলত গীত পৰিবেশন কৰে| আন গীতৰ লগতে তেখেতে গোৱা দুটি নেপালী লোকগীতে ৰজা মহেন্দ্ৰৰ প্ৰশংসা অৰ্জন কৰে| সেই একেই অনুষ্ঠানতে বিখ্যাত নেপালী গায়ক ধৰ্ম্মৰাজ থাপাই নিজৰ নেপালী টুপীটো মহন্ত ডাঙৰীয়াৰ মূৰত পিন্ধাই দিয়ে| তেনেধৰণৰ নেপালী টুপী আজিও তেখেতৰ পৰিচয়বাহক|
পত্নী অৰ্চনা মহন্তৰ স’তে মহন্ত ডাঙৰীয়াই কেইবাশও অসমীয়া আধুনিক, লোকগীত আৰু বৰগীত গাইছে| বিহুগীতক নিভাঁজ ৰূপত পৰিবেশন কৰাৰ বাবে তেখেতক বিহুসম্ৰাট আখ্যা দিয়া হয়|
তেখেতে 'নিশি উজাগৰ' আৰু 'যুঁজ' নামৰ দুখন চলচিত্ৰ পৰিচালনা কৰে| 'যুঁজ' নামৰ কথাছবিখনে ১৯৯০ চনত ৰজত কমল বঁটা অৰ্জন কৰে| 'মইনাজান', 'মেঘমুক্তি', 'নিশি উজাগৰ' আৰু 'যুঁজ' নামৰ কথাছবিকেইখনত তেখেতে সঙ্গীত পৰিচালনা কৰে| ইয়াৰোপৰি ১৯৬১ চনত শকুন্তলা নামৰ কথাছবিখনত তেখেতে অভিনয় কৰে|
১৯৯২ চনত তেখেতক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়|

'কাউৰী পৰে...' গীতটি শুনিবলৈ তলত ক্লিক্ কৰকঃ
Get this widget | Track details | eSnips Social DNA
English: Khagen Mahanta,
Assamese: খগেন মহন্ত

9. PersonalitiesMusic(Proper Noun-Masculine) Jayanta Hazarika (1943-1977) is a singer, composer and song writer from Assam. He became a household name in modern Assamese music in the 1960s and 70s. He was the composer who gave modern Assamese music a new direction with very unconventional elements in his music in his times.
He was bold enough to experiment with western rock and roll, jazz and classical music with Assamese folk and Hindustani classical music. In songs like rombha menoka he skillfully mixed the rock n' roll style while in songs like mor mon satokor he experimented with Jazz. On the other extreme in songs like tomar kotha jetiya bhabo there were Hindustani classical elements. In tomar morome mor one could see his skillful use of western classical symphony elements in the interludes. Many of these fusion styles probably seeped into the compositions of Bhupen Hazarika. The multitude of styles in his songs makes his songs immensely popular even today, in spite of his untimely death about 30 years ago.
Born in a family of musicians, with a brother like Bhupen Hazarika, Jayanta Hazarika found his niche in music at a very early age. Nirmalprobha Bordoloi, composer of many songs for Jayanta Hazarika remembers him playing the mouth organ as a youngster. He was known to have played many other musical instruments very skillfully. The intricate chord shifts of his guitar in his songs is an example of this. He is also known to have collected a variety of traditional instruments from around the world.He composed music for the Assamese films Bonoria Phool, Niyoti, Bristi, Dhormokai and Notun Axa.

Song List

  • Agali batahe kopale kalare pat
  • Krishnachura
  • Sonar baran pakhire tor
  • Jeevan tu jodi abhinay hoi
  • Mrityu sabati samadhi tolit
  • Aglati kalapat
  • Mor aoshir rati
  • Tomar morome mor
  • Dekha nai
  • Surat magan bhayal rati
  • Bhorir taluwar pora jodi
  • Ei akash bor bishal
  • Nibir bone je matise ja
  • Barashar ritu bhal pao moi
  • Mor minoti
  • Mor nam Aniruddha
  • Mor mon chatakar kantha
  • Mayamoi rupali jonak
  • Akau natun prabhat hobo
  • Sapunar sare mou
  • Tomosha o’ nibir
  • Eku nai sunya hai
  • Tomar katha jetiyai bhabo
  • Kinu lila prabhu
  • Mor fagun ache hi ahi roi
  • Eiya to nohoi ahar samay
  • Jilmil sonowali din
  • Sandhya jetiya tulasir tol
  • Ketiyaba bejarate
  • Samay gotishil
  • Moi ji batere
  • More ei nao
  • Luitar sutat likha robo
  • Ghurni batahe
  • Madhumalati topani jowa
  • Sandhiyar akashate ehali tora
  • Jodi moi prashna koru
  • Apon haate
  • Anar karane kolijar tej
  • Luitar boliya baan
  • Mor mon bagh
  • Sendur sendur fot diye
  • Susuk chamak koi
  • Chitralekha Chitralekha
  • Maghat dekhon uruka nohoi
  • Autorickshaw chalao
জয়ন্ত হাজৰিকা (১৯৪৩-১৯৭৭) অসমৰ এগৰাকী গায়ক, সুৰকাৰ তথা গীতিকাৰ| ১৯৬০ আৰু ৭০ৰ দশকত তেখেতে অসমীয়া সঙ্গীত জগতত আত্মপ্ৰকাশ কৰে| সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিবিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে|
তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুস্থানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ`ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ দেখা যায়| "ৰম্ভা মেনকা" আদিৰ দৰে গীতত ৰক্ এণ্ড ৰ`ল, "মোৰ মন চাতকৰ" আদি গীতত জেজৰ পৰীক্ষামূলক ব্যৱহাৰে অসমীয়া সঙ্গীতত নতুন ধাৰাৰ অৱতাৰণা কৰে| আনহাতে "তোমাৰ কথা যেতিয়া ভাবোঁ"ত হিন্দুস্থানী ধ্ৰুপদী সঙ্গীত আৰু "তোমাৰ মৰমে মোৰ"ত পশ্চিমীয়া ধ্ৰুপদী সুৰ সমলয়ৰ অপূৰ্ব ব্যৱহাৰ পৰিলক্ষিত হয়| তেখেতৰ বহু মিশ্ৰণে ভূপেন হাজৰিকাৰ সঙ্গীততো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়| স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয় হৈ আছে|
সঙ্গীতজ্ঞৰ পৰিয়ালত জন্ম হোৱা জয়ন্ত হাজৰিকাই কম বয়সতে নিজৰ সাংগীতিক প্ৰতিভাৰ পৰিচয় দিয়ে| জয়ন্ত হাজৰিকাৰ বহুতো গীতৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে জয়ন্ত হাজৰিকাক বহু কম বয়সতে সুমধুৰভাবে মাউথ অৰ্গেন বজোৱাৰ স্মৃতি সুঁৱৰিছিল| তেখেতে বহুতো বাদ্যযন্ত্ৰ বেছ পাৰদৰ্শিতাৰে বজাব পাৰিছিল বুলি জনা যায়| তেখেতৰ গীতত তেখেতে নিজে বজোৱা গীটাৰৰ সূক্ষ্ম কৰ্ড সলনি তাৰেই পৰিচায়ক| তাৰোপৰি তেখেতে দেশ-বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল বুলিও জনা যায়| তেখেতে বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকাই আৰু নতুন আশা নামৰ কথাছবিকেইখনত সংগীত পৰিচালনা কৰে|
'সুৰাত মগন' গীতটি শুনিবলৈ তলত ক্লিক কৰকঃ
Get this widget | Track details | eSnips Social DNA
English: Jayanta Hazarika,
Assamese: জয়ন্ত হাজৰিকা

10. PersonalitiesDrama(Proper Noun-Masculine) A well known Mime artist of Assam. He started acting in 1970 as a mono-actor and soon formed a group called "Sound and Comedy". A self-taught mime artist, Moinul soon discovered his hidden talents. He works with a vision and the themes that his repertoire highlights champion the marginalized moments of crises in diverse characters and gives them a graphic exactitude. Ranging over these areas he has given thousands of performances throughout the country and has succeeded in winning accolades everywhere. In 1991 he founded the "Mime Academy" where he willingly share his expertise and experience. This is the first institution for mime in the area of North-East India that has produced a number of mime actors, whose work has already shown results with great confidence. Moinul Haque is a Senior Fellowship holder in the field of mime from the Department of Culture, Government of India for his earnest, immense work with the children from the Deaf and Dumb School at Guwahati. Moinul has acted as a Resource person for the Center for Cultural Resources and Training, New Delhi, under the Central Government. Under the banner of this organization, he has given a number of lecture -demonstrations at the various places in India. Besides this, Moinul is a regular visiting expert for various acting institutions in the North-East of India.
English: Moinul Haque,
Assamese: মইনুল হক

Related Idea:

a. Abstract Noun: mime, মূকাভিনয়...

11. PersonalitiesLiterature(Proper Noun-Masculine) Lakshminath Bezbaruah who pioneered the modern Assamese literature occupies a very high position in the field of Indian literature. Born in 1868 in a well-known family of Assam, he had his early education at Sibsagar and his higher education at Calcutta. A many-sided personality- journalist, lecturer, poet and more especially writer- Laksminath Bezbaruah Set a high literary standard through the monthly periodical "Banhi" which he edited and published. A versaltile writer, his works incluide plays, stories, poems, humorous sketches and works of literary criticism. It was perhaps in his plats that he found his best literary expression. His poem "O'mor Apponar Desh" is among the best known songs of Assam. Into Assam's literary tradition he breathed new life. Honours so ught him out in his later life. In 1921, he presided over the All-Assam Students' Conference at Guahati. Two years later he was honoured as "Rasraj" for his humorous writings. He presided over the Guahati session of the Assam Sahitya Sabha in 1924. Lakshminath Bezbaruah was not only a literary figure of outstanding eminence but a istinguished leader of modern Assam. অসমীয়া ভাষা-সাহিত্যৰ এক অগ্ৰণী পথপদৰ্শক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৷ কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাই অমূল্য অৱদান আগবঢ়াই গৈছে ৷ কৃপাবৰ বৰুৱা ছদ্মনামতো বেজবৰুৱাই অনেক কৃপাবৰী সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে চিনাকি দিছে৷ সেইবাবেই বেজবৰুৱাক সাহিত্যৰথী, ৰসৰাজ আখ্যা দিয়া হয় ৷ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ চনত মৰনৈপাৰৰ আহঁতগুৰি নামে ঠাইত ৷ দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে ক্ৰমে তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰি শেষত কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ কলিকতাত থাকোতেই চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগতে অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ ১৯২১ চনত 'সদৌ অসম ছাত্ৰ সন্মিলনীৰ' সভাপতি হোৱাৰ উপৰিও ১৯২৪ চনত গুৱাহাটীত বহা সাহিত্য সভাৰ সভাপতি হয় ৷ বেজবৰুৱা এজন আশাবাদী, উদাৰমনৰ আৰু দেশপ্ৰেমিক লোক আছিল৷ সমাজৰ দোষ-ত্ৰুটিবোৰ আঁতৰাই সমাজখন নিকা কৰি নতুন সমাজ গঢ়াৰ আশা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৰচনা কৰি তেওঁ অসম প্ৰীতিৰ চিনাকি দিছিল ৷ আজিও এই সংগীত অসমৰ সকলো সভা অনুস্থানত অতি শ্ৰদ্ধাৰে গোৱা হয়৷
English: Lakshminath Bezbaruah,
Assamese: লক্ষ্মীনাথ বেজবৰুৱা, সাহিত্যৰথী, ৰসৰাজ

12. PersonalitiesLiteratureCinema(Proper Noun-Masculine) Bhabendra Nath Saikia was a top ranking novelist, short story writer, play writer and film director from Assam. He was born on February 20, 1932 at Nagaon town. He worked as reader in Physics in Gauhati University. Many stories have been translated into indian languages. He was the founder of two most popular magazines: Prantik, a vernacular fortnightly, & Safura, a childrens monthly. He won many literary awards, including Sahitya Academy (1976), Assam valley Literary award ( 1990) and was also recognised with the Padma Shri. He had also written a large number of plays for All India Radio (AIR). He has been associated actively with the stage as a playwrit and director. He has written many plays for 'Mobile Theatre' of Assam, and a number of One Act Plays. He had directed eight feature films. These films have been screened at International Film Festivals held at various places of india and world. Seven out of his eight films have been selected for Indian Panorama Section of the International Film Festival of India. He received the Rajat Kamal Award of the Government of India for his sevent films. Dr. Saikia died on August 13, 2003 in Guwahati. ভবেন্দ্ৰ নাথ শইকীয়া অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক সকলৰ ভিতৰত অন্যতম৷ তেখেতৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে ৷ তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে৷ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী ’প্ৰান্তিক’ আৰু শিশু আলোচনী ’সঁফুৰা’-ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেতে ১৯৭৬ চনত ’সাহিত্য একাডেমি’ আৰু ১৯৯০ চনত ’অসম উপত্যকা বঁটা’ লাভ কৰাৰ উপৰিও ’পদ্মশ্ৰী’ সন্মান লাভ কৰে৷ অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে৷ কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে৷ বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে৷ তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ’ৰজত কমল বঁটা’ প্ৰদান কৰে৷ ২০০৩ চনৰ ১৩ আগষ্টত গুৱাহাটীত ড. শইকীয়াৰ মৃত্যু হয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনাসমূহৰ ভিতৰত অন্যতম হ’ল- আত্মজীৱনী- জীৱন বৃত্ত, জীৱন ৰেখা৷ প্ৰৱন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)৷ শিশু গ্ৰন্থ- মৰমৰ দেউতা, তোমালোক ভালে থাকা, শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি, মৰম৷ চুটিগল্প- প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃঙ্খল, উপকণ্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সন্ধ্যা ভ্ৰমণ, গল্প আৰু শিল্প, আকাশ৷ উপন্যাস- অন্তৰীপ,ৰম্যভূমি ইত্যাদি ৷
English: Dr. Bhabendra Nath Saikia,
Assamese: ডঃ ভবেন্দ্ৰ নাথ শইকীয়া,
Dimasa: daktor bobendro nat soikiya

13. PersonalitiesLiteratureEkasarana Dharma(Proper Noun-Masculine) SriSri Madhabdeva (1489-1596) is an important preceptor of the Mahapuruxiya Dharma known for his loyalty to his guru, Srimanta Sankardev as well as his artistic brilliance. Madhabdeva was born in 1489 in "Horixinga Borah Ujiror Tol" and later shifted to a new home on the bank of Letekupukhuri in Lakhimpur District of Assam. Letekupukhuri is situated between Narayanpur and Bihpuria of Lakhimpur District. Initially a sakta worshipper, he was converted to Mahapuruxiya Dharma by the Sankardev and became his most prominent disciple. He became the religious as well as artistic successor of Sankardeva after the later's death in 1568. He is known particularly for his book of hymns, the Naam Ghoxa, as well as a large selection of songs called Borgeets. মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, সেৱক তথা প্ৰধান সংগী মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ পিচৰ অসমীয়া মহাপুৰুষীয়া ধৰ্মৰ ধৰ্মাধিকাৰী ৷ কছাৰীৰ উপদ্ৰবত মাধৱদেৱৰ পিতৃ বৰকণাগিৰি ( মহোদৰ বা গোবিন্দ গিৰি ) নিজৰ ভাৰ্য্যাসহিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চুৰে নিয়ে ৷ এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পায় নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে ৷ এই হৰিশিঙা গিৰীৰ ঘৰতে 1489 চনত মাধৱদেৱৰ জন্ম হয় ৷ ইয়াতেই তেঁও ডাঙৰ-দীঘল হোৱাৰ পিছত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নামে ঠাইৰ লেটেকুপুখুৰিৰ পাৰতে নিজৰ পিতৃ-মাতৃসহ নিগাজিকৈ বাস কৰে ৷ প্ৰথম অৱস্থাত শাক্ত ধৰ্মৰ প্ৰতি আসক্ত আছিল যদিও শংকৰদেৱক লগ পোৱাৰ পিছত বৈষ্ণব ধৰ্মত নিজকে সমৰ্পণ কৰে ৷ তেঁওৰ প্ৰধান তত্ত্বমূলক বৈষ্ণৱ ধৰ্মৰ গ্ৰন্থ হ'ল "নামঘোষা" ৷ আনহাতে তেঁও একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদিও ৰচনা কৰে ৷
English: Madhabdev, SriSri Madhabdev,
Assamese: বঢ়াৰ-পো, মাধৱদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ

Related Idea:

a. Proper Noun-Masculine: Sankardev, Srimanta Sankardeva, Xongkordev, অধিকাৰী, গঙ্গাধৰ...

14. PersonalitiesHinduism(Proper Noun-Masculine) Parashuram is sixth incarnation of Lord Vishnu, born as the son of the sage-couple, Jamadagni and Renuka. He exterminated the Kshatriyas (race of kings) led by Kartavirya, who were oppressing the people.Parashuram was asked by the holy rishis (seers) to make a gift of land to brahmins in order to absolve him of the sin of killing the Kshatriyas. বিষ্ণুৰ ষষ্ঠ অৱতাৰ, জমদগ্নি ঋষিৰ আৰু ৰেণুকাৰ পুতেক আৰু ক্ষত্ৰিয়বিলাকক দমন কৰোঁতা ৷
English: Bhargab, Parashuram,
Assamese: জামদগ্নি, জামদাগ্নেয়, জামদাগ্ন্য, পৰশুৰাম, ভাৰ্গৱ, ভৃগুপতি, ভৃগুসুত,
Bangla: পরশুরাম

15. PersonalitiesLiterature(Common Noun-Masculine) Rong Bong Terang is a litterateur whose epoch Rong Milir Hanhi sent him into the acme of glory. Anglong district was born to Rupsing Terang and Ba-hak Ronghangpi at Lumbungdingpi near Bokoliaghat on January 13, 1937. After passing the Matriculation examination from Lanka High School in 1957, he studied at Nagaon College and graduated from Gauhati University in 1962. Terang started his career as a teacher in Lanka and Kaki high schools and Diphu Girls’ High School. He later joined Diphu Government College as a lecturer in Assamese and became the Principal-in charge on April 1, 2000. He retired from the college on November 30, 2002. Married to Kanam Hansepi, Terang has two sons and two daughters.Notable works of Terang include novels Rongmilir Hahi (1981), Krantikalar Ashru (2005), Jak Herowa Pakhi (2005), and Neela Orchid (2001). Samanway Prabah (1989) and Faringor Geet (1990) are collections of articles and short stories respectively, while Srimad Bhagawad Gita (1986), Smritir Papori (1998) and Langsoliator Kukrung (2007) are some other works. His uncompiled short stories are Bokulor Diary, Dhuniya Khamor Sithikhon, Sei Phalakkhon and Bisforon, A recipient of Asam Sahitya Sabha’s Bishnu Rabha award in 1982 and Asom Prakashan Parishad award in 1983, Terang was honoured with Padmashri in 1989. He also received Asam Sahitya Sabha’s Basudev Jalan award in 2008 and Mahapurush Madhavdev award in 2008.Terang has been elected as president of Asam Sahitya Sabha for the session 2009-11. He will preside over the Sabha’s ensuing Dhemaji session in February 2009. ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা অসম সাহিত্য সভাৰ ধেমাজি অধিৱেশনৰ সভাপতি অসমীয়া সাহিত্যৰ অক্লান্ত সাধক কথাশিল্পী ৰংবং তেৰাং ১৯৩৭ চনত কাৰ্বি আংলং জিলাৰ লাবুং দিংপিত (বকলীয়াঘাট)-ত জন্ম গ্ৰহণ কৰে ৷ তেওঁৰ পিতৃৰ নাম আছিল ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাংপী ৷ প্ৰথম অৱস্থাত শিক্ষকতাৰে জীৱন নিৰ্বাহ কৰা তেৰাঙে পিছলৈ ডিফু চৰকাৰী কলেজৰ প্ৰৱক্তা হিচাপে যোগদান কৰে ৷ দীৰ্ঘদিন সাহিত্য সাধনাৰ স্বীকৃতি হিচাপে তেৰাঙে ২০০৮ চনত শ্ৰীশ্ৰী মাধৱদেৱ বঁটা, অসম সাহিত্য সভাৰ বাসুদেৱ জালান বঁটা, ১৯৮২ চনত বিষ্ণু ৰাভা বঁটা, ১৯৮৩ চনত প্ৰকাশন পৰিষদ বঁটা লাভ কৰাৰ উপৰিও ১৯৮৯ চনত ৰাষ্ট্ৰীয় সন্মান পদ্মশ্ৰী লাভ কৰে ৷ কেইবাখনো উপন্যাস, গল্পসংকলন, প্ৰৱন্ধ সংকলন প্ৰকাশ পোৱাৰ উপৰিও তেওঁ কাৰ্বি ভাষাত অনেক গ্ৰন্থ ৰচনা কৰিছে ৷ তেওঁৰ উল্লেখযোগ্য ৰচনা হ’ল - কাৰ্বি লামতাছাম (কাৰ্বি-অসমীয়া অভিধান), উপন্যাস- ৰংমিলিৰ হাঁহি, ক্ৰান্তিকালৰ অশ্ৰু, জাক হেৰোৱা পক্ষী, নীলা আৰ্কিড ৷ সমন্বয় প্ৰবাহ (প্ৰবন্ধ সংকলন), বন ফৰিঙৰ গীত (গল্প সংকলন) আদিৰ উপৰিও আলোচনিৰ পাতত অনেক উপন্যাস, গল্প প্ৰকাশিত হৈছে ৷
English: Rong Bong Terang,
Assamese: ৰংবং তেৰাং,
Karbi: Rongbong Terang,
Dimasa: Rongbong Terang

16. PersonalitiesLiterature(Proper Noun-Masculine) Kanak Sen Deka is the President of Assam Sahitya Sabha for 2005-09 and the editor of Dainik Agradoot, one of the oldest and popular Assamese daily.
English: Kanak Sen Deka,
Assamese: কনক সেন ডেকা,
Bodo: कनक सेन देका

17. PersonalitiesMusicCinema(Proper Noun) Jyoti Prasad Agarwala was a playwright, songwriter, poet, writer and film maker from Assam. He is an Assamese cultural icon, deeply revered for his creative vision and output and is popularly called the Rupkonwar of Assamese culture. In fact, he is regarded as the founder of Assamese cinema for Joymati (1935). Jyoti Prasad Agarwala was born on January 17, 1903 in an Agrawal family, to Paramananda Agarwala and Kiranmoyee Agarwala in Tamulbari Tea Estate. His birthday (January 17) is celebrated as Silpi divas (Artists' Day) in his honor. Jyoti Prasad Agarwala had written around 300 songs, many of which he had set to music himself. Collectively, these songs are called Jyoti xongit. He also written five Plays. His published plays are- Sonit Kunwori, Karengar Ligiri, Lobhita, Rupalim, Nimati Konya. "Luitor Paaror Agnixur" is his only Poetry Collection. He died of cancer on January 17, 1951 at Tamulbari Tea Estate. জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ গীতিকাৰ, নাট্যকাৰ, কবি আৰু চলচ্চিত্ৰৰ প্ৰণেতা৷ অসমীয়া সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত অৱদানৰ বাবে তেওঁক “ৰূপকোঁৱৰ” হিচাপে আখ্যা দিয়া হয়৷ তেওঁ ১৯৩৫ চনত নিৰ্মান হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী”ৰ জন্মদাতা৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জানুৱাৰীত তামুলবাৰি চাহ বাগানত৷ তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ি আগৰৱালা৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্ম দিনটো “শিল্পী দিৱস” হিচাপে পালন কৰা হয়৷ তেওঁ ৩০০ মান অসমীয়া গীত (জ্যোতি সংগীত) ৰচনা কৰা উপৰিও পাঁচখন প্ৰকাশিত নাটক- শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতি কইনা ৰচনা কৰে৷ তেওঁৰ একমাত্ৰ কবিতাৰ সংগ্ৰহ হ’ল-“লুইতৰ পাৰৰ অগ্নিসুৰ”৷ ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷
English: Jyoti Prasad Agarwala,
Assamese: জ্যোতিপ্ৰসাদ আগৰৱালা,
Bodo: ज्योति प्रसाद अगरवाल

18. PersonalitiesMusic(Proper Noun) Bishnu Prasad Rabha was a famous poet, littérateur, dramatist, musician, dancer and an actor, all rolled into one. He is known as Kalaguru. He was born on January 31, 1909 in Dhaka. Bishnu Prasad Rabha wrote many songs, plays and articles. His famous works include "Sonpahi, Mising Coneng, Asomiya Kristir Samu Abhash, and Atit Asom". Bishnu Prasad Rabha died in 20 jun 1969. বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ আৰু অভিনেতা আছিল৷ তেওঁক “কলাগুৰু” নামেৰে অভিহিত কৰা হয়৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্ম হয়৷ একাধিক গীত, কবিতা আৰু প্ৰৱন্ধ তেওঁ ৰচনা কৰিছিল৷ তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত পুথি হ’ল-“সোণপাহী”, “মিচিং কনেং”, “অসমীয়া কৃষ্টিৰ চমু আভাষ” আৰু “অতীত অসম”৷ ১৯৬৯ চনৰ ২০ জুন তাৰিখে তেওঁৰ মৃত্যু হয়৷
English: Bishnu Prasad Rabha,
Assamese: বিষ্ণুপ্ৰসাদ ৰাভা

19. PersonalitiesLiterature(Proper Noun-Masculine) Syed Abdul Malik (1919-2000) was one of the most widely known and popular writers in Assamese literature. Beginning his literary career in the early forties he enriched Assamese literature with short stories, novels, poetry and other writings spanning over five decades. Syed Abdul Malik authored as many as 50 novels, 25 short story collections, five poetry collections, three children’s books, 20 dramas and many books on various topics. He was the President of Axom Xahitya Xabha in 1977.He won many literary awards, including Sahitya Academy (1972) for novel "Aghari Atmar Kahini", Assam valley Literary award ( 1992), Sankardev award (1995) and was also recognised with the Padma Shri and Padma Bhushan. He had also written a large number of plays for All India Radio (AIR). চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক চুটিগল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য একাডেমী বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৫ চনত শংকৰদেৱ বঁটা আৰু "পদ্মশ্ৰী" "পদ্মভূষণ" সন্মান লাভ কৰে৷
English: Syed Abdul Malik,
Assamese: চৈয়দ আব্দুল মালিক,
Bodo: सायेद अब्दुल मालिक

20. PersonalitiesLiterature(Proper Noun-Masculine) Kabin Phukan (1946-) is a modern Assamese poet, critic, translator and an academician of high repute. He retired as Professor of English from Dibrugaarh University, Assam. 'Tok Dekhi Na Jone', 'Kone Koi Nupuwai Aunshir Rati' are anthologies of his poetry. Besides he wrote 'Axomiya Kobitar Prabah', a history of Assamese poetry and 'Kabitar Juti Bisar'- articles on aesthetics and taste of poetry. He was also the founder editor of 'Anubad', a magazine on translation. He had his M.A. in English Literature from Gauhati University, Ph.D from the University of Leeds and a post doctorare from Yale University. He currently resides in Dibrugarh, Assam. ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ প্রাক্তন অধ্যাপক কবীন ফুকন (১৯৪৬-) আধুনিক অসমীয়া কবিতাৰ অন্যতম শ্রেষ্ঠ কবি। তাৰোপৰি এজন কৃতী শিক্ষক, উৎকৃষ্ট সাহিত্য সমালোচক, লেখক, অনুবাদক আৰু সুবক্তা। তোক দেখি নজোনে, কোনে কয় নুপুৱাই আউসীৰ ৰাতি তেখেতৰ কবিতাৰ সংকলন, কবিতাৰ জুতি বিচাৰ প্রবন্ধ সংগ্রহ, অসমীয়া কবিতাৰ প্রৱাহ অসমীয়া কবিতাৰ বুৰঞ্জী। তেখেত অনুবাদ নামৰ অনুবাদ আলোচনীৰো সম্পাদক আছিল। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ আৰু লীডছ্ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি পায়।
English: Kabin Phukan,
Assamese: কবীন ফুকন,
Bodo: कबिन फुकन

21. PersonalitiesMusic(Proper Noun-Masculine) A singer and composer from Assam, India, in the Bollywood and Assamese music scene. The song Ya Ali from the movie Gangster became a superhit in mainland India, the Middle East, and across South Asia. Following the success an Album titled 'Ya Ali Remix Blast' containing remix by DJ Suketu & Aks were released. অসমৰ এজন খ্যাতনামা বৰ্তমান সময়ৰ গায়ক৷ ’ইয়া আলি’নামৰ গানেৰে বলিৱুড জগততো তেওঁ খ্যাতি আৰ্জন কৰিছে৷
English: Zubeen Garg,
Assamese: জুবিন, জুবিন গাৰ্গ

22. PersonalitiesLiteratureHinduism(Proper Noun-Masculine) A fourteenth century Assamese poet and the best before Sankardeva. He translated into Assamese the Ramayana of Valmiki in verse format (Kotha Ramayana). This is supposed to be the first amomg the modern Indian Aryan languages. শঙ্কৰদেৱে পূৰ্বকবি অপ্ৰমাদী আখ্যা দিয়া মাধব কন্দলি(চতুৰ্দশ শতিকা) প্ৰাকশঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি৷বৰাহী কবি মহামাণিক্যৰ পৃষ্ঠপোষকতাত তেওঁ বাল্মিকীৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল৷তেওঁৰ ৰচনাখন আধুনিক ভাৰতীয় আৰ্যভাষাসমূহৰ ভিতৰত প্ৰথম ৰচনা বুলি ধৰা হয়৷
English: Madhav Kandali,
Assamese: মাধৱ কন্দলি

23. PersonalitiesHistorialAhom Dynasty(Proper Noun-Masculine) the first Ahom king in medieval Assam, was the founder of the Ahom kingdom. A Tai prince originally from Mong Mao, the kingdom he established in 1228 existed for nearly six hundred years and in the process unified the various tribal and non-tribal peoples of the region that left a deep impact on the region. In reverence to his position in Assam's history the honorific Chaolung is generally associated with his name (Chao: lord; Lung: great). Since 1996 December 2 has been celebrated in Assam as the Sukaphaa Divas, or Asom Divas (Assam Day), to commemorate the advent of the first king of the Ahom kingdom in Assam after his journey over the Patkai Hills. ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম ৰজা আৰু আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা৷ অসমৰ সকলো জাতি-জনজাতিক একগোট কৰি ছ্যুকাফাই অসমীয়া এটা সৱল জাতি হিচাপে প্ৰতিষ্ঠিত কৰিছিল৷ ছ্যুকাফা তাই বা থাই গোষ্ঠীৰ ’শান’ সকলৰ বংশধৰ৷ আহোমৰ আদিপুৰুষ লেংডনৰ আজোনাতি চাও চাং ন্যেওৰ পুত্ৰ৷ ১২২৮ চনৰ ১৬ আঘোণৰ দিনা ছ্যুকাফা অসম সোমায়৷ মৃত্যু ১২৬৮ চনত৷
English: Chaolung Sukaphaa, Chaolung Syu Ka Pha, sukapha, Sukaphaa,
Assamese: চাওলুং চুকাফা, চুকাফা, ছ্যুকাফা

24. PersonalitiesHistorial(Proper Noun-Masculine) Mahatma Gandhi was born on October 2, 1869 in Porbandar, Gujrat, India. He spent his life working for the cause of freeing India from the clutches of British rule, by using noble means and principles of non-violence and satyagrah. On 15 August 1947, he and his followers forced the British to leave India. Rightfully, he is called the father of the nation. His full name was Mohandas Karamchand Gandhi. He is known as Mahatma, meaning 'great soul', because of his work on non-violence, satyagrah and selfless service to his people.
English: Mahatma Gandhi, Mohandas Karamchand Gandhi,
Assamese: গান্ধীজী, জাতিৰ পিতা, বাপু, বাপুজী, মহাত্মা গান্ধী, মোহনদাস কৰমচান্দ গান্ধী,
Bodo: महनदाच करमचान्द गानधी, महात्मा गानधी,
Karbi: mahatma gandhi

25. PersonalitiesFish(Proper Noun-Masculine) a popular singer of modern Assamese songs. ... আধুনিক অসমীয়া গীতৰ এজন জনপ্ৰিয় গায়ক৷আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ কৰা তেখেতৰ সুমধুৰ গীত সমূহৰ মাজত "বৰষা তুমি আহা...", "শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিৰে..." আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷
English: Rajen Gohain,
Assamese: ৰাজেন গোঁহাই

26. Personalities(Proper Noun-Masculine) an ancient Indian saint(rishi)known for his short temper; father of Parashuram প্ৰাচীন ভাৰতৰ এজন অতি বিখ্যাত কিন্ত খঙাল ঋষি, পৰশুৰামৰ পিতৃ৷
English: Jamadogni, Yamadagni,
Assamese: যমদগ্নি

27. PersonalitiesVisual Art(Common Noun-Masculine) Maqbool Fida Husain (17 September 1915 – 9 June 2011) commonly known as MF, was an eminent Indian painter. According to Forbes magazine, he has been regarded as the "Picasso of India".Husain was associated with Indian modernism in the 1940s. After a long career, in 1996, when Husain was 81 years old, controversy arose over paintings originally created in the 1970s which were interpreted by some as being anti-Hindu. After legal cases and death threats in his home country, he was on a self imposed exile from 2006. In January 2010, he was offered the citizenship of Qatar, which he accepted. Husain first became well-known as an artist in the late 1940s. In 1947, he joined the Progressive Artists' Group, founded by Francis Newton Souza. In 1952, his first solo exhibition was held at Zürich and over the next few years, his work was widely seen in Europe and the US In 1955, he was awarded the prestigious Padma Shri award by the Government of India. In 1967, he made his first film, Through the Eyes of a Painter. It was shown at the Berlin Film Festival and won a Golden Bear.M. F. Husain was a special invitee along with Pablo Picasso at the Sao Paulo Biennial in 1971. He has been awarded the Padma Bhushan in 1973 and was nominated to the Rajya Sabha in 1986. He was awarded the Padma Vibhushan in 1991. M F Husain died aged 95 on 9 June 2011 after being unwell for several months. He died at the Royal Brompton Hospital in London, and is due to be buried in the city on 10 June 2011. মকবুল ফিদা হুছেইন (জন্ম- ছেপ্টেম্বৰ ১৭, ১৯১৫, মৃত্যু-জুন ৯, ২০১১) ভাৰতৰ এজন অতি জনপ্ৰিয় চিত্ৰশিল্পী৷ মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতত চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল৷ স্বাধীনতাৰ পিছত বিগত শতিকাৰ ৪০ৰ দশকৰ শেষৰ ফালে তেওঁ বোম্বে প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে৷ ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ’ আদিৰ বিখ্যাত আৰ্ট গেলাৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামোদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল৷ অংকনৰ জগতৰ লগতে তেওঁ কেমেৰাৰে ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল৷ ১৯৬৭ চনত নিৰ্মান কৰা তেওঁৰ প্ৰথমখন চিনেমা ’থ্ৰু দ্য মাইণ্ডঅৱ এ পেইণ্টাৰ’-এ বাৰ্লিন চলচিত্ৰ মহোত্সৱত ’গ’ল্ডেন বিয়েৰ বঁটা’ লাভ কৰিছিল৷ পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ ’মীনাক্ষী : এ টেল অৱ থ্ৰী চিটিজ’ আৰু মাধুৰীক নায়িকাৰূপে লৈ ’গজগামিনী নিৰ্মান কৰিছিল৷ কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰূপে হুছেইনক ১৯৫৫ চনত পদ্মশ্ৰী, ১৯৭৩ চনত পদ্মভূষণ আৰু ১৯৯১ চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়৷ ১৯৮৬ চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়৷ বিগত শতিকাৰ ৯০ৰ দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে৷ তাৰ পিছতে হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়৷ তেওঁ ২০০৬ চনৰ পিছৰে পৰা ডুবাই আৰু লণ্ডনত থাকিবলৈ লয়৷ ২০১০ চনত তেওঁ কাটাৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে৷
English: M. F. Husain, Maqbool Fida Husain,
Assamese: এম. এফ. হুছেইন, মকবুল ফিদা হুছেইন

Related Idea:

a. Material Noun-Neuter: painting, চিত্ৰ, চিত্ৰকৰ্ম, চিত্ৰফলক, ছবি...

28. PersonalitiesMusic(Proper Noun-Feminine) a very famous and popular female voice in Assamese music. অসমৰ এগৰাকী বিখ্যাত, জনপ্ৰিয় আৰু সুৱদী কণ্ঠৰ গায়িকা৷ ’আলি ঢাকি পৰ শালিকী’, ’পীৰিতি নামৰে তিনিটি আখৰ ঐ’ আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷
English: Namita Bhattacharjee,
Assamese: নমিতা ভট্টাচাৰ্য

29. Personalities(Proper Noun-Masculine) Stephanus Johannes Paulus Kruger (10 October 1825 – 14 July 1904), was a former President of South Africa and a national hero. দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু জাতীয় বীৰ৷
English: Paul Kruger, Uncle Paul,
Assamese: প’ল ক্ৰুগাৰ

30. Personalities(Proper Noun-Masculine) former Head of the English department, Dibrugarh University and a linguist of repute. Studied at the universities of Gauhati and Leeds. His Sankar Kohotu Upai is a significant contribution to the study of Sankardeva. প্ৰসিদ্ধ ভাষাতাত্বিক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী ৷ গুৱাহাটী আৰু লীডছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল ৷ তেখেতৰ ’শংকৰ কহতু উপায়’ শংকৰদেৱ অধ্যয়নৰ ক্ষেত্ৰত এক মূল্যবান সংযোজন ৷
English: Atul Chandra Goswami,
Assamese: অতুলচন্দ্ৰ গোস্বামী

31. Personalities(Proper Noun-Masculine) an outstanding philosopher and statesman and one of the most able politicians and ministers in Indian history. His 'Arthasashtra' is a classic text on economics and polity. Kautilya had a great influence behind the rise of Chandra Gupta Maurya. প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ দাৰ্শনিক, ৰাষ্ট্ৰনেতা, ৰাজনীতিবিদ আৰু মন্ত্ৰী৷ তেখেতৰ অৰ্থশাস্ত্ৰ পৃথিৱী বিখ্যাত পুথি৷বিখ্যাত সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উথ্থানত কৌটিল্যৰ বিশেষ বৰঙণি আছিল৷
English: Kautilya, Sanakya, Vishnugupta,
Assamese: কৌটিল্য, চাণক্য, বিষ্ণুগুপ্ত

32. Personalities(Common Noun-Masculine) Dr. Birendra Kumar Bhattacharya (1924–1997) was a famous Indian writer and one of the pioneers of modern Assamese Literature. He was first ever recipient of the Jnanpith Award given to a Assamese writer, in the year 1979 for his novel Mrityunjay (Immortal). He was also a recipient of Sahitya Akademi Award in Assamese in 1961 for his Assamese novel Iyaruingom(Iyaruingam), which is considered a masterpiece of Indian literature. In 2005, a translation published by Katha Books as Love in the Time of Insurgency was released. Another famous novel written by Dr. Bhattacharya is Aai(Mother).He was the President of Asam Sahitya Sabha (Assam Literary Society) during 1983-1985. ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া ভাষাৰ এজন সাহিত্যিক, ঔপন্যাসিক৷ ১৯২৪ চনৰ ১৪ অক্টোবৰত তেওঁৰ জন্ম হয়৷ তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল৷ ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল৷ ইয়াৰুঙ্গম গ্ৰন্থৰ বাবে তেখেতে ১৯৬১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে৷ ১৯৯৭ চনৰ ৬ আগষ্টত তেখেতৰ মৃত্যু হয়৷
English: Birendra Kumar Bhattacharya, Dr. Birendra Kumar Bhattachary,
Assamese: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

33. Personalities(Proper Noun-Masculine) an Assamese linguist of repute, former professor and head of the Assamese department of Gauhati University. Axomiya Golok Vyakoron, Axomiya Vyakoronor Moulik Bisar, Axomiya Vyakoron-Prabesh etc. are some of his valuable contributions to the study of Assamese grammar. অসমৰ এজন ভাষাতাত্বিক পণ্ডিত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক৷অসমীয়া গোলোক ব্যাকৰণ, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ,অসমীয়া ব্যাকৰণ-প্ৰৱেশ আদি তেখেতৰ ৰচিত পুথি৷
English: Dr. Golok Chandra Goswami, Golok Chandra Goswami,
Assamese: গোলোকচন্দ্ৰ গোস্বামী, ড° গোলোকচন্দ্ৰ গোস্বামী

34. PersonalitiesMusic(Proper Noun-Masculine) An Indian ghazal singer, composer, music director, activiist and entrepreneur. Known as "The Ghazal King" he gained acclaim together with his wife, another renowned Indian ghazal singer Chitra Singh. Jagjit Singh was born in Sri Ganganagar, Rajasthan. He has sung in Punjabi, Hindi, Urdu, Bengali, Gujarati, Sindhi and Nepali languages. He was awarded India's third highest civilian honour, the Padma Bhushan, in 2003. He died on 10 October 2011 at the age of 70 in Mumbai at Lilavati hospital. জগজিৎ সিং ভাৰতৰ এজন সুপ্ৰসিদ্ধ গজল গায়ক আৰু সংগীত বিশাৰদ৷ গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ পদ্মভূষণ সন্মানেৰে সন্মানিত সিঙে হিন্দীৰ উপৰি উৰ্দু, পাঞ্জাবী, গুজৰাটী আৰু নেপালী ভাষাটো গীত গাইছিল৷ গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷ ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাজস্থানৰ শ্ৰীগংগা নগৰত জন্ম হয়৷ নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰা সিঙৰ লগত চিনাকী হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷ দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷ ২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷ শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷
English: Jagjit Singh,
Assamese: জগজিৎ সিং

35. PersonalitiesMusic(Proper Noun-Masculine) a reputed and popular ghazal singer of India. He was awarded the Padmashree in 2006 for his outstanding contribution to Indian music. বিখ্যাত ভাৰতীয় গজল গায়ক৷ তেখেতক ২০০৬ চনত পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হয়৷
English: Pankaj Udhas,
Assamese: পঙ্কজ উধাচ

36. Personalities(Proper Noun-Masculine) a renowned Classical Sanskrit writer, widely regarded as the greatest poet and dramatist in the Sanskrit language. His floruit cannot be dated with precision, but most likely falls within 4th Century AD. এজন প্ৰসিদ্ধ সংস্কৃত লিখক, যাক সংস্কৃত ভাষাৰ সৰ্বশ্ৰেষ্ঠ কবি আৰু নাট্যকাৰ ৰূপে জনা যায় ৷ অনুমান কৰা হৈছে যে তেওঁৰ জীৱনকাল খ্ৰীষ্টীয় ৪ৰ্থ শতিকা ৷
English: Kalidas,
Assamese: কালিদাস,
Bangla: কালিদাস

37. Personalities(Proper Noun-Masculine) A scientist famous for discovering gravity. মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক বিজ্ঞানী
English: Issac Newton, Newton,
Assamese: আইজাক নিউটন, নিউটন

38. Personalities(Proper Noun-Masculine) A freedom fighter from Assam, who was executed by colonial British government on charges of revolt. অসমৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা যুঁজাৰু, যাক ঔপনিৱেশিক বৃটিছ চৰকাৰে বিদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ফাঁচি দিছিল।
English: Maniram Dewan,
Assamese: মণিৰাম, মণিৰাম দেৱান

39. Personalities(Proper Noun-Masculine) Former Chairman of the Communist Party of China. Mao Zedong, also transliterated as Mao Tse-tung and commonly referred to as Chairman Mao, was a Chinese Communist revolutionary and the founding father of the People`s Republic of China. চীন কমিউনিষ্ট পাৰ্টিৰ প্ৰাক্তন সভাপতি৷ চীন প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠাতা৷
English: Mao Tse Tung, Mao Zedong,
Assamese: মাও চে তুং, মাও জেদং

40. Personalities(Proper Noun-Masculine) The first of the major mathematician-astronomers from the classical age of Indian mathematics and Indian astronomy. His works include the Aryabhattya (499 CE, when he was 23 years old) and the Arya-siddhanta. প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ৷
English: Aryabhatta, Aryabhattya,
Assamese: আৰ্যভট্ট, আৰ্য্যভট্ট

41. Personalities(Proper Noun-Masculine) He was a landloard of Goalpara during letter halh of sixteen (1700s) century. He revolted against British East India company. He died in the year 1790 during self exile বৃটিছৰ লগত যুদ্ধ কৰা প্ৰথম অসমীয়া স্বাধীনতা সংগ্ৰামী৷ অসমীয়া জাতিৰ বাবে কথাটো আচহুৱা হ`লেও অসমত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ সুচনা কৰা প্ৰথম অসমীয়া গোৱলপাৰা জিলাৰ তেতিয়াৰ মেছপাৰাৰ প্ৰৱল প্ৰতাপী জমীদাৰ শ্ৰী ৰণাৰাম চৌধুৰী ৷ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁৰ জমীদৰিৰ ওপৰত লগোৱা কৰ দিবলৈ অস্বীকাৰ কৰে আৰু কোম্পানীয়ে এই সম্পৰ্কে হেচাঁ প্ৰয়োগ কৰাত ১৭৮৮-৮৯ চনত তেওঁ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গোৱালপাৰাস্থ শিবিৰত আক্ৰমণ চলায়৷ পিছলৈ গোৱালপাৰাস্থ শিবিৰৰ ভাৰপ্ৰাপ্ত বৃটিছ ৰাজহ সংগ্ৰহ বিষয়া কেপ্টইন বেইলীয়ে ১৭৮৮ চনৰ ২৩ আগষ্টত ৰংপুৰৰ ৰাজহ বোৰ্ডলৈ প্ৰেৰণ কৰা চিঠিযোগে ৰণাৰাম চৌধুৰীক এজন ডকাইত বুলি অভিযোগ আনে আৰু পিছলৈ সেই মৰ্মে তেওঁৰ জমীদাৰি বাজেয়াপ্ত কৰা হয় ৷ জমীদাৰি বাজেয়াপ্ত হোৱাৰ পিছত তেওঁ বৃটিছৰ বন্দীত্ব গ্ৰহণ নকৰি গাৰোপাহাৰৰ গভীৰ হাবিত পূনৰ যুদ্ধৰ প্ৰস্তুতি চলাই থাকতে ১৭৯০ চনত তেওঁৰ মৃত্যু হয়৷
English: Ranaram Choudhury,
Assamese: ৰণাৰাম চৌধুৰী

42. Personalities(Proper Noun-Feminine) Buddhamitra was born in Mathura, about 60 AD, the daughter of wealthy Buddhists.Buddhamitra was trained by the monk Bala. Bala was a member of the orthodox Sarvastivadin sect. Buddhamitra`s contribution was remembered in 148AD. Her niece, a nun called Dhanavati, erected an inscription in honour of Buddhamitra in the city of Mathura. খ্ৰীঃ ৬০ চনত বৰ্তমানৰ মথুৰাত জন্ম গ্ৰহণ কৰা এগৰাকী বিদুষী বৌদ্ধ সন্যাসিনী৷ কুশান সাম্ৰাজ্য়ৰ সময়ত, বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে তেওঁ সাৰনাথৰ পৰা কাবুল পৰ্য্যন্ত গৈছিল৷
English: Buddhamitra,
Assamese: বুদ্ধমিত্ৰা

43. Personalities(Proper Noun-Masculine) Fidel Alejandro Castro Ruz was a Cuban politician and revolutionary who governed the Republic of Cuba for 47 years as Prime Minister from 1959 to 1976 and then as President from 1976 to 2006. কিউবাৰ বিপ্লবী ৰাজনীতিবিদ আৰু একনায়ক৷ ৪৭(১৯৫৯-২০০৬) বছৰ যুৰি কিউবাৰ সৰ্বাধিনায়ক আছিল৷ ২০১৬ চনত মৃত্যু বৰণ কৰে৷
English: Fidel Castro,
Assamese: ফিডেল কাষ্ট্ৰো

44. Personalities(Proper Noun-Masculine) Ernesto "Che" Guevara (June 14, 1928 – October 9, 1967), also known as El Che, was an Argentine Marxist revolutionary, physician, author, guerrilla leader, diplomat, and military theorist. A major figure of the Cuban Revolution, his stylized visage has become an ubiquitous countercultural symbol of rebellion and global insignia in popular culture. আৰ্জেণ্টিনাৰ মাৰ্ক্সীয় বিপ্লৱী, চিকিৎসক, গেৰিলা যুদ্ধৰ নায়ক, কিউবা বিপ্লৱৰ অন্যতম হোতা, বিপ্লৱীসকলৰ প্ৰেৰণাৰ উৎস, বিশ্ব সংস্কৃতিত জিলিকি থকা নাম৷
English: Che Guevara, El Che, Ernesto Che Guevara,
Assamese: চে গুয়েভাৰ

45. Personalities(Proper Noun-Masculine) (18 July 1918 – 5 December 2013) A South African anti-apartheid revolutionary, politician, and philanthropist, who served as President of South Africa from 1994 to 1999. He was the country`s first black head of state and the first elected in a fully representative democratic election. দক্ষিণ আফ্ৰিকাৰ মুক্তি সংগ্ৰামৰ এক অবিসম্বাদী নেতা যি সুদীৰ্ঘ ২৭ বছৰ ধৰি কাৰাৰুদ্ধ জীৱন কটাবলগীয়া হৈছিল৷ ১৯৬৪ চনৰ ১২ জুনৰ দিনা দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে দেশদ্ৰোহিতাৰ গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। ১৯৯১ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁক দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মুক্তি দিয়ে৷ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত বিপুল ভোটাধিক্যত জয়লাভ কৰি তেওঁ ১০ মে`ত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ১৯৯৯ চনলৈকে তেওঁ ৰাষ্ট্ৰপতিৰ পদত কাৰ্য্যনিৰ্বাহ কৰে। ১৯৯৩ চনত তেওঁ শান্তিৰ ন`বেল বঁটা লাভ কৰে।
English: Mandela, Nelson Mandela, Nelson Rolihlahla Mandela,
Assamese: নেলচন মেণ্ডেলা

46. Personalities(Proper Noun-Feminine) An actress of Bollywood বলিউডৰ এগৰাকী অভিনেত্ৰী৷
English: Kangana Ranaut,
Assamese: কংকনা ৰানাৱট

47. Personalities(Proper Noun-Masculine) 45th President of the USA আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫তম ৰাষ্ট্ৰপাতি৷
English: Donald Trump,
Assamese: ডলেণ্ড ট্ৰাম্প

48. Personalities(Proper Adj.-Common &/or Masculine) Who doesn`t want to speak কথা কবলৈ ইচ্ছা নকৰা
English: inarticulate,
Assamese: নিমাত-নিবোল, মোকামুৱা

49. Personalities(Proper Noun-Masculine) an Indian philosopher and politician who was the 2nd President of India from 1962 to 1967 and 1st Vice President of India from 1952 to 1962 ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক পণ্ডিত আৰু ৰাজনীতিবিদ, যি ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ২য় জনা ৰাষ্ট্ৰপতি আৰু ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ১ম জনা উপ-ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷
English: Sarvepalli Radhakrishnan,
Assamese: সৰ্বপল্লী ৰাধাকৃষ্ণন

50. Personalities(Proper Noun-Masculine) The chief minister of Assam since 2021.
English: Himanta Biswa Sarma,
Assamese: হিমন্ত বিশ্ব শৰ্মা

51. Personalities(Proper Noun-Common &/or Masculine) A prominent Assamese novelist and a poet. Full name is Nabakanta Boruah. One of his famous pseudonym is `Ekhud Kokaideu`.
English: Nabakanta,
Assamese: নৱকান্ত, নৱকান্ত বৰুৱা