জামীজামু দাঁত

জামু (Assamese) [ Roman: ja.mu]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
1. Fruits(Common Noun) The evergreen Jamun plant is originally from India and Indonesia. The tree was also introduced to Florida, USA in 1911 by the USDA, and is also now commonly planted in Suriname. The Jamun tree becomes about 50 – 100 ft. tall, with oblong opposite leaves that are smooth, glossy and having a turpentine smell.
The bark is scaly gray and the trunk forks into multiple trunks about 3' – 4' from the ground. Jamun has fragrant white flowers in branched clusters at stem tips and purplish-black oval edible berries. The juicy fruit-pulp contains resin, gallic acid and tannin; it tastes usually from acid to fairly sweet. The somewhat astrigent, jamun fruit can be utilized for juice. This berry has only one seed.
All parts of the java plum can be used medicinally and it has a long tradition in alternative medicine. In India the bark is used for anemia, the bark and seed for diabetes which reduce the blood sugar level quickly, the fruit for dysentery, and leaves juice for gingivitis (bleeding gums), diarrhea and abdominal pains.
আদিতে ভাৰতবৰ্ষ আৰু ইণ্ডোনেছিয়াত পোৱা জাম/জামু হৈছে এবিধ চিৰহৰিৎ উদ্ভিদ | পিছত ১৯১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰফ্ল'ৰিডালৈ নিয়া হয় আৰু উত্তৰ-পূৱ আমেৰিকা অঞ্চলত বহুলভাৱে ৰোপন কৰে | জাম গছ প্ৰায় ৫০ - ১০০ ফুট পৰ্যন্ত ওখ হোৱা দেখা যায় | ইয়াৰ পাতবোৰ চিক-চিকীয়া আৰু সামান্য টাৰ্পিন তেল সদৃশ গোন্ধায় | গা-গছডাল দেখিবলৈ মটীয়া বৰণৰ আৰু অলপ ওপৰতে ডাঙৰ ডাঙৰ ডালত বিভক্ত হৈ যায় |
ফুলবোৰ দেখিবলৈ বগা আৰু ফলবোৰ গাঢ় বেঙুনীয়া বৰণৰ | জামত ৰেজিন, গেলিক এচিদ আৰু টেনিন আদি থকা হেতুকে ইয়াৰ সোৱাদ টেঙা-মিঠা হয় | জামৰ ফলৰ পৰা জেলী আদিও বনোৱা দেখা যায়|
জামগছৰ প্ৰায় সকলোবোৰ অংশই বিভিন্ন বেমাৰত বনৌষধি হিচাবে ব্যৱহাৰ কৰা হয় | ভাৰতবৰ্ষত জাম গছৰ বাকলি ৰক্তহীনতা ৰোগত ব্যৱহাৰ কৰে, বাকলি আৰু জামৰ গুটি মধুমেহ ৰোগৰ উত্তম পথ্য, জামৰ ফল গ্ৰহণী ৰোগত আৰু পাতৰ ৰস পেটচলা আৰু পেটৰ বিষৰ মহৌষধ বুলি জনা যায় |