দিচইনদিচি

দিচাং (Assamese) [ Roman: di.sang]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-16
1. River(Material Noun-Neuter) A tributary of Brahmaputra that flows through Tinsukia, Dibrugarh and Sibsagar district ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ এই নৈ খন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে৷ তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লী নৈ নাম লৈ নামৰূপৰ দিল্লীঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কি:মি: দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতীয়া হৈ টিমক নৈৰ লগ হয়৷ ইয়াৰ পৰা ৩০ কি:মি: পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নৈৰ লগ হয়৷ তাৰ পাচত ১২ কি:মি: আহি চফ্ৰাই নৈৰ সৈতে লগ লাগি ৫ কি:মি: ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কি:মি: আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়৷ তাৰ পাচত ডিমৌ নৈ লগ হৈ ৫ কি:মি: ভটিয়াই আহি দিচাংমুখত ব্ৰ্হ্মপুত্ৰত পৰিছে৷ দিচাং নৈ দীঘ ২৩০ কি:মি: আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কি:মি:
English: Disang,
Assamese: দিচাং,
Bodo: दिसंग