ৰস্যৰহ

ৰসৰাজ (Assamese) [ Roman: ro.xo.raj]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-08-21
1. PersonalitiesLiterature(Proper Noun-Masculine) Lakshminath Bezbaruah who pioneered the modern Assamese literature occupies a very high position in the field of Indian literature. Born in 1868 in a well-known family of Assam, he had his early education at Sibsagar and his higher education at Calcutta. A many-sided personality- journalist, lecturer, poet and more especially writer- Laksminath Bezbaruah Set a high literary standard through the monthly periodical "Banhi" which he edited and published. A versaltile writer, his works incluide plays, stories, poems, humorous sketches and works of literary criticism. It was perhaps in his plats that he found his best literary expression. His poem "O'mor Apponar Desh" is among the best known songs of Assam. Into Assam's literary tradition he breathed new life. Honours so ught him out in his later life. In 1921, he presided over the All-Assam Students' Conference at Guahati. Two years later he was honoured as "Rasraj" for his humorous writings. He presided over the Guahati session of the Assam Sahitya Sabha in 1924. Lakshminath Bezbaruah was not only a literary figure of outstanding eminence but a istinguished leader of modern Assam. অসমীয়া ভাষা-সাহিত্যৰ এক অগ্ৰণী পথপদৰ্শক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৷ কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাই অমূল্য অৱদান আগবঢ়াই গৈছে ৷ কৃপাবৰ বৰুৱা ছদ্মনামতো বেজবৰুৱাই অনেক কৃপাবৰী সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপে চিনাকি দিছে৷ সেইবাবেই বেজবৰুৱাক সাহিত্যৰথী, ৰসৰাজ আখ্যা দিয়া হয় ৷ বেজবৰুৱাৰ জন্ম হয় ১৮৬৮ চনত মৰনৈপাৰৰ আহঁতগুৰি নামে ঠাইত ৷ দেউতাকৰ চাকৰিৰ বদলিৰ লগে লগে ক্ৰমে তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰি শেষত কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰে ৷ কলিকতাত থাকোতেই চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগতে অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি সাধিনী সভা" নামে এখন সভা স্থাপন কৰে৷ এই সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন আলোচনী প্ৰকাশ কৰে৷ 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯ চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ প্ৰতিস্থা আৰু সম্পাদনা কৰে৷ ১৯২১ চনত 'সদৌ অসম ছাত্ৰ সন্মিলনীৰ' সভাপতি হোৱাৰ উপৰিও ১৯২৪ চনত গুৱাহাটীত বহা সাহিত্য সভাৰ সভাপতি হয় ৷ বেজবৰুৱা এজন আশাবাদী, উদাৰমনৰ আৰু দেশপ্ৰেমিক লোক আছিল৷ সমাজৰ দোষ-ত্ৰুটিবোৰ আঁতৰাই সমাজখন নিকা কৰি নতুন সমাজ গঢ়াৰ আশা কৰিছিল৷ অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' ৰচনা কৰি তেওঁ অসম প্ৰীতিৰ চিনাকি দিছিল ৷ আজিও এই সংগীত অসমৰ সকলো সভা অনুস্থানত অতি শ্ৰদ্ধাৰে গোৱা হয়৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-08-21
2. (Common Noun-Common &/or Masculine) the most witty and humorous man. অতি ৰসিক লোক বা ৰস প্ৰকাশত শ্ৰেষ্ঠ লোক৷
Assamese: ৰসৰাজ