Details of Discussion #838

Heading

Topic
আদৰণি /আদৰণী
Issue
আদৰণি /আদৰণী: বিশেষ্য হলে আদৰণি হয় ।যেনে: যোৰহাট জিলালৈ আদৰণি ,বিশেষণ হলে আদৰণী হয় যেনে:আদৰণী সম্ভাষণ ।কিন্তু শব্দ ডট অৰ্গ ত দুইটা একাকাৰ হৈ আছে । সম্ভৱ হলে শুদ্ধ কৰি দিব ।
Related to
IdeaID=2607Verbal Noun - Unassigned Gender
The manner in which someone is greeted.
ঘৰলৈ বা আন কোনো অনুষ্ঠানলৈ অহা মানুহক কৰা সম্ভাষণ |
English: reception,
Assamese: বৰণ, সম্ভাষণ, অভ্যৰ্থনা, সৎকাৰ, সোধ-পোছ, শোধ-পোছ, আদৰণ, আদৰণী, আদৰণি,
Initiated by Biswajyoti Bhuyan
Maestro Bikram M Baruah
Status Brainstorm Solutions

Viewpoints

Posted By Posting Time Viewpoint
Bikram M Baruah 2015-12-19 23:07:03 STATUS SET:
Info Gathering
Bikram M Baruah 2015-12-19 23:26:49 Aziz-ul Haque : "আদৰণি(বিশেষ্য ৰূপে) আৰু আৰম্ভণী( বিশেষণ ৰূপে) এই দুয়োটা জোঁটনিৰ সলনি ই-কাৰ ব্যৱহাৰ কৰা হব।" অসম সাহিত্য সভাৰ জাতীয় কৰ্মশালা আৰু আলোচনা সত্ৰৰ সিদ্ধান্তসমূহৰ এটা সিদ্ধান্ত।
Biswajyoti Bhuyan 2015-12-20 08:40:57 আকৌ নবকান্ত বৰুৱা দেৱৰ, সুমন্ত চলিহা দেৱৰ দ্বাৰা সম্পাদিত অভিধান আৰু হেম কোষত এই কথা স্পষ্ট হৈ আছে।
Biswajyoti Bhuyan 2015-12-20 08:43:38 ভুলটো চকুত পৰিছিল বাবে কৈ দিলো ....অভিধান চাই পাৰিলে শুদ্ধ কৰি দিব।
Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2016-02-06 23:30:26 আদৰণ- শব্দটো বোধকৰো কতো নাই।
Bikram M Baruah 2016-03-08 07:35:14 STATUS SET:
Brainstorm Solutions
Probodh Borah (প্ৰবোধ বৰা) 2016-03-20 10:40:01 চন্দ্ৰকান্ত অভিধানৰ মতে - বি. আদৰণ সম্ভাষণ; অভ্যৰ্থনা; welcome; reception. বি. আদৰণি সম্ভাষণকৰণ; অভ্যৰ্থনা কাৰ্য্য; আদৰণী বিণ. আদৰ কৰা; আদৰ জনোৱা।

Conclusion