কথা এটা কোৱা মাত্ৰই ভালদৰে অৰ্থ বুজি পোৱা সামৰ্থ When someone can understand the meaning of speech as soon as it is spoken Contributed By: Dr. Armaan U. Muzaddadi on 2012-11-04 11:33:45...MoreFJID=199 (Idiom)
আঁঠুৱা চাই ঠেং মেলা
নিজৰ সামৰ্থ্য অনুসৰি কাম কৰা To do something within a limit of one`s capacity. Contributed By: jaimini bora on 2009-05-03 15:26:09...MoreFJID=614 (Idiom)
আঁতুৰত নিয়ম নাস্তি ৷
আঁতুৰত অৰ্থাৎ কঠিন পৰিস্থিতত পৰিলে মানুহে নিয়ম কানুন মানি চলাৰ থল নাথাকে, কাৰণ তেনে ক্ষেত্ৰত নিজৰ প্ৰাণ বচোৱাটোহে প্ৰথম কৰ্ত্তব্য হৈ পৰে ৷ Necessity knows no law. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-01 23:02:37...MoreFJID=482 (Idiom)
আইধৰতকৈ বাইধৰ চাৰ্ হ
এটা বিপদৰ ওপৰত আন এটা তাতোকৈ ডাঙৰ বিপদ আহি পৰা one trouble following another with greater intensity Contributed By: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27 05:34:54...MoreFJID=483 (Idiom)
আইধৰ্-বাইধৰ্ লাগ্
আকস্মিক বেমাৰৰ প্ৰকোপ বা বিপদ কালত নিৰুপায় হ to be in a bewildered or helpless state Contributed By: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27 05:23:54...MoreFJID=206 (Idiom)
আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷
যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷ A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being. Contributed By: Rupankar Mahanta on 2009-10-12 07:39:51...MoreFJID=212 (Idiom)
আইৰ কুৰ্ম্মা ঢেকুৰা, তিৰীৰ কুৰ্ম্মা বপুৰা ৷
ঘৈণীয়েকৰ সমন্ধীয়সকলক অধিক মান দি, নিজৰ ফলীয়া সমন্ধীয়সকলক অৱহেলা কৰা। Your wife`s relatives often get better treatment than your own. Contributed By: Rupankar Mahanta on 2009-10-12 07:36:31...MoreFJID=74 (Idiom)
বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Sometimes, misfortune does not leave people to enjoy in good time also. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15 11:18:07...MoreFJID=785 (Idiom)
আইৰ সমান হ`ব কোন, নদীৰ সমান ব`ব কোন?
নদীৰ পানী যেনেকৈ নিৰবিচ্ছিন্নভাবে বৈ থাকে, একেদৰে সন্তানৰ কাৰণে মাকৰ মৰম-স্নেহ সদায় অক্ষুণ্ণ থাকে ৷ সেয়ে মাকৰ সমান কোনোৱেই হ`ব নোৱাৰে ৷ The love and affection of mother always remains unchanged and unmatched for her children like the way water flows in a river. Contributed By: Dr. Armaan U. Muzaddadi on 2014-02-04 02:46:12...MoreFJID=201 (Idiom)
আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন?
আইৰ সমান কোনেও আদৰ আৰু মৰম দিব নোৱাৰে, যি দৰে নৈ বৈ থাকে কোনো আপত্তি নকৰাকৈ সমাজক নিৰবে পানীৰ যোগান ধৰি৷ There is none in the whole world like own mother, who loves us, care for us with a clear mind. She likes a river, who flows regularly & silently without any complain. Contributed By: shekhar borah on 2009-05-04 07:22:26...MoreFJID=403 (Idiom)
আইৰো বার্তা, গঙ্গাৰো যাত্রা
গঙ্গা যাত্রা কৰোঁতে অর্থাৎ তীর্থ ভ্রমণ কৰিবলৈ যাওঁতে বিয়া দিয়া ছোৱালীয়ে যদি মাকৰ ঘৰতো সোমাই মাকৰ খবৰ লৈ আহিব পাৰে, তেতিয়া হ’লে আনন্দৰ সীমা নাথাকে৷ গতিকে এই ফকৰা-যোজনাটোৱে একে আয়াসতে দুটা মনে বিছৰা কাম সমাধা হোৱা বুজায়৷ A daughter usally loves to visit her home after her marriage; while going for pilgrimage if she can visit her mother, then joy knows no bounds. It implies performing two satisfying jobs on a single occassion. Contributed By: Barnali Deuri Bora on 2010-10-26 01:32:25...MoreFJID=543 (Phrase)
আকালৰ ভাত
বিপদৰ সময়ত পোৱা উপযুক্ত সাহায্য appropriate relief received at the time of necessity Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-26 09:51:46...MoreFJID=234 (Phrase)
আকাশত চাং পতা
অলীক বা আচৰিত কল্পনা কৰা To build castle in the air Contributed By: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22 08:50:26...MoreFJID=481 (Idiom)
আকাশী স্বৰগ ভাগি পৰ্
সকলো প্ৰকাৰৰ বিপদৰ হেঁচাত বিবুদ্ধি হ to be bewildered by pressing adversities Contributed By: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27 05:41:49...MoreFJID=613 (Idiom)
আকাশৰ ফালে থু পেলালে নিজৰ মুখত পৰে ৷
পৰিস্থিতি বুজি কথা নক`লে বা কাৰ্য্য নকৰিলে, সেই কথা বা কাৰ্য্যৰ কুফল নিজে ভুগিব লগীয়া হয় ৷ Whoever spits against the wind spits against his own face. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-01 22:55:35...MoreFJID=305 (Idiom)
আগতে মাছটি, বগলীটি কণা
বগলীয়ে চকুৰ আগতে থকা মাছটোও কেতিয়াবা দেখা নোপোৱাৰ নিচিনাকৈ মানুহে হাততে পোৱা সুযোগটোও মন নকৰে৷ Like a heron not spotting a fish lying in front of him, sometimes a man fails to realise and take advantage of the opportunities before him. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02 23:48:09...MoreFJID=469 (Idiom)
আগফালে বৰচুৰিয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ৷
বাহ্যিকতাত মুধাফুটা কিন্তু ভিতৰি অসাৰ৷ ʻবাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰিʼ-ৰ সমাৰ্থক৷ High on external appearance but internally inferior in quality Contributed By: ভগৎ লাল দত্ত (Bhagat Lal Dutta) on 2010-12-11 07:36:20...MoreFJID=68 (Idiom)
আগফালে মাৰো দাং, পিছফালে ধোবাং বাং
ঘৰত থকা মানুহ আৰু বস্তুবোৰৰ সুৰক্ষা সম্ভৱ যদিহে আগফাল আৰু পিছফালৰ দুয়োখন দৰ্জা বন্ধ ৰখা হয় ৷ অৰ্থাৎ নিজকে বছাব হলে সকলোফালৰ পৰা সুৰক্ষিত কৰিব লাগিব ৷ A state of utter carelessness. You have secured the front entrance by properly locking it while forgeting to do the same with the back entrance and left it open. To protect yourself you need to safegurd you from threats that may come form all sides. Contributed By: Rupankar Mahanta on 2008-03-14 03:22:42...MoreFJID=350 ()
আত্মবিশ্বাস নথকা মানুহে যিকোনো কাম কৰিবলৈ সদায় কেৱল আনৰ সহায়ৰ বাবে বাট চাই থাকে | A person without self-confidence always waits for other's help for doing any little thing. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18 15:09:35...MoreFJID=519 (Idiom)
খীৰতী গাই এজনীয়ে ভালদৰে গাখীৰ দি থকাৰ কালচোৱাত গৰাকীয়ে বৰ আদৰ-যত্ন কৰি পুহি ৰাখে; কিন্তু গাখীৰ নোহোৱা হৈ বেমাৰী হ’লে আলাই-আথানি কৰে ৷ অৰ্থাৎ যাৰ পৰা নিজৰ কোনো লাভ হোৱাৰ সম্ভাৱনা থাকে অথবা যি ক্ষমতাশালী, তেনে লোককহে সকলোৱে আদৰ-সাদৰ কৰে ৷ একেজন ব্যক্তি ক্ষমতাহীন হ’লে কিন্তু কোনোৱে তেওঁক আদৰ নকৰে ৷ A man in power is shown respect by anyone with the expectation of getting some sort of favour from him. However, the same person is neglected when he loses power. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19 12:50:26...MoreFJID=343 (Idiom)
আগৰ গৰুক বাঘে খায় |
সদায় সকলোতকৈ আগত যাবলৈ বিচৰা অত্যুত্সাহী মানুহে নানান বিপদৰ সন্মুখীন হয় | An over-enthusiastic person, who always wants to move ahead of others, has to face lot of troubles. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18 14:41:55...MoreFJID=620 (Idiom)
আগৰ হাল যিফালে যায় পিছৰ হালো সেইফালেই যায় ৷
পথাৰত হাল বাওঁতে আগৰ হালৰ পিছে পিছে দ্বিতীয়টো হাল, দ্বিতীয়টোৰ পিছে পিছে তৃতীয়টো.. ইত্যাদি ধৰণে চলে ৷ একেদৰে কোনো এক পৰিয়ালৰ অগ্ৰজৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, হাৱ-ভাৱ, বদ অভ্যাস, অশিষ্ট আচৰণ আদি অনুজে অনুকৰণ কৰে, শিকে আৰু একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ৷ সাধৰণতে কোনো ব্যক্তিয়ে জ্যেষ্ঠজনক দেখি বেয়া আচৰণ শিকিলেহে এই ফকৰাৰ প্ৰয়োগ হয় ৷ The youngs of a family follow the foot steps of the elders, normally when someone learns bad habits, attitude, manners or behavour from their elders. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-03 16:24:14...MoreFJID=494 (Idiom)
আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷
আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷ This idiom is used to refer to a person indulging in something contradictory to social customs and traditions. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26 13:02:18...MoreFJID=29 (Idiom)
আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল / আছে গৰু নেবাই হাল, হোৱাতকৈ নোহোৱাই ভাল
মানুহে নিজৰ হাতত থকা সম্পদবিলাক ভালদৰে ব্যৱহাৰ নকৰিলে সম্পদ নথকাৰ দৰেই হয়৷ অৰ্থাৎ মানুহে নিজৰ সম্পদবিলাক সঠিকভাৱে কামত খটুওৱা উচিত৷
If one does not utilize his resources properly there is no benefit of having them.
Contributed By: Prasenjit Khanikar on 2008-02-28 10:18:43...MoreFJID=182 (Idiom)
আঠুৰ মঙহ বুকুত নেলাগে।
যেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। A person cannot be very close to another person who has a highly different set of cultural characters Contributed By: Dr. Armaan U. Muzaddadi on 2008-10-25 02:28:13...MoreFJID=864 (Phrase)
আঠুৱা তলৰ মহ৷
অতি দূৰ্বল লোক৷
Comparatively very weak person.
Contributed By: Sitaram Upadhyaya on 2015-03-03 09:44:40...MoreFJID=275 (Idiom)
আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱা
অদৰকাৰী কথাৰ প্ৰতি মনোযোগ দিয়া To show interest on irrelevant or unnecessary matters Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01 10:36:39...MoreFJID=47 (Idiom)
বেলেগক দেখি কাৰোবাৰ অনাহকতে গা উঠা স্বভাৱ By looking at others performance, somebody shows pseudo enthusiasm thinking that even he can do the same. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28 22:13:37...MoreFJID=621 (Idiom)
আপুতৰ পুত কোঁচতে মুত ৷
পুত্ৰ সন্তান নোহোৱা ব্যক্তিয়ে পুত্ৰ পালে তাক অতিমাত্ৰা মৰম কৰি, নকৰিবলগীয়া কাম কৰিলেও অকনো আপত্তি নকৰে আৰু একেদৰে মানুহে যেতিয়া অতি আশাৰে লব্ধ বস্তুৰ প্ৰতি মাত্ৰাহীনভাৱে যত্নবান হয় তেতিয়া এই ফকৰাৰ প্ৰয়োগ হয় ৷ When one shows excessive love and care for an object, person or material. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-03 16:42:58...MoreFJID=407 (Idiom)
আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল
বয়স হলে আপোনা-আপুনি পাৰিপক্কতা আহে A person matures along with age. Contributed By: Barnali Deuri Bora on 2010-10-26 08:37:33...MoreFJID=615 (Idiom)
আপোন ভাল পাগলেও বুজে ৷
নিজ স্বাৰ্থ সকলোৱেই বুজি পায়, সি লাগিলে পাগলেই নহওক কিয় ৷ Even a fool knows his business. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-01 23:08:54...MoreFJID=108 (Idiom)
আপোন ভালেই জগত ভাল |
নিজে ঠিক থাকিলে সমগ্র পৃথিৱী খনেই ঠিক থাকে | কোন কেনেকৈ ক’ত মিলি থাকিব পাৰে সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে | If anyone is perfect by his own, then he will find everything perfect around him. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29 10:33:06...MoreFJID=125 (Idiom)
আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস |
লোকৰ ওপৰত নির্ভৰ কৰাতকৈ নিজ হাতে কাম কৰা মঙ্গল | লোকে কৰিব কৰিব বুলি আশা পালি থাকোতে কেতিয়াবা মূৰামূৰি সময়ত গৈ বিপদত পৰিব লগা হয় |
Its better to be self dependent. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29 09:44:53...MoreFJID=511 (Idiom)
আপোন-নামা উত্তমা, পিতৃ-নামা মধ্যমা ৷
যি স্বনিৰ্ভৰশীল, তেওঁ সৰ্বোত্তম ৷ আনহাতে যি পিতৃৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, তেওঁক মজলীয়া ব্যক্তিত্বৰ লোক বুলি ধৰা হয় ৷ Self-reliance is the best policy. One, who lives on his/her father's earnings, is considered to have a personality of medium standard. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-05 08:16:51...MoreFJID=57 (Idiom)
আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা |
সতিনীক সাধাৰণতে সকলোতকৈ বেছি শত্ৰু বুলি জ্ঞান কৰা হয়। সেয়ে সতিনী মাকৰ ঘৰলৈ যোৱাৰ সময়ত আন জনীয়ে প্রয়োজন হ'লে নিজৰ নাক কাটি হলেও যাত্রা ভংগ কৰাবলৈ কুন্ঠাবোধ নকৰে। ইয়াৰ দ্বাৰা প্রয়োজন হ'লে নিজৰ ক্ষতি কৰি প্ৰতিদ্বন্দীৰ অনিষ্ট কৰিবলৈও কুন্ঠাবোধ নকৰা স্বভাৱৰ বিষয়ে বুজোৱা হৈছে | Even harming oneself, one wants to take revenge on his/her opponent or rival. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07 09:28:08...MoreFJID=369 (Idiom)
আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷
যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷ One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05 23:45:51...MoreFJID=616 (Idiom)
আম গছত কঠাল নধৰে ৷
যি মানু্হ যিমান অভিজ্ঞ বা পাৰ্গত, তেনে মানুহৰ পৰা সিমানখিনিয়েই আশা কৰিব পাৰি, তাতকৈ বেছি কেতিয়াও আশা কৰিব নোৱাৰি ৷ You cannot make a silk purse out of a sow's ear. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-01 23:14:51...MoreFJID=174 (Idiom)
আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।
কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা । Enjoy the hardwork of others. Contributed By: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28 04:55:06...MoreFJID=175 (Idiom)
আমে বান, কঠালে ধান ।
যিটো বছৰত আমে বেছিকৈ মলিয়াই /আম গছত ফুল বেছিকৈ হয় সেই বছৰত সেয়া বানপানী হোৱাৰ আগজাননি বুলি কোৱা হয় আৰু যিটো বছৰত কঠাল গছত বেছিকৈ কঠাল হয় সেই বছৰত ধানৰ খেতি ভাল হয় বুলি প্ৰবাদ আছে । Too many mangoes in trees bring flood and too many jack fruits paddy. Contributed By: Anjali Sonowal on 2008-09-05 13:50:18...MoreFJID=399 (Idiom)
আমো নাই, ফৰ্মুটিও নাই
কোনো এটা কাম সময়মতে সমাধা নোহোৱা আৰু কামটোৰ দ্বায়িত্ব যাক দিয়া হৈছিল তেওঁ মুৰামুৰি সময়ত মূৰ পোলোকা দিয়া When a job is not completed on time and the person to whom the job has been given also not turning up. Contributed By: Barnali Deuri Bora on 2010-10-25 07:02:40...MoreFJID=364 (Idiom)
আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷
আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা To use something prepared or gathered for others to serve one's own purpose. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17 23:57:03...MoreFJID=468 (Idiom)
আলহীয়ে বিচাৰে শাকত লোণ
ধান কিনাই বিচাৰে ডাঙৰ দোন
আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled. Contributed By: Barnali Deuri Bora on 2010-11-23 00:21:04...MoreFJID=617 (Idiom)
আলালৰ ঘৰৰ দুলাল ৷
ধনী মাক-দেউতাকৰ অতিৰিক্ত মৰমৰ বাবে স্বভাৱ নষ্ট হোৱা সন্তান ৷ The spoilt child of a rich parent. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-01 23:24:05...MoreFJID=563 (Idiom)
আলিবাটত চালি ধৰা
কাম-বন নকৰি ধুন মাৰি ফুৰা To wander here and there without doing anything Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03 07:33:49...MoreFJID=213 (Idiom)
আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ The real culprit escapes punishment, while the minor associates get the punishment. Contributed By: Rupankar Mahanta on 2009-10-12 07:41:32...MoreFJID=746 (Idiom)
আলৈ এথানি কৰ ৷
উপলুঙা কৰ, অত্যাচাৰ কৰ, অযন্ত কৰ ৷ To look down upon, not taking care, to insult or neglect. Contributed By: Dr. Armaan U. Muzaddadi on 2013-12-11 03:29:50...MoreFJID=78 (Idiom)
আহক বাৰিষা, কাটক পাত; ৰৈ যা ভিনীহি খাই যা ভাত |
কিবা এটা ভবিষ্যতে হ'ব বুলি আশা দি কাৰোবাক আভূৱা ভাৱী থকা | To keep someone waiting by referring to something which is expected to happen only in distant future. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-17 05:30:10...MoreFJID=263 (Idiom)
আহিল কণা, গ’ল কণা, খাগৰি কাটিলো তিনি কণা
গুৰুত্বপূৰ্ণ কাম এটা কৰিম কৰিম বুলি এলাহ কৰি পেলাই থোৱা To keep an important matter pending lethargically Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26 18:29:56...MoreFJID=144 (Idiom)
আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন) One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing. Contributed By: Biraj Kumar Kakati on 2008-07-28 20:40:40...MoreFJID=514 (Phrase)
আহ্ বৰডেকা ভোজ খাবলৈ যাওঁ৷
আগতীয়া প্ৰস্তুতি অবিহনে ডাঙৰ সিদ্ধান্ত লোৱা ৷ Taking a huge decision without prior arrangement or preparation. Contributed By: Ratul (P) Talukdar on 2011-06-30 11:52:07...MoreFJID=222 (Idiom)
আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই
আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce. Contributed By: Rupankar Mahanta on 2009-12-11 06:44:50...MoreFJID=216 (Idiom)
আয় চাই ব্যয়
উপাৰ্জনৰ পৰিমাণ চাইহে খৰচৰ মাত্ৰা কম-বেছি কৰা উচিত । আয়ৰ পৰিমাণ নাচাই যধেমধে ব্যয় কৰা অনুচিত । Cut your coat according to your cloth. Contributed By: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27 10:56:49...MoreFJID=56 (Idiom)
আৰ তাৰ পৰা ধাৰ কৰা বস্তুৰে নিজৰ গৰিমা বঢ়োৱাৰ চেষ্টা কৰা Attempt to show off by borrowing others' resources. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07 09:07:45...MoreFJID=466 (Idiom)
আৰৈতকৈ উখুৱাৰ খচখচনি টান ৷
উচ্চ প্ৰবৃত্তিৰ লোকতকৈ নীচ মনোবৃত্তিৰ মানুহ বেচি বিৰক্তিকাৰক বা খেচখেচিয়া ৷ A person with low mentality is more importunate than a good human being. Contributed By: Barnali Deuri Bora on 2010-11-19 02:46:21...MoreFJID=394 (Idiom)
আৰ্জিলে ভুঞ্জিবও লাগে ৷
নিজে কৰা ভাল-বেয়া সকলো কৰ্মৰ ফল ভোগ কৰিবলৈ মানুহ সাজু থাকিব লাগে ৷ One has to remain prepared to face the consequences of his own deeds, whether good or bad. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10 18:44:03...MoreFJID=391 (Idiom)
আৰ্জে নন্দ গোৱালে, খায় বোন্দা শিয়ালে ৷
এজনে কষ্ট স্বীকাৰ কৰি কৰা ভাল কামৰ ফল আনজনে বিনা পৰিশ্ৰমে উপভোগ কৰা ৷ The act of enjoying the fruits of hardwork done painstakingly by someone else. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10 18:40:57...More