Assamese Idioms Starting With ' ঔ '

FJID=833 (Idiom)

ঔ কিল

হস্তমুষ্ঠিৰে কৰা গধুৰ প্ৰহাৰ ৷
Hitting with fist.
Contributed By: Dr. Armaan U. Muzaddadi on 2014-12-09 00:22:06...More
FJID=654 (Idiom)

ঔ গছৰ মৌ

ঔ গছত মৌয়ে বা্‌হ ললে সেই মৌ পাৰিবলৈ কঠিন হয়, কাৰণ ঔ গছ বগাবলৈ বৰ টান, যিহেতু এই গছ বৰ ওখ আৰু পিছল হয় আৰু গা-গছত ঠাল-ঠেঙুলি নেথাকে ৷ সেয়ে মৌ খাবলৈ বৰ সুৱাদ হ'লেও ঔ গছৰ মৌৰ সুৱাদ লোৱা কঠিন কাম ৷ অৰ্থাৎ এই ফকৰাই এনে আকাংখিত কথা বা উপলব্ধিক বুজায় যাক অনায়াসে পাব নোৱাৰি ৷
A cherished target, goal or output which is very difficult to achieve.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-04 02:03:51...More
FJID=887 (Idiom)

ঔ বিচাৰোঁতে মৌ পোৱা৷

সামান্য কিবা আশা কৰি থাকোতে হঠাৎ অপৰিসীম সা-সুবিধা পোৱা৷
Sudden huge gain more than expectation.
Contributed By: Sitaram Upadhyaya on 2015-06-28 12:20:39...More
FJID=598 (Idiom)

ঔষধতকৈ পথ্য ভাল ৷

বেমাৰ হোৱাৰ পাছত আৰোগ্য হ'বলৈ ঔষধ খোৱাতকৈ, ভাল, স্বাস্থ্যকৰ আহাৰ খাই নিৰোগী হৈ থকাই শ্ৰেয় ৷
Diet cures more than the doctor.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-07-31 22:35:05...More