যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন | A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28 00:56:26...MoreFJID=822 (Riddle)
জলত জন্ম, স্থলত বাস
মাকে চুলে হয় নাশ৷
সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷
পানীত পৰিলে গলি নোহোৱা হয়৷ Born in water, lives in earth.
Disapperear when tauch by mother.
Ans: Common salt. Contributed By: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11 00:01:33...MoreFJID=454 (Idiom)
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ A person who exaggerates much about himself Contributed By: Barnali Deuri Bora on 2010-11-15 06:16:09...MoreFJID=421 (Phrase)
জাকত জিলিকা
সমজুৱাৰ মাজত থকা আটাইতকৈ শুৱনি পুৰুষ বা মহিলা ৷ The most beautiful person in a group Contributed By: Barnali Deuri Bora on 2010-10-28 02:56:24...MoreFJID=589 (Idiom)
জালকে জকাই বোলা
জাল আৰু জকাই দুবিধেই মাছ ধৰা সঁজুলি যদিও জাল সূতাৰে বোৱা হয় আৰু জকাই সজা হয় বাঁহৰ কাঠিৰে, আকৃতিত জাল জকাইতকৈ ভিন্ন ৷ সেয়ে দুয়োবিধেই একে বুলি ক`লে ডাঙৰ ভুল কৰা হ`ব৷ অৰ্থাৎ এই ফকৰাই কোনো বস্তু বা কথাৰ অৰ্থ নুবুজি, ভুল অৰ্থ উলিওৱা কাৰ্য্যক দৰ্শায়৷ Incapability to understand or distinguish the differences between two closely related objects, activities or speeches. Contributed By: Dr. Armaan U. Muzaddadi on 2013-06-28 06:03:52...MoreFJID=73 (Idiom)
জী ভালেই জোঁৱাই ভাল |
আপোন ভালেই জগত ভাল ||
জী নিজৰ সন্তান, আনহাতে জোঁৱাই লোকৰ সন্তান| গতিকে জীয়াৰীজনী ভাল নে বেয়া সতকাই ক’ব পাৰি| আনহাতেদি জীয়াৰী ভাল হ’লে জোঁৱাই বেয়া হলেও শুধৰাই ল’ব পাৰে | অৰ্থাৎ নিজে ভাল হ’লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল’ব পাৰিব| It is easier to say about your own daughter rather then son in law. If your daughter is good then she can manage her husband to be in right position. That means, if you are good then you can influence others also to be good in nature. Contributed By: Biraj Kumar Kakati on 2008-03-16 04:55:49...MoreFJID=743 (Idiom)
জেওৰাই খেতি খায় ৷
জেওৰা দিয়া হয় গৰু-ছাগলীৰ পৰা খেতি ৰক্ষা কৰিবলৈ আৰু সেই জেওৰাই যদি খেতি খাই নষ্ট কৰে, তেনেহ'লে সেই খেতিক কোনেও বচাব নোৱাৰে ৷ অৰ্থাৎ ৰক্ষকেই ভক্ষক হোৱা ৷ When a protector intentionally, illegally or unethically destroys or grabs the things that are kept under his custody instead of safeguarding them. Contributed By: Dr. Armaan U. Muzaddadi on 2013-12-07 00:38:52...MoreFJID=533 (Idiom)
জোক লগাদি লগা
স্বাৰ্থ সিদ্ধিৰ অৰ্থে কাৰোবাক নেৰা-নেপেৰাকৈ কাকূতি-মিনতি কৰি থকা To plead and insist someone continuously asking for some favour Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04 12:10:53...MoreFJID=333 (Idiom)
জোকৰ মুখত চূণ পৰা
অসত্ চিন্তা বা অসত্ কাম কৰোঁতাই উপযুক্ত শাস্তি পোৱা To receive appropriate punishment by someone having evil motive in thinking or work Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14 15:20:07...MoreFJID=688 (Riddle)
জোল খাওঁ, কিন্তু মূৰ্গী নেখাওঁ ৷
নিৰামিষভোজীজনে যদি মূৰ্গীৰ আঞ্জাৰ জোল খাওঁ বুলি কয়, তেনেহ\'লে সেই ব্যাক্তিয়ে মূৰ্গীমাংস নেখালেও মাংস খোৱাৰ সমান হয় আৰু আমিষভোজী হৈ পৰে ৷ অৰ্থাৎ কোনো অপৰাধমূলক কাম আংশিকভাৱে কৰিলেও সংশ্লিষ্ট অপৰাধৰ সমভাগী হবলগীয়া হয় ৷ Once someone eats the gravy of chicken curry, he/she is no more a vegetarian, even if he/she does not eat chicken meat. In other words, if a sin or crime is committed partially by person, he/she shoulders the bad-name of complete crime. Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-06 05:32:05...MoreFJID=171 (Idiom)
জোলোঙাৰ মেকুৰী বাহিৰ ওলাল
আচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল Let the cat out of the bag : A secret is being disclosed
Contributed By: Rupankar Mahanta on 2008-09-04 05:48:24...MoreFJID=446 (Idiom)
জোৰ পুৰি বৰলাৰ হাত পালেহি ৷
বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷ The danger is knocking at the door, that means it is time to get ready to face the possible danger. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04 19:09:46...MoreFJID=190 (Idiom)
জোৰ যাৰ মুলুক তাৰ ৷
বলেৰে কাম আদায় কৰা ৷ to achieve the goal with force. Contributed By: Parikhit Baruah on 2008-11-30 23:42:15...MoreFJID=260 (Idiom)
জ্ঞানী লোকে সাধাৰণ ইঙ্গিততে জটিল কথা এটাও বুজি পায়, কিন্তু অজ্ঞানীজনক মাৰি-পিটিও বুজোৱা টান An erudite person can understand things on a simple hint, but it is very difficult to make a stupid understand even a simple fact. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26 18:13:20...MoreFJID=529 (Idiom)
জ্বলা জুইত ঘিঁউ ঢলা
ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা To raise the anger of a person by telling undesirable things when he is already very angry. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28 13:25:35...MoreFJID=489 (Idiom)
জ্বৰে এৰিলেও কপটিয়ে নেৰে ৷
মূল সমস্যা বা বিপদৰ পৰা পৰিত্ৰাণ পালেও তাৰ আনুষঙ্গিক কেতবোৰ লেঠা বহুদিনলৈ থাকি যায়৷ After getting rid of the main problem, its sequelae or after-effects may continue for a long time. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-02 03:11:17...MoreFJID=773 (Idiom)
জয় থাকোতেই ভংগ ভাল ৷
কোনো কাম, প্ৰতিযোগিতা, খেল-ধেমালি আদিত যেতিয়া মানু্হ বিজয়ী হৈ থাকে তেনে অৱস্থাতে ভংগ দিলে অৰ্থাৎ অবসৰ ল'লে খ্যাতি ৰৈ যায় ৷ আনহাতে, পৰাজিত হোৱাৰ পিছত অবসৰ ল'লে পৰাজয়ৰ গ্লানি সহিব লগা হয় ৷ Retire when you are successful but not when you are unsuccessful or failing. Contributed By: Dr. Armaan U. Muzaddadi on 2014-02-01 01:34:50...MoreFJID=604 (Idiom)
জৰু, গৰু, ধান ৰাখা তিনি বিদ্যমান ৷
জৰু অৰ্থাৎ ঘৰৰ স্ত্ৰী, গৰু আৰু ধান এই তিনিবিধৰ প্ৰতি সদায় সংবেদনশীল আৰু যত্নবান হোৱা উচিত, তেহে শান্তি আৰু উন্নতি হয় ৷ Be mindful of your wife, kine and paddy for prosperity. Contributed By: Dr. Armaan U. Muzaddadi on 2013-08-01 02:54:55...More