আচলতে টকাইহে কাম সমাধা কৰে, মতামানুহে কৰে বুলি মিছাকৈহে নাম হয় ৷ Actually it is the money that accomplishes the work and the role of man is negligible, if money is not a constraint. Contributed By: Dr. Armaan U. Muzaddadi on 2015-09-09 03:39:54...MoreFJID=628 (Phrase)
টঙালি বান্ধ ৷
গন্তব্য স্থানত উপনিত হ\'বলৈ বা উদ্দেশ্যত সফল হ\'বলৈ দৃঢ়ভাবে মন স্থিৰ কৰ্৷ To be in firm determination for achieving the goal. Contributed By: Dr. Armaan U. Muzaddadi on 2013-09-11 04:28:14...MoreFJID=330 (Idiom)
টান পালে আটায়ে ৰাম বোলে ৷
সুখৰ কালত মানুহে ভগবানক পাহৰি থাকে, কিন্তু দুখৰ কালত সকলোৱে ভগবানৰ নাম লয় ৷ ঠিক তেনেকৈ বিপদৰ সময়তহে সকলোৰে আত্মীয়-স্বজন বা বন্ধুলৈ মনত পৰে ৷ Everybody remembers the Almighty but during distress only. Similarly, one remembers his relatives and friends when he is in trouble. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-11 14:23:24...MoreFJID=754 (Idiom)
টান মাটিত মেকুৰীয়ে নেহাগে ৷
মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷ People seldom disturb the brave and powerful. Contributed By: Dr. Armaan U. Muzaddadi on 2013-12-18 05:21:35...MoreFJID=526 (Idiom)
টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷
সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ The character of a girl largely depends on the character of her mother. Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22 09:41:04...MoreFJID=130 (Idiom)
টুপাই বুৰ মাৰ
সমূলি মিছা মাত, গোটেই আসৈ মাত;
যেনে,সি এতিয়া টুপাই বুৰ মাৰিছে। To deny entirely, to decline,to dissemble, to prevaricate. Contributed By: Anjali Sonowal on 2008-06-28 07:40:38...MoreFJID=103 (Idiom)
টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |
এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি | One can not cheat a person again and again . Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20 05:47:49...MoreFJID=102 (Idiom)
টোপনিৰ চিকুণ পুৱা, মুখৰ চিকুণ গুৱা |
দোকমোকালি সময়ত অহা টোপনিৰ আমেজেই বেলেগ আৰু অসমীয়া সমাজত তামো-চালিৰ দৰে মুখৰোচক বা মুখ-শুদ্ধি বেলেগ হ’ব নোৱাৰে | The pleasure of sleeping is at its peak at the dawn and there cannot be anything comparable to chewing betel nut for refreshing the mouth. Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-09 05:08:00...MoreFJID=755 (Idiom)
টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷
কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷ One cannot receive gifts again and again without reciprocating it. Contributed By: Dr. Armaan U. Muzaddadi on 2013-12-20 08:04:08...More