Assamese Idioms Starting With ' ঢ '

FJID=665 (Idiom)

ঢাপলি মেল ৷

কোনো নিদিৰ্ষ্ট দিশত জোৰেৰে আগবাঢ়ি যা ৷
To start a journey in certain direction with strong will or force.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-06 03:27:09...More
FJID=312 (Idiom)

ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ

উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা
The situation when one cannot perform a given task due to non-availability of appropriate tools.
Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03 23:31:45...More
FJID=538 (Idiom)

ঢিলা পাই ঠিলা মৰা

কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা
To cause harm to someone or to fulfil one's selfish interest taking advantage of his/her weakness
Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15 12:10:49...More
FJID=114 (Idiom)

ঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।

ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়।
Ones work portfolio can not be changed even he goes to a new place.
Contributed By: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20 05:34:12...More
FJID=686 (Idiom)

ঢোলৰ দৰে নহৈ ভৰা কলহৰ দৰে হোৱা ৷

ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷
Empty vessel sounds much.
Contributed By: Dr. Armaan U. Muzaddadi on 2013-11-06 03:41:21...More
FJID=778 (Idiom)

ঢোলৰ মাতত টোকাৰীৰ মাত তল যোৱা ৷

দৃঢ়তা আৰু স্পষ্টতাৰে ডাঙৰকৈ কোৱা কথাই সৰুকৈ বা অস্পষ্টকৈ কোৱা মাতক নিমাখিত কৰি দিয়ে ৷ ফলস্বৰূপে ডাঙৰ মাত সদায় শ্ৰুতাৰ কাণত নপৰে, কিন্তু সৰু মাত কাৎচিতহে পৰে ৷
A louder strong voice always dominates the smaller voice and makes it inaudible to the audience.
Contributed By: Dr. Armaan U. Muzaddadi on 2014-02-01 03:22:58...More
FJID=316 (Idiom)

ঢোলৰ লগত টেমেকা

ডাঙৰ মানুহৰ লগত ঘূৰি ফুৰা বা ডাঙৰ মানুহৰ মতত হয়ভৰ দি ফুৰা সাধাৰণ মানুহ
A mean adherent, follower or blind supporter; a sycophant
Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04 14:16:38...More
FJID=164 (Idiom)

ঢোৰা সাপৰ ফোঁচফোঁচনিয়েই সাৰ

কিছুমান মানুহে আনক ভয় খুৱাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইবোৰ কামলৈ হ’লে একো নাই
All Bark And No Bite: When someone is threatening and/or aggressive but not willing to engage in a fight.
Contributed By: Rupankar Mahanta on 2008-09-03 08:12:03...More
FJID=233 (Idiom)

ঢৌতে খৰ মাৰ

কামৰ মাজেত সময় উলিয়া
taking some time off from a busy schedule
Contributed By: Pranjit Kalita(প্ৰাণজিৎ কলিতা) on 2010-02-22 08:43:07...More
FJID=537 (Idiom)

ঢৌতে খৰ মৰা

এটা কাম কৰিবলৈ যাওঁতে সুবিধা পাই আন এটা কামো সিদ্ধ কৰা
To accomplish an additional task in the process of performing one
Contributed By: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15 13:05:08...More