Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "অ"

অংগাৰঃ শতধৌতন মলিনত্বং ন মুঞ্চতি ৷

1. Black will take no other hue. 2. The leopard cannot change his spots. 3. An Ethiopian will not change his skin.
কয়লা শতবাৰ ধুলেও তাৰ ময়লা নেযায় ৷

অইনৰ অইন চিন্তা, বান্দৰৰ কল খোৱাৰ চিন্তা

A selfish person always thinks for fulfilling his own interests and never shows any concern to other`s interest.
স্বাৰ্থপৰ মানুহে সকলো সময়তে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কথাহে চিন্তা কৰে; আনৰ স্বাৰ্থ বা কামৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱায় |

অকঁৰা মৈত উঠা |

Some people continuously engage themselves in some work in a useless manner, even after the expected work gets over.
অকঁৰা মানুহ মৈত (হাল্-বোৱা মাটি সমান কৰিবলৈ ব্যৱহাৰ কৰা যতন) উঠিলে এক অদ্ভূত আনন্দ পাই নামিব নোখোজা হয় | সেইদৰে কোনো ব্যক্তিয়ে একেটা কামতে অপ্রয়োজনীয় ভাৱে লাগি থাকিলে এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয় |

অকলশৰীয়া পহু, গায়ে মূৰে খহু

Living all alone is not easy. You have all the problems in the world to face and have only yourself to defend against them.
অকলশৰীয়া জীৱন সহজ নহয় ৷ বেমাৰত পৰিলেও চাবলৈ কোনো নাই ৷ সকলো সমস্যা অকলেই মুখামুখি হোৱাটো যঠেষ্ট কঠিন ৷

অঙঠা খালে এঙাৰ শৌচ কৰিব লাগে ৷

Ill deeds always end up with harmful results.
বেয়া কাম কৰিলে সদায় ক্ষতিকাৰক পৰিণাম পোৱা যায় ৷

অচিন কাঠৰ থোৰাও নলগাবা

Not to trust a stranger or not to believe anything without knowing it properly
চিনি নোপোৱা কাঠেৰে আনকি ঢেঁকীৰ থোৰাটোও লগাব নালাগে৷ ঠিক সেইদৰে অচিনাকি মানুহক কেতিয়াও কোনো কথাত বিশ্বাস কৰিব নালাগে৷

অজৌ গছৰ বজৌ গুটি

very clever and naughty
অতি দুষ্ট অথবা সাত ঘাতৰ চেঙেলি

অজ্ঞানী বন্ধুতকৈ জ্ঞানী শত্ৰুও ভাল৷

A foolish friend`s stupid activity may become the cause of distress or dishonour for his companions; however, an intelligent foe will never make his companions ashamed or distressed, since he will always act with wisdom. Hence, an intelligent foe is always better than a foolish friend.
অজ্ঞানী বন্ধু এজনে জধে-মধে কাম কৰে আৰু নিজে বিপদত পৰাৰ লগতে বন্ধুবৰ্গকো বিপদত পেলায়; সেয়ে অজ্ঞানী বন্ধুয়ে সহায় কৰাতকৈ বিপদত পেলোৱাৰ সম্ভাৱনাহে বেছি। আনহাতে জ্ঞানীজনে ভাবি চিন্তি কাম কৰে আৰু মূৰ্খতাপূৰ্ণ কাম কৰি আনক অসন্মানত নেপেলায়৷

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |

The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.
বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন |

অজ্ঞানীক জ্ঞান দিয়া, গৰুচোৰক বোধ দিয়া ৷

It is meaningless to preach sermons to fools because they will not appreciate it.
অজ্ঞানীক জ্ঞান দিয়া যেনকৈ অৰ্থহীন, গৰু চোৰক গৰু চোৰ নকৰিবলৈ উপদেশ দিয়াও তেনেকৈ অৰ্থহীন৷

অজ্ঞানীক বুজাবা চৰে - চাপৰে, জ্ঞানীক বুজাবা ঠাৰে - চিঞাৰে ৷

An wise man will pick even from sign language while a fool will require drastic measures to make him understand.
জ্ঞানীক যিকোনো কথা বুজাবলৈ অতি সহজ; আকাৰে-ইঙ্গিতেও বুজাব পাৰি ৷ কিন্তু মুৰ্খক বুজাবলৈ কঠোৰ পন্থাও ল’ব লগীয়া হয় ৷

অতি চালাকিৰ ডিঙিত জৰী

One who clever by half falls into a trap of his own making
বেচি চালাকি খটুৱাবলৈ গৈ নিজে বিপদত পৰিবলগীয়া হোৱা

অতি দৰ্পে হত লঙ্কা

Too much boosting can invite your end
অতিপাত অহঙ্কাৰে সকলোৰে বিনাশ মাতি আনে ৷ ৰাৱণৰ অহঙ্কাৰৰ ফলতে লঙ্কা নগৰী ধ্বংস হৈছিল ৷

অতি ভক্তি চোৰৰ লক্ষণ

Too much indulgement in something, than what is necessary, is a cause of concern
কোনোবাই যদি কিবা এটা কাম বা বস্তৰ পিছত প্ৰয়োজনতকৈ অধিক লাগি থাকে, তেনেহলে তাক সন্দেহৰ চকুৰে চোৱা উচিত ৷

অতি লোভে হতশ্ৰী

Greedy people take more food than they need and as a result cannot maintain their health. Similarly, uncontrolled gluttony can never lead to progress.
লুভীয়া মানুহে লোভত পৰি খাদ্য-বস্তু প্ৰয়োজনতকৈ বেছিকৈ খায় আৰু ফলত স্বাস্থ্য হানি হয় | সেইদৰে লোভ সম্বৰণ কৰিব নোৱাৰিলে মানুহৰ শ্ৰীবৃদ্ধি নহয় |

অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷

If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.
তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷

অথাই সাগৰত পৰা / অপাৰ সমুদ্ৰত পৰা

To become helpless due to falling in great trouble.
বিপদৰ সন্মুখীন হৈ দিক-বিদিক শূন্য হোৱা

অধিক বাঢ়ৈত গুৰ ধমনা হয়

When many people try to interfere in the work being done by a person, it unnecessarily jeopardizes the performance.
এজনে কৰিব পৰা কাম এটাত কেইবাজনেও হেতা ওপৰা কৰিলে অনাহকতে কামত বেমেজালিয়ে দেখা দিয়ে |

অধিক মাছত বগলী কণা

When there are lots of options available, it becomes difficult to select one.
বহু বিকল্প থাকিলে, কোনো এটা নিৰ্বাচন কৰাত অসুবিধা হয়

অনভ্যাসে হত বিদ্যা৷

Any skill acquired goes good for nothing if it is not applied for a long time.
বিদ্যা বা শিক্ষাৰ দিৰ্ঘদিন ধৰি প্ৰয়োগ নহ'লে পাহৰি যোৱা হ'য়৷

অন্ধৰ বাবে ৰাতিয়েই বা কি, দিনেই বা কি ৷

Day and night are alike to a blind man. Similarly, a foolish man cannot differentiate between wisdom and foolishness.
অন্ধ মানুহৰ কাৰণে যেনেদৰে ৰাতি দিনৰ কোনো পাৰ্থক্য নাই, একেদৰে অজ্ঞান ব্যক্তিৰ কাৰণে জ্ঞান আৰু মূৰ্খতাৰ মাজত কোনো পাৰ্থক্য নাই ৷

অন্ধৰ হস্তী দৰ্শন

To have misleading notion about something when its partial view is supposed to be the complete view
কোনো বস্তুৰ সামগ্ৰিক ৰূপটো উপলব্ধি নকৰি তাৰ আংশিক ৰূপটোক সামগ্ৰিক জ্ঞান কৰা

অপচয় নকৰিবা, অভাৱত নপৰিবা ৷

Waste not, want not.
অপচয় কৰিলে সম্পদ নষ্ট হয় আৰু অভাৱত পৰিবলগীয়া হয় ৷

অপ্ৰিয় সত্য নোকোৱাই ভাল ৷

Do not speak an unpleasant truth.
অপ্ৰিয় সত্য কবলৈ গ'লে আপোনজনো ৰুষ্ট হোৱাৰ আশংকা থাকে, সেয়ে অপ্ৰিয় সত্য নোকোৱাই ভাল ৷

অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা |

It is useless to give advices to those people who don't at all give respect to it.
ঢেৰুৱা ঠাৰি যিমান সিজালেও কোমল নহয়, অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় কোনো ফল নধৰে | সদায় নিজৰ কথাতে আকোৰগোঁজ হৈ লাগি থাকে |

অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷

A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.
হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷

অভাৱে স্বভাৱ নষ্ট কৰে

The urge to steal may be a result of the urgency of a need and his poor financial situation in which he can not aford to meet the need in a honest way .
অভাৱ পূৰণৰ প্ৰয়োজনত ভাল মানুহ এজনেও চুৰি বা বেয়া কাম কৰিব লগীয়াত পৰিব পাৰে ৷

অভাৱেই আৱিষ্কাৰৰ মূল

Necessity is the mother of invention.
কোনো এটা বস্তুৰ অভাৱ অনুভৱ কৰিলে মানুহে সেই অভাৱ পূৰণ কৰিবলৈ উপায় বিচাৰি ন ন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় |

অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ ।

One can pass an arrow through the hole of a human ear if he practises persistently i.e. one can achieve a hard goal through relentless practice. English saying: Practice makes a man perfect.
অভ্যাস কৰিলে কাণৰ ফুটায়েদিও কাঁড়/শৰ পাৰ কৰিব পাৰি । অৰ্থাৎ অভ্যাস কৰিলে অসাধ্য বুলি ভবা কামো সহজ হয় ।

অলপ পানীৰ মাছ

a person with little power or strength
সামান্য শক্তি বা ক্ষমতাৰ অধিকাৰী

অলপতে কলপ কটা

To escape barely from an impending danger.
বিপদৰ পৰা কোনোমতে ৰক্ষা পৰা বা কথমপি সাৰি যোৱা

অল্পবিদ্যা ভয়ংকৰী

A little learning is a dangerous thing
কোনো এটা বিষয়ৰ ওপৰত কেৱল উপৰুৱা জ্ঞান লৈ নিজকে ওস্তাদ বুলি ভৱাটো মূৰ্খতা ৷ এনে মূৰ্খতাৰ বাবে কোনোৱে জীৱনত নানান বিপদত পৰিব পাৰে ৷

অশনি সংকেত কঢ়িয়াই আন ৷

To bring about the warning of ill happenings.
বেয়া খবৰ আন বা ক্ষতিকাৰক সম্ভাৱনাৰ/পৰিঘটনাৰ আগজাননী দে ৷

অশ্বত্থামা হত ইতি গজঃ ৷

Ashwasthama is killed which is an elephant, or To use an equivocation or to have recourse to an ambiguity.
মহাভাৰতৰ কাহিনীত শ্ৰীকৃষ্ণই গুৰু দ্ৰোণাচাৰ্য্যক (যাৰ পুত্ৰৰ নাম আছিল অশ্বত্থামা) এই খবৰ দি বিভ্ৰান্ত কৰিছিল, যাৰ অৰ্থ \'অশ্বত্থামাক হত্যা কৰা হৈছে, যিটো এটা হাতী\' ৷ অৰ্থাৎ মানুহক দুটা অৰ্থ থকা কথাৰে ভুল পথে চালিত কৰা কাৰ্য্য ৷

অসতীৰ লগত সতীৰো মতিভ্ৰম হয় ৷

Bad company may lead you astray.
অসৎ সঙ্গই সকলোকে প্ৰভাৱিত কৰি আনকি সাধুৰ মনতো অসৎ প্ৰবৃত্তিৰ জন্ম দিব পাৰে ৷

অৰণ্য ৰোদন

Crying for help where nobody is nearby to help.
জনবসতিহীন ঠাইত সহায় বিচৰা, অৰ্থাৎ আনৰ সহায় বিচাৰি নিষ্ফল প্ৰয়াস কৰা ৷

অৰ্থই অনৰ্থৰ মূল৷

Money is the principal factor associated with all disputes, tussles and sufferings in the society.
মানৱ সমাজত দেখা দিয়া ভুল বুজাবুজি, হাই-কাজিয়া আৰু বিলাই-বিপত্তিৰ মূল কাৰণ হ’ল টকা-প‍ইচা |

অৱস্থা চাই ব্যৱস্থা ৷

Cut your coat according to your cloth.
মানুহে পৰিস্থিতি বুজি, নিজৰ সামৰ্থ চাই কোনো কামত আগবাঢ়িব লাগে ৷

অৱস্থা ৰৰৈয়া হ

to suffer from duress and distress
আহুকালত পৰি দেহাৰ অৱস্থা শোচনীয় হ

অ’ৰ্ গোসাঁই ত’লৈ নিয়া

To put things into disorder
বিশৃংখল কৰা