Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "ও"

ওঁঠ চেপিলে গাখীৰ ওলাব ৷

A man of the early age when wants to do the activities of an elderly.
কম বয়সৰ মানুহে বলে নোৱাৰা কাম কৰিবলৈ গ\'লে বা উফাইদাংমৰা কথা ক\'লে বয়োজ্যেষ্ঠজনে এনেদৰে কয় ৷ অৰ্থাৎ তেনে কাম কৰাৰ বা কথা কোৱাৰ বয়স এতিও হোৱা নাই ৷

ওঁঠ চেলেকি থাক ৷

To wait curiously to have some desired material, food, respect, status, power etc.
কিবা আকাংখিত বস্তু, খাদ্য, ক্ষমতা, মৰ্যাদা, ধন আদি পাবলৈ উদগ্ৰীৱ হ ৷

ওকণি খেদিবলৈ মূৰ কাটিব নোৱাৰি ৷

We cannot spend million dollars to solve a problem of penny.
মূৰত ওকণি হ\'লে তাক নিৰ্মূল কৰিবলৈ মূৰটোকে কাটি পেলোৱাটো কেতিয়াও এক উপায় হ\'ব নোৱাৰে ৷ সেয়েহে সৰু-সুৰা সমস্যা সমাধান কৰিবলৈ ডাঙৰ মূল্য ভৰিবলগীয়া হ\'লে এনেদৰে কোৱা হয়৷

ওখ গছত বতাহ লাগে বেছি।

High winds blow on high hills.
মানুহ যেতিয়া ক্ষমতাশালী বা অৰ্থনৈতিকভাৱে সবল হয়, তেওঁৰ বাবে নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ আৰু দায়িত্ব বাঢ়ি যায় ৷

ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰে

While criticising others, one often exposes his own faults.
আনক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণতে নিজৰ দোষ-ত্ৰুটিহে ধৰা পৰে |

ওপৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰে ঢকুৱাৰ বেৰ

to conceal poverty showing more than earning
নিজৰ দৰিদ্ৰতা ঢাকিবলৈ জাকজমকতা দেখুওৱা

ওফৰা জেং

An uninvited or unwanted guest
আলহীক সধাৰণতে মানুহে বৰ আলহ-উদহ কৰে, কিন্ত কিছুমান আলহীয়ে গৃহস্থৰো নাকনি-কাননি কৰে, গতিকে গৃহস্থই তেওঁলোকক যিমান পাৰে সোনকালে বিদায় দিবলৈ ভাল পায় ৷

ওভত গোৰে নচা

Being very naughty, One who breaks the rules
বৰকৈ দুষ্টালি কৰা বা অনুশাসন নমনা

ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক৷

One should not have enmity with his neighbours.
প্ৰতিৱেশী বা ওচৰ-চুবুৰীয়াৰ সৈতে শত্ৰুতা কৰা অনুচিত৷

ওলোৱা কেঁচু গাঁতত নোসোমায় ৷

An earthworm spends most of its time in its hole. Once out, it rarely makes it back to a hole because there are so many enemies out there waiting for it. This means, venturing out into unknown territories may bring your end.
কেঁচুৰ জীৱনটো প্ৰায় গাঁততেই পাৰ হয় ৷ গাঁতৰ ভিতৰৰ পৃথিৱীৰ লগত সিঁহত ভালকৈ পৰিচিত ৷ গাঁতৰ বাহিৰ ওলালেই কেঁচুৰ শত্ৰু বহুত ৷ সেয়েহে গাঁতৰ বাহিৰ ওলোৱা কেঁচু জীৱন্তে গাঁতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা কম ৷ এই কথাষাৰে ইয়াকে বুজাই যে অপৰিচিত ঠাইত পদে পদে বিপদ আহিব পাৰে ৷

ওস্তাদৰ খেল শেষ ৰাতি

One who is really efficient, he does not show it; but when needed can do the work easily at the last moment also.
যি প্ৰকৃততে কোনো কামত পাৰ্গত, তেওঁ এনেয়ে বাহাদুৰি দেখুৱাই নুফুৰে; কিন্তু সময়ত তেওঁ একেবাৰতে সহজে কামটো সমাধা কৰে ৷

ওস্তাদৰ মাৰ শেষ ৰাতি ৷

All is well that ends well.
যিকোনো কামৰ শেষপৰ্বটো ভাল নহ\'লে, সেই কামৰ কোনো মূল্য নাথাকে, কিন্তু অভিজ্ঞ আৰু নিপুণ কৰ্মীয়ে শেষলৈকে ভাল ফল দেখুৱাই যাব পাৰে ৷

ওৰণি ল`লেই তিৰী সতী নহয় ৷

The honesty and sincerity of a person cannot be endorsed by his few good work.
কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷

ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷

Too much politeness is a cause of concern.
অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷