Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "চ"

চকু থৰ হ ৷

To be amazed, astonished, astounded, bewildered or surprised.
ভাল কথা, গুণ-গৰিমা শুনি বা সৌন্দৰ্যপূৰ্ণ বস্তু, মানুহ, জীৱ, দৃশ্য আদি দেখি মুগ্ধ হ বা আচৰিত হ ৷

চকুত ধূলি দে / মাৰ্ ৷

To throw dust in one's eye, or to betray.
মিছা কথা বা কৰ্মৰে মানুহক প্ৰতাৰিত কৰ ৷

চকুৰ কুটা দাঁতৰ শূল

A person disliked most or not favourite at all.
দেখি ভাল নলগা বা অত্যন্ত অপ্ৰিয় লোক

চক্ৰবৎ পৰিবৰ্তন্তে দুঃখানি চ সুখানি চ ৷

1. Weal and woe come by turns as the wheel of fortune moves. 2. A king of today is a beggar of tomorrow. 3. After rains, comes fair weather.
মানুহৰ জীৱনত সুখ আৰু দুখ চকৰিৰ দৰে আহে আৰু যায় ৷ অৰ্থাৎ জীৱনৰ একাল দুখত ব্যতিত হ'লে আৰু একাল সুখত ব্যতিত হয় ৷

চগাৰ পাখি গজে জুইত পুৰি মৰিবলৈ ৷

Sudden empowerment ignites oneself to perform suicidal activities.
চগাৰ পাখি গজিলে উৰিব পৰা হয় আৰু জুইৰ প্ৰতি আকৃষ্ট হৈ জুইৰ উৎসলৈ উৰা মাৰে তথা তাতে পুৰি মৰে ৷ একেদৰে মানুহৰ আকস্মিক উত্থান হ'লে, নিজৰ সামৰ্থ, শক্তি, ঐশ্বৈৰ্য্য, ক্ষমতা, সম্পদ আদিৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰা হয় আৰু তাৰ অপপ্ৰয়োগেৰে নিজৰ ধ্বংস মাতি আনে ৷

চন্দ্ৰতো কলঙ্ক আছে

This implies that nobody is perfect. Everyone has a some shortcomings in their life.
সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰজোয্য ৷

চল পালে কুকুৰে গললৈ জাঁপ মাৰে ৷

Some people take undue advantage if given little indulgence.
কিছুমান মানুহক অলপ লাই দিলেই মূৰৰ ওপৰত উঠিব খোজে |

চাউল দিবা যতেক, পানী দিবা তিনি ততেক

One has to boil rice using water in a quantity three times than that of rice.
চাউল ভালকৈ সিজাবলৈ হ’লে চাউলৰ পৰিমাণৰ তিনি গুণ পানী দিব লাগে ৷

চাকিৰ গুৰিটো (বা তলটো) আন্ধাৰ

An earthen lamp illuminates a room, but it's base is deprived of the light and remains dark. This implies that nobody is perfect. Everyone has a some shortcomings in their life.
সকলোৰে কিবা নহয় কিবা দোষ বা বিচ্যুতি থাকে ৷ এইটো সত্য কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, সমাজৰ সফলতম ব্যক্তিজনৰ বাবেও ই প্ৰযোজ্য৷

চাপৰি যোৱাকে কুঁজা বোলে

to admit an unpleasant thing in a roundabout way.
কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰি বেঁকা বাটেৰে স্বীকাৰ কৰা ৷

চাপৰিলে মেঘ নাঁতৰে৷

No excuse can cover up a misdeed or unlawful activities.
যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি।

চাপৰিলে মেঘ নেৰায়৷

By lowing your head, one can not get rid of cloud. By avoiding one can not get rid of problems.
সমস্যাক আওকান কৰিলে, ই আতৰি নাযায়৷ সমস্যাৰ মুখামুখি হব লাগিব৷

চালনীয়ে বোলে বেজি ভাই তুমি কিয় ফুটা

A person who has lots of faults within himself accuses another who has lesser faults than him
নিজৰ বহুতো দোষ থাকোতেও আনৰ এটা দোষকে দেখা

চালে বেৰে কোবোৱা

To say hither and tither without knowing the facts.
প্ৰকৃত কথাটো নজনাকৈ অনুমানতে যিহকে-তিহকে কৈ কথা

চাহৰ চেঁচা, মাছৰ কেঁচা

People normally do not like to have cold tea. Similarly, no one likes to eat fried fish, if it is not properly cooked.
চাহ ঠাণ্ডা হ’লে যেনেকৈ খোৱাৰ অনুপযোগী হয়, তেনেকৈ ভজা মাছ কেঁচা হৈ থাকিলে খাব পৰা নাযায় ৷

চাৰি ঢাপৰ বাজ কৰা

to throw out of the campus, i.e. to set aside all relations or connections
সীমাৰ বাহিৰ কৰি দিয়া, অৰ্থাৎ সকলো ধৰণৰ সম্পৰ্ক ছেদ কৰা

চিকা মাৰি হাত গোন্ধোৱা ৷

Do not indulge yourself something lowly that will tarnish your image. Why would you take the blame of killing just a rat ? If you have to do it than do it in way that makes impact.
চিকাৰ দৰে সৰু প্ৰাণী মাৰিলে বীৰত্ব ফুটি নুঠে ৷ তেনেদৰে সৰু মানুহৰ লগত কাজিয়া কৰিলে বদনামহে বেছি হয় ৷ কিবা যদি কৰিব খোজা তেনেহলে ডাঙৰ কাম কৰিবা ৷

চিকুটি লাউ বুঢ়া কৰা

To provoke or to give a warning signal to the enemy
শত্ৰুক জোকাই লোৱা বা সজাগ কৰি দিয়া

চিনাকি চাউদাঙেহে মানুহ কাটে

Only a known person or one who is very close to someone usually hurts or causes harm.
চিনাকি অথবা পৰিচিত ব্যক্তিয়েহে সাধাৰণতে মানুহৰ অপকাৰ কৰে |

চিনাকি চোৰেহে পিৰালিত কাহে ৷

A thief will never make noise while attempting theft. Only a thief who has an accomplice inside will make an indicative noise to let the other person know about his presence.
প্ৰকৃত চোৰে কেতিয়াও শব্দ নকৰে ৷ চিনাকি চোৰেহে শব্দ কৰে যাতে ঘৰৰ ভিতৰত থকা সঙ্গীয়ে তেওঁ অহাতো গম পায় ৷

চিনাকি বামুণক লগুণ কেলৈ ৷

A person who has established himself in his profession does not require any identification.
কাৰোবাক যদি তেওঁৰ কামৰ বা পেছাৰ বাবে সমাজে জানে, তেনেহলে তেওঁক কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷

চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷

A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.
যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷

চুইহে নিকিলোৱা

to almost beat someone out of anger
কাৰোবাৰ ওপৰত খং উঠি মৰিয়াবলৈ উদ্যত হৈ অৱশেষত প্ৰহাৰ নকৰা

চুকত থাকি বুকত কামোৰ মৰা

A very close or intimate person causing harm or showing enmity
অতি আপোন বা অন্তৰঙ্গ জনে অপকাৰ বা শত্ৰুতা কৰা

চুকৰ ভেকুলী নাদত পৰা

Common frogs usually stay in the dark corners of a house and cannot live in deep waters. When it falls in a well, it cannot survive. Similarly, a person living in a remote village gets exposed to a larger society, he finds it very difficult to adjust.
চুক-ভেকুলী সাধাৰণতে ঘৰৰ চুকত থাকে; দ পানীত নাথাকে | নাদত পৰিলে চুক-ভেকুলী বাচি থাকিব নোৱাৰে | সেইদৰে ভিতৰুৱা ঠাইত জীৱন কটোৱা মানুহ এজন বাহিৰৰ বহল জগতখনৰ সন্মুখীন হ’ব লগা হ’লে বিপদত পৰে |

চুঙা চাই সোপা

Tit for tat
কোনো লোকৰ চতুৰ কথা বা কাৰ্য্যক অধিক বুদ্ধিমত্তাৰে উত্তৰ দিয়া |

চুঙাৰ বাদুলি

inexperienced person
অনভিজ্ঞ ব্যক্তি

চেকনীৰ আগত বিদ্যা ।

Disciplined study comes about under fear of punishment.
শাস্তি বা কঠোৰ অনুশাসনৰ ভয়তহে বিদ্যাৰ্থীয়ে জ্ঞানাৰ্জন কৰে, এনে ধাৰণা ।

চেনেহৰ চুমাই নাকটি ছিঙিলে ৷

Something done by a well-wisher may also sometimes bring in unexpected sufferings.
কেতিয়াবা হিতে-বিপৰীত হৈ কোনোবাই মৰমতে ভাললৈ বুলি কৰা কামৰো অশুভ ফল হ’ব পাৰে ৷

চেষ্টাৰ অসাধ্য একো নাই ৷

1. Nothing succeeds like a serious effort. 2. Try your best and you will win.
মন দি বাৰে বাৰে চেষ্টা কৰি থাকিলে মানুহে অসাধ্যকো সাধ্য কৰিব পাৰে ৷

চোকা মুখ ভোটা হ ৷

To be abashed or disconcerted.
ফিতাহি মাৰি কথা কোৱা মানুহে, উচিত প্ৰত্যুত্তৰ পাই লজ্জিত হ ৷

চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি

It is fruitless, even if someone makes hard effort or tries to shows cleverly attitude after passing over of any danger or accident . He should do it on proper time
এটা বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাক প্ৰতিহত কৰাৰ বাবে লোৱা যিকোনো প্রচেষ্টা অৰ্থহীন হৈ পৰে।

চোৰ সৰহ কিল তাকৰ

the harshness of punishment becomes be less when offenders are many.
দোষীৰ সংখ্যা বেছি হ’লে গাইপতি শাস্তিৰ পৰিমাণ কম হয় ৷

চোৰক বোলে চুৰি কৰ, গৃহস্থক বোলে সজাগ থাক ৷

He runs with the hare and hunts with the hounds.
কোনো মানুহে বিবাদ, সমৰ্থন, কাৰ্য, মন্তব্য আদিত কোনো এক পক্ষ নলৈ, দুয়ো পক্ষৰ লগতে তাল মিলাই থাকিলে এই ফকৰাৰ প্ৰয়োগ হয় ৷ অথবা, কুপৰামৰ্শ দি জানি-বুজি কৰোবাক বিপদত পেলাবলৈ ছল-চাতুৰি কৰা কাৰ্যক দৰ্শায় ৷

চোৰক মোৰে পালে, লোকো মামৰে খালে ৷

A thief can get outsmarted in his own trade. Similarly an iron bar, which is known for strength and longevity, can also fell to rust. This indicates everything in this word is fallible
গভাইত চোৰো ধৰা পৰে, তেনেদৰে লোহাও মামৰ লাগি বেয়া হৈ যায় ৷ অৰ্থাৎ এদিন সকলোৰে পতন সম্ভৱ ৷

চোৰক মোৰে পোৱা

One may commit mistake even when he is doing a habitual work. (This proverb is usually applied in negative context.)
সদায় কৰি থকা অভ্যাসগত কাম এটা কৰোঁতেও কেতিয়াবা আউল লাগে | (এই যোজনাটো সাধাৰণতে নেতিবাচক অৰ্থতহে প্ৰয়োগ হয় |)

চোৰে চোৰে ভাই ভাই ৷

1. All thieves are cousins. 2. Birds of a feather flock together.
বেয়া কাম বা ব্যভিচাৰত জৰিত সকলে এজনে আনজনক উদগনি যোগায় বা এজনে আনজনৰ দোষ কেতিয়াও আঙুলিয়াই নিদিয়ে ৷

চোৰেহে চোৰৰ ঠেং দেখে |

A person with bad character always finds the bad qualities of other persons.
বেয়া চৰিত্রৰ লোকে সদায় আনৰ বেয়াহে দেখা পায় | কথাষাৰ পাপীৰ পিঠাত মন আপ্ত বাক্যফাঁকিৰ লগত একে |

চোৰৰ ভয়ত কাঁহি পুতি থৈ কলপাতত ভাত খোৱা ৷

When someone has illogical fear of unseen and unpredictable incidents and does not perform normal activities out of that fear and prejudice.
কাঁহি কিনা হয় তাত ভাত খাবলৈ, কিন্তু সেই কাঁহিখন চুৰ হৈ যাব পাৰে বুলি ভয় কৰি যদি কোনোবাই তাক মাটিৰ তলত পুতি থৈ কলপাতত ভাত খায়, তেন্তে কাঁহিখন কিনাৰে অৰ্থ নাথাকে ৷ অৰ্থাৎ, সৰু-সুৰা দূৰ্ঘটনাৰ ভয়ত অথবা মনি সজা অযুক্তিকৰ বিশ্বাস বা ধাৰণাৰ বশবৰ্তি হৈ নিত্য-প্ৰয়োজনীয় কৰ্ম, কৰ্তব্য আদি নকৰি পিছ হুঁহকি থকা ৷

চোৰৰ মন পুলিচ পুলিচ

After committing mistakes, faults, or crimes a person's mind always remains under fear to be caught and he/she observes everything surrounding him with doubt.
অপৰাধ, কুকর্ম বা দোষ কৰাৰ পাছত ব্যক্তিবিশেষৰ মন ধৰা পৰাৰ ভয়ত সদায় আতংকিত হৈ থাকে। সেয়ে নিজ দোষৰ লগত সামঞ্জস্য নাথাকিলেও য’তে ত’তে ভয়ৰ কাৰণ দেখা পায় ।

চৰণেহে জানে মৰণৰ ঠাই

Literally, "the legs know the location of death" ... meaning the future is unpredictable.
মানুহৰ আহি থকা দিনবোৰ কেনে হব জানিব পৰা নাযায় ৷

চৰাই মৰে ৰৈ, মানুহ মৰে কৈ

Birds are shot by a hunter when they sit idle on the branches of tree, similarly a person may invite problems by speaking something without much thought. or Think before you lip.
চৰাই গছত বহি থাকোঁতেহে চিকাৰীয়ে গুলিয়াই মাৰিব পাৰে; ঠিক তেনেদৰে মানুহে কথা কৈহে বিপদত পৰে। অৰ্থাৎ মানুহে নভবা নিচিন্তাকৈ নক`বলগীয়া কথা কৈ দিলে বিপদত পৰিব লগা হয়।

চৰুক সুধি চাউল বহোৱা

To take suggestion from one for whom somebody is making some arrangements.
যাৰ বাবে কোনো আয়োজন কৰা হয়, তেওঁকে সুধি পৰামৰ্শ লোৱা |

চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।

To express pleasure before the cause for it materialises.
আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ ।