Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "ঠ"

ঠন ধৰি উঠ ৷

A plant when grows nicely, this proverb is used.
উদ্ভিদ আদি ভালদৰে সাৰ-গোবৰ, পানী আদি পাই লহপহকৈ বাঢ় ৷

ঠাইতে লুটি-বাগৰ মাৰ্ ৷

To become hostile suddenly.
হঠাৎ কোনো কথা, প্ৰস্তাৱ, পূৰ্ব-প্ৰতিশ্ৰুতি, সন্ধি আদিক অগ্ৰাহ্য কৰি, তাৰ বিৰোধিতা কৰ্।

ঠাণ্ডাত ঠেঠুৱৈ ধৰ্

To suffer from to much of cold.
অতিপাত ঠাণ্ডাত আতুৰ হ ৷

ঠেকি শিকা, দেখি শিকাতকৈ শ্ৰেয় ৷

Experience teaches better than wisdom
মানুহ যেতিয়া ঠেকাত পৰে বা বিপদত পৰে আৰু পৰিস্থিতিৰ লগত যুঁজ কৰি শিকে, সেই শিক্ষা সদায় দখি লোৱা শিক্ষাতকৈ উত্তম হয় ৷

ঠেলাৰ নাম বাবাজী ৷

1) Necessity is the law of life. 2) Nothing like force.
টানত পৰিলে মানুহে তুচ্ছ কামো কৰিব লগা হয়; বা মানসিক বা শাৰীৰিক শাস্তিৰ ভয়ত মানুহে যি কোনো কাম কৰিবলৈ বাধ্য হয় ৷

ঠেহ লাগি বেশ পোৱা ৷

Exhibiting annoyance and unhappiness to make someone flexible and emotionally worried and thus becoming successful to obtain desired thing.
ঠেহ লাগিলে সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক মৰম প্ৰদৰ্শন কৰে আৰু ঠেহ ভাঙিবলৈ সন্তানে বিচৰা বস্তু যেনে বেশ (পোছাক) আদি আনি দিয়ে ৷ অৰ্থাৎ, সামান্য খং বা অভিমান দেখুৱাই বাঞ্চিত বস্তু, প্ৰতিশ্ৰুতি, পদবী আদি আদায় কৰি লোৱা কাৰ্য্য ৷