Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "ড"

ডলাৰ বগৰী

having no fixed habitation.
স্থান-স্থিতি নথকা, ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা লোক৷

ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷

The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.
শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷

ডিঙিত ছুৰি দে ৷

To commit a great injury.
এনে কোনো ভুল বা কুকৰ্ম কৰ যি মৃত্যুৰ সমতুল্য ৷

ডিঙিত জৰি লাগ ৷

Fie on thee, to get trapped into conspiracy or entangled into complicacies.
ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷

ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷

The fame and prosperity of human being gradually disappear from the world once he/she is dead.
কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷

ডুবি ডুবি পানী খোৱা ৷

To act surreptitiously.
পানীত ডুব মাৰি, তলত গৈ পানী খালে লোকে দেখা নেপায়, সেয়ে লুকাই চুৰকৈ কোনো কাম কৰি থকা বুজায় ৷

ডুলি ভৰা আশা আৰু কুলা ভৰা ছাঁই ৷

Extravagant hopes lead to complete disappointment.
ডাঙৰ আশা লৈ কোনো কাৰ্য সম্পাদন কৰিবলৈ গ'লে, তাৰ ফল অলপ কমকৈ পালেও নিৰাশাত ভুগিব লগীয়া হয় ৷