Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "ফ"

ফটা বাঁহ জোৰা নালাগে

a close relationship once severed is impossible to mend.
সম্পৰ্ক বিচ্ছেদ হ'লে পুনৰ মিলন অসম্ভৱ

ফটা হওক, চিটা হওক, পাটৰ টঙালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি |

Silk cloths are considered valuable even when torn and a person of Bhuyan family commands respect even if he is blind or has an arched back. It means that social recognition of a person often depends on his family background.
ফটা-চিটা হ’লেও পাটৰ টঙালিৰ আদৰ আছে, ঠিক তেনেকৈ কণা-কুঁজা হ’লেও ভূঞা বংশজাত লোকৰ সামাজিক মৰ্যাদা আছে | অৰ্থাত্‍ মানুহৰ সামাজিক প্ৰতিপত্তি বহুক্ষেত্ৰত বংশ পৰিচয়ৰ ওপৰতো নিৰ্ভৰ কৰে |

ফটাকঁথা তিতে মানে গালৈহে গধুৰ

A stitch in time saves nine.
কৰিবলগীয়া কাম পেলাই থ\'লে পাছলৈ সৰু সৰু কাম গোট খাই দিনকদিনে কঠিনৰ কঠিনতৰ হৈ পৰে ।

ফলেন পৰিচয়তে ৷

1) A tree is known by its fruits. 2)The proof of the pudding is in the eating thereof.
গছে তাৰ ফলৰ দ্বাৰা নিজ পৰিচয় দিয়ে ৷

ফাঁক পালে আটায়ে চোৰ হয় ৷

Opportunity makes the thief.
সাধাৰণতে মানুহৰ মনত চৌৰ্য ভাব সুমাই থাকে আৰু সুবিধা পালেই চুৰি কৰাৰ প্ৰবনতা থাকে ৷

ফাগুনৰ পছোৱাই দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে৷

A person of having suspicious condition comes into the circle of blame, may he happens to be honest one or innocent about the evil deed done by someone else.
পশ্চিমৰ পৰা পূৱলৈ বোৱা বতাহ জাকক পছোৱা বুলি কোৱা হয়৷ এই বতাহ জাকে দুৱাৰ মেলিলেও বৰলাই আহি ঘৰৰ কোনোবা জীযৰী/বোৱাৰীক কিবা অশালীন ব্যৱহাৰ কৰিছে নেকি এনে সন্দেহ কৰা হয়৷ অৰ্থাৎ যিজনৰ স্থিতি সন্দেহজনক, নিৰপৰাধী হ’লেও তেনে লোককে সন্দেহৰ চকুৰে চোৱা হয়৷

ফান্দত পৰ ৷

To enter into the trap of problem or distress.
টান বিপদত পৰ ৷

ফাল কাটোঁতেই মাহৰ বতৰ গ`ল৷

Every task has to be accomplished at the appropriate time. If we neglect or delay in doing it in time, we cannot expect to achieve the desired goal.
কাঠ কাটি নাঙলৰ ফাল তৈয়াৰ কৰি থাকোঁতেই যদি বহুদিন লগোৱা হয়, তেন্তে মাহৰ খেতি কৰাৰ বতৰ উকলি যাব৷ অৰ্থাৎ সময়ৰ কাম সময়ত নকৰি এলাহ বা অৱহেলা কৰিলে ঈপ্সিত ফল পাব নোৱাৰি৷

ফিতাহি মাৰ ৷

To show excessive pride in one's appearance, qualities, abilities, achievements, etc.
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ দেখুৱা ৷

ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷

A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.
এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷

ফু মাৰি উৰাই দে ৷

To neglect or ignore something without serious thinking.
কোনো কথা বা কাৰ্যক নভবা-নিচিন্তাকৈ উপলুঙা কৰ বা অগ্ৰাহ্য কৰ ৷

ফুটা কলহৰ মাত সাৰ।


English sayings: Empty vessel sounds much.
জ্ঞান-বুদ্ধি নথকা ব্যক্তিৰ মুখত অধিক কথা শুনা যায় ৷

ফুটুকাৰ ফেন

useless and transitory thing
অকামিলা আৰু ক্ষণস্থায়ী বস্তু

ফুলনি শুৱনি জবা, বিয়া-সবাহ শুৱনি ৰভা ৷

China rose or hibiscus makes a flower garden beautiful with red flowers, similarly a nicely arranged pandal in marriage party increasing the beauty of the marriage.
যেনেদৰে জবাফুলে ফুলনি এখন সুন্দৰ কৰি তোলে, তেনেদৰে সুন্দৰকৈ সজোৱা ৰভা এখনে বিয়া-সবাহৰ মৰ্য্যাদা বঢ়ায়।

ফোপ দাঙ্গ (দাং), ধান নাইকিয়া সুদা চাঙ্গ (চাং)

A person who does not have anything, still keeps on boasting about himself.
একো নথকা মানুহ, যি নিজকে যহাই ফুৰে ৷

ফোপজহী ৰঙাই

A vain person who boasts about himself.
বৰকৈ ফিতাহি মাৰি ফুৰা লোক