অ (40) আ (56) ই (7) ঈ (5) উ (17) ঊ (3) ঋ (2) এ (30) ঐ (1) ও (14) ঔ (4) ক (69) খ (19) গ (36) ঘ (14) চ (44) ছ (10) জ (19) ঝ (1) ট (9) ঠ (6) ড (7) ঢ (10) ত (16) থ (9) দ (25) ধ (18) ন (36) প (34) ফ (16) ব (55) ভ (21) ম (42) য (26) ল (16) শ (20) ষ (2) স (43) হ (40) ৰ (23) ৱ (1) Idioms starting with 'ও'
ওঁঠ চেপিলে গাখীৰ ওলাব ৷A man of the early age when wants to do the activities of an elderly.
কম বয়সৰ মানুহে বলে নোৱাৰা কাম কৰিবলৈ গ\'লে বা উফাইদাংমৰা কথা ক\'লে বয়োজ্যেষ্ঠজনে এনেদৰে কয় ৷ অৰ্থাৎ তেনে কাম কৰাৰ বা কথা কোৱাৰ বয়স এতিও হোৱা নাই ৷ ওঁঠ চেলেকি থাক ৷To wait curiously to have some desired material, food, respect, status, power etc.
কিবা আকাংখিত বস্তু, খাদ্য, ক্ষমতা, মৰ্যাদা, ধন আদি পাবলৈ উদগ্ৰীৱ হ ৷ ওকণি খেদিবলৈ মূৰ কাটিব নোৱাৰি ৷We cannot spend million dollars to solve a problem of penny.
মূৰত ওকণি হ\'লে তাক নিৰ্মূল কৰিবলৈ মূৰটোকে কাটি পেলোৱাটো কেতিয়াও এক উপায় হ\'ব নোৱাৰে ৷ সেয়েহে সৰু-সুৰা সমস্যা সমাধান কৰিবলৈ ডাঙৰ মূল্য ভৰিবলগীয়া হ\'লে এনেদৰে কোৱা হয়৷ ওখ গছত বতাহ লাগে বেছি।High winds blow on high hills.
মানুহ যেতিয়া ক্ষমতাশালী বা অৰ্থনৈতিকভাৱে সবল হয়, তেওঁৰ বাবে নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ আৰু দায়িত্ব বাঢ়ি যায় ৷ ওপৰলৈ থু মাৰিলে নিজৰ গাতে পৰেWhile criticising others, one often exposes his own faults.
আনক সমালোচনা কৰিবলৈ যাওঁতে সাধাৰণতে নিজৰ দোষ-ত্ৰুটিহে ধৰা পৰে | ওপৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰে ঢকুৱাৰ বেৰto conceal poverty showing more than earning
নিজৰ দৰিদ্ৰতা ঢাকিবলৈ জাকজমকতা দেখুওৱা ওফৰা জেংAn uninvited or unwanted guest
আলহীক সধাৰণতে মানুহে বৰ আলহ-উদহ কৰে, কিন্ত কিছুমান আলহীয়ে গৃহস্থৰো নাকনি-কাননি কৰে, গতিকে গৃহস্থই তেওঁলোকক যিমান পাৰে সোনকালে বিদায় দিবলৈ ভাল পায় ৷ ওভত গোৰে নচাBeing very naughty, One who breaks the rules
বৰকৈ দুষ্টালি কৰা বা অনুশাসন নমনা ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক৷One should not have enmity with his neighbours.
প্ৰতিৱেশী বা ওচৰ-চুবুৰীয়াৰ সৈতে শত্ৰুতা কৰা অনুচিত৷ ওলোৱা কেঁচু গাঁতত নোসোমায় ৷An earthworm spends most of its time in its hole. Once out, it rarely makes it back to a hole because there are so many enemies out there waiting for it. This means, venturing out into unknown territories may bring your end.
কেঁচুৰ জীৱনটো প্ৰায় গাঁততেই পাৰ হয় ৷ গাঁতৰ ভিতৰৰ পৃথিৱীৰ লগত সিঁহত ভালকৈ পৰিচিত ৷ গাঁতৰ বাহিৰ ওলালেই কেঁচুৰ শত্ৰু বহুত ৷ সেয়েহে গাঁতৰ বাহিৰ ওলোৱা কেঁচু জীৱন্তে গাঁতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা কম ৷ এই কথাষাৰে ইয়াকে বুজাই যে অপৰিচিত ঠাইত পদে পদে বিপদ আহিব পাৰে ৷ ওস্তাদৰ খেল শেষ ৰাতিOne who is really efficient, he does not show it; but when needed can do the work easily at the last moment also.
যি প্ৰকৃততে কোনো কামত পাৰ্গত, তেওঁ এনেয়ে বাহাদুৰি দেখুৱাই নুফুৰে; কিন্তু সময়ত তেওঁ একেবাৰতে সহজে কামটো সমাধা কৰে ৷ ওস্তাদৰ মাৰ শেষ ৰাতি ৷All is well that ends well.
যিকোনো কামৰ শেষপৰ্বটো ভাল নহ\'লে, সেই কামৰ কোনো মূল্য নাথাকে, কিন্তু অভিজ্ঞ আৰু নিপুণ কৰ্মীয়ে শেষলৈকে ভাল ফল দেখুৱাই যাব পাৰে ৷ ওৰণি ল`লেই তিৰী সতী নহয় ৷The honesty and sincerity of a person cannot be endorsed by his few good work.
কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷ ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷Too much politeness is a cause of concern.
অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷