অ (40) • আ (56) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (7) • ঢ (10) • ত (16) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (20) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Proverbs beginning with "ঔ"
ঔ কিল
Hitting with fist.হস্তমুষ্ঠিৰে কৰা গধুৰ প্ৰহাৰ ৷
ঔ গছৰ মৌ
A cherished target, goal or output which is very difficult to achieve.ঔ গছত মৌয়ে বা্হ ললে সেই মৌ পাৰিবলৈ কঠিন হয়, কাৰণ ঔ গছ বগাবলৈ বৰ টান, যিহেতু এই গছ বৰ ওখ আৰু পিছল হয় আৰু গা-গছত ঠাল-ঠেঙুলি নেথাকে ৷ সেয়ে মৌ খাবলৈ বৰ সুৱাদ হ'লেও ঔ গছৰ মৌৰ সুৱাদ লোৱা কঠিন কাম ৷ অৰ্থাৎ এই ফকৰাই এনে আকাংখিত কথা বা উপলব্ধিক বুজায় যাক অনায়াসে পাব নোৱাৰি ৷
ঔ বিচাৰোঁতে মৌ পোৱা৷
Sudden huge gain more than expectation.সামান্য কিবা আশা কৰি থাকোতে হঠাৎ অপৰিসীম সা-সুবিধা পোৱা৷
ঔষধতকৈ পথ্য ভাল ৷
Diet cures more than the doctor.বেমাৰ হোৱাৰ পাছত আৰোগ্য হ'বলৈ ঔষধ খোৱাতকৈ, ভাল, স্বাস্থ্যকৰ আহাৰ খাই নিৰোগী হৈ থকাই শ্ৰেয় ৷