অ (41) • আ (57) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (7) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (20) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs beginning with "ড"
Phrase খণ্ডবাক্যডলাৰ বগৰী
having no fixed habitation.স্থান-স্থিতি নথকা, ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা লোক৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা
ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷
The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Phrase খণ্ডবাক্য
ডিঙিত ছুৰি দে ৷
To commit a great injury.এনে কোনো ভুল বা কুকৰ্ম কৰ যি মৃত্যুৰ সমতুল্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য
ডিঙিত জৰি লাগ ৷
Fie on thee, to get trapped into conspiracy or entangled into complicacies.ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷
The fame and prosperity of human being gradually disappear from the world once he/she is dead.কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
ডুবি ডুবি পানী খোৱা ৷
To act surreptitiously.পানীত ডুব মাৰি, তলত গৈ পানী খালে লোকে দেখা নেপায়, সেয়ে লুকাই চুৰকৈ কোনো কাম কৰি থকা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
ডুলি ভৰা আশা আৰু কুলা ভৰা ছাঁই ৷
Extravagant hopes lead to complete disappointment.ডাঙৰ আশা লৈ কোনো কাৰ্য সম্পাদন কৰিবলৈ গ'লে, তাৰ ফল অলপ কমকৈ পালেও নিৰাশাত ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31