Found 17 proverb(s) beginning with "উ"
Idiom ফকৰা-যোঁজনা
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-27
উইচিৰিঙাই ৰঙতে উৰে, হুৰমুৰকৈ পুৰি মৰে ।
all that glitters is not gold.
ভাল উজ্জ্বল বস্তু দেখিলেই কামৰ বস্তু বুলি ভবা অনুচিত ।
ভাল উজ্জ্বল বস্তু দেখিলেই কামৰ বস্তু বুলি ভবা অনুচিত ।
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-27
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
উঠি পৰি লাগ ৷
To be up and doing.
ফল নোপোৱালৈকে নেৰানেপেৰাকৈ চেষ্টা কৰ ৷
ফল নোপোৱালৈকে নেৰানেপেৰাকৈ চেষ্টা কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
উত্তম-মধ্যম দে ৷
To beat black and blue.
লাখুটি, হাত বা ভৰি আদিৰে অধিকভাবে শাৰীৰিক প্ৰহাৰ কৰ ৷
লাখুটি, হাত বা ভৰি আদিৰে অধিকভাবে শাৰীৰিক প্ৰহাৰ কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-11
উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷
This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷
Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
উদক ভেঁটাৰখীয়া পতা
To give any important responsible job (like treasurer) to some dishonest fraud people.
যাৰ যি বস্তুলৈ লোভ থাকে তাকে সেই বস্তুৰ ৰখীয়া পতা, অৰ্থাৎ ভক্ষককে ৰক্ষক পতা কাৰ্য ৷
যাৰ যি বস্তুলৈ লোভ থাকে তাকে সেই বস্তুৰ ৰখীয়া পতা, অৰ্থাৎ ভক্ষককে ৰক্ষক পতা কাৰ্য ৷
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
উদাৰচৰিতানান্তু বসুধৈব কুটুম্বকম্
To the good and generous the whole world is friendly.
উদাৰচিতা মানুহৰ গোটেই বিশ্বই আত্মীয়ৰ দৰে হৈ উঠে ৷
উদাৰচিতা মানুহৰ গোটেই বিশ্বই আত্মীয়ৰ দৰে হৈ উঠে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-21
উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাওঁতেই
The idiom is used as an insulting remark to someone who craves for avenues beyond his need and elligibility.
নিজৰ অৰ্হতা অথবা প্ৰয়োজনতকৈ অধিক সা-সুবিধা উপভোগৰ আকাংক্ষা কৰোঁতা জনক ইতিকিং কৰাৰ অৰ্থত এই যোজনাটি ব্যৱহাৰ হয় ৷
নিজৰ অৰ্হতা অথবা প্ৰয়োজনতকৈ অধিক সা-সুবিধা উপভোগৰ আকাংক্ষা কৰোঁতা জনক ইতিকিং কৰাৰ অৰ্থত এই যোজনাটি ব্যৱহাৰ হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-21
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-01
উনা ভাতে দুনা বল, অধিক ভাতে ৰসাতল
Eating more than neccesary is always bad for health.
সদায় পৰিমিত আহাৰহে গ্ৰহণ কৰা উচিত; অধিক ভোজন স্বাস্থ্যৰ বাবে হানিকাৰক ৷
সদায় পৰিমিত আহাৰহে গ্ৰহণ কৰা উচিত; অধিক ভোজন স্বাস্থ্যৰ বাবে হানিকাৰক ৷
Contributed by: Barnali Deuri Bora on 2010-11-01
Idiom ফকৰা-যোঁজনা
Contributed by: Hemanta Saikia on 2009-03-01
উপকাৰীক অজগৰে খায়
It is used to dictate a situation of harming one who has done a favour
সহায় কৰোঁতাজনৰে অনিষ্ট কৰাটো বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয়৷
সহায় কৰোঁতাজনৰে অনিষ্ট কৰাটো বুজাবলৈ এই যোজনাটো ব্যৱহাৰ কৰা হয়৷
Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-01
উপজিয়েই গোটা ভাত গিলা
to try to accomplish a difficult task all at once instead of step by step
কোনো ডাঙৰ কাম লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ বিছৰা
কোনো ডাঙৰ কাম লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ বিছৰা
Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-22
উপদেশতকৈ আৰ্হি ভাল ।
Example is better than precept.
আনক উপদেশ দিয়াতকৈ কোনো কাম নিজে কৰি দেখুৱাব লাগে ।
আনক উপদেশ দিয়াতকৈ কোনো কাম নিজে কৰি দেখুৱাব লাগে ।
Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
উবুৰি খাই পৰা
to help immensely with all sincerity
মুকলি মনেৰে সহায়ৰ হাত আগবঢ়োৱা
মুকলি মনেৰে সহায়ৰ হাত আগবঢ়োৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
উলূৰ লগত বগৰী পোৰা ৷
Sometimes innocent people suffers due to the misdeeds of their bad friends.
উলূ এবিধ অপতৃণ | তাক নাশ কৰিবলে জ্বলোৱা জুইত কেতিয়াবা কাষতে থকা বগৰী গছো পোৰা যায় | বুজাব খোজা হৈছে যে দুষ্ট লোকৰ সঙ্গত থাকিলে নিৰীহ লোকৰো ক্ষতি হয় |
উলূ এবিধ অপতৃণ | তাক নাশ কৰিবলে জ্বলোৱা জুইত কেতিয়াবা কাষতে থকা বগৰী গছো পোৰা যায় | বুজাব খোজা হৈছে যে দুষ্ট লোকৰ সঙ্গত থাকিলে নিৰীহ লোকৰো ক্ষতি হয় |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
উৰহি গছৰ ওৰ বিচৰা
To make the speaker annoyed by asking about the roots of a story unnecessarily
কোনো এটা কথাৰ আঁতিগুৰি বিচাৰি কওঁতাজনক বিৰক্ত কৰা
কোনো এটা কথাৰ আঁতিগুৰি বিচাৰি কওঁতাজনক বিৰক্ত কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
উৰহৰ খং ভগা ঢাৰিত চৰোৱা
To show one's anger to somebody who is not responsible for the cause of the anger
বেলেগৰ ওপৰত উঠা খং নিৰীহৰ ওপৰত প্ৰদৰ্শন কৰা কাৰ্য্য
বেলেগৰ ওপৰত উঠা খং নিৰীহৰ ওপৰত প্ৰদৰ্শন কৰা কাৰ্য্য
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
উৰি আহি আগুৰি বহা ৷
To be quick to occupy or to come as an intruder and dig in firmly.
কোনো কামত বা সমাজত প্ৰথমৰ পৰা আগভাগ নোলোৱাকৈ, অকস্মাৎ আহি সিংহভাগ আদায় কৰি লোৱা কাৰ্য্য৷
কোনো কামত বা সমাজত প্ৰথমৰ পৰা আগভাগ নোলোৱাকৈ, অকস্মাৎ আহি সিংহভাগ আদায় কৰি লোৱা কাৰ্য্য৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-05
উৱাদিহ নোপোৱা হ ৷
To be in the middle of nowhere on facing problems.
কোনো বিপদ বা সমস্যাৰ সন্মুখীন হৈ তাৰ সমাধান বিচাৰি হাবাথুৰি খা।