Found 69 proverb(s) beginning with "ক"
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
ক'লেও আয়ে কিল খায়, নক'লেও বোপায়ে ছুৱাতে খায়
a puzzled situation of mind.
কোনো কথা ক’লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ মনৰ দোধোৰ-মোধোৰ অৱস্থা ৷ অন্তৰ্গত সাধুটো হ’ল- বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে যদিও সেই কথা দেউতাকক জনাব পৰা নাই ৷ কাৰণ তেনে কৰিলে মাকৰ বিপদ, আনহাতে নক’লেও দেউতাকে ছুৱা ভাতকে খাব লগা হ’ব ৷
কোনো কথা ক’লেও বিপদ আৰু নকলেও বিপদ অৰ্থাৎ মনৰ দোধোৰ-মোধোৰ অৱস্থা ৷ অন্তৰ্গত সাধুটো হ’ল- বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে যদিও সেই কথা দেউতাকক জনাব পৰা নাই ৷ কাৰণ তেনে কৰিলে মাকৰ বিপদ, আনহাতে নক’লেও দেউতাকে ছুৱা ভাতকে খাব লগা হ’ব ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-02-21
ক`লিয়াবৰত পৈ মৰিল, ঢেঁকী দিওঁতে মনত পৰিল।
The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.
সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাৰ্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়।
সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাৰ্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়।
Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
কঁকালেহে জানে চুৰিয়াৰ ফেৰ
A person can judge about the suitability or quality of anything only after using it.
চুৰিয়া বা ধুতিৰ ফেৰ বা প্ৰস্থ কিমান হ’লে পিন্ধিবলৈ সুবিধা হ’ব, সেইটো নিৰ্ভৰ কৰে পিন্ধোঁতাৰ কঁকালৰ জোখৰ ওপৰত ৷ যিকোনো চুৰিয়া এখন পিন্ধি চালেহে যেনেকৈ তাৰ ফেৰ কিমান জানিব পাৰি, ঠিক তেনেকৈ যিকোনো বস্তু ব্যৱহাৰ কৰাজনেহে তাৰ দোষ-গুণৰ বিষয়ে ভালকৈ জানে ৷
চুৰিয়া বা ধুতিৰ ফেৰ বা প্ৰস্থ কিমান হ’লে পিন্ধিবলৈ সুবিধা হ’ব, সেইটো নিৰ্ভৰ কৰে পিন্ধোঁতাৰ কঁকালৰ জোখৰ ওপৰত ৷ যিকোনো চুৰিয়া এখন পিন্ধি চালেহে যেনেকৈ তাৰ ফেৰ কিমান জানিব পাৰি, ঠিক তেনেকৈ যিকোনো বস্তু ব্যৱহাৰ কৰাজনেহে তাৰ দোষ-গুণৰ বিষয়ে ভালকৈ জানে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2011-12-03
কওঁতেই কলা, যঁতৰতে শলা
Highly forgetful and inattentive mind exhibited by a person
ঘূৰি থকা যঁতৰত শলা সুমুৱাই দিলে নুঘূৰা হোৱাৰ দৰে কথা এটা কৈ থাকোঁতেই পাহৰি যোৱাটো বুজায়
ঘূৰি থকা যঁতৰত শলা সুমুৱাই দিলে নুঘূৰা হোৱাৰ দৰে কথা এটা কৈ থাকোঁতেই পাহৰি যোৱাটো বুজায়
Contributed by: Dr. Armaan U. Muzaddadi on 2011-12-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
কটা ঘাত / গেলাত টেঙা দিয়া অথবা কটা ঘাত চেঙা তেল দিয়া
To inflict physical or mental injury to someone, who has been already suffering.
দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া
দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-11
কটা যোৱা নাক, খাৰণি দি ঢাক
Bringing disgrace to oneself by one's bad work and being humiliated for this.
দুষ্ট কৰ্মৰ বাবে অপমানিত হৈ আনৰ ভৰ্ৎসনাৰ পাত্ৰ হোৱা
দুষ্ট কৰ্মৰ বাবে অপমানিত হৈ আনৰ ভৰ্ৎসনাৰ পাত্ৰ হোৱা
Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-17
কটাৰী ধৰাবা শিলে, তিৰোতা চলাবা কিলে ৷
This basically explains that one should stick to the recommended ways for doing certain things.
কটাৰী শিলত ঘঁহিলেহে ধাৰ লয় ৷ তেনেদৰে তিৰোতাক বশত ৰাখিলেহে কাম হয় ৷ ইয়াৰ দ্ৱাৰা বুজোৱা হৈছে যে কিছুমান কাম কৰাৰ কিটিপ আছে ৷
কটাৰী শিলত ঘঁহিলেহে ধাৰ লয় ৷ তেনেদৰে তিৰোতাক বশত ৰাখিলেহে কাম হয় ৷ ইয়াৰ দ্ৱাৰা বুজোৱা হৈছে যে কিছুমান কাম কৰাৰ কিটিপ আছে ৷
Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-11
কঠিয়াহে চুটি, জেঠতে পৰা
the depth of a matter cannot be understood by simply looking at it from outside.
Maturity of a person may come at an early age.
কোনো এটা বিষয়-বস্তুৰ গভীৰতা বাহিৰৰ পৰা চায়েই ধৰিব নোৱাৰি৷ অথবা বয়সত সৰু হলেও পৰিপক্ক লোক৷
কোনো এটা বিষয়-বস্তুৰ গভীৰতা বাহিৰৰ পৰা চায়েই ধৰিব নোৱাৰি৷ অথবা বয়সত সৰু হলেও পৰিপক্ক লোক৷
Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
কণা হাঁহক পতান ধান দিয়া
To deceit someone taking advantage of his helplessness
অসহায়তাৰ সুযোগ লৈ কাৰোবাক প্ৰৱঞ্চনা কৰা
অসহায়তাৰ সুযোগ লৈ কাৰোবাক প্ৰৱঞ্চনা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: durlav gogoi on 2012-04-01
কণী পাৰে হাঁহে, খায় ভকত ডাঁহে৷
one part of the society do great labour, but the cunning part of the society enjoy the profit of their labour. the bad side of our classified society is disclosed in the Fakara.
কষ্ট কৰে কোনোবাই, তাৰ ফল ভোগ কৰে কোনোবাই৷ আমাৰ শ্ৰেণী সমাজত থকা শোষিত আৰু শোষকৰ চৰিত্ৰ উদঙাই দিয়া হৈছে৷
কষ্ট কৰে কোনোবাই, তাৰ ফল ভোগ কৰে কোনোবাই৷ আমাৰ শ্ৰেণী সমাজত থকা শোষিত আৰু শোষকৰ চৰিত্ৰ উদঙাই দিয়া হৈছে৷
Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-07
কত হৰিদ্বাৰ কত গুহ্যদ্বাৰ?
Two different situation, diamatrically opposite, and they are not compareble.
দুটা সম্পূৰ্ণ বিপৰীত মেৰুত থকা বস্তু, ঘটনা বা ব্যক্তি; ইটোৰ লগত সিটোৰ তুলনা নহয়৷ তুলনা কৰা নাযায়৷
দুটা সম্পূৰ্ণ বিপৰীত মেৰুত থকা বস্তু, ঘটনা বা ব্যক্তি; ইটোৰ লগত সিটোৰ তুলনা নহয়৷ তুলনা কৰা নাযায়৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
কথা ক’লেই লাগিল পাক, বাৰজনী গৈছিল পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক ৷
The proverb points out to how rumours spread and how a small story grows when it spreads from one to another.
মানুহৰ মুখ বাগৰি কথাই পাক লয় ৷ বিশেষকৈ কোনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷
মানুহৰ মুখ বাগৰি কথাই পাক লয় ৷ বিশেষকৈ কোনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
কথা বুলিলেই বতাহ
Rumor spreads as fast a wind.
ইজন-সিজনৰ কাণ বাগৰি কথা একোটা অতি কম সময়ৰ ভিতৰতে বতাহৰ গতিত বিয়পি পৰে ৷
ইজন-সিজনৰ কাণ বাগৰি কথা একোটা অতি কম সময়ৰ ভিতৰতে বতাহৰ গতিত বিয়পি পৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ; মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান ৷
Stories are expanded when they traverse from person to person; cleaning ears can increase one`s listening power; while visiting mother`s home a married woman can enjoy full liberty, and the paddy grows luxuriantly in the cultivated field.
মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷
মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
কথাতেই বটা পায়, কথাতেই কটা যায়
What one says can reward one, it can also punish one
ভাল কথা ক'লে পুৰষ্কাৰ পাব পাৰি আৰু অশুভ কথাই মানুহক বিপদতো পেলাব পাৰে|
ভাল কথা ক'লে পুৰষ্কাৰ পাব পাৰি আৰু অশুভ কথাই মানুহক বিপদতো পেলাব পাৰে|
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
কথাৰ কথা ৷
A word of no implication or a word carrying no sense.
কথাৰ লগৰ কথা বা এনেয়ে কোৱা কথা ৷
কথাৰ লগৰ কথা বা এনেয়ে কোৱা কথা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
কদো বাহত জুই দিয়া
Bringing in great trouble by provocating others by one's own action
কোনো কামৰ জৰিয়তে আনক প্ৰৰোচিত কৰি নিজৰ বিপদ মাতি অনা
কোনো কামৰ জৰিয়তে আনক প্ৰৰোচিত কৰি নিজৰ বিপদ মাতি অনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
কপাল ফুট্ ৷
To meet with a misfortune.
দূৰ্ভাগ্য উদয় হ ৷
দূৰ্ভাগ্য উদয় হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
কপাল মুকলি হ
to become fortunate
ভাগ্য উদয় হ
ভাগ্য উদয় হ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
কপালত জুই লাগ্
to face misfortune or bad days
সৌভাগ্য নষ্ট হ
সৌভাগ্য নষ্ট হ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
কপালৰ ঘাম মাটিত পেলা
to engage in strenuous hardwork
কঠোৰ পৰিশ্ৰম কৰ্
কঠোৰ পৰিশ্ৰম কৰ্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-17
কাঁথিৰ কুকুৰ নলৰা
continuous inclement weather due to wind and rain
একেলেথাৰিয়ে হোৱা বতাহ-বৰষুণৰ বতৰ
একেলেথাৰিয়ে হোৱা বতাহ-বৰষুণৰ বতৰ
Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-17
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-06-28
কাঁথিৰ কুকুৰ নলৰা৷
continuous light raining. light raining.
দীৰ্ঘদিন ধৰি দিয়া কিনকিনীয়া বৰষুণ৷
দীৰ্ঘদিন ধৰি দিয়া কিনকিনীয়া বৰষুণ৷
Contributed by: Sitaram Upadhyaya on 2015-06-28
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-18
কাঁহ পৰি জীন যোৱা অৱস্থা
Pin drop silence
সাৰি-শব্দ নোহোৱা, নিমাত-নিতাল অৱস্থা
সাৰি-শব্দ নোহোৱা, নিমাত-নিতাল অৱস্থা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-18
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়ে লঠিয়াব ৷
The unsteady mind of a person having some mental conflict within himself.
মানসিক অন্তৰ্দ্বন্দত ভোগা মানুহৰ মনৰ উগুল-থুগুল অৱস্থা
মানসিক অন্তৰ্দ্বন্দত ভোগা মানুহৰ মনৰ উগুল-থুগুল অৱস্থা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-02
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-20
কাকনো বুলিবা ককা, আটাইৰে দাড়ি-চুলি পকা।
When all people of an organization or a society are involved in some misdeeds, then nobody can be blamed for that.
যেতিয়া সৰু-বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় তেতিয়া দোষ দিবলৈ কোনো উপায় নাথাকে| অৰ্থাৎ `সকলো একেই পানীৰ মাছ` ধৰণৰ কথা হয় |
যেতিয়া সৰু-বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় তেতিয়া দোষ দিবলৈ কোনো উপায় নাথাকে| অৰ্থাৎ `সকলো একেই পানীৰ মাছ` ধৰণৰ কথা হয় |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-20
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-29
কাকো পৰে তালো সৰে
Many a times two incidents may happen due to mere coincidence, but usually it is thought that the occurrence of one incident is the result of the occurrence of the other.
তালগছত কাউৰী পৰাৰ লগে লগে তাল সৰি পৰা দেখি মানুহে ভাবে যে কাউৰীজনী পৰাৰ কাৰণেহে তালটো সৰি পৰিল, প্রকৃততে এইটো এটা সংযোগহে। একেদৰে বহুসময়ত আমি কোনো ভাল বা বেয়া উপলব্ধি বা ঘটনাৰ বাবে কোনো ব্যক্তি বিশেষ বা কোনো কথাক তাৰ কাৰক হিচাপে ধৰি লওঁ, কিন্তু সিবোৰ কেৱল সংযোগবশত সংঘটিত হব পাৰে।
তালগছত কাউৰী পৰাৰ লগে লগে তাল সৰি পৰা দেখি মানুহে ভাবে যে কাউৰীজনী পৰাৰ কাৰণেহে তালটো সৰি পৰিল, প্রকৃততে এইটো এটা সংযোগহে। একেদৰে বহুসময়ত আমি কোনো ভাল বা বেয়া উপলব্ধি বা ঘটনাৰ বাবে কোনো ব্যক্তি বিশেষ বা কোনো কথাক তাৰ কাৰক হিচাপে ধৰি লওঁ, কিন্তু সিবোৰ কেৱল সংযোগবশত সংঘটিত হব পাৰে।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-29
Phrase খণ্ডবাক্য
Contributed by: Barnali Deuri Bora on 2010-10-26
কাগজৰ বাঘ
A vain person who does not have any power
মিছাতে লম্ফ-জম্ফ কৰি বা দম্ভালি মাৰি ফুৰা লোক
মিছাতে লম্ফ-জম্ফ কৰি বা দম্ভালি মাৰি ফুৰা লোক
Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
কাণ টানিলে মূৰ অহাৰ ভয়
While pulling by the ear, one`s head also gets pulled. It means- while attempting to gossip on the affairs of someone, there is a chance of revelation of some bigger truth.
কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷
কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
কাণ থিয় কৰ্
to be interested to listen
শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰ্
শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰ্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
কাণ সৰালি মাৰ্
to pretend not to hear
নুশুনা ভাও জোৰ্
নুশুনা ভাও জোৰ্
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
কাণত সোপা দে
To pretend of being deaf and ignore important orders, advices or reprimands. Or to tolerate oral abuse, scoldings etc. silently.
আদেশ, উপদেশ, আদি নুশুনাৰ ভাও ধৰ্ বা আওকাণ কৰ্ ৷ অথবা গালি-গালাজ, দাবি-ধমকি, ককৰ্থনা, আদি চকুমুদি সহ্য কৰি থাক্ ৷
আদেশ, উপদেশ, আদি নুশুনাৰ ভাও ধৰ্ বা আওকাণ কৰ্ ৷ অথবা গালি-গালাজ, দাবি-ধমকি, ককৰ্থনা, আদি চকুমুদি সহ্য কৰি থাক্ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-13
কাণৰ কণামাকৰি সৰোৱা
to make someone annoyed by repeatedly telling the same thing
বাৰে-বাৰে একেটা কথাকে কৈ অতিষ্ঠ কৰি তোলা
বাৰে-বাৰে একেটা কথাকে কৈ অতিষ্ঠ কৰি তোলা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-09-13
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
কানে কান মাৰি ৷
To happen or complete some work marginally.
কোনো কাৰ্য কথমপি সম্পন্ন হোৱা ৷
কোনো কাৰ্য কথমপি সম্পন্ন হোৱা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-20
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
কান্দি ৰণ জিক ৷
To achieve something by emotional blackmailing.
কিবা বস্তু, মত, অনুমতি আদি আদায় কৰিবলৈ বা নিজৰ দোষৰ মাৰ্জনা পাবলৈ, কান্দা-কটা কৰি বা আবেগিকভাবে কাৰোবাক সৈমান কৰ ৷
কিবা বস্তু, মত, অনুমতি আদি আদায় কৰিবলৈ বা নিজৰ দোষৰ মাৰ্জনা পাবলৈ, কান্দা-কটা কৰি বা আবেগিকভাবে কাৰোবাক সৈমান কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-09
কাপোৰ তিতিলে, সাঁতোৰ হ`লেই কি ?
If one loses prestige, it hardly matters whether it is lost partially or fully.
তৰাং পানীৰ নদী, নিজৰা, খাল আদি পাৰ হওঁতে মানুহে পিন্ধা কাপোৰ উজাই লৈ পানীত নামে যাতে কাপোৰ তিতি নেযায় ৷ কিন্তু যদি পানী ইমান বেছি থাকে যে পাৰ হওঁতে কাপোৰ তিতিয়ে যায়, তেন্তে পানী আৰু বেছি হৈ সাঁতোৰ দিব লগীয়া হ`লেও বিশেষ লোকচান নহয় ৷ অৰ্থাৎ লাজ-সন্মানৰ হানি হ`লে কমকৈ বা বেছিকৈ বুলি কোনো কথা নেথাকে ৷
তৰাং পানীৰ নদী, নিজৰা, খাল আদি পাৰ হওঁতে মানুহে পিন্ধা কাপোৰ উজাই লৈ পানীত নামে যাতে কাপোৰ তিতি নেযায় ৷ কিন্তু যদি পানী ইমান বেছি থাকে যে পাৰ হওঁতে কাপোৰ তিতিয়ে যায়, তেন্তে পানী আৰু বেছি হৈ সাঁতোৰ দিব লগীয়া হ`লেও বিশেষ লোকচান নহয় ৷ অৰ্থাৎ লাজ-সন্মানৰ হানি হ`লে কমকৈ বা বেছিকৈ বুলি কোনো কথা নেথাকে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-09
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-02-21
কালিয়াবৰত পৈ মৰিল, ঢেঁকী দিওতে মনত পাৰিল৷
The proverb mean that although the husband was a man of some piety the widow only thought of him after his death at the time of husking paddy.
সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাস্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়৷
সুখৰ সময়ত নিজতে ব্যস্ত থকা স্বাস্থপৰ লোকে বিপদৰ সময়তহে স্বজনৰ কথা মনত পেলায়৷
Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |
Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.
বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা |
বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-23
কায়া দেখিলে মায়া বাঢ়ে ৷
Out of sight is out of mind.
চকুৰ আগত থাকিলে এজন মানুহৰ প্ৰতি আন এজনৰ মায়া বাঢ়ে ৷ বা মানুহে চকুৰ আগত দেখি থকা মানুহ বা তাৰ লগত জৰিত সমস্যা আদিক সহজে আওকান কাৰিব নোৱাৰে ৷
চকুৰ আগত থাকিলে এজন মানুহৰ প্ৰতি আন এজনৰ মায়া বাঢ়ে ৷ বা মানুহে চকুৰ আগত দেখি থকা মানুহ বা তাৰ লগত জৰিত সমস্যা আদিক সহজে আওকান কাৰিব নোৱাৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
কি আহে যায়
Some act or speech that does not make any difference
কোনো কথা বা কামে যেতিয়া কাৰোবাক কোনো ধৰণে প্ৰভাবিত/ ক্ষতিগ্ৰস্ত / লাভবান নকৰে, তেনে অৰ্থত ব্যৱহাৰ হয়৷
কোনো কথা বা কামে যেতিয়া কাৰোবাক কোনো ধৰণে প্ৰভাবিত/ ক্ষতিগ্ৰস্ত / লাভবান নকৰে, তেনে অৰ্থত ব্যৱহাৰ হয়৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-26
কিঞ্চিৎ হওক, বঞ্চিত নহওক ৷
Little amount of something desired is always better than being entirely deprived of it.
কোনো ভাল বস্তুৰ পৰা একেবাৰে বঞ্চিত হোৱাতকৈ অলপমান পালেও সন্তুষ্টি পোৱা যায় ৷
কোনো ভাল বস্তুৰ পৰা একেবাৰে বঞ্চিত হোৱাতকৈ অলপমান পালেও সন্তুষ্টি পোৱা যায় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-26
Idiom ফকৰা-যোঁজনা
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ
Something that was bought with money should not be wasted.
মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়|
মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়|
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-10
কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি
A person who is in great rage may put down the good cloth he has in his hand and may pick up the torn one instead. It says that in a fit of rage people make mistakes.
খঙৰ ভমকত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কেতিয়াবা হাতত থকা ভাল কাপোৰখন থৈ ফটা কাপোৰখনকে তুলি লয় ৷ খঙৰ প্ৰভাৱত মানুহে নকৰিবলগীয়া কাম কৰে ৷
খঙৰ ভমকত মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কেতিয়াবা হাতত থকা ভাল কাপোৰখন থৈ ফটা কাপোৰখনকে তুলি লয় ৷ খঙৰ প্ৰভাৱত মানুহে নকৰিবলগীয়া কাম কৰে ৷
Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-25
কুকুৰ চিকুন গৃহস্থৰ যশ
A healthy pet, owner's pride.
এটা ভাল সম্পতি বা পাৰিপাৰ্শিক অৱস্থাই গৃহস্থৰ গৌৰৱ সুচায়৷
এটা ভাল সম্পতি বা পাৰিপাৰ্শিক অৱস্থাই গৃহস্থৰ গৌৰৱ সুচায়৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-25
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷
Dogs suffer from alopecia and become hairless when become old. On the other hand, some people lose their character at the old age.
বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্ স্বভাৱ বেয়া হয় |
বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্ স্বভাৱ বেয়া হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
কুকুৰ স্বৰ্গলৈও যাব পাৰে, পিচে বাটতে জ্ঞাতিয়ে পায় কাৰণেহে ..
One can do great things only if he is able to get rid of bad company and vices.
অসত্ সঙ্গ বা বদ্ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্ কাম কৰিব পাৰে |
অসত্ সঙ্গ বা বদ্ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্ কাম কৰিব পাৰে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
কুকুৰক ভুকিবলৈ দে ৷
Let the dogs bark. To go ahead, not caring for the criticisms or hurdles brought about by the rivals/bad wishers or enemies.
শত্ৰু বা প্ৰতিদন্দ্বীৰ উপহাস, সমালোচনা, বাধা আদিক আওকাণ কৰি নিজ পথত অগ্ৰসৰ হ ৷
শত্ৰু বা প্ৰতিদন্দ্বীৰ উপহাস, সমালোচনা, বাধা আদিক আওকাণ কৰি নিজ পথত অগ্ৰসৰ হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
কুকুৰে ভুকি হাতীৰ গতি স্থবিৰ কৰিব নোৱাৰে ৷
The barking of a dog cannot stop an elephant. An honest and strong person goes ahead, not caring for the criticisms or hurdles brought about by the rivals/bad wishers or enemies.
হাতী এক বিশাল আকৃতিৰ প্ৰাণী আৰু কুকুৰ এক নিকৃষ্ট প্ৰাণী ৷হাতীয়ে গমন কৰিলে, কুকুৰৰ দৰে নিকৃষ্ট প্ৰাণীয়ে পিছফালে ভুকাটো গতানুগতিক কথা, যাৰ প্ৰতি হাতীয়ে ভ্ৰূক্ষেপো নকৰে আৰু নিজ গতিত আগবাঢ়ে ৷ একেদৰে সৎ আৰু শাহসীজনে নিজ শত্ৰু বা প্ৰতিদন্দিৰ উপহাস, সমালোচনা, বাধা আদিক তুচ্চ জ্ঞান কৰি আওকাণ কৰে আৰু নিজ পথত অগ্ৰসৰ হৈ গৈ থাকে ৷
হাতী এক বিশাল আকৃতিৰ প্ৰাণী আৰু কুকুৰ এক নিকৃষ্ট প্ৰাণী ৷হাতীয়ে গমন কৰিলে, কুকুৰৰ দৰে নিকৃষ্ট প্ৰাণীয়ে পিছফালে ভুকাটো গতানুগতিক কথা, যাৰ প্ৰতি হাতীয়ে ভ্ৰূক্ষেপো নকৰে আৰু নিজ গতিত আগবাঢ়ে ৷ একেদৰে সৎ আৰু শাহসীজনে নিজ শত্ৰু বা প্ৰতিদন্দিৰ উপহাস, সমালোচনা, বাধা আদিক তুচ্চ জ্ঞান কৰি আওকাণ কৰে আৰু নিজ পথত অগ্ৰসৰ হৈ গৈ থাকে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
কুকুৰৰ নেজ দীঘল নিজে পাৰি বহে
to enjoy one's wealth without giving any share of it to others.
নিজৰ সম্পত্তিৰ আয়ৰ ভাগ সদায় নিজেই ভোগ কৰিবলৈ পায় ৷
নিজৰ সম্পত্তিৰ আয়ৰ ভাগ সদায় নিজেই ভোগ কৰিবলৈ পায় ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷
A conspiracy always harms the conspirator.
আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়।
আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়।
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় |
People try to exploit an innocent person.
কাৰোবাৰ সহজ-সৰল স্বভাৱ দেখি ঠগি খোৱাৰ চেষ্টা কৰে |
কাৰোবাৰ সহজ-সৰল স্বভাৱ দেখি ঠগি খোৱাৰ চেষ্টা কৰে |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
কুমলীয়া বেতহে পোনাব পাৰি ৷
A child can be molded easily to adopt certain skills.
কুমলীয়া বেতক সহজে পোন কৰিব বা ইচ্ছামতে ভাঁজ দিব পাৰি ৷ ঠিক সেইদৰে কম-বয়সীয়া ল’ৰা-ছোৱালীক সহজে কোনো বিদ্যা শিকাই ল’ব পাৰি ৷
কুমলীয়া বেতক সহজে পোন কৰিব বা ইচ্ছামতে ভাঁজ দিব পাৰি ৷ ঠিক সেইদৰে কম-বয়সীয়া ল’ৰা-ছোৱালীক সহজে কোনো বিদ্যা শিকাই ল’ব পাৰি ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
কুলত বন্তি জ্বলা ৷
To increase the prestige of a family or dynasty.
পৰিয়াল বা বংশৰ সন্মান, গৌৰৱ আদি বঢ়া ৷
পৰিয়াল বা বংশৰ সন্মান, গৌৰৱ আদি বঢ়া ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-20
কেঁচুৱাই কান্দিলেই কল নাপায়৷
Nothing can be achieved without hardwork.
কাৰোবাৰ ওচৰত কাকূতি-মিনতি কৰিলেই অথবা বিচাৰিলেই কোনো বস্তু পোৱা নাযায়; তাৰ কাৰণে উপযুক্ত পৰিশ্ৰম কৰা দৰকাৰ৷
কাৰোবাৰ ওচৰত কাকূতি-মিনতি কৰিলেই অথবা বিচাৰিলেই কোনো বস্তু পোৱা নাযায়; তাৰ কাৰণে উপযুক্ত পৰিশ্ৰম কৰা দৰকাৰ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-20
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
কেঁচুৱাই কান্দিলেহে কল পায়।
A baby, when feel hungry, cries and mothers offer milk. Similarly if you want something we need to cry(spell out) otherwise you w'not get it.
কেঁচুৱাই ভোক পিয়াহ লাগিলে কান্দে; তেতিয়াহে মাকে বুজি পাই গাখীৰ যাঁচে। তেনেকৈ কাৰোবাক কিবা লাগিলে ক'ব (কান্দিব) লাগে; নহ'লে প্ৰয়োজন পূৰণ নহ'বও পাৰে।
কেঁচুৱাই ভোক পিয়াহ লাগিলে কান্দে; তেতিয়াহে মাকে বুজি পাই গাখীৰ যাঁচে। তেনেকৈ কাৰোবাক কিবা লাগিলে ক'ব (কান্দিব) লাগে; নহ'লে প্ৰয়োজন পূৰণ নহ'বও পাৰে।
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
কেও মৰে ছালে-হাঁড়ে, কেও মৰে মঙহ ভাৰে |
What a diverse fate of human beings on earth! While some people die of hunger and malnutrition, others die due to over-eating.
পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে |
পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
কেচুঁ খান্দোতে সাপ ওলোৱা
While investigating some small secret or scam, discover a bigger secret or a bigger scam.
সৰু কিবা এটা বিচাৰোতে ডাঙৰ কিবা ৰহস্য উদ্ঘাতন হোৱা
সৰু কিবা এটা বিচাৰোতে ডাঙৰ কিবা ৰহস্য উদ্ঘাতন হোৱা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
কেৰেলাতকৈ গুটি দীঘল হোৱা
Sometimes the expected output of some work become much more complex or lengthier or expensive.
কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা।
কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-08-18
কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায় ৷
Many a times an innocent suffers because of his similarity in appearance with a bad character.
দেখাত সাদৃশ্য থকাৰ দোষতে নিৰ্দোষীয়ে কেতিয়াবা অনাহকতে মাৰ খাবলগীয়া হয় ৷
দেখাত সাদৃশ্য থকাৰ দোষতে নিৰ্দোষীয়ে কেতিয়াবা অনাহকতে মাৰ খাবলগীয়া হয় ৷
Contributed by: Rupankar Mahanta on 2008-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
কেৰ্কেটুৱাৰ বাহ পাতেই ভেটি
A squirrel was helping Raja Ramachandra with a bamboo tree leaf during a construction of bridge joining Lanka. Meaning:- everyone should help according to his/her own ability.
ৰামচন্দ্ৰই সেঁতু বন্ধোতে সকলোৱে পাৰ্য্যমানে সহায় কৰিছিল৷ কেৰ্কেটুৱাই বাঁহপাত এটুকুৰাকেই আগবঢ়াইছিল৷ অৰ্থ-নিজৰ সাধ্যনুসাৰে সহায় কৰিব লাগে৷
ৰামচন্দ্ৰই সেঁতু বন্ধোতে সকলোৱে পাৰ্য্যমানে সহায় কৰিছিল৷ কেৰ্কেটুৱাই বাঁহপাত এটুকুৰাকেই আগবঢ়াইছিল৷ অৰ্থ-নিজৰ সাধ্যনুসাৰে সহায় কৰিব লাগে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
কোনো মৰে ছালে-হাড়ে, কোনো মৰে মঙহ ভাৰে
Wealth and prosperity cannot ensure peace and happiness to anybody. One may die either due to starvation and mal-nutrition, or due to obesity.
আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷
আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
কোলাৰটো এৰি বোকাৰটোত ধৰা
To become greedy to possess something which is scarce rather than accepting the easily available one.
সহজে উপলব্ধ হোৱা বস্তুটোক অৱহেলা কৰি দূৰ্লভ বস্তুৰ প্ৰতি মোহ দেখুওৱা
সহজে উপলব্ধ হোৱা বস্তুটোক অৱহেলা কৰি দূৰ্লভ বস্তুৰ প্ৰতি মোহ দেখুওৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
কোৱা বাহুল্য
Needless to say.
সকলোৱে জনা কথা যি পুনৰ কোৱাৰ আৱশ্যকতা নাই ৷
সকলোৱে জনা কথা যি পুনৰ কোৱাৰ আৱশ্যকতা নাই ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
ক্ষণ গণ ৷
To wait desperately or to wait before breathing last.
অধিৰভাবে অপেক্ষা কৰ বা মৃত্যুৰ আগমুহূৰ্তত কাৰোবাৰ কাৰণে অপেক্ষা কৰ ৷
অধিৰভাবে অপেক্ষা কৰ বা মৃত্যুৰ আগমুহূৰ্তত কাৰোবাৰ কাৰণে অপেক্ষা কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
ক্ষণজন্মা পুৰুষ বা নাৰী
A person of virtue who brings glory for the nation or society and takes birth once in a hundreds of year.
যি অতিকৈ গুণবান ব্যক্তি কোনো এক সমাজত বা জাতিত কদাচিতহে (বহু সময়ৰ ব্যৱধানত) জন্ম গ্ৰহণ কৰে আৰু সমাজৰ বা জাতিৰ কাৰণে সুনাম অৰ্জন কৰে তথা জাতিৰ গৌৰৱৰ কাৰক হয় ৷
যি অতিকৈ গুণবান ব্যক্তি কোনো এক সমাজত বা জাতিত কদাচিতহে (বহু সময়ৰ ব্যৱধানত) জন্ম গ্ৰহণ কৰে আৰু সমাজৰ বা জাতিৰ কাৰণে সুনাম অৰ্জন কৰে তথা জাতিৰ গৌৰৱৰ কাৰক হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
ক্ষমতা লোভেই চূড়ান্ত লোভ ৷
Once someone fulfills his/her desire to become rich, his desire becomes stronger to fulfill sexual requirements and finally he/she becomes desirous to obtain power in the society.
মানুহে প্ৰথমে ধনলোভ কৰে, তাৰ পাছত যৌনলোভ কৰে আৰু সৰ্বশেষত ক্ষমতাশালী হ'বলৈ লোভ কৰে ৷
মানুহে প্ৰথমে ধনলোভ কৰে, তাৰ পাছত যৌনলোভ কৰে আৰু সৰ্বশেষত ক্ষমতাশালী হ'বলৈ লোভ কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
ক্ষমতাত থৈ মানুহ চিনিবা ৷
One who is in power has a natural tendency to hurt or trouble others through illogical exercise of power. Hence, someone's character can be easily read once he/she is in power.
মানুহে যেতিয়া ক্ষমতা হাতত পায়, প্ৰাকৃতিকভবে সেই মানুহে নিজৰ ক্ষমতা চৰিতাৰ্থ কৰিবলৈ আন মানুহৰ সুখ- দুখ, সুবিধা-অসুবিধা নুবুজাকৈ বহু কাম কৰি পেলায় আৰু তাৰ দ্বাৰা মানুহজনৰ আচল চৰিত্ৰ ধৰা পৰে ৷
মানুহে যেতিয়া ক্ষমতা হাতত পায়, প্ৰাকৃতিকভবে সেই মানুহে নিজৰ ক্ষমতা চৰিতাৰ্থ কৰিবলৈ আন মানুহৰ সুখ- দুখ, সুবিধা-অসুবিধা নুবুজাকৈ বহু কাম কৰি পেলায় আৰু তাৰ দ্বাৰা মানুহজনৰ আচল চৰিত্ৰ ধৰা পৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
ক্ষুধাই নেমানে শুদা, ঘুমে নেমানে কাদা৷ (ক্ষুধাই নেমানে শুদা ভাত, ঘুমটিয়ে নেমানে মাটি-পাত৷)
If one is really hungry, he/she can eat meal full stomach even if there is no condiment/curry with it. Similarly, once can sleep anywhere when he/she feels sleepy strongly. No hurdle can stop a person in his work, if he/she is in real need of it.
ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে ।
ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে ।
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
ক্ষয় নেযায় লাগিলে, ভয় নেখায় শিকিলে ৷
A skill, fame, business, tradition etc. never rust when they are honed regularly; similarly a person never worries or get afraid of to start a new venture when he has detailed knowledge about his/her work or subject and keeps his/her knowledge is updated with continuous learning process.
মানুহে যদি কোনো ব্যৱসায়, ভাল বংশ-পৰম্পৰা, জীৱিকা, কাৰ্যদক্ষতা, কুশলতা, সুখ্যাতি, কাম আদিত নিয়মিতভাবে লাগি থাকে, তেনেহ\'লে সেয়া কেতিয়াও বিনষ্ট নহয় ৷ আনহাতে, কোনো বিষয়, কাৰ্য, অৰ্হতা আদি ভালদৰে শিকা থাকিলে, তেনে বিষয় আদিত আগবাঢ়িবলৈ কেতিয়াও ভয় নেলাগে ৷