Found 36 proverb(s) beginning with "গ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-11
গছত উঠে মৰিব, জামিন হয় ভৰিব ৷
Climbing a tree is full of risk that one may fall down by slipping grip and die, similarly taking bail on behalf of someone is equally risky which ends up with spending money from one's pocket.
গছত উঠোতে ভৰি পিচলি পৰি মৰাৰ আশংকা থাকে; একেদৰে কাৰোবাৰ কাৰণে জামিনদাৰ হ\'লেও টকা পইচা ভৰিব লগা হোৱাৰ আশংকা থাকে৷
গছত উঠোতে ভৰি পিচলি পৰি মৰাৰ আশংকা থাকে; একেদৰে কাৰোবাৰ কাৰণে জামিনদাৰ হ\'লেও টকা পইচা ভৰিব লগা হোৱাৰ আশংকা থাকে৷
Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-11
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
গছত কঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেল্ বেল্ ।
One should not think too much about future happenings.
কেতিয়াবা মানুহে ভৱিষ্যতে ঘটিবলগীয়া কোনো ভাল ঘটনাৰ বাবে প্ৰয়োজনতকৈ অধিক প্রস্তুতি চলায়; কিন্তু সময়ত আশা কৰামতে কামবিলাক নহয় । সেয়েহে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ বাবে অত্যধিক প্রস্তুতি চলোৱাটো উচিত নহয় ।
কেতিয়াবা মানুহে ভৱিষ্যতে ঘটিবলগীয়া কোনো ভাল ঘটনাৰ বাবে প্ৰয়োজনতকৈ অধিক প্রস্তুতি চলায়; কিন্তু সময়ত আশা কৰামতে কামবিলাক নহয় । সেয়েহে ভৱিষ্যতে ঘটিবলগীয়া ঘটনাৰ বাবে অত্যধিক প্রস্তুতি চলোৱাটো উচিত নহয় ।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুৱা কথা
useless absurd ideas
নাভূত নাশ্রুত/অবান্তৰ কথা
নাভূত নাশ্রুত/অবান্তৰ কথা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
গছত তুলি গুৰি কটা
To instigate someone to do something and then going against it.
কোনো এটা কাম কৰিবলৈ আগবঢ়াই দি পাচত বিৰুদ্ধাচৰণ কৰা
কোনো এটা কাম কৰিবলৈ আগবঢ়াই দি পাচত বিৰুদ্ধাচৰণ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Aklantika Saikia on 2010-02-07
গপতে গঙ্গাটোপ হোৱা
to be swollen with pride
ভেমত ওফন্দি থকা
ভেমত ওফন্দি থকা
Contributed by: Aklantika Saikia on 2010-02-07
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-14
গা এৰা দিয়া
to severe connection or trying to avoid some responsibility
কোনো দায়িত্বৰ প্ৰতি যথাযোগ্য গুৰুত্ব প্ৰদান নকৰা বা সম্পৰ্ক এৰি চলিবলৈ চেষ্টা কৰা
কোনো দায়িত্বৰ প্ৰতি যথাযোগ্য গুৰুত্ব প্ৰদান নকৰা বা সম্পৰ্ক এৰি চলিবলৈ চেষ্টা কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-14
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
গা ঘেলা
To exhibit bodily beauty, dresses, apparels etc. extremely.
শাৰীৰিক সৌন্দৰ্য্য, পোছাক-পৰিচ্ছদ আদি অতি বেছিকৈ প্ৰদৰ্শন কৰ্।
শাৰীৰিক সৌন্দৰ্য্য, পোছাক-পৰিচ্ছদ আদি অতি বেছিকৈ প্ৰদৰ্শন কৰ্।
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
গা চাই গামোচা
To wipe a clean body, we cannot use a dirty towel. However, a dirty body can be wiped with dirty towel. Thus, a good thing always deserves a good thing.
পৰিপাটি গা মচিবলৈ এখন পৰিষ্কাৰ গামোচাৰ প্ৰ্য়োজন হয়, কিন্তু লেতেৰা গা মচিবলৈ এখন অপৰিষ্কাৰ গামোচাই যথেষ্ট হয়৷ একেদৰে ভালেহে ভালক পায়৷
পৰিপাটি গা মচিবলৈ এখন পৰিষ্কাৰ গামোচাৰ প্ৰ্য়োজন হয়, কিন্তু লেতেৰা গা মচিবলৈ এখন অপৰিষ্কাৰ গামোচাই যথেষ্ট হয়৷ একেদৰে ভালেহে ভালক পায়৷
Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-14
গা সাতখন আঠখন কৰা
to get excited on some matter
কোনো কথাত উৎফুল্লিত হৈ উত্তেজিত হোৱা
কোনো কথাত উৎফুল্লিত হৈ উত্তেজিত হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-14
Phrase খণ্ডবাক্য
Contributed by: Shubhadeep Paul on 2017-03-04
গা সাৰ
Protect or save from danger
ৰক্ষা পৰ অথবা বিপদৰ পৰা উদ্ধাৰ হ
ৰক্ষা পৰ অথবা বিপদৰ পৰা উদ্ধাৰ হ
Contributed by: Shubhadeep Paul on 2017-03-04
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-09
গাই গোটে পেটে ভঁৰাল
Selfish. One thinks about his own stomach.
আপোনপেটীয়া৷ স্বাৰ্থপৰ৷ যি কেৱল নিজৰ পেটটোৰ কথাহে ভাৱে ৷
আপোনপেটীয়া৷ স্বাৰ্থপৰ৷ যি কেৱল নিজৰ পেটটোৰ কথাহে ভাৱে ৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-09
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-06
গাই বাই চা
Give it a try by asking/talking. Persuade by having a dialogue.
কৈ মেলি চা৷ বুজাই বঢ়াই চা৷ আকৌ এবাৰ চেষ্ঠা কৰি চা৷
কৈ মেলি চা৷ বুজাই বঢ়াই চা৷ আকৌ এবাৰ চেষ্ঠা কৰি চা৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-06
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
গাখীৰ খুৱাই খুৱাই সাপ পোহা
Getting hurt by someone who has been helped and supported for long
নিজে ভৰণ-পোষণ দি বা সহায়-সাৰথি কৰি ৰখাজনেই শত্ৰু শালি অপকাৰ কৰা
নিজে ভৰণ-পোষণ দি বা সহায়-সাৰথি কৰি ৰখাজনেই শত্ৰু শালি অপকাৰ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
গাখীৰতে ম’হৰ খুটি
Obtaining added advantages when one is flooded with prosperity.
য’ত গাখীৰৰ অভাব নাই তাতে ম’হৰ খুটি পাতি দিলে,ম’হৰ খুটিৰ পৰা অধিক গাখীৰৰ যোগান আহিব। অর্থাৎ সুখৰ ওপৰত সুখ।
য’ত গাখীৰৰ অভাব নাই তাতে ম’হৰ খুটি পাতি দিলে,ম’হৰ খুটিৰ পৰা অধিক গাখীৰৰ যোগান আহিব। অর্থাৎ সুখৰ ওপৰত সুখ।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2009-12-17
গাখীৰৰ নামত পানীকে খাবা, দোলাৰ নামত সিকিয়াতে যাবা ৷
If you can not afford, then you should console yourself with whatever you can afford.
আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷
আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷
Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
গাত গোঁসাই নাইকিয়া হ ৷
To be over-enthusiastic and careless.
উদণ্ড প্ৰকৃতিৰ হ ৷
উদণ্ড প্ৰকৃতিৰ হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-13
গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি
Have very limited wherewithal, yet spend most of what he earns on bad habiits like drinking
হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰে
হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰে
Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-04
গালো বালো খোলাকটিৰ তাল হ’ল
all efforts have gone in vain
সকলো কষ্ট অথলে গ’ল
সকলো কষ্ট অথলে গ’ল
Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
গায়নৰ ঘৰৰ বিড়ালীয়েও (বা কুকুৰেও বা বোন্দাইও) ৰাগ দিয়ে
the people associated with a master are also knowledgeable about his craft.
কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা ৷
কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
গুণীয়েহে গুণীৰ মোল বুজে ৷
A scholar can only understand the importance of scholastic qualities and hence shows respect to another scholar.
গুণী লোকৰ গুণৰ মোল বুজিবলৈ জ্ঞানৰ আৱশ্যক | সেয়েহে জ্ঞানীজনেহে গুণীৰ গুণৰ মূল্য দিয়ে |
গুণী লোকৰ গুণৰ মোল বুজিবলৈ জ্ঞানৰ আৱশ্যক | সেয়েহে জ্ঞানীজনেহে গুণীৰ গুণৰ মূল্য দিয়ে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
গুত কোব মাৰিলে গালৈকে ছিটিকে ৷
Criticism of ill deeds may harm the critic himself.
গু বা মল-মূত্ৰত কোব মাৰিলে নিজৰ গালৈ ছিটিকে আহিব পাৰে ৷ একেদৰে বেয়া কথা আলোচনা কৰিলে নিজেও তেনে বেয়া কথাৰ সমভাগী হ`বলগীয়া হয় ৷
গু বা মল-মূত্ৰত কোব মাৰিলে নিজৰ গালৈ ছিটিকে আহিব পাৰে ৷ একেদৰে বেয়া কথা আলোচনা কৰিলে নিজেও তেনে বেয়া কথাৰ সমভাগী হ`বলগীয়া হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-23
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
গুমৰ ফাঁক হোৱা
Exposure of something being kept as a secret for long.
গুপুত ৰহস্য ফাদিল হোৱা বা লুকাই থোৱা গোপন কথা সকলোৱে জনা-জনি হোৱা
গুপুত ৰহস্য ফাদিল হোৱা বা লুকাই থোৱা গোপন কথা সকলোৱে জনা-জনি হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-07
গুৰ কিনাৰত গচকিলেও অশুচি মাজত গচকিলেও অশুচি ৷
If someone treads on excreta or animal soil partially or entirely, the person's whole body becomes unclean and impure (unholy), similarly a person equally loses his/her prestige by indulging himself/herself in bad deeds may it be small or big.
গু বা বিষ্ঠাত মানুহৰ ভৰি পৰিলেই গা অশুচি হয়, গচকা লাগিলে কিনাৰতে পৰক বা মাজতে পৰক বিষ্ঠাৰ সংস্পৰ্শই গা সমানেই অশুচি কৰে৷ একেদৰে বেয়া কৰ্ম বা কথাই, সি লাগিলে সৰুয়েই হওক বা ডাঙৰেই হওক, মানুহৰ মান-সন্মান সমানভাবে নষ্ট কৰে ৷
গু বা বিষ্ঠাত মানুহৰ ভৰি পৰিলেই গা অশুচি হয়, গচকা লাগিলে কিনাৰতে পৰক বা মাজতে পৰক বিষ্ঠাৰ সংস্পৰ্শই গা সমানেই অশুচি কৰে৷ একেদৰে বেয়া কৰ্ম বা কথাই, সি লাগিলে সৰুয়েই হওক বা ডাঙৰেই হওক, মানুহৰ মান-সন্মান সমানভাবে নষ্ট কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
গুৰু গোঁসাই নমনা
To show disregards to the seniors or to violate social norms or traditions
জ্যেষ্ঠজনক সন্মান নকৰা অথবা সামাজিক বিধি বা পৰম্পৰা নমনা
জ্যেষ্ঠজনক সন্মান নকৰা অথবা সামাজিক বিধি বা পৰম্পৰা নমনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-26
গেলাতে টেঙা দিয়া
to inflict additional injury to someone who is already suffering from pain
কষ্ট ভোগ কৰি থকা ব্যক্তিক অধিক কষ্ট দিয়া
কষ্ট ভোগ কৰি থকা ব্যক্তিক অধিক কষ্ট দিয়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
গোঁজেই গঁজালি হোৱা
A temporary living in a place turning into a permanent settlement.
অস্থায়ীভাৱে আৰম্ভ কৰা বসতিয়ে স্থায়ী ৰূপ ধাৰণ কৰা
অস্থায়ীভাৱে আৰম্ভ কৰা বসতিয়ে স্থায়ী ৰূপ ধাৰণ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
গোঁফত তাও দে ৷
1) To twist and turn the moustache, 2) To be quite unconcerned or careless, 3) To be nonchalant.
গোঁফ বা মোছ পকা; বে-পৰোৱা হ; দায়িত্বজ্ঞানহীনভাবে জীৱন যাপন কৰ ৷
গোঁফ বা মোছ পকা; বে-পৰোৱা হ; দায়িত্বজ্ঞানহীনভাবে জীৱন যাপন কৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
গোঁসাই ঘৰত কোন, মই কল খোৱা নাই ৷
To expose one`s own misdeeds while trying to cover or hide something.
বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা
বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
গোহালি পোৰা গৰু ৰঙা মেঘ দেখিলেও চকি উঠে৷
Once someone experiences a disastrous condition, he gets alerted even by a little signal of such a condition in future.
গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷
গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
গোৰ মাৰি গঙ্গাত পেলোৱা
one gets benefited from the act of revenge from the other
গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা।
গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গঙ্গাত পেলায়, তেন্তে গঙ্গাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰ দ্বাৰা কাৰোবাৰ মঙ্গল সাধন হোৱা।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
গড়গঞা কটাৰীৰ ডাবেও কাটে
Gargaon was once the capital of the Ahom Kingdom. This proverb means that one who keeps good relations with the king or power can even perform impossible tasks.
গড়গাওঁ আছিল আহোম ৰজাৰ একালৰ ৰাজধানী | এই ফকৰা-যোজনাটিৰে এইটোৱেই বুজায় যে ৰজাঘৰৰ সৈতে সু-সম্বন্ধ থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি |
গড়গাওঁ আছিল আহোম ৰজাৰ একালৰ ৰাজধানী | এই ফকৰা-যোজনাটিৰে এইটোৱেই বুজায় যে ৰজাঘৰৰ সৈতে সু-সম্বন্ধ থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷
relatives or friends who are insincere or deceitful.
মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷
মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Idiom ফকৰা-যোঁজনা
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-08-12
গৰাকী নোহোৱা গৰু ঢাকোন নথকা চৰু ।
An object or creature without a caretaker.
চোৱা চিতা কৰিবলৈ কোনো নথকা অবস্থা ।
চোৱা চিতা কৰিবলৈ কোনো নথকা অবস্থা ।
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-08-12
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-01-24
গৰুও মৰিল, পোকো সৰিল৷
When undesired result is obtained on the main issue, the other related issues become unimportant.
যিটো মূল বিষয়ক লৈ আনুষঙ্গিক নানান সমস্যা বা চিন্তাৰ উদ্ৰেক হয়, মূল বিষয়টোৰ ক্ষেত্ৰত অনাকাংক্ষিত ফলাফল লাভ কৰাৰ পাছত আনুষঙ্গিক সমস্যাবোৰ নগন্য হৈ পৰে৷
যিটো মূল বিষয়ক লৈ আনুষঙ্গিক নানান সমস্যা বা চিন্তাৰ উদ্ৰেক হয়, মূল বিষয়টোৰ ক্ষেত্ৰত অনাকাংক্ষিত ফলাফল লাভ কৰাৰ পাছত আনুষঙ্গিক সমস্যাবোৰ নগন্য হৈ পৰে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-01-24
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
গৰুৰ আগত টোকাৰী বায় / বীণ বজায়, শিং জোকাৰি ঘাঁহ খায় |
A cow cannot appreciate music. Therefore, even if you play an instrument in front of a cow, it will not stop feeding to listen to the music. Therefore it suggests that there is a proper place/audience for certain acts and these acts should be performed in these places in order to be appreciated.
গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক |
গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-19
গৰুৱে নেজ ডাঙিলে গোবৰহে ওলায়৷
Cow lift his tail only to yeild excreta. An idiot tries many things yeilding no good result
মুৰ্খই যিয়েই নকৰক ভাল ফল দিব নোৱাৰে৷