Found 19 proverb(s) beginning with "জ"
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ
A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it.
যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন |
যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
Riddle সাথৰ
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
জলত জন্ম, স্থলত বাস মাকে চুলে হয় নাশ৷
Born in water, lives in earth.
Disapperear when tauch by mother.
Ans: Common salt.
সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷ পানীত পৰিলে গলি নোহোৱা হয়৷
সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷ পানীত পৰিলে গলি নোহোৱা হয়৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-10
জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।
Penny wise but pound foolish
গৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা।
গৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা।
Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-15
জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷
A person who exaggerates much about himself
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷
Contributed by: Barnali Deuri Bora on 2010-11-15
Phrase খণ্ডবাক্য
Contributed by: Barnali Deuri Bora on 2010-10-28
জাকত জিলিকা
The most beautiful person in a group
সমজুৱাৰ মাজত থকা আটাইতকৈ শুৱনি পুৰুষ বা মহিলা ৷
সমজুৱাৰ মাজত থকা আটাইতকৈ শুৱনি পুৰুষ বা মহিলা ৷
Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-28
জালকে জকাই বোলা
Incapability to understand or distinguish the differences between two closely related objects, activities or speeches.
জাল আৰু জকাই দুবিধেই মাছ ধৰা সঁজুলি যদিও জাল সূতাৰে বোৱা হয় আৰু জকাই সজা হয় বাঁহৰ কাঠিৰে, আকৃতিত জাল জকাইতকৈ ভিন্ন ৷ সেয়ে দুয়োবিধেই একে বুলি ক`লে ডাঙৰ ভুল কৰা হ`ব৷ অৰ্থাৎ এই ফকৰাই কোনো বস্তু বা কথাৰ অৰ্থ নুবুজি, ভুল অৰ্থ উলিওৱা কাৰ্য্যক দৰ্শায়৷
জাল আৰু জকাই দুবিধেই মাছ ধৰা সঁজুলি যদিও জাল সূতাৰে বোৱা হয় আৰু জকাই সজা হয় বাঁহৰ কাঠিৰে, আকৃতিত জাল জকাইতকৈ ভিন্ন ৷ সেয়ে দুয়োবিধেই একে বুলি ক`লে ডাঙৰ ভুল কৰা হ`ব৷ অৰ্থাৎ এই ফকৰাই কোনো বস্তু বা কথাৰ অৰ্থ নুবুজি, ভুল অৰ্থ উলিওৱা কাৰ্য্যক দৰ্শায়৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-28
Idiom ফকৰা-যোঁজনা
Contributed by: Biraj Kumar Kakati on 2008-03-16
জী ভালেই জোঁৱাই ভাল | আপোন ভালেই জগত ভাল ||
It is easier to say about your own daughter rather then son in law. If your daughter is good then she can manage her husband to be in right position. That means, if you are good then you can influence others also to be good in nature.
জী নিজৰ সন্তান, আনহাতে জোঁৱাই লোকৰ সন্তান| গতিকে জীয়াৰীজনী ভাল নে বেয়া সতকাই ক’ব পাৰি| আনহাতেদি জীয়াৰী ভাল হ’লে জোঁৱাই বেয়া হলেও শুধৰাই ল’ব পাৰে | অৰ্থাৎ নিজে ভাল হ’লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল’ব পাৰিব|
জী নিজৰ সন্তান, আনহাতে জোঁৱাই লোকৰ সন্তান| গতিকে জীয়াৰীজনী ভাল নে বেয়া সতকাই ক’ব পাৰি| আনহাতেদি জীয়াৰী ভাল হ’লে জোঁৱাই বেয়া হলেও শুধৰাই ল’ব পাৰে | অৰ্থাৎ নিজে ভাল হ’লে আনেও ভাল পাব আৰু নিজ গুণৰ বলত আনকো ভাল কৰি ল’ব পাৰিব|
Contributed by: Biraj Kumar Kakati on 2008-03-16
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
জেওৰাই খেতি খায় ৷
When a protector intentionally, illegally or unethically destroys or grabs the things that are kept under his custody instead of safeguarding them.
জেওৰা দিয়া হয় গৰু-ছাগলীৰ পৰা খেতি ৰক্ষা কৰিবলৈ আৰু সেই জেওৰাই যদি খেতি খাই নষ্ট কৰে, তেনেহ'লে সেই খেতিক কোনেও বচাব নোৱাৰে ৷ অৰ্থাৎ ৰক্ষকেই ভক্ষক হোৱা ৷
জেওৰা দিয়া হয় গৰু-ছাগলীৰ পৰা খেতি ৰক্ষা কৰিবলৈ আৰু সেই জেওৰাই যদি খেতি খাই নষ্ট কৰে, তেনেহ'লে সেই খেতিক কোনেও বচাব নোৱাৰে ৷ অৰ্থাৎ ৰক্ষকেই ভক্ষক হোৱা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
জোক লগাদি লগা
To plead and insist someone continuously asking for some favour
স্বাৰ্থ সিদ্ধিৰ অৰ্থে কাৰোবাক নেৰা-নেপেৰাকৈ কাকূতি-মিনতি কৰি থকা
স্বাৰ্থ সিদ্ধিৰ অৰ্থে কাৰোবাক নেৰা-নেপেৰাকৈ কাকূতি-মিনতি কৰি থকা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
জোকৰ মুখত চূণ পৰা
To receive appropriate punishment by someone having evil motive in thinking or work
অসত্ চিন্তা বা অসত্ কাম কৰোঁতাই উপযুক্ত শাস্তি পোৱা
অসত্ চিন্তা বা অসত্ কাম কৰোঁতাই উপযুক্ত শাস্তি পোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
জোল খাওঁ, কিন্তু মূৰ্গী নেখাওঁ ৷
Once someone eats the gravy of chicken curry, he/she is no more a vegetarian, even if he/she does not eat chicken meat. In other words, if a sin or crime is committed partially by person, he/she shoulders the bad-name of complete crime.
নিৰামিষভোজীজনে যদি মূৰ্গীৰ আঞ্জাৰ জোল খাওঁ বুলি কয়, তেনেহ\'লে সেই ব্যাক্তিয়ে মূৰ্গীমাংস নেখালেও মাংস খোৱাৰ সমান হয় আৰু আমিষভোজী হৈ পৰে ৷ অৰ্থাৎ কোনো অপৰাধমূলক কাম আংশিকভাৱে কৰিলেও সংশ্লিষ্ট অপৰাধৰ সমভাগী হবলগীয়া হয় ৷
নিৰামিষভোজীজনে যদি মূৰ্গীৰ আঞ্জাৰ জোল খাওঁ বুলি কয়, তেনেহ\'লে সেই ব্যাক্তিয়ে মূৰ্গীমাংস নেখালেও মাংস খোৱাৰ সমান হয় আৰু আমিষভোজী হৈ পৰে ৷ অৰ্থাৎ কোনো অপৰাধমূলক কাম আংশিকভাৱে কৰিলেও সংশ্লিষ্ট অপৰাধৰ সমভাগী হবলগীয়া হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-09-04
জোলোঙাৰ মেকুৰী বাহিৰ ওলাল
Let the cat out of the bag : A secret is being disclosed
আচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল
আচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল
Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
জোৰ পুৰি বৰলাৰ হাত পালেহি ৷
The danger is knocking at the door, that means it is time to get ready to face the possible danger.
বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷
বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Parikhit Baruah on 2008-11-30
জোৰ যাৰ মুলুক তাৰ ৷
to achieve the goal with force.
বলেৰে কাম আদায় কৰা ৷
বলেৰে কাম আদায় কৰা ৷
Contributed by: Parikhit Baruah on 2008-11-30
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
জ্ঞানীক বুজাবা ঠাৰে-চিয়াঁৰে, অজ্ঞানীক বুজাবা থিয় কিলেৰে
An erudite person can understand things on a simple hint, but it is very difficult to make a stupid understand even a simple fact.
জ্ঞানী লোকে সাধাৰণ ইঙ্গিততে জটিল কথা এটাও বুজি পায়, কিন্তু অজ্ঞানীজনক মাৰি-পিটিও বুজোৱা টান
জ্ঞানী লোকে সাধাৰণ ইঙ্গিততে জটিল কথা এটাও বুজি পায়, কিন্তু অজ্ঞানীজনক মাৰি-পিটিও বুজোৱা টান
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
জ্বলা জুইত ঘিঁউ ঢলা
To raise the anger of a person by telling undesirable things when he is already very angry.
ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা
ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-02
জ্বৰে এৰিলেও কপটিয়ে নেৰে ৷
After getting rid of the main problem, its sequelae or after-effects may continue for a long time.
মূল সমস্যা বা বিপদৰ পৰা পৰিত্ৰাণ পালেও তাৰ আনুষঙ্গিক কেতবোৰ লেঠা বহুদিনলৈ থাকি যায়৷
মূল সমস্যা বা বিপদৰ পৰা পৰিত্ৰাণ পালেও তাৰ আনুষঙ্গিক কেতবোৰ লেঠা বহুদিনলৈ থাকি যায়৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
জয় থাকোতেই ভংগ ভাল ৷
Retire when you are successful but not when you are unsuccessful or failing.
কোনো কাম, প্ৰতিযোগিতা, খেল-ধেমালি আদিত যেতিয়া মানু্হ বিজয়ী হৈ থাকে তেনে অৱস্থাতে ভংগ দিলে অৰ্থাৎ অবসৰ ল'লে খ্যাতি ৰৈ যায় ৷ আনহাতে, পৰাজিত হোৱাৰ পিছত অবসৰ ল'লে পৰাজয়ৰ গ্লানি সহিব লগা হয় ৷
কোনো কাম, প্ৰতিযোগিতা, খেল-ধেমালি আদিত যেতিয়া মানু্হ বিজয়ী হৈ থাকে তেনে অৱস্থাতে ভংগ দিলে অৰ্থাৎ অবসৰ ল'লে খ্যাতি ৰৈ যায় ৷ আনহাতে, পৰাজিত হোৱাৰ পিছত অবসৰ ল'লে পৰাজয়ৰ গ্লানি সহিব লগা হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
জৰু, গৰু, ধান ৰাখা তিনি বিদ্যমান ৷
Be mindful of your wife, kine and paddy for prosperity.
জৰু অৰ্থাৎ ঘৰৰ স্ত্ৰী, গৰু আৰু ধান এই তিনিবিধৰ প্ৰতি সদায় সংবেদনশীল আৰু যত্নবান হোৱা উচিত, তেহে শান্তি আৰু উন্নতি হয় ৷