Found 18 proverb(s) beginning with "ধ"
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
ধন ল’বা লেখি, বাট বুলিবা দেখি ৷
One should count the money before taking it over and should know well about the road before starting a journey.
কাৰোবাৰ পৰা ধন লোৱাৰ আগেয়ে ভালকৈ হিচাপ কৰি ল’ব লাগে আৰু ক’ৰবালৈ যোৱাৰ আগতে ৰাস্তাটোৰ বিষয়ে ভালদৰে জানি ল’ব লাগে ৷
কাৰোবাৰ পৰা ধন লোৱাৰ আগেয়ে ভালকৈ হিচাপ কৰি ল’ব লাগে আৰু ক’ৰবালৈ যোৱাৰ আগতে ৰাস্তাটোৰ বিষয়ে ভালদৰে জানি ল’ব লাগে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
ধনীৰ কাটে ধনে, দুখীয়াৰ কাটে মনে ৷
The rich people can achieve anything with money, or trouble others and escape of punishment; the poor will bless if they are loved or curse if they are loved or curse if they are tortured by the rich and that matters someday.
ধনী মানুহে ধনৰ বলেৰে আন মানুহক আতিশয্য বা অত্যাচাৰ কৰিব পাৰে বা কাম আদায় কৰিব পাৰে অথবা দুখীয়াক কষ্ট দিও শাস্তি নোপোৱাকৈ বাচি যাব পাৰে ৷ দুখীয়াই মৰমৰ বিনিময়ত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰি মানুহক ভাল ফল দিয়াব পাৰে বা অত্যাচাৰিত হ'লে অত্যাচাৰ কৰাজনক অভিশাপ দিব পাৰে ৷
ধনী মানুহে ধনৰ বলেৰে আন মানুহক আতিশয্য বা অত্যাচাৰ কৰিব পাৰে বা কাম আদায় কৰিব পাৰে অথবা দুখীয়াক কষ্ট দিও শাস্তি নোপোৱাকৈ বাচি যাব পাৰে ৷ দুখীয়াই মৰমৰ বিনিময়ত মনেৰে ভগৱানক প্ৰাৰ্থনা কৰি মানুহক ভাল ফল দিয়াব পাৰে বা অত্যাচাৰিত হ'লে অত্যাচাৰ কৰাজনক অভিশাপ দিব পাৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-16
ধনৰ নৰিয়া টান, ভাত খাইছে উধানৰ মান ৷
A big lie or exaggeration of something.
গোকাট মিছা কথা বা বৰকৈ বঢ়াই কোৱা কথা
গোকাট মিছা কথা বা বৰকৈ বঢ়াই কোৱা কথা
Contributed by: Barnali Deuri Bora on 2010-11-16
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-11-30
ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷
A wealthy man is always respected whether he is right or wrong because of his wealth.
On the other hand a poor man is always neglected because of his poor economical condition.
সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷
সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷
Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
ধাই মাক আঞ্জা-ভাত, আপোন মাৰ শুদা পাত ৷
To show favouratism to someone inappropriately and deprive some other from the good things that are deserved by the person concerned.
ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷
ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
ধান খায় সিপাৰে, আটি-মুটি কৰে ইপাৰে
to over-react to something that happens elsewhere or which is beyond one's control
নৈৰ আনটো পাৰত গৰুৱে ধান খোৱা দেখি আনটো পাৰত থাকি গৰুক মৰিয়াবলৈ উদ্যত হোৱা, অৰ্থাৎ নিজৰ আয়ত্বৰ উৰ্দ্ধত হোৱা কোনো ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপে মিছাতে ছাটি-ফুটি অথবা হৈ-চৈ কৰা
নৈৰ আনটো পাৰত গৰুৱে ধান খোৱা দেখি আনটো পাৰত থাকি গৰুক মৰিয়াবলৈ উদ্যত হোৱা, অৰ্থাৎ নিজৰ আয়ত্বৰ উৰ্দ্ধত হোৱা কোনো ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপে মিছাতে ছাটি-ফুটি অথবা হৈ-চৈ কৰা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-20
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-19
ধান পকে মানে টুনিৰ মৰণ
One cannot wait indefinitely expecting some aspirations to be fulfilled in future.
কোনো কাম ভৱিষ্যতে সিদ্ধি হোৱাৰ আশাত ৰৈ থাকিলে বিপদত পৰাৰহে সম্ভাৱনা থাকে ৷
কোনো কাম ভৱিষ্যতে সিদ্ধি হোৱাৰ আশাত ৰৈ থাকিলে বিপদত পৰাৰহে সম্ভাৱনা থাকে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-19
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
ধান-পুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল
an impotent person being kept out of reckoning.
লেখত ল’বলগীয়া লোক বাদ পৰি থকা৷
লেখত ল’বলগীয়া লোক বাদ পৰি থকা৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো |
Every person has his own mindset .
প্ৰত্যেক ব্যক্তিৰে চিন্তাধাৰা বেলেগ বেলেগ হয় |মানুহ মাত্রেই সকলোৰে ভাৱ, আৱেগ-অনুভূতি, সুখ-দুখৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক |
প্ৰত্যেক ব্যক্তিৰে চিন্তাধাৰা বেলেগ বেলেগ হয় |মানুহ মাত্রেই সকলোৰে ভাৱ, আৱেগ-অনুভূতি, সুখ-দুখৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2008-07-22
ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।
Many men many minds.
প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে ।
প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে ।
Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-01-30
ধানপুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল৷
Non-reckoning of someone of great stature among crowds.
মুখ্য বুলি বিবেচিত কোনো লোক হিচাবৰ পৰা বাদ পৰা বা তেনে লোকে বহুতৰ মাজত পৰি বিশেষ আদৰ লাভ নকৰা।
মুখ্য বুলি বিবেচিত কোনো লোক হিচাবৰ পৰা বাদ পৰা বা তেনে লোকে বহুতৰ মাজত পৰি বিশেষ আদৰ লাভ নকৰা।
Contributed by: Sitaram Upadhyaya on 2015-01-30
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-13
ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে |
Nothing is impossible. A stable rock can also give way to a strong current of water or even an elderly person can end up urinating in dream like a child
অসম্ভৱ বুলি একো নাই৷ তীব্ৰ পানীৰ সোঁতে শিলকো উটোৱাই নিব পাৰে৷ তেনেদৰে ডাঙৰ মানুহেও সপোন দেখি বিছনাত মুতিব পাৰে৷
অসম্ভৱ বুলি একো নাই৷ তীব্ৰ পানীৰ সোঁতে শিলকো উটোৱাই নিব পাৰে৷ তেনেদৰে ডাঙৰ মানুহেও সপোন দেখি বিছনাত মুতিব পাৰে৷
Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
ধাৰেৰে কাটিলেও কটা, গাদিৰে কাটিলেও কটা
Cutting with a knife either with the sharp edge or the blunt edge will ultimately lead to a cut injury. Similarly, be it direct or indirect, an attempt to harm someone would ultimately hurt him or her. So, it can never be supportable.
কটাৰী বা দা এখনৰ ধাৰেৰে কাটিলে যেনেকৈ কটা যায়, গাদিৰে কাটিলেও এটা সময়ত কটা যায় ৷ অৰ্থাৎ দুয়োটা কাৰ্য্যৰে অৱশেষত পৰিণাম একেই হয় ৷ ঠিক তেনেকৈ, পৰোক্ষ বা প্ৰত্যক্ষ যিকোনো প্ৰকাৰে কৰা অপকাৰৰ পৰিণামো শেষত একেই হয় ৷ অপকাৰ সদায় অপকাৰেই, ই কেতিয়াও সমৰ্থন-যোগ্য হ’ব নোৱাৰে ৷
কটাৰী বা দা এখনৰ ধাৰেৰে কাটিলে যেনেকৈ কটা যায়, গাদিৰে কাটিলেও এটা সময়ত কটা যায় ৷ অৰ্থাৎ দুয়োটা কাৰ্য্যৰে অৱশেষত পৰিণাম একেই হয় ৷ ঠিক তেনেকৈ, পৰোক্ষ বা প্ৰত্যক্ষ যিকোনো প্ৰকাৰে কৰা অপকাৰৰ পৰিণামো শেষত একেই হয় ৷ অপকাৰ সদায় অপকাৰেই, ই কেতিয়াও সমৰ্থন-যোগ্য হ’ব নোৱাৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-08
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-12-20
ধিং মাৰিলে মণিকুট পোৱা৷
Joining unwillingly in some work for the sake of show only.
আনক দেখোৱাবলৈ অনিচ্ছাকৃত ভাৱে কোনো কামত ভাগ লোৱা৷
আনক দেখোৱাবলৈ অনিচ্ছাকৃত ভাৱে কোনো কামত ভাগ লোৱা৷
Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
ধুই গা যিমান দিন যাব, নুধুই গা সিমান দিনেই যাব ৷
When the final fate of something is predictable or known, there is no meaning in wasting time and energy for it.
যি কামৰ পৰিণতি নিশ্চিত, তাত অনাহকত বেছি পৰিশ্ৰম কৰি লাভ নাই ৷
যি কামৰ পৰিণতি নিশ্চিত, তাত অনাহকত বেছি পৰিশ্ৰম কৰি লাভ নাই ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
ধোদৰ পচলা ৷
An extremely idle, sluggish or lethargic person.
অতিকৈ এলেহুৱা ব্যক্তি ৷
অতিকৈ এলেহুৱা ব্যক্তি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-28
ধোৱা তুলসীৰ পাত
A guilty person trying to prove himself as innocent.
তুলসীক খুউব পবিত্ৰ বুলি মনা হয় ৷ এই খণ্ডবাক্য শাৰী নঞৰ্থক ভাৱে ব্যৱহাৰ হয় ৷ দোষী মানুহে নিজকে নিষ্কলঙ্ক সজাবলৈ চেষ্টা কৰা
তুলসীক খুউব পবিত্ৰ বুলি মনা হয় ৷ এই খণ্ডবাক্য শাৰী নঞৰ্থক ভাৱে ব্যৱহাৰ হয় ৷ দোষী মানুহে নিজকে নিষ্কলঙ্ক সজাবলৈ চেষ্টা কৰা
Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
ধৰ্মৰ ঢোল বতাহে বজায় ৷
1) Truth will come out. 2) Virtue has its own reward.
সত্য আপুনা-আপুনি প্ৰকট হয় ৷