Found 16 proverb(s) beginning with "ল"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-16
ল যদি ল লোণ-ভাত, নল’লে খালি পাত ৷
1. One should not reject or deny something given to him or her merely due to choice or preference.
2. Beggars have no choice.
ভাতৰ লগত একো আঞ্জা নাই বুলি যদি ভাত ল’বলৈ অনিচ্ছা দেখুওৱা হয়, তেনেহ’লে নিজৰেই পাত খালি হৈ থাকিব আৰু খাবলৈ নেপাই ভোকত থাকিব লগীয়া হ’ব ৷ অৰ্থাৎ মানুহে অপচন্দনীয় বুলি বা তাকৰ বুলি কোনোবাই যাচি দিয়া বস্তুক অবজ্ঞা কৰা উচিত নহয়, তেনে কৰিলে নিজেই ভুক্তভোগী হ’ব লগীয়া হয় ৷
ভাতৰ লগত একো আঞ্জা নাই বুলি যদি ভাত ল’বলৈ অনিচ্ছা দেখুওৱা হয়, তেনেহ’লে নিজৰেই পাত খালি হৈ থাকিব আৰু খাবলৈ নেপাই ভোকত থাকিব লগীয়া হ’ব ৷ অৰ্থাৎ মানুহে অপচন্দনীয় বুলি বা তাকৰ বুলি কোনোবাই যাচি দিয়া বস্তুক অবজ্ঞা কৰা উচিত নহয়, তেনে কৰিলে নিজেই ভুক্তভোগী হ’ব লগীয়া হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-16
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-15
লওঁ বাকলি ছাল, সাতোটা সুখৰ এটাও নাপালো, ঢেঁকীটোও নাপালো ভাল৷
The discontentment of a woman who laments about her fate that she did not get any happiness from marriage neither material, nor marital even the simple household material `dheki`(rice milling machine) is also of poor quality.
দুখীয়া পৰিয়াললৈ বিয়া হৈ, লগতে পাৰিবাৰিক অশান্তিত ভোগা তিৰোতাৰ আক্ষেপ যে সাধাৰণ ঢেঁকীটোও তেওঁৰ ভাগত ভাল নপৰিল ৷
দুখীয়া পৰিয়াললৈ বিয়া হৈ, লগতে পাৰিবাৰিক অশান্তিত ভোগা তিৰোতাৰ আক্ষেপ যে সাধাৰণ ঢেঁকীটোও তেওঁৰ ভাগত ভাল নপৰিল ৷
Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-19
লগতেই নিনিয়ে আৰু বোলে কোচাত উঠো ৷
To propose illogical demands or claims to a party when adverse atmosphere prevails.
বহু কাবৌ-কাকতিৰ পাছত যদি কোনো ব্যক্তিক যাত্ৰাৰ সংগী হিচাপে লগত লোৱা হয় আৰু তাৰ পাছত যদি সেই ব্যক্তিয়ে কোচত উঠিবলৈ দাবী কৰে, তেনে দাবী বৰ দূৰ্বল হয় আৰু দাবীদাৰ হাঁহিয়াতৰ পাত্ৰ হয় ৷ এতেকে এই ফকৰাই প্ৰতিকূল পৰিস্থিতিত অযুক্তিকৰ দাবী উত্থাপন কৰা কাৰ্যক বুজায় ৷
বহু কাবৌ-কাকতিৰ পাছত যদি কোনো ব্যক্তিক যাত্ৰাৰ সংগী হিচাপে লগত লোৱা হয় আৰু তাৰ পাছত যদি সেই ব্যক্তিয়ে কোচত উঠিবলৈ দাবী কৰে, তেনে দাবী বৰ দূৰ্বল হয় আৰু দাবীদাৰ হাঁহিয়াতৰ পাত্ৰ হয় ৷ এতেকে এই ফকৰাই প্ৰতিকূল পৰিস্থিতিত অযুক্তিকৰ দাবী উত্থাপন কৰা কাৰ্যক বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-19
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় |
Power can make a man turn into devil. A good man can also do evil when he gets power.
ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় |
ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷
In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
লাওপাত কচুপাত মুখ
Expert in arguments.
বৰকৈ আৰু কটু কথাৰে থিতাতে কোনো কথাৰ উত্তৰ দিব পৰা স্বভাৱ ৷ তৰ্ক কৰাত পাকৈত ব্যক্তি ৷
বৰকৈ আৰু কটু কথাৰে থিতাতে কোনো কথাৰ উত্তৰ দিব পৰা স্বভাৱ ৷ তৰ্ক কৰাত পাকৈত ব্যক্তি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
লাগি থাকিলে মাগি খাব নালাগে ৷
One can be successful in anything if he/she persistently and sincerely engage himself/herself in it. One who does his/her job with sincerity never has to face hardship.
একাগ্ৰতাৰে যিকোনো কামত ব্ৰতী হ’লে সফলতা লাভ কৰাটো নিশ্চিত ৷ গতিকে নিষ্ঠা-সহকাৰে নিজৰ কাম কৰি যোৱা জন কেতিয়াও অভাৱগ্ৰস্ত হ’ব লগীয়া নহয় ৷
একাগ্ৰতাৰে যিকোনো কামত ব্ৰতী হ’লে সফলতা লাভ কৰাটো নিশ্চিত ৷ গতিকে নিষ্ঠা-সহকাৰে নিজৰ কাম কৰি যোৱা জন কেতিয়াও অভাৱগ্ৰস্ত হ’ব লগীয়া নহয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা
Contributed by: Syed Sayeedur Rahman on 2008-06-28
লাগে তামোল নালাগে, নালাগে তামোল লাগে
If one stays very closely to another then there bound to be quarrel between them, that their relationship does not sustain. On the other hand, if they stay not very closely their relation will flourish.
গাত গা লগাকৈ তামোল গছ ৰুলে তামোল নালাগে, গাত গা নলগাকৈ ৰুলে তামোল লাগে। অর্থাৎ কাৰোবাৰ সৈতে সম্পৰ্ক বেচি ঘনিষ্ঠ হ’লে তাৰ ফল ভাল নহয় ৷ অলপ দূৰে দূৰে থাকিলে মৰম চেনেহ বাঢ়ে।
গাত গা লগাকৈ তামোল গছ ৰুলে তামোল নালাগে, গাত গা নলগাকৈ ৰুলে তামোল লাগে। অর্থাৎ কাৰোবাৰ সৈতে সম্পৰ্ক বেচি ঘনিষ্ঠ হ’লে তাৰ ফল ভাল নহয় ৷ অলপ দূৰে দূৰে থাকিলে মৰম চেনেহ বাঢ়ে।
Contributed by: Syed Sayeedur Rahman on 2008-06-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
লুইতেহে জানে ব`ঠা কিমানলৈ বয়
One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.
লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়।
লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-31
লেতেৰা কাপোৰেৰে ময়লা গুচাব নোৱাৰি ৷
A man of bad character cannot contribute to clean the ill deeds of the society.
বেয়া মানুহৰ দ্বাৰা বা বেয়া মনোবৃত্তিৰে সমাজৰ কুকৰ্ম, কুসংস্কাৰ আদি আঁতৰাব নোৱাৰি ৷
বেয়া মানুহৰ দ্বাৰা বা বেয়া মনোবৃত্তিৰে সমাজৰ কুকৰ্ম, কুসংস্কাৰ আদি আঁতৰাব নোৱাৰি ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-31
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-14
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
Plan to cause damage or injury others may backfire and end up hurting self.
আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা
আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা
Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
লোকৰ কান্ধত বন্দুক থৈ গুলি কৰা
To perpetrate some mischievous act or crime through someone else for fulfilling one`s own interest so that he can escape of its responsibility or blame.
নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ হতুৱাই কোনো অসত্ কাম কৰোৱা, যাতে নিজে দোষৰ ভাগী নহয় ৷
নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ হতুৱাই কোনো অসত্ কাম কৰোৱা, যাতে নিজে দোষৰ ভাগী নহয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
লোণ আনোতে আনোতে পঁইতাই শেষ ৷
To take excessive time to accomplish a work and finishing it when it has no worth.
পঁইতা ভাত সাধাৰণতে লোণ বা নিমখ সানি খোৱা হয় ৷ যদি পঁইতা খাবলৈ বহি কৰোবাক নিমখ আনিবলৈ কোৱা হয় আৰু নিমখ আনোতে ইমান দেৰি লগোৱা হয় যে নিমখ আহি পায় মানে বিনা-নিমখেৰেই ভাত খোৱা শেষ হৈ যায়, তেনেহ`লে দেৰিকৈ অনা নিমখৰ কোনো প্ৰয়োজনেই নেথাকে ৷ সেয়ে এই ফকৰাই প্ৰয়োজনৰ সময়ত হেমাহি কৰি কোনো কাম অযথা দেৰিকৈ কৰা আৰু প্ৰয়োজনত নকৰা কাৰ্য্যক বুজায় ৷
পঁইতা ভাত সাধাৰণতে লোণ বা নিমখ সানি খোৱা হয় ৷ যদি পঁইতা খাবলৈ বহি কৰোবাক নিমখ আনিবলৈ কোৱা হয় আৰু নিমখ আনোতে ইমান দেৰি লগোৱা হয় যে নিমখ আহি পায় মানে বিনা-নিমখেৰেই ভাত খোৱা শেষ হৈ যায়, তেনেহ`লে দেৰিকৈ অনা নিমখৰ কোনো প্ৰয়োজনেই নেথাকে ৷ সেয়ে এই ফকৰাই প্ৰয়োজনৰ সময়ত হেমাহি কৰি কোনো কাম অযথা দেৰিকৈ কৰা আৰু প্ৰয়োজনত নকৰা কাৰ্য্যক বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোৱাৰি ৷
One can tolerate excess of salt in the diet, but none can tolerate harsh words of others.
খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে |
খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
লোভেই পাপ, পাপেই মৃত্যু |
Too much greediness is bad, sometimes it can lead to someones death .
বেছিকৈ লোভ কৰা বেয়া স্বভাৱ | কেতিয়াবা বেছিকৈ লোভ কৰিলে মৃত্যু পৰ্য্যন্ত হ'ব পাৰে |
বেছিকৈ লোভ কৰা বেয়া স্বভাৱ | কেতিয়াবা বেছিকৈ লোভ কৰিলে মৃত্যু পৰ্য্যন্ত হ'ব পাৰে |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
লোৰ কড়াই গুৰি চোবাই খাইছিলো, পচলাত ভাগি গ’ল দাঁত ৷
One who may easily accomplish a difficult task, may sometimes fail to do a simple job.
কঠিন বা কষ্টসাধ্য কামো অনায়াসে কৰিব পৰা জনে কেতিয়াবা সাধাৰণ কাম এটাকে কৰিবলৈ সক্ষম নোহোৱা অৰ্থত এই ফকৰাটি প্ৰয়োগ হয় ৷