Found 21 proverb(s) beginning with "শ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
শ ঘাপেৰে হয় নাঙল আৰু একে ঘাপে হয় খৰি।
It needs lot of hard work, care, time and perverance to construct or build a good thing, institute or relationship; but a careless gesture needs no time to destroy it.
বাঢ়ৈয়ে নাঙল এখন বনাবলৈ যাওতে কাঠ এচলাত বহু সতর্কতাৰে শ শ বাৰ হাতিয়াৰৰ ঘাপ দিবলগীয়া হয় আৰু ইয়াৰ বাবে বহু সময় খৰচ কৰিবলগীয়া হয়, কিন্তু এটি মাত্র অসতর্কতাৰে দিয়া ঘাপে নাঙলখনক ক্ষন্তেকতে খৰিলৈ পৰিবর্তন কৰি দিয়ে। একেদৰে অতি কষ্টেৰে আৰু বহু সময়ৰ অধ্যৱসায়েৰে তৈয়াৰ কৰা কোনো বস্তু, সংস্থা, অনুষ্ঠান অথবা পাৰিবাৰিক সম্পর্ক আদি এটি মাত্র অসৱধানতাপূর্ণ কথাই, কর্মই বা পদক্ষেপে ক্ষন্তেকতে থানবান কৰি দিব পাৰে।
বাঢ়ৈয়ে নাঙল এখন বনাবলৈ যাওতে কাঠ এচলাত বহু সতর্কতাৰে শ শ বাৰ হাতিয়াৰৰ ঘাপ দিবলগীয়া হয় আৰু ইয়াৰ বাবে বহু সময় খৰচ কৰিবলগীয়া হয়, কিন্তু এটি মাত্র অসতর্কতাৰে দিয়া ঘাপে নাঙলখনক ক্ষন্তেকতে খৰিলৈ পৰিবর্তন কৰি দিয়ে। একেদৰে অতি কষ্টেৰে আৰু বহু সময়ৰ অধ্যৱসায়েৰে তৈয়াৰ কৰা কোনো বস্তু, সংস্থা, অনুষ্ঠান অথবা পাৰিবাৰিক সম্পর্ক আদি এটি মাত্র অসৱধানতাপূর্ণ কথাই, কর্মই বা পদক্ষেপে ক্ষন্তেকতে থানবান কৰি দিব পাৰে।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
শ পাপে জ্বৰ, হাজাৰ পাপে খৰ
Ringworm is a very annoying skin disease. It is said after hundred sins one suffers from fever and after thousand sins one suffers from ringworm.
খৰ আমনিদায়ক চালৰ বেমাৰ৷ এনে বেমাৰ কাৰো নহওক৷ সেয়েহে কৈছে -কোনোৱে এশ পাপ কৰিলে জ্বৰত ভোগে; হাজাৰটা পাপ কৰাজনৰ খৰ হয়৷
খৰ আমনিদায়ক চালৰ বেমাৰ৷ এনে বেমাৰ কাৰো নহওক৷ সেয়েহে কৈছে -কোনোৱে এশ পাপ কৰিলে জ্বৰত ভোগে; হাজাৰটা পাপ কৰাজনৰ খৰ হয়৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
শক্তি চাইহে ভক্তি
One should try to involve himself with a task according to his capabilities only.
মানুহে পূজা-পাতল আদি মাঙ্গলিক অনুষ্ঠানত নিজৰ সাধ্য অনুসৰিহে খৰচ কৰিব পাৰে | ঠিক তেনেকৈ নিজৰ সামৰ্থ্য অনুসৰিহে মানুহে যিকোনো কামলৈ আগবাঢ়িব লাগে |
মানুহে পূজা-পাতল আদি মাঙ্গলিক অনুষ্ঠানত নিজৰ সাধ্য অনুসৰিহে খৰচ কৰিব পাৰে | ঠিক তেনেকৈ নিজৰ সামৰ্থ্য অনুসৰিহে মানুহে যিকোনো কামলৈ আগবাঢ়িব লাগে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।
A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.
শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়।
শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-19
শগুণৰ শাৱত বুঢ়া গৰু নমৰে
An event do not happen just by wishing it.
কিবা এটা ভাবিলেই বা ইচ্ছা কৰিলেই হৈ নাযায়
কিবা এটা ভাবিলেই বা ইচ্ছা কৰিলেই হৈ নাযায়
Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
শলাগোতে শলাগোতে শলাগাঠি লাগ ৷
Excessive praise reduces efficiency.
অতিবেছি শলাগ লোৱাৰ বাবে কাৰ্যক্ষমতা হ্ৰাস হ ৷
অতিবেছি শলাগ লোৱাৰ বাবে কাৰ্যক্ষমতা হ্ৰাস হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-02
শাক দি মাছ ঢাক ৷
Futile exercise to cover one's fault/sin/crime/ wrong doings with the help of some other work, word, or activity.
আঞ্জাৰ মাছ পাতত বেছিকৈ লৈ, আনে নেদেখক বুলি শাকেৰে সেই মাছ ঢাকিলেও পাছলৈ ভাত খোৱাৰ সময়ত মাছ উদং হ'বই আৰু আনৰ চকুত ধৰা পৰিবই ৷ একেদৰে ক্ৰটিপূৰ্ণ, দোষনীয় বা অপৰাধমূলক কাম আদি কৰি তাক আন কথা বা বস্তুৰ সহায়েৰে ঢাকিবলৈ বৃথা চেষ্টা কৰাক বুজায় ৷
আঞ্জাৰ মাছ পাতত বেছিকৈ লৈ, আনে নেদেখক বুলি শাকেৰে সেই মাছ ঢাকিলেও পাছলৈ ভাত খোৱাৰ সময়ত মাছ উদং হ'বই আৰু আনৰ চকুত ধৰা পৰিবই ৷ একেদৰে ক্ৰটিপূৰ্ণ, দোষনীয় বা অপৰাধমূলক কাম আদি কৰি তাক আন কথা বা বস্তুৰ সহায়েৰে ঢাকিবলৈ বৃথা চেষ্টা কৰাক বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-02
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-18
শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ |
One should know how to spend and, more importantly where to spend.
English sayings: Penny wise pound foolish
ক’ত কিমান খৰচ কৰিব লাগে তাক জনা উচিত ৷ কৃপণে একেৰাহী শাকত বহুত নিমখ লাগিব বুলি সঞ্চয় কৰিবলৈ পিটিকা বনায় খায় ৷ অথচ এবাটি পিটিকাত একেৰাহী শাকত লগা নিমখতকৈ বেচি দিয়ে ৷
ক’ত কিমান খৰচ কৰিব লাগে তাক জনা উচিত ৷ কৃপণে একেৰাহী শাকত বহুত নিমখ লাগিব বুলি সঞ্চয় কৰিবলৈ পিটিকা বনায় খায় ৷ অথচ এবাটি পিটিকাত একেৰাহী শাকত লগা নিমখতকৈ বেচি দিয়ে ৷
Contributed by: Rupankar Mahanta on 2008-03-18
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-13
শাকে শোকোতাই ভক্ষণ, সু পুৰুষৰ লক্ষণ
A well balanced diet is very much essential for a healthy body.
শোকোতা তিতা বাবে বা শাক-পাচলি বহুতৰ প্ৰথম পচন্দৰ খাদ্য নহয় ৷ কিন্ত সন্তুলিত আহাৰহে সুস্বাস্থ্যৰ জনক ৷
শোকোতা তিতা বাবে বা শাক-পাচলি বহুতৰ প্ৰথম পচন্দৰ খাদ্য নহয় ৷ কিন্ত সন্তুলিত আহাৰহে সুস্বাস্থ্যৰ জনক ৷
Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
শালকে মিৰিকাই হাঁহে
One having been guilty, to point fingers to the guilts of others
শাল মাছ (Channa marulius) আৰু মিৰিকা( Cirrihinus mrigala)মাছক সচৰাচৰ মানুহে খাবলৈ কম পছন্দ কৰে। কাৰণ মিৰিকা মাছত কাঁইট বেছি আৰু শাল মাছ দেখাত সাপৰ দৰে। সেয়ে এই মাছ দুটাই `মানুহে তোক নাখায়` বুলি কৈ এটাই আনটোক হাঁহে। অর্থাৎ নিজে দোষী হৈ আনৰ দোষ খুচৰি ফুৰা।
শাল মাছ (Channa marulius) আৰু মিৰিকা( Cirrihinus mrigala)মাছক সচৰাচৰ মানুহে খাবলৈ কম পছন্দ কৰে। কাৰণ মিৰিকা মাছত কাঁইট বেছি আৰু শাল মাছ দেখাত সাপৰ দৰে। সেয়ে এই মাছ দুটাই `মানুহে তোক নাখায়` বুলি কৈ এটাই আনটোক হাঁহে। অর্থাৎ নিজে দোষী হৈ আনৰ দোষ খুচৰি ফুৰা।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে ৷
One, who himself is in distress, should not ridicule another ill-fated person.
শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷
শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-02-22
শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷
Entrusting the duty of something to someone, who is greedy for the same.
যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া।
যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া।
Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
শিয়ালৰ জাক জাক, সিংহৰ এটা
A single man who is bold and strong could be an asset for the society and he can bring prosperity to it but thousands of cowards cannot do anything.
শিয়াল এবিধ ভয়াতুৰ, ধূর্ত আৰু দুর্ব্বল প্রাণী ৷ আনহাতে সিংহ নির্ভীক আৰু শক্তিশালী প্রাণী। সেয়ে জাক জাক শিয়ালে এটা মাত্র সিংহ দেখিলেও পলাই পত্রং দিয়ে। একেদৰে ভয়াতুৰ আৰু দুর্ব্বল মানুহ হাজাৰ জনতকৈ এজন নির্ভীক, শক্তিশালী মানুহে সমাজৰ অশেষ উন্নতি সাধন কৰিব পাৰে।
শিয়াল এবিধ ভয়াতুৰ, ধূর্ত আৰু দুর্ব্বল প্রাণী ৷ আনহাতে সিংহ নির্ভীক আৰু শক্তিশালী প্রাণী। সেয়ে জাক জাক শিয়ালে এটা মাত্র সিংহ দেখিলেও পলাই পত্রং দিয়ে। একেদৰে ভয়াতুৰ আৰু দুর্ব্বল মানুহ হাজাৰ জনতকৈ এজন নির্ভীক, শক্তিশালী মানুহে সমাজৰ অশেষ উন্নতি সাধন কৰিব পাৰে।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
শুই থকা মানুহকহে জগাব পাৰি ৷
A person who is asleep can be awaken easily, but someone pretends as if he is sleeping, none can make him awake. Similarly, a stubborn person cannot be pursuaded on any matter even by offerring strong arguments.
শুই থকা জনক সহজেই জগাব পাৰি, কিন্তু শোৱাৰ ভাও ধৰি পৰি থকা জনক কেতিয়াও জগাব নোৱাৰি ৷ তেনেদৰে, বুজিও নুবুজাৰ ভাও ধৰি থকা মানুহক হাজাৰটা যুক্তি দৰ্শাইও কোনো কথা মনাব নোৱাৰি ৷
শুই থকা জনক সহজেই জগাব পাৰি, কিন্তু শোৱাৰ ভাও ধৰি পৰি থকা জনক কেতিয়াও জগাব নোৱাৰি ৷ তেনেদৰে, বুজিও নুবুজাৰ ভাও ধৰি থকা মানুহক হাজাৰটা যুক্তি দৰ্শাইও কোনো কথা মনাব নোৱাৰি ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Biraj Kumar Kakati on 2008-02-09
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে|
A lazy person can't succeed in life.
এলেহুৱা মানুহে জীৱনত কেতিয়াও কৃতকাৰ্য্য হ'ৱ নোৱাৰে |
এলেহুৱা মানুহে জীৱনত কেতিয়াও কৃতকাৰ্য্য হ'ৱ নোৱাৰে |
Contributed by: Biraj Kumar Kakati on 2008-02-09
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-02
শুকক বেদ পঢ়ুৱা
To try to teach something to a person, who is already an expert on the subject.
শুকদেৱ আছিল বেদ-প্ৰণেতা ব্যাস মুনিৰ পুত্ৰ ৷ তেওঁ এজন শাস্ত্ৰজ্ঞ পণ্ডিত আছিল আৰু পৰীক্ষিত ৰজাক ভাগৱত শুনাইছিল ৷ গতিকে শুকক বেদ পঢ়ুৱাৰ অৰ্থ হ’ল - কোনো বিষয়ত যিজন অতি পাৰ্গত, তেওঁকে সেই বিষয়ত জ্ঞান দিবলৈ চেষ্টা কৰা ৷
শুকদেৱ আছিল বেদ-প্ৰণেতা ব্যাস মুনিৰ পুত্ৰ ৷ তেওঁ এজন শাস্ত্ৰজ্ঞ পণ্ডিত আছিল আৰু পৰীক্ষিত ৰজাক ভাগৱত শুনাইছিল ৷ গতিকে শুকক বেদ পঢ়ুৱাৰ অৰ্থ হ’ল - কোনো বিষয়ত যিজন অতি পাৰ্গত, তেওঁকে সেই বিষয়ত জ্ঞান দিবলৈ চেষ্টা কৰা ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-02
শুকান জেওৰা খৰি চেপি ৰস উলিওৱা
To extract fun and happiness even if somebody is in a very unhappy and disgusting situation
অতি নিৰস আৰু নিৰানন্দময় পৰিৱেশতো আনন্দৰ পৰিৱেশ সৃষ্টি কৰা ।
অতি নিৰস আৰু নিৰানন্দময় পৰিৱেশতো আনন্দৰ পৰিৱেশ সৃষ্টি কৰা ।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
শুনা কথালৈ নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ |
One should not trust rumours. Even if something is seen by ownself, it should be examined properly so that there is no scope for misinterpretation.
কাণ বাগৰি অহা কথা অৰ্থাত্ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে |
কাণ বাগৰি অহা কথা অৰ্থাত্ গুজৱক কেতিয়াও গুৰুত্ব দিব নালাগে | নিজে দেখা কথাটোও আনকি ভালকৈ গমি-পিতি চাইহে বিশ্বাস কৰিব লাগে, কাৰণ বহু সময়ত ভুল বুজাৰ অৱকাশ থাকে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
শুবৰ বেলিকা কুকুৰৰ পায়ুতে মুখখন ৷
Irrespective of its breed, a dog always keeps its mouth nearer to his anus while sleeping. Similarly, even if an evil man tries to cover up his character, ultimately he gets exposed through his misdeeds.
কুকুৰে শোওঁতে সদায় শৰীৰত এনে এটা ভাঁজ দিয়ে যে তাৰ মুখখন পায়ু বা মল্বদ্বাৰৰ ওচৰত থাকে, তেহেলৈ সি যি জাতৰে কুকুৰ নহওক ৷ ঠিক সেইদৰে, অসত্ লোকে যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক, সময়ত প্ৰকৃত চৰিত্ৰ তেওঁৰ কাৰ্য্যকলাপৰ যোগেদি প্ৰকাশ পায় ৷
কুকুৰে শোওঁতে সদায় শৰীৰত এনে এটা ভাঁজ দিয়ে যে তাৰ মুখখন পায়ু বা মল্বদ্বাৰৰ ওচৰত থাকে, তেহেলৈ সি যি জাতৰে কুকুৰ নহওক ৷ ঠিক সেইদৰে, অসত্ লোকে যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক, সময়ত প্ৰকৃত চৰিত্ৰ তেওঁৰ কাৰ্য্যকলাপৰ যোগেদি প্ৰকাশ পায় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
Contributed by: Punyalata Gohain on 2025-04-02
শেনটো হৈ যোৱা, ফেঁচাটো হৈ অহা
Going the hawk and becoming the owl
প্ৰথমতে ডাংকোপ মৰা কথা কৈ পিছত একেবাৰে নিতাল মাৰা
প্ৰথমতে ডাংকোপ মৰা কথা কৈ পিছত একেবাৰে নিতাল মাৰা
Contributed by: Punyalata Gohain on 2025-04-02
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-02
শ’ল ঠেকত পৰ ৷
To fall in trouble or problem all of a sudden.
হঠাৎ বিপদত পৰ ৷