Found 23 proverb(s) beginning with "ৰ"
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
ৰক্ষকেই ভক্ষক হোৱা ৷
When a safeguard or a man with responsibility becomes the destroyer or exploiter.
যেতিয়া কোনো ব্যক্তিয়ে নিজৰ দায়িত্বত থকা সম্পদ, ধন-সম্পত্তি, মূল্যবান নথি-পত্ৰ আদি আত্মসাৎ কৰে, বিনষ্ট কৰে অথবা কুপ্ৰয়োগ কৰে ৷
যেতিয়া কোনো ব্যক্তিয়ে নিজৰ দায়িত্বত থকা সম্পদ, ধন-সম্পত্তি, মূল্যবান নথি-পত্ৰ আদি আত্মসাৎ কৰে, বিনষ্ট কৰে অথবা কুপ্ৰয়োগ কৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
ৰগৰতে জগৰ লগা স্বভাৱ ৷
It is used to denote the character of a person who does not understand joke, kidding or teasing. Kidding with such persons will lead to a quarrel only.
ধেমালি নুবুজা মানুহৰ লগত ধেমালি কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। এনে স্বভাৱৰ মানুহক বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয় ৷
ধেমালি নুবুজা মানুহৰ লগত ধেমালি কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। এনে স্বভাৱৰ মানুহক বুজাবলৈ এই ফকৰা-যোজনাটো ব্যৱহাৰ কৰা হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
ৰজা নাইকিয়া খাটত, ধৰি কিলায় বাটত৷
When the reign of a country is vested to an unworthy administrator, anarchism and lack of law & order prevails all around.
দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷
দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
Idiom ফকৰা-যোঁজনাৰজাই কৰিলে লীলা |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-16
ৰজাই কৰিলে লীলা |
প্রজাই কৰিলে ধৰি বান্ধি কিলা ||
It explains the bias attitude of law towards powerful and common people. Powerful people gets escape after committing some mistake but a common man gets punishment for the same mistake
ক্ষমতাশীল ব্যক্তিয়ে দোষ কৰিলে সেয়া তেওঁৰ কীৰ্তি কৰ্ম বুলি ৰেহাই পায় | কিন্তু সাধাৰণ মানুহে সেই একে কাম কৰিলে শাস্তি ভুগিব লগা হয় বা আইনৰ চকুত দোষী সাব্যস্ত হয়| ইয়াৰ দ্বাৰা অন্ধ আইনৰ পক্ষপাতিত্ব-মূলক ভূমিকাক বক্ৰোক্তি কৰা হয় |
ক্ষমতাশীল ব্যক্তিয়ে দোষ কৰিলে সেয়া তেওঁৰ কীৰ্তি কৰ্ম বুলি ৰেহাই পায় | কিন্তু সাধাৰণ মানুহে সেই একে কাম কৰিলে শাস্তি ভুগিব লগা হয় বা আইনৰ চকুত দোষী সাব্যস্ত হয়| ইয়াৰ দ্বাৰা অন্ধ আইনৰ পক্ষপাতিত্ব-মূলক ভূমিকাক বক্ৰোক্তি কৰা হয় |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-16
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক |
We should not get into conflict with those people who are having close relationship with the Government.
যিসকল ব্যক্তি ৰজাঘৰৰ আশীষধন্য হয়, তেনে লোকৰ সৈতে শত্ৰুতা কৰিব নেলাগে
যিসকল ব্যক্তি ৰজাঘৰৰ আশীষধন্য হয়, তেনে লোকৰ সৈতে শত্ৰুতা কৰিব নেলাগে
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক
One, who has blessings of the king or the man in power, can do anything easily without help or support from others.
যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই |
যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-02
ৰজাক নাটে, বঁজাক নাটে
A monarch is not satisfied with his kingdom alone and wants to expand his territories, likewise a childless person may also want to acquire large properties even though he doesn`t have any heir.
ৰজাৰ বিশাল ৰাজ্য থাকিলেও ৰাজ্য জয়ৰ হেঁপাহ নুগুছে, ঠিক সেইদৰে বঁজা, অৰ্থাৎ কিছুমান নিসন্তান লোকৰ সতি-সন্ততি নাথাকিলেও, সম্পত্তিৰ হেঁপাহ নুগুছে ৷
ৰজাৰ বিশাল ৰাজ্য থাকিলেও ৰাজ্য জয়ৰ হেঁপাহ নুগুছে, ঠিক সেইদৰে বঁজা, অৰ্থাৎ কিছুমান নিসন্তান লোকৰ সতি-সন্ততি নাথাকিলেও, সম্পত্তিৰ হেঁপাহ নুগুছে ৷
Contributed by: Barnali Deuri Bora on 2010-11-02
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-06-13
ৰজাক নাটে, বজাক নাটে, ধনীক নাটে ধনে৷
A man’s crave for money and property doesn’t get satisfied even if he already possesses everything he needs.
অগাধ সা-সম্পত্তিৰ গৰাকী হ'লেও নতুবা সন্তানহীন হ'লেও মানুহৰ সা-সম্পত্তিৰ প্ৰতি লোভ নকমে৷
অগাধ সা-সম্পত্তিৰ গৰাকী হ'লেও নতুবা সন্তানহীন হ'লেও মানুহৰ সা-সম্পত্তিৰ প্ৰতি লোভ নকমে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-06-13
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-31
ৰণত পৰি ক’লীয়া হ’লো, তেল নাইকিয়া ফপৰা হ’লো ৷
This idiom is used to express the deplorable plight of someone while struggling to overcome various problems in life.
জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰোঁতে হোৱা নিজৰ শাৰীৰিক দুৰ্দশা বুজাবলৈ এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ৷
জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰোঁতে হোৱা নিজৰ শাৰীৰিক দুৰ্দশা বুজাবলৈ এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-31
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
ৰসতে নামটো থোৱা
To get recognition for something done by others by merely associating with it very little.
আনে কৰা কাম এটাত সামান্য হাত উজান দি কৃতিত্বৰ অংশীদাৰ হোৱা
আনে কৰা কাম এটাত সামান্য হাত উজান দি কৃতিত্বৰ অংশীদাৰ হোৱা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।
Three persons from three different parts coming together for a national cause.
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা
Contributed by: Bikram M Baruah on 2008-02-09
ৰাইজে নখ জোকাৰিলে নৈ বয়।
If a number of people work together, a big and complex task can also be accomplished.
সকলোৱে কোনো কামত যোগ দিলে বহু ডাঙৰ বা জটিল কামো সহজে সমাধা কৰিব পাৰি।
সকলোৱে কোনো কামত যোগ দিলে বহু ডাঙৰ বা জটিল কামো সহজে সমাধা কৰিব পাৰি।
Contributed by: Bikram M Baruah on 2008-02-09
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-30
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।
Ones life and death purely depends on ones fortune (GOD). Nobody has the control on it.
কাৰ ক\'ত কেতিয়া মৰণ মিলিব বিধাতাৰ বাদে কোনেও নেজানে। জনম-মৰণৰ হৰ্তা-কৰ্তা ভগৱান মানে হৰি। ভগৱানে নিবিছাৰিলে গভীৰ বিপদত পৰিও কোনো লোক বাচি যায়, আৰু ভগৱানে নবছালে অতি সাৱধান হলেও মৰণ মিলিব পাৰে।
কাৰ ক\'ত কেতিয়া মৰণ মিলিব বিধাতাৰ বাদে কোনেও নেজানে। জনম-মৰণৰ হৰ্তা-কৰ্তা ভগৱান মানে হৰি। ভগৱানে নিবিছাৰিলে গভীৰ বিপদত পৰিও কোনো লোক বাচি যায়, আৰু ভগৱানে নবছালে অতি সাৱধান হলেও মৰণ মিলিব পাৰে।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-30
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-16
ৰাগৰ গুৰি তানানানা ৷
To fathom the hidden agenda of a person from his/her external activities of showiness.
কোনো ৰাগ বা সুৰৰ মূল কোনো এক স্বৰ্গম হয় আৰু তাৰ আলাপ,অন্তৰা আদি মূল সুৰৰ প্ৰকাশ হয়, সেয়ে ৰাগৰ মূল সুৰ বুজিলেই সম্পূৰ্ণ ৰাগ আয়ত্ত কৰিব পাৰি ৷ একেদৰে এই ফকৰাই কোনো ব্যক্তিয়ে নিজ অন্তৰ্নিহিত উদ্দেশ্য সিদ্ধিৰ বাবে অতিৰিক্ত কৰ্মোদ্যোগ দেখুৱা কাৰ্যৰ মূল উদ্দেশ্য আন কোনোবাই ঠাৱৰ কৰিব পৰাটো বুজায় ৷
কোনো ৰাগ বা সুৰৰ মূল কোনো এক স্বৰ্গম হয় আৰু তাৰ আলাপ,অন্তৰা আদি মূল সুৰৰ প্ৰকাশ হয়, সেয়ে ৰাগৰ মূল সুৰ বুজিলেই সম্পূৰ্ণ ৰাগ আয়ত্ত কৰিব পাৰি ৷ একেদৰে এই ফকৰাই কোনো ব্যক্তিয়ে নিজ অন্তৰ্নিহিত উদ্দেশ্য সিদ্ধিৰ বাবে অতিৰিক্ত কৰ্মোদ্যোগ দেখুৱা কাৰ্যৰ মূল উদ্দেশ্য আন কোনোবাই ঠাৱৰ কৰিব পৰাটো বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-16
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-02-21
ৰাজমন গজমন য’তেন ইচ্ছা ত’তে মন৷
A king and an elephant both are mighty creatures of this world. They do whatever they like. Similarly, a wealthy man leads the society so as to fulfil his own interest.
ৰজা আৰু গজ অৰ্থাৎ হাতীক পৰম ক্ষমতা সম্পন্ন বুলি ভবা হয়, সেই বাবে ৰজা আৰু হাতীৰ যি ইচ্ছা তাকে কৰিব পাৰে৷ ঠিক তেনেদৰে সমাজত ধনৱন্ত লোকে নিজৰ ইচ্ছামতে সমাজত নিজৰ প্ৰ্ৰভাৱ বিস্তাৰ কৰি নিজ স্বাৰ্থ পূৰণ কৰে৷
ৰজা আৰু গজ অৰ্থাৎ হাতীক পৰম ক্ষমতা সম্পন্ন বুলি ভবা হয়, সেই বাবে ৰজা আৰু হাতীৰ যি ইচ্ছা তাকে কৰিব পাৰে৷ ঠিক তেনেদৰে সমাজত ধনৱন্ত লোকে নিজৰ ইচ্ছামতে সমাজত নিজৰ প্ৰ্ৰভাৱ বিস্তাৰ কৰি নিজ স্বাৰ্থ পূৰণ কৰে৷
Contributed by: Sitaram Upadhyaya on 2015-02-21
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-08-18
ৰাজহুৱা শ বাহি শ হয়
many social works gets delayed because everyone expects other to initiate.
সমূহীয়া কামবোৰ এজনে আনজনলৈ পেলাই থওঁতে থওঁতে দেৰি হয়।
সমূহীয়া কামবোৰ এজনে আনজনলৈ পেলাই থওঁতে থওঁতে দেৰি হয়।
Contributed by: Rupankar Mahanta on 2008-08-18
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-08
ৰাতি হ’লে সাত হাল বাই ৰাতিপুৱা এহালো নাই
to plan many things but do nothing.
মনতে নানান পৰিকল্পনা কৰি থাকি সময়ত একো কাম নকৰা |
মনতে নানান পৰিকল্পনা কৰি থাকি সময়ত একো কাম নকৰা |
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-08
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-28
ৰান্ধনী উচটাই জোল খোৱা
Buttering someone to get one`s own interest fulfilled.
ৰান্ধনিক মিঠা মিঠা কথা কৈ ৰন্ধাৰ সোৱাদ লোৱা, অৰ্থাৎ কোনো মানুহক কিবা কাম কৰিবলৈ বুদ্ধি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰা।
ৰান্ধনিক মিঠা মিঠা কথা কৈ ৰন্ধাৰ সোৱাদ লোৱা, অৰ্থাৎ কোনো মানুহক কিবা কাম কৰিবলৈ বুদ্ধি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰা।
Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
Contributed by: Hemanta Saikia on 2009-02-28
ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল
Some people are believed to be honest. But after knowing some of his indecent act, the faith on him goes way.
কোনো লোকক কেতিয়াবা ভাল বুলি ভাবি থকা যায়। কিন্তু পাচত তেনে ব্যক্তিৰ কু-কৰ্ম ধৰা পৰিলে তেওঁৰ বিষয়ে থকা ধাৰণা সলনি হয়।
কোনো লোকক কেতিয়াবা ভাল বুলি ভাবি থকা যায়। কিন্তু পাচত তেনে ব্যক্তিৰ কু-কৰ্ম ধৰা পৰিলে তেওঁৰ বিষয়ে থকা ধাৰণা সলনি হয়।
Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
ৰূপে কি কৰে গুণেহে সংসাৰ তৰে
The virtue of a person only can conquer the world and his/her beauty can never do it.
মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়।
মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷
One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷
প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
ৰৌ-বৰালিলৈ আশা কৰি পুঠি-খলিহণাও নোপোৱা ৷
To be over ambitious and the act of overlooking the small opportunities in the expectation of bigger opportunities and thus ending up with no achievement at last.
মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷
মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
ৰৌটোকে ঢৌটো কৰা
To accentuate a simple or unimportant matter
সৰু বা গুৰুত্বহীন কথা এটাকে বেছিকৈ বঢ়াই কোৱা