Unicode > unicode-assamese-typing >

ইউনিক’ডত অসমীয়া লিখা : এটি চমু আলোচনা

ইউনিক’ড (Unicode) কি ?


ইউনিক’ডৰ বিষয়ে কোৱাৰ আগতে অলপ কম্পিউটাৰৰ বিষয়ে কৈ লওঁ৷ সহজ ভাষাত ক’বলৈ গ’লে কম্পিউটাৰে কেৱল সংখ্যাৰ লগতহে খেলা কৰে৷ গতিকে আখৰ বা চিহ্ন এটা কম্পিউটাৰক বুজাবলৈ হ’লে প্ৰথমে সেই আখৰ বা চিহ্নটোৰ বাবে এটা সংখ্যা নিৰ্ণয় কৰিব লাগিব৷ আখৰৰ লগত সংখ্যা জড়িত কৰিবৰ বাবে দেশে-বিদেশে নানা ধৰণৰ পদ্ধতি আছিল বা এতিয়াও আছে৷ কিন্তু এই পদ্ধতিবোৰৰ কিছুমান সীমাবদ্ধতা আছে, যেনে-পৃথিৱীৰ আটাইবোৰ লিপি বা ভাষাৰ আখৰসমূহ এই পদ্ধতিবোৰৰ কোনো এটাই সামৰি লোৱা নাই৷ তদুপৰি এই পদ্ধতিবিলাক ইটোৰ লগত সিটো নিমিলে৷ তাৰমানে দুটা পদ্ধতিয়ে একেটা আখৰৰ বাবে দুটা বেলেগ সংখ্যা বা একেটা সংখ্যাকে দুটা বেলেগ বেলেগ আখৰৰ লগত জড়িত কৰিব পাৰে৷ মুঠতে এক খেলিমেলি পৰিস্থিতি৷ তাৰ ফলত কোনো এক শ্ৰেণীৰ কম্পিউটাৰত টাইপ কৰা একেখিনি আখৰ আন এক শ্ৰেণীৰ কম্পিউটাৰত নেদেখিব পাৰোঁ বা দেখিলেও বিসংগতিপূৰ্ণ হ’ব পাৰে৷ এই কথাষাৰ ইণ্টাৰনে’টৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য৷
এনে অসুবিধাসমুহ আঁতৰ কৰিবৰ বাবেই ১৯৯১ চনত আমেৰিকাস্থিত এটা অপেচাদাৰী সংগঠনে (যিটো Unicode Consortium নামেৰে জনাজাত) এটা নতুন পদ্ধতিৰ উদ্ভাৱন কৰিলে, যি পৃথিৱীৰ প্ৰায় সকলো লিপিৰ সকলো আখৰৰ বাবে এটা অদ্বিতীয় সাংখ্যিক মান নিৰ্ণয় কৰিব পাৰে৷ এই পদ্ধতিৰে এতিয়ালৈকে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৯,০০০ তকৈও অধিক আখৰ বা চিহ্নৰ বাবে সাংখ্যিক মান নিৰ্ধাৰণ কৰা হৈছে৷ বৰ্তমান পৃথিৱীৰ সকলো দেশে এই পদ্ধতিক স্বীকৃতি দিছে৷ Microsoft, Apple, IBM, HP আদি ডাঙৰ ডাঙৰ কোম্পানীবিলাকেও তেওঁলোকৰ software বিলাকত এই পদ্ধতি ব্যৱহাৰ কৰিছে৷ এই পদ্ধতি বা মানটোৱেই হ’ল ইউনিক’ড পদ্ধতি বা ইউনিক’ড মান (standard) বা চমুকৈ ইউনিক’ড৷ গতিকে আমাৰ ভাষা এটা বিশ্বজনীন কৰিবলৈ হ’লে বা ইণ্টাৰনে’টত লিখিবলৈ হ’লে এই মান অপৰিহাৰ্য৷

ইউনিক’ডত অসমীয়া লিখা মানে কি ?


কম্পিউটাৰত অসমীয়া লিখাটো এটা নতুন কথা নহয়৷ বহুতে বিভিন্ন software (যেনে Ramdhenu, iLeap আদি) ব্যৱহাৰ কৰি বহু বছৰৰ আগৰ পৰাই অসমীয়া লিখি আহিছে৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যে সচৰাচৰ ব্যৱহাৰ কৰা এই software সমূহ ইউনিক’ড মানৰ ভিত্তিত নিৰ্মাণ কৰা নহয়৷ গতিকে ওপৰত উল্লেখ কৰা অসুবিধাসমূহে ইয়াতো দেখা দিব৷ সেয়েহে আমি অসমীয়া লিখিবলৈ এনে কিছুমান উপায় অৱলম্বন কৰিব লাগিব বা এনে কিছুমান software ব্যৱহাৰ কৰিব লাগিব, যিবোৰ ইউনিক’ড মানৰ ভিত্তিত নিৰ্মিত৷ তেনে জনপ্ৰিয় software কেইটামান হৈছে Avro, Xobdo KB, Baraha, Assamese Indic Input ইত্যাদি৷ এনে software বা উপায় অৱলম্বন কৰি কম্পিউটাৰত অসমীয়া লিখাটোকে আমি কওঁ “ইউনিক’ডত অসমীয়া লিখা”৷
ইউনিক’ডত অসমীয়া লিখাতো খুবেই প্ৰয়োজনীয় নেকি ?


হয়, দুটা দিশৰপৰা ইউনিক’ডত অসমীয়া লিখাতো খুবেই প্ৰয়োজনীয়৷ প্ৰথম, অসমীয়া ভাষাটো যদি আমি বিশ্বজনীন কৰিব বিচাৰোঁ, তেন্তে ইউনিক’ডত লিখাৰ বিকল্প নাই৷ দ্বিতীয়তে, ইণ্টাৰনে’টত আন কেইবাটাও ভাৰতীয় ভাষাৰ তুলনাত অসমীয়া ভাষাৰ সমল তেনেই কম৷ আমাৰ যিকেইখন অসমীয়া বাতৰি কাগজৰ ইণ্টাৰনে’ট সংস্কৰণ আছে, তেওঁলোকেও ইউনিক’ড লিখিব পৰা software ব্যৱহাৰ কৰা নাই৷ তেওঁলোকে এতিয়াও বাতৰিবিলাক image format ত দিয়ে৷ ফলত Google বা অন্য search engine এ বিচাৰি পোৱাত অসুবিধা হয় আৰু সেয়েহে আমি বেছি অসমীয়া তথ্য বিচাৰি নাপাওঁ৷ গতিকে ইণ্টাৰনে’টত অসমীয়া সমল বৃদ্ধি কৰিবলৈ আমি অসমীয়া ভাষাত ৱেবচাইট, ব্লগ আদি সৃষ্টি কৰাৰ ওপৰিও social networking site বিলাকত অসমীয়া ভাষাত লিখা-মেলা কৰিব পাৰোঁ৷ ইণ্টাৰনে’টত অসমীয়া সমল বৃদ্ধি কৰাতো অন্য এক দিশৰপৰাও গুৰুত্বপূৰ্ণ৷ আপুনি হয়তো জানে যে Google, Facebook আদি ৱেবচাইটবিলাক বাংলা, হিন্দী, তামিল আদি কেবাটাও ভাৰতীয় ভাষাত দেখা পোৱা যায়৷ কিন্তু অসমীয়া ভাষাত আজিলৈকে সেয়া উপলব্ধ নহয়৷ ইয়াৰ অন্যতম কাৰণ হ’ল ইণ্টাৰনে’টত অসমীয়া সমলৰ অভাৱ৷ কোম্পানীবিলাকে ভাবে যে যিহেতু ইণ্টাৰনে’টত অসমীয়া ভাষা লিখা বা পঢ়া বেছি মানুহ নাই, গতিকে এই ভাষাটোক গুৰুত্ব দি লাভ নাই৷ আমি যদি ভৱিষ্যতে Google, Facebook আদি চাইটবিলাক অসমীয়াত চাব বিচাৰোঁ, তেন্তে আমি বিশেষ একো কৰিব নালাগে-অসমীয়া ইউনিক’ডেৰে ইণ্টাৰনে’ট ভৰাই পেলাব লাগে৷


গতিকে আহক, আমি ইউনিক’ডত অসমীয়া লিখিবলৈ শিকোঁ আৰু এই তথ্য-প্ৰযুক্তিৰ যুগতো অসমীয়া ভাষাটোক জীয়াই ৰাখোঁ৷