shankShankaladib

Shankal (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-26
1. Historial(Proper Noun-Masculine) A great warior king from 4th century Kamrup, defeted mighty king Kedar Brahmin. Shankal possess a huge army with 4 lakhs infanty. (Source: - Encyclopedia of NE India Vol-I by Col Bed Prakash) খ্ৰীঃ চতুৰ্থ শতিকাত কামৰূপৰ ৰজা আছিল শংকলাদিৱ বা শংকৰদেৱ; বেজবৰুৱাই চমুকৈ শংকল বুলিও কৈছে৷ এওঁ গৌড় বা লক্ষণাৱতী চহৰ স্থাপন কৰিছিল - যিখন পাছলৈ বহু বছৰ জুৰি পুৰণা বংগ দেশৰ ৰাজধানী হৈ আছিল৷ উত্তৰ ভাৰতৰ সেই সময়ৰ কেদাৰ বাহ্মণ নামৰ ৰজাক শংকলে পৰাস্ত কৰিছিল৷ তেওঁৰ বিশাল সৈন্য বাহিনী আছিল৷ (উৎস - গোৱালপাৰাৰ ইতিহাস, আনন্দচন্দ্ৰ আগৰৱালা ) সাহিত্য ৰথীৰ ভাষাত "উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণ মহাবলৱন্ত ৰজা, কামৰূপাধিপতি শঙ্কলাদিবে ঘটুৱালে কেনে বুজা৷ বাজক দবা, চাৰি লাখ পদাতি, লাখ অশ্বাৰোহী চাৰি হেজাৰেক হাতী, শঙ্কলাদিবৰ বীৰ্য্য-বিক্ৰমৰ ভাৰত বিয়পা খ্যাতি৷ লক্ষ্মণাৱতী গৌৰ ৰজাৰ আমাৰ শঙ্কলে কৰা, ৰাজধানী হৈ আছিল বঙ্গৰ দুহাজাৰ বছৰ জোৰা৷