জল-কৰংকজল-তৰপ

জল-ঘোটক (Assamese) [ Roman: jo.lo-gho`.tok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
1. (Common Noun-Common) Walruses are the largest carnivorous pinnipeds in the Arctic and Subarctic areas. They like to live in shallow water by ice floes or land. Their habitat is the entire polar basin. There are two types of walrus - the Pacific and the Atlantic. There are more pacific walrus than Atlantic.
Males are found to be 10-12 ft long and may be as heavy as 2 tons weight. On the other hand the females are 8-9ft long and 1-1.50 tons in weight. Breeding occurs in February and March but the fetus doesn't begin to grow until later in June and gives birth after 15-16 months. Calves weigh 85-140 lb. The calves are dark gray-brown in color when born.
The arctic people in Alaska use the walrus for many things. The meat is eaten by the villagers and fed to the dogs, the skin is used to make umiak (walrus hide boats) boats, and the intestines are used for rain coats, window-covers, and floats. They use the ivory tusks and carve beautiful pictures on them and make a lot of different objects with them like necklaces. The bones are used to make spear heads.
মেৰু প্ৰদেশত থকা চীল জাতিৰ এবিধ সাগৰৰ স্তন্যপায়ী মাংসভোজী জন্তু | ইহঁতৰ বিশাল আকৃতিৰ দাঁত আৰু দীঘল দীঘল দাড়ি কেইডাল বিশেষভাৱে লক্ষ্যণীয়| সিন্ধুঘোটকবোৰ বৰফ-পানী আৰু তাৰ মাজে-মাজে থকা বাম অংশবোৰত বাস কৰে| সিন্ধুঘোটকবোৰ বহলভিত্তিত দুটা ভাগত ভগাব পাৰি – প্ৰশান্ত মহাসাগৰীয় আৰু আটলাণ্টিক মহাসাগৰীয় |
মতাবোৰ ১০ – ১২ ফুট দীঘল আৰু ২ টনলৈ গধুৰ হোৱা দেখা যায় | আনহাতে মাইকীবোৰ ৮-৯ ফুট দীঘল আৰু ১-১.৫০ টনলৈ গধুৰ হয়| ফেব্ৰুৱাৰী-মাৰ্চ মাহত মাইকীবোৰ সগৰ্ভা হয় আৰু পিছৰ বছৰ জুনৰ শেষলৈ ৮৫-১৪০ পাউণ্ড ওজনৰ ধূসৰ-মুগা বৰণৰ পোৱালী জন্ম দিয়ে |
সিন্ধুঘোটকবোৰে চাৰিওফালৰ জলবায়ুৰ লগত খাপ খাব পৰা এক অদ্ভুৎ ক্ষমতা আছে | চালৰ তলত থকা ডাঠ চৰ্বিয়ে মেৰু প্ৰদেশৰ হাঁড় কপোৱা ঠাণ্ডাৰ লগত মোকাবিলা কৰাত সহায় কৰে | আলাস্কাৰ দৰে ঠাইত সিন্ধুঘোটকৰ মাংস ভক্ষণ কৰে আৰু চালবোৰ উমিয়াক নামৰ নাওঁ বনাবলৈ ব্যৱহাৰ কৰে | অন্ত্ৰ-ক্ষুদ্ৰান্তৰ পৰা গৰম কোট, পানী কোট আদি বনোৱা দেখা যায় | দাঁতবোৰ বিভিন্ন ধৰণৰ অলঙ্কাৰজাতীয় বস্তু বনোৱাত ব্যৱহাৰ কৰা দেখা যায় |