Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ঘ"

Riddle সাথৰ

ঘৰৰ পিঠা মাটি, চুবুৰীয়াৰ পিঠা মিঠাই ৷

One cannot understand the value of valuable item when it is easily achievable, but he/she realizes well the value of material when it is difficult to achieve, even if it is worthless.
ঘৰত বনোৱা সুখাদ্য সাধাৰণতে খাবলৈ ভাল নেলাগে, আনহাতে প্ৰতিবেশীৰ ঘৰত বনোৱা অখাদ্যও সু্স্বাদু মিঠাইৰ দৰে লাগে ৷ অৰ্থাৎ মানুহে অনায়াসে পোৱা মূল্যৱান বস্তুৰ মূল্য বুজি নেপায়, কিন্তু কষ্টেৰে পোৱা বস্তু সস্তা হ\'লেও তাৰ মূল্য অধিক বুলি অনুভৱ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-18
Idiom ফকৰা-যোঁজনা

এশ গৰু মাৰিলে বাঘৰো মৰণ

If one does harm to a large number of people, one also gets hurt.
বহুলোকৰ অনিষ্ট কৰিলে, নিজৰো অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷ Contributed by: Bikram M Baruah on 2008-02-16
Idiom ফকৰা-যোঁজনা

ক্ষুধাই নেমানে শুদা, ঘুমে নেমানে কাদা৷ (ক্ষুধাই নেমানে শুদা ভাত, ঘুমটিয়ে নেমানে মাটি-পাত৷)

If one is really hungry, he/she can eat meal full stomach even if there is no condiment/curry with it. Similarly, once can sleep anywhere when he/she feels sleepy strongly. No hurdle can stop a person in his work, if he/she is in real need of it.
ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে । Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

ঘৰ শত্ৰু বিভীষণ ৷

Fifth columnist.
বিভীষণে নিজৰ ভাতৃ ৰাৱণৰ বিৰুদ্ধাচৰণ কৰি ৰামক সহায় কৰিছিল, একেদৰে আপোন মানুহে শত্ৰুতামূলক কাম কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

বাঘ নাই বনত, হৰিণাই দেও দি চৰি ফুৰি খায় ৷

An organization without a strong administrator is like a forest without tigers wherein the deer have fearless movement for grazing. The employees of such organizations have no fear for punishment of doing wrong doings and thus chaos prevails sooner or later.
যি বনত বাঘ নাথাকে, তাত হৰিণািই অবাধে বিচৰণ কৰিব পাৰে আৰু য'তে ত'তে ঘাঁহ খাই ল'ৰি ফুৰিব পাৰে; কাৰণ তেনে বনত হৰিণাৰ প্ৰাণৰ ভয় নেথাকে ৷ একেদৰে যি প্ৰতিষ্ঠানত বলিষ্ঠ প্ৰশাসক নেথাকে, তাৰ সদস্যসকল উদণ্ড প্ৰকৃতিৰ হৈ পৰে আৰু অৰাজকতাৰ উৎপত্তি হয়, যিহেতু তাত আইন ভঙ্গকাৰী বা ভ্ৰষ্টাচাৰীয়ে শাস্তি পোৱাৰ ভয় নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা

চাপৰিলে মেঘ নাঁতৰে৷

No excuse can cover up a misdeed or unlawful activities.
যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা

ছাঁটোকে বাঘটো যেন দেখা

the state or tendency of considering a small matter as a big problem and to get frightened for it
নিজৰ ছাঁটোকে দেখি বাঘ বুলি ভাবি ভয় খোৱা, অৰ্থাৎ সামান্য কথাতে ভয় খাই বা অতি সাধাৰণ সমস্যা এটাকে ডাঙৰ বিপদ বুলি ভাবি কিং-কৰ্ত্তব্য-বিমূঢ় হোৱা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-01
Riddle সাথৰ

ঘৰ শুৱনি বাৰি, শাৰী শুৱনি পাৰি, নাৰী শুৱনি শাৰী ৷

A house becomes beautiful when it has a nice garden, a shadi (Indian dress for woman) is attractive when its border is attractive and women get actual beauty in she is cladded in shadi.
ঘৰৰ লগতে শুৱনি বাৰি এখন থাকিলে ঘৰখন শুৱনি দেখি, একেদৰে শাৰী এখনৰ পাৰি (border)শুৱনি সুন্দৰ হ'লে শাৰীখন ভাল লাগে আৰু নাৰীয়ে যেতিয়া শাৰী পিন্ধে তেতিয়াহে তেওঁলোকৰ প্ৰকৃত সৌন্দৰ্য ফুটি উঠে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-21
Idiom ফকৰা-যোঁজনা

নেচাই ডেলে গালৈকে ঘাটি

While walking, one should always be careful about the condition of the road; otherwise there is a chance of getting hurt by hitting on any object lying on the way or by snake-bite while accidentally stepping over it. Similarly, unless one carefully considers about the pros
ৰাস্তাইদি বাট বুলোঁতে সাৱধানে তললৈ চাই নগ`লে কেতিয়াবা সাপ বা আন অপকাৰী প্ৰাণীৰ ওপৰেৰে পাৰ হৈ যাওঁতে সিহঁতৰ দংশনৰ ফলত অথবা কিহবাত উজুটি খাই আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে৷ ঠিক সেইদৰে, কোনো এটা কাম কৰিবলৈ লওঁতে সম্ভাৱ্য বিপদ-আপদ সম্পৰ্কে সচেতন নহ`লে লোকচানৰ সন্মূখীন হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-11
Idiom ফকৰা-যোঁজনা

সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।

Those woman who roam in the market place may loose their character.
বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷ Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা

ঘোঁৰা কিনিলে চাবুকো কিনিবা।

While you do some big business, do small things related to it
কিবা এটা ডাঙৰ কাম কৰিবলৈ হ’লে সেই কামৰ লগত জড়িত সৰু-সুৰা কামবোৰো কৰিব লাগে। Contributed by: Sitaram Upadhyaya on 2014-12-26
Phrase খণ্ডবাক্য

হাত দীঘল ৷

Powerful or commanding
ক্ষমতাশালী Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

শ ঘাপেৰে হয় নাঙল আৰু একে ঘাপে হয় খৰি।

It needs lot of hard work, care, time and perverance to construct or build a good thing, institute or relationship; but a careless gesture needs no time to destroy it.
বাঢ়ৈয়ে নাঙল এখন বনাবলৈ যাওতে কাঠ এচলাত বহু সতর্কতাৰে শ শ বাৰ হাতিয়াৰৰ ঘাপ দিবলগীয়া হয় আৰু ইয়াৰ বাবে বহু সময় খৰচ কৰিবলগীয়া হয়, কিন্তু এটি মাত্র অসতর্কতাৰে দিয়া ঘাপে নাঙলখনক ক্ষন্তেকতে খৰিলৈ পৰিবর্তন কৰি দিয়ে। একেদৰে অতি কষ্টেৰে আৰু বহু সময়ৰ অধ্যৱসায়েৰে তৈয়াৰ কৰা কোনো বস্তু, সংস্থা, অনুষ্ঠান অথবা পাৰিবাৰিক সম্পর্ক আদি এটি মাত্র অসৱধানতাপূর্ণ কথাই, কর্মই বা পদক্ষেপে ক্ষন্তেকতে থানবান কৰি দিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা

বিনা মেঘে বজ্ৰপাত

Encountering suddenly something unexpectedly bad without any proper prior hint
কোনো আগজাননী অবিহনে কিবা অঘটন ঘটা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা

বাঘৰ নেজেৰে কাণ খজুৱা

Inviting trouble by committing some useless foolish activities.
অনাহকতে নিজে নিজৰ বিপদ চপাই লোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷

To use something prepared or gathered for others to serve one's own purpose.
আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Phrase খণ্ডবাক্য

গা ঘেলা

To exhibit bodily beauty, dresses, apparels etc. extremely.
শাৰীৰিক সৌন্দৰ্য্য, পোছাক-পৰিচ্ছদ আদি অতি বেছিকৈ প্ৰদৰ্শন কৰ‌্। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা

নাখাওঁ তাইৰ হাতে ভাত, ঘূৰি ঘূৰি তাইতে হাত

Even if someone takes a pledge not to take a meal prepared by another, when he is hungry he has to break his promise. It means that one cannot avoid asking for help from anyone at the time of distress.
কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয় ৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও বিপদৰ সময়ত উপায় নাপাই কৰাবলৈ বাধ্য হয় ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

দীঘলকৈ মাৰিবা ফুই, তেহে দেখিবা জুইৰ মুই ৷

To see firewood burning nicely, one has to blow air deeply into it after having lit.
খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Idiom ফকৰা-যোঁজনা

ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় ৷

Constant dripping wears out the stone.
বাৰে বাৰে ঘঁহি থাকিলে শিলৰ দৰে টান বস্তুও ক্ষয় যায়, একেদৰে বাৰে বাৰে চেষ্টা কৰি থাকিলে অসাধ্যও সাধন কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

মা গুণে জী, গাই গুণে ঘিঁ৷

A daughter is always influenced by the character of her mother and builds a similar character by imitating. Similarly, the quality of ghee is dependent on the quality of the breed of cow. In other words, the outcome of any work, incident, activity is always influenced by its ancestors, be it positive or negative.
কোনো এক নাৰী মাকৰ গুণৰ দ্বাৰা বৰকৈ প্ৰভাৱিত হয় আৰু চাৰিত্ৰিকভাৱে মাকৰ দৰে হয়; একেদৰে গাই এজনীৰ গাখীৰৰ গুণৰ দ্বাৰা তাৰ পৰা তৈয়াৰ কৰা ঘিঁউৰ সোৱাদ নিৰ্ণিত হয়৷ অৰ্থাৎ কোনো কাম, পৰিঘটনা আদিৰ ফলাফল কৰ্ত্তাৰ উপৰিপুৰুষৰ গুণৰ ওপৰত নিৰ্ভৰ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

কটা ঘাত / গেলাত টেঙা দিয়া অথবা কটা ঘাত চেঙা তেল দিয়া

To inflict physical or mental injury to someone, who has been already suffering.
দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

ঘোঁৰা দেখি খোৰা হোৱা ৷

To be unwilling to work when there is somebody to help.
কোনো মানুহে ঘোঁৰা থাকিলে ঘোঁৰাত উঠি যাবলৈ খোজ কঢ়াৰ অসমৰ্থতা দেখুৱায়, অৰ্থাৎ কাম কৰিবলৈ মানুহ থাকিলে কিছুমান মানুহে কাম নকৰিবলৈ বিভিন্ন অজু্হাত দেখুৱায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

বাঘৰ আগতেল খোৱা

rowdy, unruly or uncontrollable
অতি দুষ্ট, তীখৰ; যেনে: বাঘৰ আগতেল খোৱা ল’ৰাটোক লৈ মাকৰ বৰ চিন্তা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

মেলিলে মন ঘোঁৰাৰ চুটি, বান্ধিলে মন শিলৰ খুটি ৷

If someone cannot control his mind, his aspirations know no bounds. On the other hand, a determined person never deviates from his path, come what may.
নিজৰ মন বান্ধি ৰাখিব নোৱাৰিলে হাবিয়াস বাঢ়ি গৈ থাকে ৷ আনহাতে যি দৃঢ়-সংকল্প, তেওঁৰ মন শিলৰ খুটিৰ দৰে; কোনো কথাই তেওঁক লৰাব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা

য`তে বাঘৰ ভয় ত`তে ৰাতিও হয় |

To face something for what somebody scares a lot.
যি বস্তু, কথা বা পৰিস্থিতিলৈ ভয় কৰা হয়, বিধিৰ বিপাকত তাৰেই সন্মুখীন হ`বলগীয়া হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা

ইজনে দিলে কটা ঘাঁটি, সিজনে দিয়ে দৰব বটি ৷

Once a person is hurt by someone and some other person from the same family or group wants to show sympathy to him or her, this saying is used to ridicule the act.
মানুহে যদি কোনো এক পৰিয়াল বা সমাজৰ মাজৰ এজনৰ পৰা কষ্ট পায়, তেনেস্থলত সেই পৰিয়ালৰ আন এজনৰ পৰা সমবেদনা বা অনুকম্পা আদি পালে, ব্যঙ্গাত্মকভাৱে এনেদৰে কোৱা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা

ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি |

Shali is a species of paddy which need plenty of water in the paddy field to get good cultivation. To collect water in the rainy season more number of damp is necessary. So, to have good grain from Shali you have to make more damps. Which intriguingly means that hard work is an integral part to achieve success.
শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন | সেইবাবে শালি-তলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয় | মাটি বাম হ’লে পানী সহজে নৰয় | তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয় | আলি ঘন হ’লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয় | গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ’লে আলি ঘনাই দিব লাগে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল আৰ্জন কৰিব খুজিলে তাৰ সু-ব্যৱস্থাও ল’ব লাগে | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা

ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক

One, who has blessings of the king or the man in power, can do anything easily without help or support from others.
যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

থলুৱা কুকুৰ থলত বাঘ, বাজত মেকুৰী ৷

A local dog is lion in his own den, but becomes a cat once it goes out. Other words, one who shows bravery by dint of the courage of others, but really he is a coward.
থলুৱা কুকুৰে নিজ স্থানত বাঘৰ নিচিনা সাহস দেখুয়ায়, কিন্তু বাহিৰত গ'লে মেকুৰীৰ দৰে আচৰণ কৰে ৷ অৰ্থাৎ যি আনকাৰোবাৰ শক্তিৰে বা আপোন মানুহৰ উপস্থিতিতহে সাহস প্ৰদৰ্শন কৰে, যি প্ৰকৃততে ভয়াতুৰ বা কাপুৰুষ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়

Once a person is frightened by something he/she becomes cautious to similar actions/incidents.
মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Idiom ফকৰা-যোঁজনা

তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷

This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.
এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা

বাঘে ধৰাদি ধৰ্

to question somebody using strong words asking explanation on some matters
কাৰোবাক কোনো বিষয়ৰ কৈফিয়ৎ বিছাৰি সমুখা-সমুখিকৈ জবাবদিহি কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-01
Idiom ফকৰা-যোঁজনা

গোঁসাই ঘৰত কোন, মই কল খোৱা নাই ৷

To expose one`s own misdeeds while trying to cover or hide something.
বেয়া কাম কৰি লুকুৱাব খোঁজোতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

কুকুৰৰ নেজ দীঘল নিজে পাৰি বহে

to enjoy one's wealth without giving any share of it to others.
নিজৰ সম্পত্তিৰ আয়ৰ ভাগ সদায় নিজেই ভোগ কৰিবলৈ পায় ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

বাঘে-ছাগে একে ঘাটতে পানী খোৱা

Two staunch enemies coming together in order to fulfill their common interests
দুই পৰম শত্ৰুৱে নিজৰ স্বাৰ্থ পূৰণৰ খাতিৰত একত্ৰ হৈ কাম কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
Idiom ফকৰা-যোঁজনা

বাৰীৰ ঘাহেঁ, গোহালিৰ গৰুৱে ৰাহি নাহে

underestimating one's own experienced ones but taking advise from others who are less experienced
অভিজ্ঞ আপোনজনৰ মতামতক যথাযোগ্য সন্মান নজনোৱা কিন্ত তাতোতকৈ কম যোগ্য আনৰ কথা সহজে শুনা Contributed by: Barnali Deuri Bora on 2010-10-25
Idiom ফকৰা-যোঁজনা

ঘৰে প্ৰতি ঘৈণী খালে প্ৰতি যখিনী৷

Presence at everywhere.
সকলোতে সূলভ হোৱা৷ Contributed by: Sitaram Upadhyaya on 2014-12-23
Idiom ফকৰা-যোঁজনা

গোহালি পোৰা গৰু ৰঙা মেঘ দেখিলেও চকি উঠে৷

Once someone experiences a disastrous condition, he gets alerted even by a little signal of such a condition in future.
গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
Idiom ফকৰা-যোঁজনা

আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||

Sometimes, misfortune does not leave people to enjoy in good time also.
বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

গৰুৰ আগত টোকাৰী বায় / বীণ বজায়, শিং জোকাৰি ঘাঁহ খায় |

A cow cannot appreciate music. Therefore, even if you play an instrument in front of a cow, it will not stop feeding to listen to the music. Therefore it suggests that there is a proper place/audience for certain acts and these acts should be performed in these places in order to be appreciated.
গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
Phrase খণ্ডবাক্য

কপালৰ ঘাম মাটিত পেলা

to engage in strenuous hardwork
কঠোৰ পৰিশ্ৰম কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

আলালৰ ঘৰৰ দুলাল ৷

The spoilt child of a rich parent.
ধনী মাক-দেউতাকৰ অতিৰিক্ত মৰমৰ বাবে স্বভাৱ নষ্ট হোৱা সন্তান ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা

দেহা গোলাঘটীয়া হ

to feel exhausted due to strenuous exercise or for facing troubles and turbulence
কঠিন পৰিশ্ৰমৰ ফলত অথবা নানান আলৈ-আহুকালৰ সন্মুখীন হোৱাৰ ফলত শৰীৰ অৱশ হৈ পৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
Idiom ফকৰা-যোঁজনা

পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷

One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.
পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা

পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত

In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place. This applies to forgetfulness at an important moment.
ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত

The true nature of a self-claimed great man is when he is left alone with the scope of enjoying lucrative things.
এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনি এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে নোৱাৰে, তাতেই ধৰা পৰে| এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্ত্বেও লোভ সম্বৰণ কৰিব পাৰিলেহে বুজা যায় ৷ Contributed by: Bikram M Baruah on 2008-02-18
Idiom ফকৰা-যোঁজনা

বাটৰ কচু গাত ঘঁহ

to invite trouble by one’s own acts
নিজে নিজৰ বিপদ মাতি অনা Contributed by: Aklantika Saikia on 2010-02-07
Idiom ফকৰা-যোঁজনা

জ্বলা জুইত ঘিঁউ ঢলা

To raise the anger of a person by telling undesirable things when he is already very angry.
ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা

পাপক ঘিণাবা, পাপীক নিঘিনাবা ৷

One should rather hate the sin, not the sinner.
পাপ বা অসত্‍ কৰ্মক ঘিণ কৰি তাৰ পৰা আঁতৰি থকা উচিত; কিন্তু অসত্‍ কাম কৰোঁতাজনক ঘিণ কৰা অনুচিত | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

হাটৰো বাট, মাকৰো ঘৰ

To accomplish a task taking advantage of the situation while working on another.
এটা কাম কৰিবলৈ যাওঁতে সুযোগ পাই অন্য এটা কামো সমাধা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Phrase খণ্ডবাক্য

সাত ঘাটৰ চেঙেলি

cunning, clever or devious
অতি টেঙৰ বা ধূৰ্ত্ত Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Phrase খণ্ডবাক্য

কাগজৰ বাঘ

A vain person who does not have any power
মিছাতে লম্ফ-জম্ফ কৰি বা দম্ভালি মাৰি ফুৰা লোক Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |

Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.
বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা

অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷

If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.
তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।

Three persons from three different parts coming together for a national cause.
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

খলুৱাক নিদিবা প্ৰশ্ৰয়, ঘৰত শান্তি নিশ্চয় ৷

Do not entertain cunning persons and keep your family life peaceful.
খলুৱা অৰ্থাৎ অ'ৰ কথা ত'ত লগাই ফুৰা লোকক প্ৰশ্ৰয় নিদিলে, পাৰিবাৰিক দন্দ-খৰিয়াল নহয় তথা ঘৰলৈ শান্তি অহাটো নিশ্চিত হৈ পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

কেৰেলাতকৈ গুটি দীঘল হোৱা

Sometimes the expected output of some work become much more complex or lengthier or expensive.
কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

এক মাঘে শীত নেযায় ৷

Now you get the best of me, but my turn will come again or one swallow does not make a summer.
মাঘ মাহ গুচি যোৱাৰ পাছত শীতৰ কাপোৰবোৰ পিছৰ বছৰৰ শীতৰ কাৰণে সামৰি থব লাগে, শীত বাৰে বাৰে আহে আৰু শীতৰ কাপোৰৰ প্ৰয়োজন হয় ৷ বিপদৰ সময়ত কাৰোবাৰ সহায় লৈ পাছলৈ পাহৰি গ\'লে এনদৰে কোৱা হয় অৰ্থাৎ বিপদ বাৰে বাৰে আহিব পাৰে; গতিকে সহায়ৰো প্ৰয়োজন হ\'ব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-02
Idiom ফকৰা-যোঁজনা

গায়নৰ ঘৰৰ বিড়ালীয়েও (বা কুকুৰেও বা বোন্দাইও) ৰাগ দিয়ে

the people associated with a master are also knowledgeable about his craft.
কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷

One cannot receive gifts again and again without reciprocating it.
কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-20
Idiom ফকৰা-যোঁজনা

ঘৰৰ গৰুৱে বাৰীৰ ঘাঁহ নেখায়৷

One never has interest for something available in plenty of one's own.
নিজ বাৰীত থকা ঘাঁহ গৰুৱে খাবলৈ মন নকৰে কিন্তু বেলেগৰ ঘৰৰ জেওৰা-জপনা ভাঙ্গিও খায় |ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে নিজৰ হাততে থকা উভৈনদী বস্তুৰ প্রতি দৃষ্টি আকৰ্ষণ কম হয়, কিন্তু আনৰ সৰু-সুৰা বস্তু্য়েও মন আকর্ষণ কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা

মাংস খালে মাংস বাঢ়ে, ঘৃত বাঢ়ে বল; দধি খালে আয়ু বাঢ়ে, শাকত বাঢ়ে মল ৷

Eating meat helps to build muscles, lipids like ghee give energy, regular taking of curd can increase longevity and green vegetables keep the bowel clear.
মাংস খালে মানুহৰ শৰীৰৰ গঠন ভাল হয়, ঘিঁউ খালে শক্তি বৃদ্ধি পায়, নিয়মীয়াকৈ দৈ খোৱা মানুহৰ আয়ুস বৃদ্ধি হয় আৰু শাক বেছিকৈ খালে শৌচ খোলোছা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা

নাকত ধৰি চাকত ঘূৰোৱা

To put someone to trouble keeping under full control and forcing him/her do anything at will.
সম্পূৰ্ণৰূপে বশত ৰাখি নিজ ইচ্ছামতে চলাই কাৰোবাক নগুৰ-নাগতি কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-13
Idiom ফকৰা-যোঁজনা

বৰকৈ গজা মেঘে বৰষুণ নিদিয়ে

Empty vessel sounds much. One who makes to many noise can not do result oriented work.
বেছিকৈ কথা কোৱা, চিঁয়ৰ বাখৰ কৰা লোকে ফলপ্ৰসু কাম কৰিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-12
Idiom ফকৰা-যোঁজনা

চাপৰিলে মেঘ নেৰায়৷

By lowing your head, one can not get rid of cloud. By avoiding one can not get rid of problems.
সমস্যাক আওকান কৰিলে, ই আতৰি নাযায়৷ সমস্যাৰ মুখামুখি হব লাগিব৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Riddle সাথৰ

ঘোঁৰাৰ কণী ৷

1) Fiddle-de-dee 2) Mare's nest or nonsense word or matter
অৰ্থহীন কথা বা কৰ্ম ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?

Deceiving somebody by selling stuff owned by himself.
কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি

For making a temporary house, one can even use some wild grass to tie the knots, but it cannot be permanent. It means that to satisfy a guest for a limited period, one can make some temporary arrangement, which may look very attractive and fascinating.
তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়ীভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকীয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ; মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান ৷

Stories are expanded when they traverse from person to person; cleaning ears can increase one`s listening power; while visiting mother`s home a married woman can enjoy full liberty, and the paddy grows luxuriantly in the cultivated field.
মানুহৰ মুখ বাগৰি কথা বাঢ়ি গৈ থাকে; খৰকিয়াই কাণ চাফ কৰিলে শ্ৰৱণ শক্তি বাঢ়ে; মাকৰ ঘৰলৈ আহিলে বিবাহিত ছোৱালীয়ে মুক্ত মনেৰে থাকিব পাৰে, আৰু পথাৰত লহপহকৈ ধানখেতি বাঢ়ি আহে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-24
Idiom ফকৰা-যোঁজনা

তাচপাতৰ ঘৰ ৷

1) House of cards 2) Building without foundation.
ভিত্তিহীন কথা, যোজনা, পৰিকল্পনা আদি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷

To spend more money, labour, time etc. for accomplishing an associated task than for the main work.
কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা

ঘৰৰ ভাত খাই বনৰ ম`হ খেদা ৷

To work for others without remuneration.
নিঃস্বাৰ্থভাবে আনৰ উপকাৰ কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

ঘনাই খুটিলে টিঙৰাও মাছ

The expertise of a person increases even when a small task is done repeatedly.
টিঙৰা সৰু মাছ হ’লেও, সৰহকৈ পালে তাৰেই এখালৈ হয়, দেখাত সৰু যেন লাগিলেও বাৰে বাৰে একেটা কামকে কৰি থাকিলে পিছলৈ সিয়েই মানুহৰ উপকাৰত আহে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

আগৰ গৰুক বাঘে খায়৷

An over-enthusiastic person, who always wants to move ahead of others, has to face lot of troubles.
সদায় সকলোতকৈ আগত যাবলৈ বিচৰা অত্যুত্‍সাহী মানুহে নানান বিপদৰ সন্মুখীন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

আৰ ছিগা চুলি, তাৰ ছিগা চুলি বান্ধি যাও নেঘেৰি খোপা

Attempt to show off by borrowing others' resources.
আৰ তাৰ পৰা ধাৰ কৰা বস্তুৰে নিজৰ গৰিমা বঢ়োৱাৰ চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা

একেটা চোঙত দুটা বাঘ নাথাকে ৷

Two tigers cannot live together in a single den. Similarly, two quarrelsome or cantankerous persons cannot stay together peacefully.
একেটা চোঙত যেনেকৈ দুটা বাঘে সহবাস কৰিব নোৱাৰে, ঠিক সেইদৰে দুজন কাজিয়াখোৰ বা হিংসুক ব্যক্তি একে ঠাইত থাকিব নোৱাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা

ঘৰ পোৰা গৰুৰ সেন্দুৰীয়া মেঘলৈকো ভয় ৷

1. A burnt child dreads the fire. 2. A scalded dog fears cold water. 3. Once bitten, twice shy.
এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01