Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "ড"

Idiom ফকৰা-যোঁজনা

কণী পাৰে হাঁহে, খায় ভকত ডাঁহে৷

one part of the society do great labour, but the cunning part of the society enjoy the profit of their labour. the bad side of our classified society is disclosed in the Fakara.
কষ্ট কৰে কোনোবাই, তাৰ ফল ভোগ কৰে কোনোবাই৷ আমাৰ শ্ৰেণী সমাজত থকা শোষিত আৰু শোষকৰ চৰিত্ৰ উদঙাই দিয়া হৈছে৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা

নাও বুৰিলেও/ডুবিলেও টিঙৰ পৰা ননমা।

People who never gets rid of their boast even in the time of great danger.
যিমানেই যি নহওক, কোনো পৰিস্থিতিতে সৰু নোহোৱা মতগৰ্বী স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

ডুলি ভৰা আশা আৰু কুলা ভৰা ছাঁই ৷

Extravagant hopes lead to complete disappointment.
ডাঙৰ আশা লৈ কোনো কাৰ্য সম্পাদন কৰিবলৈ গ'লে, তাৰ ফল অলপ কমকৈ পালেও নিৰাশাত ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়

Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.
বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

দাৰে কাটিলেও কটা, গাডীৰে কাটিলেও কটা

the fact that a crime is committed is more important than how it is committed.
ধাৰ থকা দা এখনেৰে ঘপিয়ালেও কটা যাব, বা ধাৰ নথকা গাডীৰে বাৰে বাৰে ঘপিয়ালেও কটা যাব ৷ কোনোবাই যদি অপৰাধ কৰিছে, তেনেহ’লে সি দোষী ৷ দোষটো কেনকৈ কৰিছে সেইটো ডাঙৰ কথা নহয় ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Phrase খণ্ডবাক্য

ডিঙিত জৰি লাগ ৷

Fie on thee, to get trapped into conspiracy or entangled into complicacies.
ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ডুবি ডুবি পানী খোৱা ৷

To act surreptitiously.
পানীত ডুব মাৰি, তলত গৈ পানী খালে লোকে দেখা নেপায়, সেয়ে লুকাই চুৰকৈ কোনো কাম কৰি থকা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

তুমি ডালে ডালে, মই পাতে পাতে

A person who claims that he is more clever than the other who is trying to oversmart him.
নিজে আনতকৈ বেচি শিয়ান বুজাবলৈ ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা

ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।

Three persons from three different parts coming together for a national cause.
গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা

খং নামে চণ্ডাল ৷

Anger is evil.
খঙত মানুহে বহু অমানৱিক কাম কৰিব পাৰে, সেয়ে খং উঠা মানুহক চণ্ডালৰ (শ্মশানত থকা মৃতকক জ্বলোৱা ব্যক্তি) লগত ৰিজোৱা হৈছে৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷

A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.
এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-27
Idiom ফকৰা-যোঁজনা

নেচাই ডেলে গালৈকে ঘাটি

While walking, one should always be careful about the condition of the road; otherwise there is a chance of getting hurt by hitting on any object lying on the way or by snake-bite while accidentally stepping over it. Similarly, unless one carefully considers about the pros
ৰাস্তাইদি বাট বুলোঁতে সাৱধানে তললৈ চাই নগ`লে কেতিয়াবা সাপ বা আন অপকাৰী প্ৰাণীৰ ওপৰেৰে পাৰ হৈ যাওঁতে সিহঁতৰ দংশনৰ ফলত অথবা কিহবাত উজুটি খাই আঘাতপ্ৰাপ্ত হোৱাৰ ভয় থাকে৷ ঠিক সেইদৰে, কোনো এটা কাম কৰিবলৈ লওঁতে সম্ভাৱ্য বিপদ-আপদ সম্পৰ্কে সচেতন নহ`লে লোকচানৰ সন্মূখীন হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-12-11
Idiom ফকৰা-যোঁজনা

বিধাতাৰ লিখন নেযায় খণ্ডন ৷

Inevitable are the decrees of God.
ঈশ্বৰে যাৰ কপালত যি লিখে সেইয়া কেতিয়াও সলনি কৰিব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

গড়গঞা কটাৰীৰ ডাবেও কাটে

Gargaon was once the capital of the Ahom Kingdom. This proverb means that one who keeps good relations with the king or power can even perform impossible tasks.
গড়গাওঁ আছিল আহোম ৰজাৰ একালৰ ৰাজধানী | এই ফকৰা-যোজনাটিৰে এইটোৱেই বুজায় যে ৰজাঘৰৰ সৈতে সু-সম্বন্ধ থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা?

Young people should obey elderly people`s advice as elderly people are more experienced than the young generation.
বয়োজ্যেষ্ঠ লোকসকলৰ অভিজ্ঞতা কমবয়সীয়া সকলতকৈ অধিক আৰু সেয়েহে ডেকাসকলে বুঢ়াসকলৰ উপদেশ মানি চলা উচিত । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা

খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||

Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.
কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়| Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা

গৰুৱে নেজ ডাঙিলে গোবৰহে ওলায়৷

Cow lift his tail only to yeild excreta. An idiot tries many things yeilding no good result
মুৰ্খই যিয়েই নকৰক ভাল ফল দিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-19
Idiom ফকৰা-যোঁজনা

পানীত পৰা মানুহে লেজু এডালকো খামুচি ধৰে ৷

A man falling in deep waters tries to come out even by grasping a piece of chord. Similarly, a person in crisis remains ready to accept any kind of help to overcome it.
পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
Idiom ফকৰা-যোঁজনা

লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷

In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা

অতি চালাকিৰ ডিঙিত জৰী

One who clever by half falls into a trap of his own making
বেচি চালাকি খটুৱাবলৈ গৈ নিজে বিপদত পৰিবলগীয়া হোৱা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Phrase খণ্ডবাক্য

ডলাৰ বগৰী

having no fixed habitation.
স্থান-স্থিতি নথকা, ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা লোক৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা

ঠাণ্ডাত ঠেঠুৱৈ ধৰ্

To suffer from to much of cold.
অতিপাত ঠাণ্ডাত আতুৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা

This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.
মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন

Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.
আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Contributed by: Barnali Deuri Bora on 2010-11-23
Idiom ফকৰা-যোঁজনা

সৰিয়হৰ ডুলিত ভূত ওলোৱা |

To find some unusual things or incidents in quite unexpected places (or related to unexpected/incompatible person .).
ভূতে সাধাৰণতে সৰিয়ঁহলৈ ভয় কৰে বুলি জনবিশ্বাস আছে৷ গতিকে কোনো নভবা স্থানত অগতানুগতিক ভাবে এটা বিপৰীত ধৰণৰ বস্তু ওলালে বা কোনেও ভাবিব নোৱাৰাকৈ এজন ভদ্র ব্যক্তি বেয়া কাৰ্য্যত লিপ্ত হ\'লে এই ফকৰাটো ব্য্যৱহাৰ কৰা হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Phrase খণ্ডবাক্য

ডিঙিত ছুৰি দে ৷

To commit a great injury.
এনে কোনো ভুল বা কুকৰ্ম কৰ যি মৃত্যুৰ সমতুল্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Phrase খণ্ডবাক্য

আহ্ বৰডেকা ভোজ খাবলৈ যাওঁ৷

Taking a huge decision without prior arrangement or preparation.
আগতীয়া প্ৰস্তুতি অবিহনে ডাঙৰ সিদ্ধান্ত লোৱা ৷ Contributed by: Ratul (P) Talukdar on 2011-06-30
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চুটি, বাঢ়নীৰ বুটি (ডাকৰ বচন)

A broomstick is more comfortable to use when it is used for some time and it becomes shorter, likewise it is said shorter girls are more efficient.
চুটি-চাপৰ ছোৱালী বেছি কাজি বুলি ধৰা হয়, ঠিক তেনেকৈ বাঢ়নীটাৰ বুটি (অৰ্থাৎ চুটি) হ’লে সাৰিবলৈ বেছি সুবিধা হয় Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷

The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.
শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা

ডাঙৰৰ হ’লে লীলা, সৰুৰ হ’লে বান্ধি ধৰি কিলা

If a powerful or influential person commits something wrong, people are afraid to point out or raise voice, however, if weak person commits the same, he is punished.
ডাঙৰ বা সামৰ্থবান লোকে বেয়া কাম কৰিলেও মানুহে বা সমাজে তাত মাত মাতিবলৈ বা দোষ ধৰিবলৈ ভয় কৰে৷ কিন্তু একে দোষতে সৰু অৰ্থাৎ যোত্ৰহীনজনক শাস্তি দিয়া হয়৷ Contributed by: Bikram M Baruah on 2025-03-01
Idiom ফকৰা-যোঁজনা

ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷

The fame and prosperity of human being gradually disappear from the world once he/she is dead.
কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10