Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "তৰ"

Idiom ফকৰা-যোঁজনা

বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷

One can meet God with deep faith on Him, similarly working with full commitment and confidence one can achieve the goal.
সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

চাপৰিলে মেঘ নাঁতৰে৷

No excuse can cover up a misdeed or unlawful activities.
যেনেদৰে চাপৰি বা কুঁজা হৈ বৰষুণৰ পৰা হাত সাৰিব নোৱাৰি, একেদৰে দোষ বা অন্যায় কৰিলে সৰু সুৰা অজুহাত দেখুওয়াই হাত সাৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা

তিনি গধুলি তৰিছে তাঁত, পৈয়েকৰ নিছে উজুটিত দাঁত

Waste time unnecessary at the time of work and rush nearer the dateline.
কামৰ সময়ত অযথা ৰং ৰহইচ কৰি সময় কটাই গধুলি কাম দেখুৱাই খদম্দ‌ম কৰি দেখুওৱা৷ Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা

জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।

Penny wise but pound foolish
গৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

দুষ্টৰ একাল, সন্তৰ সৰ্বতিকাল

Powerful corrupt people may earn a place in the society only till they are in power, but a good human being will always be respected for his values.
ক্ষমতাশালী দুৰ্নীতিপৰায়ণ লোকে নিজৰ প্ৰভাৱ থকালৈকেহে নিজৰ অনৈতিক কাৰ্য্যকলাপ চলাই থাকিও সমাজত বৰ মানুহ বোলাই থাকিব পাৰে৷ কিন্ত সজ লোক সমাজত সদায় সন্মানীয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-13
Idiom ফকৰা-যোঁজনা

চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷

A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.
যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা

ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক |

We should not get into conflict with those people who are having close relationship with the Government.
যিসকল ব্যক্তি ৰজাঘৰৰ আশীষধন্য হয়, তেনে লোকৰ সৈতে শত্ৰুতা কৰিব নেলাগে Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

চকুৰ কুটা দাঁতৰ শূল

A person disliked most or not favourite at all.
দেখি ভাল নলগা বা অত্যন্ত অপ্ৰিয় লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-07
Idiom ফকৰা-যোঁজনা

সাত শতৰু

The enemy of hatred.
অতিকৈ ঘৃণিত শত্ৰু ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা

ধানপুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল৷

Non-reckoning of someone of great stature among crowds.
মুখ্য বুলি বিবেচিত কোনো লোক হিচাবৰ পৰা বাদ পৰা বা তেনে লোকে বহুতৰ মাজত পৰি বিশেষ আদৰ লাভ নকৰা। Contributed by: Sitaram Upadhyaya on 2015-01-30
Idiom ফকৰা-যোঁজনা

এলাগীক নকৰিবা হেলা, এলাগীয়েহে তৰিব বিপদৰ বেলা

A person should not be judged by external appearance alone, an ugly looking person may be highly qualified or talented
দেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা

মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত

The true nature of a self-claimed great man is when he is left alone with the scope of enjoying lucrative things.
এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনি এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে নোৱাৰে, তাতেই ধৰা পৰে| এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্ত্বেও লোভ সম্বৰণ কৰিব পাৰিলেহে বুজা যায় ৷ Contributed by: Bikram M Baruah on 2008-02-18
Idiom ফকৰা-যোঁজনা

হাতীৰ গালৈ তৰাৰ ফৰ্মুটি

One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.
শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Idiom ফকৰা-যোঁজনা

হাতৰ কুঠাৰ ভৰিত মাৰ

To invite trouble through one`s own actions.
নিজে নিজৰ অনিষ্ট কৰা বা অঘটন ঘটাই নিজৰ বিপদ চপাই লোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা

পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷

One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.
পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা

বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি

For making a temporary house, one can even use some wild grass to tie the knots, but it cannot be permanent. It means that to satisfy a guest for a limited period, one can make some temporary arrangement, which may look very attractive and fascinating.
তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়ীভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকীয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা

তপত ভাতৰ ধোঁৱাই খোৱা৷

A pampered and lazy people who got disturbed even by smoke coming out from rice fresh from the oven
তপত ভাত এমুঠি পোৱাতো আনন্দৰ কথা৷ পাছে কিছু আলসুৱা ধোদ মানুহক তপত ভাতৰ ধোঁৱাইও আমনি কৰে৷ আলসুৱা ধোদ মানুহ৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
Idiom ফকৰা-যোঁজনা

কওঁতেই কলা, যঁতৰতে শলা

Highly forgetful and inattentive mind exhibited by a person
ঘূৰি থকা যঁতৰত শলা সুমুৱাই দিলে নুঘূৰা হোৱাৰ দৰে কথা এটা কৈ থাকোঁতেই পাহৰি যোৱাটো বুজায় Contributed by: Dr. Armaan U. Muzaddadi on 2011-12-03
Idiom ফকৰা-যোঁজনা

ৰূপে কি কৰে গুণেহে সংসাৰ তৰে

The virtue of a person only can conquer the world and his/her beauty can never do it.
মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা

ভুতৰ মুখত ৰাম নাম৷

Unusual or unmatched behaviour of someone with his personality or character .
কাৰোবাৰ চৰিত্র বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা

তাচপাতৰ ঘৰ ৷

1) House of cards 2) Building without foundation.
ভিত্তিহীন কথা, যোজনা, পৰিকল্পনা আদি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা

ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ

The situation when one cannot perform a given task due to non-availability of appropriate tools.
উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি

It`s about a person who is very lazy and does not work, and also lives on other`s mercy.
কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা

লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোৱাৰি ৷

One can tolerate excess of salt in the diet, but none can tolerate harsh words of others.
খোৱা বস্তুত নিমখৰ পৰিমাণ বেছি হ’লেও সহিব পাৰি, কিন্তু আনৰ টান কথা কোনেও সহ্য কৰিব নোৱাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

ভুতৰ ওপৰত দানহ

To get hurt by someone else, when a person is already suffering from the injury he received from another.
এজনৰ পৰা পোৱা দুখ-কষ্ট ভোগ কৰি থকা অৱস্থাত অন্য এজনৰ অত্যাচাৰ, অথবা আপদতে বিপদ | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

নকলেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ

To invite hatred from others by telling the truth
মুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

উত্তৰে গাজিলে মাৰিবা লৰ, দক্ষিণে গাজিলে জানিবা খৰ। পূৱে গাজিলে থাকিবা শুই, পশ্চিমে গাজিলে নুমাবা জুই ৷

This proverb depicts weather conditons and what action one should take. If the sky is opening up in the north, then one should run back home as rain is evident. If sky has opened up in the south, then you can relax. Similarly, if it is in the east, it is going to last for days. If it is happening in the west, then a thunderstorm is likely occur and therefore one should put out open fires.
উত্তৰ ফালে মেঘে গাজিলে বৰষুণ হোৱাটো খাটাং, গতিকে ঘৰলৈ লৰ মাৰিব লাগে ৷ দক্ষিণে গাজিলে সাধাৰণতে বৰষুণ নহয়, গতিকে নিশ্চিন্তমনে থাকিব পাৰি ৷ ঠিক তেনেকৈ, পূব দিশত মেঘে গাজিলে কেইবাদিনো নেৰানেপেৰাকৈ বৰষুণ হোৱাৰ আৰু পশ্চিমে গাজিলে ধুমুহা অহাৰ সম্ভাৱনা থাকে ৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা

ওপৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰে ঢকুৱাৰ বেৰ

to conceal poverty showing more than earning
নিজৰ দৰিদ্ৰতা ঢাকিবলৈ জাকজমকতা দেখুওৱা Contributed by: Promoth Hazarika on 2012-08-30
Idiom ফকৰা-যোঁজনা

ধনৱন্তৰ মিছা শুনিবলৈ ইচ্ছা৷ দুখীয়াৰ উচিত শুনিবলৈ কুৎচিত৷

A wealthy man is always respected whether he is right or wrong because of his wealth. On the other hand a poor man is always neglected because of his poor economical condition.
সমাজত ধনী-মানী ব্যক্তিক উচ্চ স্থান দিয়া হয় আৰু সঁচ-মিছা সকলো কথায় নতশীৰে মানি লোৱা হয়৷ আনহাতে দুখীয়াই সত্য বা ভাল কথা কলেও তাক তুচ্ছ জ্ঞান কৰা হয়৷ Contributed by: Sitaram Upadhyaya on 2014-11-30
Idiom ফকৰা-যোঁজনা

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী

One can not asses ones inner character/personality just by looking at the external appearance .
কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা

নগৈ গড়গাৱঁৰ বাতৰি দিয়া

To provide misinformation without visiting or witnessing the place where an event took place.
গড়গাওঁ আহোম শাসন কালত অসমৰ ৰাজধানী আছিল৷ এই ফকৰাটিৰ দ্বাৰা কোনো এখন ঠাইলৈ নোযোৱাকৈ ফিতাহি মাৰি আন্দাজতে তাৰ কিবা সংবাদ দিয়া কাৰ্য্য বুজোৱা হয়৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-10
Idiom ফকৰা-যোঁজনা

ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি

It is easy to digest eatables with bitter taste, but it is very difficult to tolerate ill behave or misbehave.
কোনো খাদ্য বস্তু তিতা হলে খাব পাৰি বা হজম কৰিব পাৰি, কিন্তু কটু মাত কথা সহ্য কৰিব নোৱাৰি। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা

অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷

If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.
তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা

ফাল কাটোঁতেই মাহৰ বতৰ গ`ল৷

Every task has to be accomplished at the appropriate time. If we neglect or delay in doing it in time, we cannot expect to achieve the desired goal.
কাঠ কাটি নাঙলৰ ফাল তৈয়াৰ কৰি থাকোঁতেই যদি বহুদিন লগোৱা হয়, তেন্তে মাহৰ খেতি কৰাৰ বতৰ উকলি যাব৷ অৰ্থাৎ সময়ৰ কাম সময়ত নকৰি এলাহ বা অৱহেলা কৰিলে ঈপ্সিত ফল পাব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-28
Idiom ফকৰা-যোঁজনা

ভোকেই ভাতৰ আঞ্জা

Everything tastes good when we are hungry. Similarly, the importance of anything is realised when there is need.
ভোক লাগি থকা অৱস্থাত যিকোনো বস্তু খালেও সোৱাদ লাগে | ঠিক তেনেকৈ অভাৱতহে মানুহে বস্তুৰ প্ৰকৃত মূল্য বুজি পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা

সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷

A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.
দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷ Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা

লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷

In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা

আপুতৰ পুত কোঁচতে মুত ৷

When one shows excessive love and care for an object, person or material.
পুত্ৰ সন্তান নোহোৱা ব্যক্তিয়ে পুত্ৰ পালে তাক অতিমাত্ৰা মৰম কৰি, নকৰিবলগীয়া কাম কৰিলেও অকনো আপত্তি নকৰে আৰু একেদৰে মানুহে যেতিয়া অতি আশাৰে লব্ধ বস্তুৰ প্ৰতি মাত্ৰাহীনভাৱে যত্নবান হয় তেতিয়া এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Idiom ফকৰা-যোঁজনা

ধান-পুৰীয়া কঁঠাল পাতৰ আঁৰত লুকাল

an impotent person being kept out of reckoning.
লেখত ল’বলগীয়া লোক বাদ পৰি থকা৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20