Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "দা"

Idiom ফকৰা-যোঁজনা

চিনাকি চাউদাঙেহে মানুহ কাটে

Only a known person or one who is very close to someone usually hurts or causes harm.
চিনাকি অথবা পৰিচিত ব্যক্তিয়েহে সাধাৰণতে মানুহৰ অপকাৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা

সতিনীৰ পুতেক আগত গলেও দায়, পাছত গলেও দায়৷

Act done by son of a co-wife is always taken as negative.
সতিনী সদায় ঘৃণাৰ পাত্ৰ৷ যাৰ প্ৰতি ভাল ভাৱ নাই তেওঁ ভালেই কৰক বা বেয়াই কৰক তাক বেয়াৰ দৃষ্টিৰে চোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-08
Idiom ফকৰা-যোঁজনা

ভুতৰ ওপৰত দানহ

To get hurt by someone else, when a person is already suffering from the injury he received from another.
এজনৰ পৰা পোৱা দুখ-কষ্ট ভোগ কৰি থকা অৱস্থাত অন্য এজনৰ অত্যাচাৰ, অথবা আপদতে বিপদ | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা

পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ ৷

One who evaluates or supervises the work done by another has to devote equal time and energy as that of the performer.
অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
Idiom ফকৰা-যোঁজনা

দাৰে কাটিলেও কটা, গাডীৰে কাটিলেও কটা

the fact that a crime is committed is more important than how it is committed.
ধাৰ থকা দা এখনেৰে ঘপিয়ালেও কটা যাব, বা ধাৰ নথকা গাডীৰে বাৰে বাৰে ঘপিয়ালেও কটা যাব ৷ কোনোবাই যদি অপৰাধ কৰিছে, তেনেহ’লে সি দোষী ৷ দোষটো কেনকৈ কৰিছে সেইটো ডাঙৰ কথা নহয় ৷ Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা

দানবীৰ কৰ্ণ হ

To be a great donor like Karn, a hero of Mahabharata mythology (normally used to ridicule).
মহাভাৰতৰ কৰ্ণৰ দৰে যি অযাচিতে দান কৰিব পাৰে, তেনে চৰিত্ৰৰ হ (ব্যাঙ্গাত্মক ভাবত ব্যৱহাৰ হয়) ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা

সত্যৰ সদায় জয় ৷

1. God sees the truth. 2. The truth always prevails.
সত্যক কোনেও ঢাকি ৰাখিব বা পৰাজিত কৰিব নোৱাৰে ৷ সত্যত আশ্ৰিতজনৰ সদায় জয় হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16

আগে পিচে দুজন হ’লে অকলেই যাব পাৰি; এধানমান পিটিকা হ’লে শুদাই খাব পাৰি |

A person without self-confidence always waits for other's help for doing any little thing.
আত্মবিশ্বাস নথকা মানুহে যিকোনো কাম কৰিবলৈ সদায় কেৱল আনৰ সহায়ৰ বাবে বাট চাই থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

গায়নৰ ঘৰৰ বিড়ালীয়েও (বা কুকুৰেও বা বোন্দাইও) ৰাগ দিয়ে

the people associated with a master are also knowledgeable about his craft.
কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা

লোৰ কড়াই গুৰি চোবাই খাইছিলো, পচলাত ভাগি গ’ল দাঁত ৷

One who may easily accomplish a difficult task, may sometimes fail to do a simple job.
কঠিন বা কষ্টসাধ্য কামো অনায়াসে কৰিব পৰা জনে কেতিয়াবা সাধাৰণ কাম এটাকে কৰিবলৈ সক্ষম নোহোৱা অৰ্থত এই ফকৰাটি প্ৰয়োগ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা

দাতাই দিলেও বিধাতাই নিদিয়ে

Misfortune does not allow a person to enjoy life with peace and happiness.
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷

inability to enjoy something which has been acquired after a long aspiration
বহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা

আগফালে মাৰো দাং, পিছফালে ধোবাং বাং

A state of utter carelessness. You have secured the front entrance by properly locking it while forgeting to do the same with the back entrance and left it open. To protect yourself you need to safegurd you from threats that may come form all sides.
ঘৰত থকা মানুহ আৰু বস্তুবোৰৰ সুৰক্ষা সম্ভৱ যদিহে আগফাল আৰু পিছফালৰ দুয়োখন দৰ্জা বন্ধ ৰখা হয় ৷ অৰ্থাৎ নিজকে বছাব হলে সকলোফালৰ পৰা সুৰক্ষিত কৰিব লাগিব ৷ Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা

ক্ষুধাই নেমানে শুদা, ঘুমে নেমানে কাদা৷ (ক্ষুধাই নেমানে শুদা ভাত, ঘুমটিয়ে নেমানে মাটি-পাত৷)

If one is really hungry, he/she can eat meal full stomach even if there is no condiment/curry with it. Similarly, once can sleep anywhere when he/she feels sleepy strongly. No hurdle can stop a person in his work, if he/she is in real need of it.
ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে । Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷

A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.
এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-27
Idiom ফকৰা-যোঁজনা

একালৰ বৃন্দাবন, একালত পৰে ছন |

In the past, someone was having mass popularity with good economic condition. But in the course of time everything has been changed, he is in a deplorable state.
অতীতত জনসমাদৃত তনকীয়াল ব্যক্তি এজন যেতিয়া দৈৱ-দূৰ্বিপাকত পৰি নিঃকিন হয় তেতিয়া তেওঁৰ অৱস্থা বৰ পুতৌজনক হৈ পৰে |
ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে - সকলোৰে দিন সমানে নেযায় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা

উদাৰচৰিতানান্তু বসুধৈব কুটুম্বকম্‌

To the good and generous the whole world is friendly.
উদাৰচিতা মানুহৰ গোটেই বিশ্বই আত্মীয়ৰ দৰে হৈ উঠে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱা

To show interest on irrelevant or unnecessary matters
অদৰকাৰী কথাৰ প্ৰতি মনোযোগ দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা

দাঁত কৰচি থাক ৷

To get extremely angry.
অতিমাত্ৰা খং কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা

বাটত পালো কমাৰ দা গঢ়াই দিয়া আমাৰ৷

To get something done without prior planning, taking advantage of suddenly meeting someone on the way.
বাটতে কাৰোবাক লগ পাই সেই সুযোগ গ্ৰহণ কৰি নিজৰ অভীষ্ঠ সিদ্ধি কৰা৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-14
Idiom ফকৰা-যোঁজনা

নেকান্দালৈকে মাকেও কেচুৱাক গাখীৰ নিদিয়ে ৷

Nothing can be achieved without making proper demand, cry or claim.
যদিও মা হ'ল সন্তানৰ বাবে আটাইতকৈ শুভাকাঙ্খী ব্যক্তি, তেও কান্দিলেহে মাকে কেচুৱাৰ ভোক লাগিছে বুলি বুজি পায় আৰু সেইমতে গাখীৰ দিয়ে ৷ অৰ্থাৎ এই পৃথিৱীত আন্তৰিকতাৰে নিবিছৰালৈকে কোনো বস্তু এনেয়ে পাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা

তিনি গধুলি তৰিছে তাঁত, পৈয়েকৰ নিছে উজুটিত দাঁত

Waste time unnecessary at the time of work and rush nearer the dateline.
কামৰ সময়ত অযথা ৰং ৰহইচ কৰি সময় কটাই গধুলি কাম দেখুৱাই খদম্দ‌ম কৰি দেখুওৱা৷ Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা

কাকনো বুলিবা ককা, আটাইৰে দাড়ি-চুলি পকা।

When all people of an organization or a society are involved in some misdeeds, then nobody can be blamed for that.
যেতিয়া সৰু-বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় তেতিয়া দোষ দিবলৈ কোনো উপায় নাথাকে| অৰ্থাৎ `সকলো একেই পানীৰ মাছ` ধৰণৰ কথা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-20
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷

The best use of one's wealth is in donation. The best way to be happy is to forgive others' misdeeds.
দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা

চকুৰ কুটা দাঁতৰ শূল

A person disliked most or not favourite at all.
দেখি ভাল নলগা বা অত্যন্ত অপ্ৰিয় লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-07
Idiom ফকৰা-যোঁজনা

আৰ্জে নন্দ গোৱালে, খায় বোন্দা শিয়ালে ৷

The act of enjoying the fruits of hardwork done painstakingly by someone else.
এজনে কষ্ট স্বীকাৰ কৰি কৰা ভাল কামৰ ফল আনজনে বিনা পৰিশ্ৰমে উপভোগ কৰা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা

আদাক দেখি উঠিল গা, কেতুঁৰিয়ে বোলে মোকো খা |
অথবা,
আক দেখি, তাক দেখি; কুকুৰে পালে একাদশী |

By looking at others performance, somebody shows pseudo enthusiasm thinking that even he can do the same.
বেলেগক দেখি কাৰোবাৰ অনাহকতে গা উঠা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা

কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় |

People try to exploit an innocent person.
কাৰোবাৰ সহজ-সৰল স্বভাৱ দেখি ঠগি খোৱাৰ চেষ্টা কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷

A person who exaggerates much about himself
এটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Riddle সাথৰ

হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷

Fifth columnist/ showing double standard.
যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

বেতনিত ঔ পৰিল, গোবিন্দায় (বা বাসুদেৱায়) নমঃ

become unusable even before something is ready to be used
সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা ৷ অৰ্থাৎ তাক একেবাৰে বিসৰ্জন দিয়া ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা

ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ

The situation when one cannot perform a given task due to non-availability of appropriate tools.
উপযুক্ত সঁজুলিৰ অবিহনে কোনো কাম কৰিব নোৱাৰা অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা

ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷

To spend more money, labour, time etc. for accomplishing an associated task than for the main work.
কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Phrase খণ্ডবাক্য

পচলাত দাঁত ভগা

To suffer in doing a trifling act.
একেবাৰে সহজ কাম কৰিবলৈ গৈ অশেষ কষ্ট পোৱা৷ Contributed by: Susanta Borgohain on 2011-08-29
Idiom ফকৰা-যোঁজনা

ধাই মাক আঞ্জা-ভাত, আপোন মাৰ শুদা পাত ৷

To show favouratism to someone inappropriately and deprive some other from the good things that are deserved by the person concerned.
ধাই মাতৃক বৰ মৰম দেখুৱাই ভাল ভাল আঞ্জাৰে ভাত খুৱাই, যদি আপোন মাতৃক শুদা ভাত দি বঞ্চিত কৰা হয় তেনেহ'লে দৃষ্টিকটুভাবে অনুচিত কাৰ্য হ'ব ৷ অৰ্থাৎ অযোগ্যক অনুচিতভাবে উদগনি, সহায়, মৰম আদি দিয়া আৰু যোগ্যক বঞ্চিত কৰা কাৰ্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা

শগুণ যিমান ওপৰলৈ নুৰক দৃষ্টি সদায় মৰা শত।

A narrow minded man, even if he reaches to the top of the helm his thinkings always remain narrow.
শগুণ বহু ওপৰলৈ উৰে, কিন্তু দৃষ্টি সদায় খাদ্য অর্থাৎ মৰা শত নিবদ্ধ থাকে, একেদৰে অসৎ চৰিত্রৰ মানুহ বা ঠেক মনোবৃত্তিৰ মানুহ যিমান ডাঙৰ নহওক, সিহঁতৰ অসৎ বা ঠেক মনোবৃত্তি কেতিয়াও আঁতৰি নাযায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা

ফোপ দাঙ্গ (দাং), ধান নাইকিয়া সুদা চাঙ্গ (চাং)

A person who does not have anything, still keeps on boasting about himself.
একো নথকা মানুহ, যি নিজকে যহাই ফুৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা

ঘৰৰ ভাত খাই বনৰ ম`হ খেদা ৷

To work for others without remuneration.
নিঃস্বাৰ্থভাবে আনৰ উপকাৰ কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা

লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷

In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)
প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26