অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "নাৰ"
Idiom ফকৰা-যোঁজনাসতী নাৰী তাই, তিনিজনকৈ পৈ; সুখ্যাতি-সুনাম তাইৰ যায় ৰৈ বৈ ৷
A crooked person or a person of bad character when acts honestly, people hardly believes him/her. Thus this saying makes fun of such persons.কুখ্যাত অসৎ চৰিত্ৰৰ মানুহে সতাতা প্ৰদৰ্শন কৰিলে আন মানুহ সহজে পতিয়ন নেযায় আৰু উক্ত ফকৰাৰ দৰে কৈ তেনে মানুহক ইতিকিং কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভঙ্গ কৰা |
Even harming oneself, one wants to take revenge on his/her opponent or rival.সতিনীক সাধাৰণতে সকলোতকৈ বেছি শত্ৰু বুলি জ্ঞান কৰা হয়। সেয়ে সতিনী মাকৰ ঘৰলৈ যোৱাৰ সময়ত আন জনীয়ে প্রয়োজন হ'লে নিজৰ নাক কাটি হলেও যাত্রা ভংগ কৰাবলৈ কুন্ঠাবোধ নকৰে।
ইয়াৰ দ্বাৰা প্রয়োজন হ'লে নিজৰ ক্ষতি কৰি প্ৰতিদ্বন্দীৰ অনিষ্ট কৰিবলৈও কুন্ঠাবোধ নকৰা স্বভাৱৰ বিষয়ে বুজোৱা হৈছে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Idiom ফকৰা-যোঁজনা
ক্ষণজন্মা পুৰুষ বা নাৰী
A person of virtue who brings glory for the nation or society and takes birth once in a hundreds of year.যি অতিকৈ গুণবান ব্যক্তি কোনো এক সমাজত বা জাতিত কদাচিতহে (বহু সময়ৰ ব্যৱধানত) জন্ম গ্ৰহণ কৰে আৰু সমাজৰ বা জাতিৰ কাৰণে সুনাম অৰ্জন কৰে তথা জাতিৰ গৌৰৱৰ কাৰক হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ
A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it.যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
Idiom ফকৰা-যোঁজনা
বান্দৰে কি বুজে নাৰিকলৰ মোল
Only the scholar/literate people can understand the virtue of knowledgeবান্দৰে যিদৰে নাৰিকল ফালি খাব নোৱাৰে বাবে তাৰ গুণাগুণ বুজি নাপায়, ঠিক সেইদৰে বিদ্বান ব্য্যক্তিয়েহে জ্ঞানৰ মোল বুজে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-07
Riddle সাথৰ
ঘৰ শুৱনি বাৰি, শাৰী শুৱনি পাৰি, নাৰী শুৱনি শাৰী ৷
A house becomes beautiful when it has a nice garden, a shadi (Indian dress for woman) is attractive when its border is attractive and women get actual beauty in she is cladded in shadi.ঘৰৰ লগতে শুৱনি বাৰি এখন থাকিলে ঘৰখন শুৱনি দেখি, একেদৰে শাৰী এখনৰ পাৰি (border)শুৱনি সুন্দৰ হ'লে শাৰীখন ভাল লাগে আৰু নাৰীয়ে যেতিয়া শাৰী পিন্ধে তেতিয়াহে তেওঁলোকৰ প্ৰকৃত সৌন্দৰ্য ফুটি উঠে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-21
Idiom ফকৰা-যোঁজনা
গুৰ কিনাৰত গচকিলেও অশুচি মাজত গচকিলেও অশুচি ৷
If someone treads on excreta or animal soil partially or entirely, the person's whole body becomes unclean and impure (unholy), similarly a person equally loses his/her prestige by indulging himself/herself in bad deeds may it be small or big.গু বা বিষ্ঠাত মানুহৰ ভৰি পৰিলেই গা অশুচি হয়, গচকা লাগিলে কিনাৰতে পৰক বা মাজতে পৰক বিষ্ঠাৰ সংস্পৰ্শই গা সমানেই অশুচি কৰে৷ একেদৰে বেয়া কৰ্ম বা কথাই, সি লাগিলে সৰুয়েই হওক বা ডাঙৰেই হওক, মানুহৰ মান-সন্মান সমানভাবে নষ্ট কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-07
Idiom ফকৰা-যোঁজনা
আপোনাৰ মন যেনে, সকলোকে দেখে তেনে ৷
One who has ill feelings in his mind thinks that everyone is like him and suspects even an honest person.যাৰ নিজৰ মনত বেয়া ভাৱ থাকে, সি আনকো তেনে বুলিয়েই ভাৱে ৷ কলুষিত মনৰ মানুহে সাধু লোককো সন্দেহ কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05