অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "পেট"
Idiom ফকৰা-যোঁজনানমহীয়া ছোৱালীৰ দহমহীয়া পেট, পৰপুৰুষৰে নাই ভেটাভেট ৷
An women who is wed for only nine months but is in the tenth month of pregnancy and yet claims to have come in touch of any men prior to marriage. This is used to refer an extreme lie.এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
ভৰা পেটত ভোকৰ উমান নেপায় ৷
The one whose stomach never becomes empty, hardly realizes the pain of starvation, consequently he becomes careless in earning and savings and also becomes extravagant.যি মানুহে ভোক লগাৰ আগতেই খাবলৈ পায়, তেনে মানুহে ভোকে-লঘোনে থকাৰ কষ্ট অনুভৱ কৰিব নোৱাৰে আৰু তেনে কষ্টৰ পৰা হাত সাৰিবলৈ উপাৰ্জন তথা সঞ্চয় কৰিবলৈ চেষ্টা নকৰে অথবা উপাৰ্জিত ধন মিতব্যয়িতাৰে খৰচ নকৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-03
Idiom ফকৰা-যোঁজনা
গাই গোটে পেটে ভঁৰাল
Selfish. One thinks about his own stomach.আপোনপেটীয়া৷ স্বাৰ্থপৰ৷ যি কেৱল নিজৰ পেটটোৰ কথাহে ভাৱে ৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-09
Idiom ফকৰা-যোঁজনা
পেটক আটে চকুক নাটে
A greedy person wants to eat more even after he consumes adequate amount to satisfy his appetite.লুভীয়া বা খকুৱা মানুহে পেটৰ ভোক গুচাৰ পাছতো আৰু খাবলৈ ইচ্ছা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Idiom ফকৰা-যোঁজনা
খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা
Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Phrase খণ্ডবাক্য
পেটৰ তাড়না ৷
Struggle to earn livelihood.জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14