অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "ভয়"
Idiom ফকৰা-যোঁজনাচোৰৰ ভয়ত কাঁহি পুতি থৈ কলপাতত ভাত খোৱা ৷
When someone has illogical fear of unseen and unpredictable incidents and does not perform normal activities out of that fear and prejudice.কাঁহি কিনা হয় তাত ভাত খাবলৈ, কিন্তু সেই কাঁহিখন চুৰ হৈ যাব পাৰে বুলি ভয় কৰি যদি কোনোবাই তাক মাটিৰ তলত পুতি থৈ কলপাতত ভাত খায়, তেন্তে কাঁহিখন কিনাৰে অৰ্থ নাথাকে ৷ অৰ্থাৎ, সৰু-সুৰা দূৰ্ঘটনাৰ ভয়ত অথবা মনি সজা অযুক্তিকৰ বিশ্বাস বা ধাৰণাৰ বশবৰ্তি হৈ নিত্য-প্ৰয়োজনীয় কৰ্ম, কৰ্তব্য আদি নকৰি পিছ হুঁহকি থকা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Idiom ফকৰা-যোঁজনা
ভেকুলি ওলোৱাৰ ভয়ত পুখুৰী নাখান্দিব নেকি
If we want to do something big and meaningful some minor bad consequence may occurs, we should not afraid of it.ভাল ডাঙৰ কিবা এটা কাম কৰিবলৈ গলে, দুই এটা সৰু-সুৰা বিঘিনি হবই, তাৰ ভয়ত কামটো বাট দিব নালাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা
ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়
Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
নাঙঠৰ নাই চোৰৰ ভয় ৷
Pauper has nothing to loose.যি দুখীয়া-দৰিদ্ৰ তাৰ চোৰে চুৰি কৰি নিবলৈ একো বস্তু নেথাকে; তাৰ চোৰৰ ভয় নাই ৷ অৰ্থাৎ যাৰ মান সন্মান নাই, তাৰ মান হানি হোৱাৰ ভয় নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
য`তে বাঘৰ ভয় ত`তে ৰাতিও হয় |
To face something for what somebody scares a lot.যি বস্তু, কথা বা পৰিস্থিতিলৈ ভয় কৰা হয়, বিধিৰ বিপাকত তাৰেই সন্মুখীন হ`বলগীয়া হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা
এবাৰ সাপে খালে লেজুলৈকো (বা কেঁচুলৈকো) ভয় ৷
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে সতৰ্ক হয়। Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
কাণ টানিলে মূৰ অহাৰ ভয়
While pulling by the ear, one`s head also gets pulled. It means- while attempting to gossip on the affairs of someone, there is a chance of revelation of some bigger truth.কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা
ঘৰ পোৰা গৰুৰ সেন্দুৰীয়া মেঘলৈকো ভয় ৷
1. A burnt child dreads the fire. 2. A scalded dog fears cold water. 3. Once bitten, twice shy.এবাৰ ঘৰ পোৰা দেখিলে গৰুয়ে জুইলৈ ইমান ভয় কৰে যে আকাশত ৰঙা ৰঙৰ ডাৱৰ দেখিলেও ভয়ত লৰ মাৰে ৷ এবাৰ কোনো বস্তু বা ঘটনালৈ মনত ভয় সোমালে মানুহে তেনেধৰণৰ যিকোনো বস্তু বা ঘটনালৈ চিৰদিনলৈ ভয় কৰিয়েই থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
অল্পবিদ্যা ভয়ংকৰী
A little learning is a dangerous thingকোনো এটা বিষয়ৰ ওপৰত কেৱল উপৰুৱা জ্ঞান লৈ নিজকে ওস্তাদ বুলি ভৱাটো মূৰ্খতা ৷ এনে মূৰ্খতাৰ বাবে কোনোৱে জীৱনত নানান বিপদত পৰিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-09-03
Riddle সাথৰ
ক্ষয় নেযায় লাগিলে, ভয় নেখায় শিকিলে ৷
A skill, fame, business, tradition etc. never rust when they are honed regularly; similarly a person never worries or get afraid of to start a new venture when he has detailed knowledge about his/her work or subject and keeps his/her knowledge is updated with continuous learning process.মানুহে যদি কোনো ব্যৱসায়, ভাল বংশ-পৰম্পৰা, জীৱিকা, কাৰ্যদক্ষতা, কুশলতা, সুখ্যাতি, কাম আদিত নিয়মিতভাবে লাগি থাকে, তেনেহ\'লে সেয়া কেতিয়াও বিনষ্ট নহয় ৷ আনহাতে, কোনো বিষয়, কাৰ্য, অৰ্হতা আদি ভালদৰে শিকা থাকিলে, তেনে বিষয় আদিত আগবাঢ়িবলৈ কেতিয়াও ভয় নেলাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04