Donate

Please enter word or phrase to be searched and hit 'search' key.


অ (41)আ (58)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (8)ঢ (11)ত (17)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (21)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)
Submit New Proverb, Idiom, Phrase OR Riddle

Proverbs containing the word "মাটি"

Idiom ফকৰা-যোঁজনা

হয় গুৱাহাটী নহয় ৰঙামাটি ।

In do-or-die manner,desperately.
মৰণপণ কৰি, প্ৰাণটাকি কৰা কাম । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা

ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷

These sayings describes the best of everything in various aspects of our daily life.
এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা

ক্ষুধাই নেমানে শুদা, ঘুমে নেমানে কাদা৷ (ক্ষুধাই নেমানে শুদা ভাত, ঘুমটিয়ে নেমানে মাটি-পাত৷)

If one is really hungry, he/she can eat meal full stomach even if there is no condiment/curry with it. Similarly, once can sleep anywhere when he/she feels sleepy strongly. No hurdle can stop a person in his work, if he/she is in real need of it.
ভালদৰে ভোক লাগিলে শুদা ভাত হ\'লেও পেট ভৰাই খাব পাৰি আৰু একেদৰে টোপনি ভালদৰে আহিলে বোকা-মাটিতো শুব পাৰি ৷ অর্থাৎ সচা অভাব অথবা প্রয়োজন থাকিলে, মানুহে কোনো কামত আগবাঢ়ি যাবলৈ সৰু-ডাঙৰ বাধাক আওকান কৰে আৰু নিজ সামর্থ নাথাকিলও কামত পিছ নুহুহকে । Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা

মন কৰিলেই ছন বাকৰি মাটিতে ধন

With strong will power and determination one can achieve any tough goal. English synonym : When there is a will there is a way
কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃহতা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা

হয় গুৱাহাটী, নহয় ৰঙামাটি ৷

Strong determination to accomplish certain job by any means.
কোনো কাম সম্পাদন কৰাৰ বাবে লোৱা দৃঢ় সঙ্কল্প ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা

খঁকুৱাৰ পাত কাটোঁতেই গ’ল; নিখঁকুৱাই মাটিতে খালে৷ অথবা, খঁকুৱাই থাকে চাই, নিখঁকুৱাই মাটিতে খায় ৷

While the greedy gets ready for eating, the other eats away everything as he finds it. Similarly, while someone remains busy planning to doing something, another may accomplish the task even without much planning.
খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায় ৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে - `কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা ৷’ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা

মাটিত থ'লে পৰুৱাই খায়, মূৰত থ'লে ওকণিয়ে খায় |

To take care of someones beloved with utmost delicacy.
বৰ আলসুৱাকৈ কাৰোবাক আপদাল কৰা |হায়ৈ-বিয়ৈকৈ ক'ত থ'ম কি কৰিম অৱস্থা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-26
Idiom ফকৰা-যোঁজনা

তেলটুপি তোমাৰ মাটিতে থোৱাঁ, পিপাটোহে আজৰাই মোক দিয়াঁ

help me ignoring your losses.
নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ Contributed by: durlav gogoi on 2012-03-28
Idiom ফকৰা-যোঁজনা

টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷

The character of a girl largely depends on the character of her mother.
সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Idiom ফকৰা-যোঁজনা

মাটিত কোবালে নাচে তাকে বোলে বান্দৰ৷ গলত ধৰি খাই চুমা তাকে বোলে সাদৰ৷৷

One who dances without music is called monkey. On the other hand love is recognised when kissed in hugs.
মাটিত কোবালে(বিনা লয়, তাল-মান আদি)নচা জনেই বান্দৰ৷ ঠিক তেনেকৈ গলত ধৰি চুমা নেখালে সেয়া প্ৰকৃত সাদৰ নহ’য়৷ Contributed by: Sitaram Upadhyaya on 2015-06-13
Riddle সাথৰ

ঘৰৰ পিঠা মাটি, চুবুৰীয়াৰ পিঠা মিঠাই ৷

One cannot understand the value of valuable item when it is easily achievable, but he/she realizes well the value of material when it is difficult to achieve, even if it is worthless.
ঘৰত বনোৱা সুখাদ্য সাধাৰণতে খাবলৈ ভাল নেলাগে, আনহাতে প্ৰতিবেশীৰ ঘৰত বনোৱা অখাদ্যও সু্স্বাদু মিঠাইৰ দৰে লাগে ৷ অৰ্থাৎ মানুহে অনায়াসে পোৱা মূল্যৱান বস্তুৰ মূল্য বুজি নেপায়, কিন্তু কষ্টেৰে পোৱা বস্তু সস্তা হ\'লেও তাৰ মূল্য অধিক বুলি অনুভৱ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-18
Idiom ফকৰা-যোঁজনা

ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল ।

One can assume the character of a girl to be good, if her mother`s character is good. So to select a bride, one should see her mother. Similarly, land for cultivation should be purchased if it has water holding capacity.
মাকৰ যদি স্বভাৱ-চৰিত্র ভাল হয়, জীয়েকৰো স্বভাৱ-চৰিত্র ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে। ঠিক তেনেকৈ, খেতিৰ কাৰণে কিনা মাটিৰ মাজটো দ অলপ হ’ব লাগে, যাতে পানী ধৰি ৰাখিব পাৰে ৷ Contributed by: Biraj Kumar Kakati on 2008-07-28
Phrase খণ্ডবাক্য

কপালৰ ঘাম মাটিত পেলা

to engage in strenuous hardwork
কঠোৰ পৰিশ্ৰম কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা

মূৰত থ’লে ওকণিয়ে খায়, মাটিত থ’লে পিপৰাই খায়

It refers to the condition of a person when he gets something what he was longing for or meets someone very dear to his heart and soul.
মনে বিছৰা অতি হেঁপাহৰ কোনো বস্তু পালে বা বহুদিনৰ মূৰত নিজৰ আপোনজনক ওচৰত পালে উদ্ভৱ হোৱা কি কৰোঁ কি নকৰোঁ অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Idiom ফকৰা-যোঁজনা

টান মাটিত মেকুৰীয়ে নেহাগে ৷

People seldom disturb the brave and powerful.
মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-18
Idiom ফকৰা-যোঁজনা

হাইঠা মাটিত পৰা

Green pigeons live on tall plants and generally do not come down easily. Hence these birds sitting on the ground means an unbelievable proposition. This proverb is generally used to indicate a happening of an unusual nature.
হাইঠা চৰাই সাধাৰণতে ওখ গছত জাক পাতি থাকে আৰু সাধাৰণতে মাটিলৈ নানামে | গতিকে হাইঠা মাটিত পৰাটো এটা অবিশ্বাস্য ধৰণৰ ঘটনা | সৰ্বসাধাৰণতে নোহোৱা ধৰণৰ ঘটনা এটা হোৱা বুজাবলৈ এই পটন্তৰটো ব্যৱহাৰ কৰা হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা

বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা

One can survive or perform something with optimal use of minimum available resources with good skill.
অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02