অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "লা"
Idiom ফকৰা-যোঁজনাসাগৰত আছিল পঞ্চ জলাশঙ্খ, নেগুৰীয়া শামুকে ক’লে ময়ো তাৰে বংশ
The bigger conches of the sea are considered sacred and used by the priests to blow in religious ceremonies and to offer libations to the gods, but the small snails are not given any importance. The tendency of some people to establish and show his relationship to powerful or famous people with an intention to glorify himself has been equated to the small snail telling that it belongs to the family of the big conch.সাগৰীয় জলাশঙ্খ আদৰৰ বস্তু কাৰণ ইয়াক মাঙ্গলিক অনুষ্ঠানত বজাবলৈ বা আহুতি দিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু সাধাৰণ শামুকৰ কোনো আদৰ নাই ৷ সাধাৰণ শামুকে নিজকে জলাশঙ্খৰ বংশধৰ বুলি দাবী কৰাৰ দৰে কিছুমান মানুহে নিজৰ গুৰুত্ব বঢ়াবলৈ ডাঙৰ মানুহৰ সৈতে থকা নিজৰ আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ডুলি ভৰা আশা আৰু কুলা ভৰা ছাঁই ৷
Extravagant hopes lead to complete disappointment.ডাঙৰ আশা লৈ কোনো কাৰ্য সম্পাদন কৰিবলৈ গ'লে, তাৰ ফল অলপ কমকৈ পালেও নিৰাশাত ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
পিঠিত কুলা বান্ধ ৷
To tolerate physical torture without any complaint or reaction.কুলাৰে বাহঁৰ ধান-চাউল আদি জৰা হয়৷ সেই কুলা পিঠিত বান্ধিলে পিঠিত পৰা প্ৰহাৰৰ কষ্ট লাঘৱ হয়৷ সেয়ে এই খণ্ডবাক্যই শাৰীৰিক শাস্তি, যাতনা আদি বিনা প্ৰতিবাদেৰে সহ্য কৰা বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
ছাঁই পেলাওঁতে প্ৰয়োজন ভঙা কুলাৰ ৷
Scapegoat of the family.ভঙা কুলাৰ পৰিস্কাৰ-পৰিছন্নতা বা সামৰি-সিটৰি ৰখাৰ প্ৰতি কোনেও যত্ন নলয়, কিন্তু চৌকাৰ ছাঁই পেলোৱাৰ সময়ত সেইখন কুলা নহ'লেই নচলে, কাৰণ ছাঁয়েৰে ভৰা চৌকাখন খালি নকৰি চৌকাত জুই ধৰিব নোৱাৰি৷ একেদৰে পৰিয়াল, অনুষ্ঠান আদিৰ কোনো ব্যক্তিবিশেষক আমোদজনক বা সন্মানজনক কামত ভাগ লবলৈ নিদি (বা পৰিয়ালৰ সুখৰ ভাগ নিদি) কেৱল নিৰস- নিৰানন্দদায়ক কামৰ সময় আহিলতহে স্মৰণ কৰা হয়, এনে অৰ্থত ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
ভেঁটিত তিতা লাউ গজা
to face misfortune [Usually used when throwing a curse on someone.]অমঙ্গল হোৱা বা অশুভ দিন উপস্থিত হোৱা [সাধাৰণতে গালি-শপনি বা শাওপাত দিওঁতে ব্যৱহাৰ হয়; যেনে: তাৰ ভেঁটিত তিতা লাউ গজক৷] Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-17
Phrase খণ্ডবাক্য
দলনিত পোনা মেলা
To push someone into a vulnerable situation.অসহায় অৱস্থালৈ ঠেলি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
নল মৰি গজালি ওলায়
Recurrence of a problem after incomplete solution of the sameনলনি ভাঙি মানুহে খেতিৰ পথাৰ মোকলায়৷ কিন্তু তেনেকৈ খোলা পথাৰত ৰৈ যোৱা নলৰ অৱশিষ্টৰ পৰা পুনৰ গজালি ওলায় আৰু কিছু বছৰ খেতি নকৰিলেই নলেৰে পথাৰ ভৰি পৰে৷ এনে ক্ষেত্ৰত পথাৰখন সম্পূৰ্ণভাবে নলমুক্ত কৰিবলৈ হ’লে নলৰ অৱশিষ্টবোৰ সমুলঞ্চে নিঃশেষ কৰাতো অতিকে বাঞ্চনীয়৷ ঠিক তেনেদৰে আমাৰ সমাজত কিছুমান সমস্যা সম্পূৰ্ণৰূপে সমাধান নকৰিলে পুনৰ মূৰ দাঙি উঠাৰ সম্ভাৱনা থাকে৷ “নল মৰি গজালি ওলায়” এই জতুৱা ঠাঁচটোৱে পৰোক্ষভাৱে উক্ত ধাৰণাকেই প্ৰতিফলিত কৰে৷ Contributed by: SUDARSHAN GOGOI on 2016-01-29
Idiom ফকৰা-যোঁজনা
ঢেঁকী সৰগলৈ গলেও ধান বানিব লাগে।
Ones work portfolio can not be changed even he goes to a new place.ঢেঁকীৰ কাম ধান বনা। সৰগলৈ গলেও তাৰ কামৰ কোনো পৰিবৰ্তন নহয়। সেইদৰে যি ব্যক্তিৰ যি কাম, সি স্থানভেদে পৰিবৰ্তন নহয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Phrase খণ্ডবাক্য
গা ঘেলা
To exhibit bodily beauty, dresses, apparels etc. extremely.শাৰীৰিক সৌন্দৰ্য্য, পোছাক-পৰিচ্ছদ আদি অতি বেছিকৈ প্ৰদৰ্শন কৰ্। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-18
Idiom ফকৰা-যোঁজনা
লাগি থাকিলে মাগি খাব নালাগে ৷
One can be successful in anything if he/she persistently and sincerely engage himself/herself in it. One who does his/her job with sincerity never has to face hardship.একাগ্ৰতাৰে যিকোনো কামত ব্ৰতী হ’লে সফলতা লাভ কৰাটো নিশ্চিত ৷ গতিকে নিষ্ঠা-সহকাৰে নিজৰ কাম কৰি যোৱা জন কেতিয়াও অভাৱগ্ৰস্ত হ’ব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Idiom ফকৰা-যোঁজনা
হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়
a big thief or criminal does not get caught or fall in trouble, only small thieves fall in troubleডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে Contributed by: Abdul Wahab on 2008-06-05
Phrase খণ্ডবাক্য
কপালৰ ঘাম মাটিত পেলা
to engage in strenuous hardworkকঠোৰ পৰিশ্ৰম কৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Riddle সাথৰ
ক্ষয় নেযায় লাগিলে, ভয় নেখায় শিকিলে ৷
A skill, fame, business, tradition etc. never rust when they are honed regularly; similarly a person never worries or get afraid of to start a new venture when he has detailed knowledge about his/her work or subject and keeps his/her knowledge is updated with continuous learning process.মানুহে যদি কোনো ব্যৱসায়, ভাল বংশ-পৰম্পৰা, জীৱিকা, কাৰ্যদক্ষতা, কুশলতা, সুখ্যাতি, কাম আদিত নিয়মিতভাবে লাগি থাকে, তেনেহ\'লে সেয়া কেতিয়াও বিনষ্ট নহয় ৷ আনহাতে, কোনো বিষয়, কাৰ্য, অৰ্হতা আদি ভালদৰে শিকা থাকিলে, তেনে বিষয় আদিত আগবাঢ়িবলৈ কেতিয়াও ভয় নেলাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Riddle সাথৰ
মাক জুটুলি পুতুলি পুতেক চোকা টেকেলা৷
Mother is untidy with uncombed hair. The son is very alert. Ans: chilly and its tree.জলকীয়া আৰু গছজোপা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷
A person who is very good at eating and he demands the best dhoti with handiworks to wear but very lazy when it comes to work.খোৱা-বোৱাত খুউব ভাল, কাম-বন কৰিবলৈ এলাহ অথচ পিন্ধিবলৈ ভালৰো ভাল আচু থকা চুৰিয়া খন লাগে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Phrase খণ্ডবাক্য
ঊনৈশত বা বলাই ফুৰা
To be in great excitementঅতিপাত উত্ৰাৱল হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা
তুমি হ’লা বাৰৰে, আমি হ’লো তেৰৰে
Reluctance to accept superiority of others over oneself.কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Phrase খণ্ডবাক্য
পলাই পত্ৰং দে ৷
To abscond, flee or escape.শাস্তি আদিৰ পৰা বাচিবলৈ, বিচাৰি পাব নোৱাৰাকৈ পলাই অন্তৰ্ধান হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ৷
A person having no teeth cannot keep closed their mouth. Moreover they cannot crush meat or other harder foods. In such a case if a fly enter into their open mouth, the said teeth less person crush the fly as if the fly is a piece of meat.দাঁত সোলাৰ মুখ খন দাঁত নথকা বাবে অনবৰতে মেল খাই থাকে আৰু তেনেলোকৰ মাংসৰ লগতে অন্যান্য টান পুষ্টিকৰ খাদ্য ভালকৈ চোবাই খোৱাৰ সামৰ্থ নেথাকে৷ তেনেস্থলত মুখত সোমোৱা কোমল দেহৰ মাখি টোকে (মাখি যদিওবা অখাদ্য৷) চোবাই মাংস খোৱাৰ পৰম তৃপ্তি লাভ কৰাৰ বাদে অন্য বিকল্প নেথাকে৷ Contributed by: Sitaram Upadhyaya on 2015-11-20
Idiom ফকৰা-যোঁজনা
সাউদ ভোলা-ভালা আৰু চোৰৰ বৰ গলা ৷
1. The guilty has a loud voice. 2. An offender takes upper hand when the opponent is weak.সাউদ যদি নিৰ্জু প্ৰকৃতিৰ হয়, তেনেহ'লে চোৰে কথাৰ জোৰেৰে বাচি যাবলৈ চেষ্টা কৰে অথবা সাউদকেই দোষাৰূপ কৰি নিজে বাচি যায় ৷ দোষ কৰি নিজৰ দোষ ঢাকিবলৈ মাত ডাঙৰ কৰি বা যুক্তি দৰ্শাই বাচিবলৈ কৰা কাৰ্যক দৰ্শায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-16
Idiom ফকৰা-যোঁজনা
লোৰ কড়াই গুৰি চোবাই খাইছিলো, পচলাত ভাগি গ’ল দাঁত ৷
One who may easily accomplish a difficult task, may sometimes fail to do a simple job.কঠিন বা কষ্টসাধ্য কামো অনায়াসে কৰিব পৰা জনে কেতিয়াবা সাধাৰণ কাম এটাকে কৰিবলৈ সক্ষম নোহোৱা অৰ্থত এই ফকৰাটি প্ৰয়োগ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা
গালো বালো খোলাকটিৰ তাল হ’ল
all efforts have gone in vainসকলো কষ্ট অথলে গ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
অতিপাত শলাগনি ফুচুলনিৰ চিন, আঁপুনি আঁতৰি যাবা কৰি তাক ঘিণ ৷
If someone is very willing to agree on whatever you say, there may be some ulterior motive behind it. One should avoid such persons.তোষামোদকাৰীয়ে যিকোনো কথাতে হয়ভৰ দি থাকে ৷ কিন্তু তাৰ অন্তৰালত তেনে লোকৰ অভিসন্ধি লুকাই থাকে ৷ সেয়ে তেনে লোকক এৰাই চলা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে কিলা ।
The transgressions of the great are winked at while those of the lowly are punished.ভগৱান শ্ৰীকৃষ্ণই লীলা কৰিলে দোষ ধৰোঁতা নাই । কিন্তু মানুহে একে কামকে কৰিলে অপৰাধ বুলি ধৰা হয় । অৰ্থাৎ উচ্চপদস্থ জনে অপৰাধ কৰিলেও ধৰোঁতা নাই । কিন্তু নিম্ন স্তৰৰ কোনোবাই সাধাৰণ অপৰাধ বা ভুল এটা কৰিলেই শাস্তি বিহা হয় । Contributed by: Anjali Sonowal on 2008-08-20
Idiom ফকৰা-যোঁজনা
জালকে জকাই বোলা
Incapability to understand or distinguish the differences between two closely related objects, activities or speeches.জাল আৰু জকাই দুবিধেই মাছ ধৰা সঁজুলি যদিও জাল সূতাৰে বোৱা হয় আৰু জকাই সজা হয় বাঁহৰ কাঠিৰে, আকৃতিত জাল জকাইতকৈ ভিন্ন ৷ সেয়ে দুয়োবিধেই একে বুলি ক`লে ডাঙৰ ভুল কৰা হ`ব৷ অৰ্থাৎ এই ফকৰাই কোনো বস্তু বা কথাৰ অৰ্থ নুবুজি, ভুল অৰ্থ উলিওৱা কাৰ্য্যক দৰ্শায়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-06-28
Idiom ফকৰা-যোঁজনা
অঙঠা খালে এঙাৰ শৌচ কৰিব লাগে ৷
Ill deeds always end up with harmful results.বেয়া কাম কৰিলে সদায় ক্ষতিকাৰক পৰিণাম পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-21
Idiom ফকৰা-যোঁজনা
আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম | বিধাতাই বোলে ময়ো পাছে পাছে যাম ||
Sometimes, misfortune does not leave people to enjoy in good time also.বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো বৰ সুখৰ কথা | কিন্তু তাতো গৈ যদি বিধিৰ বিপাকত অশান্তিৰ মূখামূখি হয় সি বৰ দুৰ্ভাগ্যৰ কথা | এইষাৰ ফকৰাৰ অৰ্থ "ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি" ফকৰা ফাঁকিৰ দৰেই হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
ফাগুনৰ পছোৱাই দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে৷
A person of having suspicious condition comes into the circle of blame, may he happens to be honest one or innocent about the evil deed done by someone else.পশ্চিমৰ পৰা পূৱলৈ বোৱা বতাহ জাকক পছোৱা বুলি কোৱা হয়৷ এই বতাহ জাকে দুৱাৰ মেলিলেও বৰলাই আহি ঘৰৰ কোনোবা জীযৰী/বোৱাৰীক কিবা অশালীন ব্যৱহাৰ কৰিছে নেকি এনে সন্দেহ কৰা হয়৷ অৰ্থাৎ যিজনৰ স্থিতি সন্দেহজনক, নিৰপৰাধী হ’লেও তেনে লোককে সন্দেহৰ চকুৰে চোৱা হয়৷ Contributed by: Sitaram Upadhyaya on 2015-09-03
Phrase খণ্ডবাক্য
ডলাৰ বগৰী
having no fixed habitation.স্থান-স্থিতি নথকা, ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা লোক৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা
আকাশৰ ফালে থু পেলালে নিজৰ মুখত পৰে ৷
Whoever spits against the wind spits against his own face.পৰিস্থিতি বুজি কথা নক`লে বা কাৰ্য্য নকৰিলে, সেই কথা বা কাৰ্য্যৰ কুফল নিজে ভুগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
আলালৰ ঘৰৰ দুলাল ৷
The spoilt child of a rich parent.ধনী মাক-দেউতাকৰ অতিৰিক্ত মৰমৰ বাবে স্বভাৱ নষ্ট হোৱা সন্তান ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
জোলোঙাৰ মেকুৰী বাহিৰ ওলাল
Let the cat out of the bag : A secret is being disclosedআচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায় ৷
Many a times an innocent suffers because of his similarity in appearance with a bad character.দেখাত সাদৃশ্য থকাৰ দোষতে নিৰ্দোষীয়ে কেতিয়াবা অনাহকতে মাৰ খাবলগীয়া হয় ৷ Contributed by: Rupankar Mahanta on 2008-08-18
Idiom ফকৰা-যোঁজনা
খাই পাত ফলা ৷
To be an ingrate.উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা, অকৃতজ্ঞ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
কেৰেলাতকৈ গুটি দীঘল হোৱা
Sometimes the expected output of some work become much more complex or lengthier or expensive.কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷
In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।
People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়। Contributed by: Barnali Deuri Bora on 2010-11-20
Idiom ফকৰা-যোঁজনা
যাৰ নেগুৰত জুই লাগে, সি নিজেই নুমাব লাগে ৷
At the time of distress, if anybody waits for others to help and rescue him, there is possibility of greater damage. So, he has to think and work on his own to find a solution for it.বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
কোলাৰটো এৰি বোকাৰটোত ধৰা
To become greedy to possess something which is scarce rather than accepting the easily available one.সহজে উপলব্ধ হোৱা বস্তুটোক অৱহেলা কৰি দূৰ্লভ বস্তুৰ প্ৰতি মোহ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
গেলাতে টেঙা দিয়া
to inflict additional injury to someone who is already suffering from painকষ্ট ভোগ কৰি থকা ব্যক্তিক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-04-26
Idiom ফকৰা-যোঁজনা
বেজীৰ জলা মনা, কুঠাৰৰ জলা নমনা
Effort to make a big deal out of a minor issue while ignoting the larger issue. English synonym : Make a mountain out of a molehillপ্ৰকৃত বা ডাঙৰ সমস্যাক জানি-বুজি আওকাণ কৰি সাধাৰণ বা তেনেই সৰু কথা এটাকে ধৰি এটা ডাঙৰ সমস্যাৰ দৰে দেখুৱাব খোজা প্ৰয়াস ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
আৰ্জিলে ভুঞ্জিবও লাগে ৷
One has to remain prepared to face the consequences of his own deeds, whether good or bad.নিজে কৰা ভাল-বেয়া সকলো কৰ্মৰ ফল ভোগ কৰিবলৈ মানুহ সাজু থাকিব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifleআহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
টোপোলাৰ ঘৰলৈ টোপোলা যায়; ৰ ৰ টোপোলা তোলৈকো চায় ৷
One cannot receive gifts again and again without reciprocating it.কাৰোবাক টোপোলা বা উপহাৰ দিলেহে নিজেও উপহাৰ পাব পাৰি ৷ একপক্ষীয়ভাবে উপহাৰ সদায় পাই থাকিব নোৱাৰি, সেয়ে উপহাৰ দিয়াৰ অভ্যাস কৰিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-20
Idiom ফকৰা-যোঁজনা
জ্বলা জুইত ঘিঁউ ঢলা
To raise the anger of a person by telling undesirable things when he is already very angry.ইতিপূৰ্ব্বে ক্ৰোধান্বিত হৈ থকাজনক তেওঁ বেয়া পোৱা কথা কৈ অধিক খং তোলা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-28
Idiom ফকৰা-যোঁজনা
সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ ৷
One should deal equally with his equals and then whether he succeeds or not, he need not feel ashamed.নিজৰ সমকক্ষ জনৰ লগত সমভাৱে ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া জয়-পৰাজয় যিয়েই নহওক লাগে, লজ্জাবোধ কৰিব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
মোল্লাৰ দৌৰ মচজিদলৈকে ।
The vision and abilities of a person are restricted to his domain.প্ৰতিজন মানুহৰ ক্ষমতা আৰু জ্ঞান নিজৰ কৰ্ম ক্ষেত্ৰতেই সীমাবদ্ধ তেনে অৰ্থত কোৱা হয় । Contributed by: Anjali Sonowal on 2008-10-08
Idiom ফকৰা-যোঁজনা
উপজিয়েই গোটা ভাত গিলা
to try to accomplish a difficult task all at once instead of step by stepকোনো ডাঙৰ কাম লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ বিছৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-01
Idiom ফকৰা-যোঁজনা
কওঁতেই কলা, যঁতৰতে শলা
Highly forgetful and inattentive mind exhibited by a personঘূৰি থকা যঁতৰত শলা সুমুৱাই দিলে নুঘূৰা হোৱাৰ দৰে কথা এটা কৈ থাকোঁতেই পাহৰি যোৱাটো বুজায় Contributed by: Dr. Armaan U. Muzaddadi on 2011-12-03
Idiom ফকৰা-যোঁজনা
খাৰ খোৱা জিভা, ওলায় কিবা কিবা ৷
This idiom is used by the speaker of a undesired or unspeakable truth to make an excuse, as if the truth has come out spontaneously without intention.কলাখাৰ অসমীয়াৰ এক প্ৰিয় খাদ্য ৷ কোনো অপ্ৰিয় বা নক’বলগীয়া কথা কওঁতাই নিজৰ দায় সাৰিবলৈ এই যোজনাটো প্ৰয়োগ কৰে, যেন তেওঁ কোৱা কথাষাৰ অনিচ্ছাকৃতভাৱে আপোনা-আপুনি ওলাই গ’ল ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা
আঠুৰ মঙহ বুকুত নেলাগে।
A person cannot be very close to another person who has a highly different set of cultural charactersযেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
হাতীয়ে খায় যিমান লাদেও সিমান ৷
One who earns more expends more.হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
বাচোঁতে বাচোঁতে গেলা বৰালিত হাত পৰা
To select something inferior after lots of searching and selectingবহু বিচাৰ বিবেচনা কৰি অৱশেষত কিবা বেয়া নিৰ্বাচন কৰা Contributed by: shekhar borah on 2009-05-08
Phrase খণ্ডবাক্য
আইধৰ্-বাইধৰ্ লাগ্
to be in a bewildered or helpless stateআকস্মিক বেমাৰৰ প্ৰকোপ বা বিপদ কালত নিৰুপায় হ Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা
ৰজা নাইকিয়া খাটত, ধৰি কিলায় বাটত৷
When the reign of a country is vested to an unworthy administrator, anarchism and lack of law & order prevails all around.দুৰ্বল প্ৰশাসকৰ হাতত দেশৰ শাসন ন্যস্ত হ`লে অৰাজক অৱস্থাৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিঘ্নিত হয়৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-03-07
Idiom ফকৰা-যোঁজনা
টিক বলধা ওলায় মাটি, মাক ভালেই জীয়েক জাতি ৷
The character of a girl largely depends on the character of her mother.সময়মতে মাটিত হাল বাই শেষ কৰিবলৈ হ’লে বলধ হাল চেঙা হ’ব লাগে ৷ সেইদৰে জীয়েক ভাল হ’বলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
Phrase খণ্ডবাক্য
ডিঙিত জৰি লাগ ৷
Fie on thee, to get trapped into conspiracy or entangled into complicacies.ষড়যন্ত্ৰৰ বলি হৈ বিপদত পৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷
The real culprit escapes punishment, while the minor associates get the punishment.আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Phrase খণ্ডবাক্য
হোলাৰ ভাই মোলা
A very simple personহোলা মানে সৰল লোকক বুজোৱা হয়, তেওঁৰে ভায়েক মানে তেওঁৰ নিচিনাই, অৰ্থাৎ অতি সহজ সৰল লোক ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
চিকুটি লাউ বুঢ়া কৰা
To provoke or to give a warning signal to the enemyশত্ৰুক জোকাই লোৱা বা সজাগ কৰি দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-03
Idiom ফকৰা-যোঁজনা
ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি
It`s about a person who is very lazy and does not work, and also lives on other`s mercy.কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
কটা ঘাত / গেলাত টেঙা দিয়া অথবা কটা ঘাত চেঙা তেল দিয়া
To inflict physical or mental injury to someone, who has been already suffering.দুখ-কষ্ট ভোগ কৰি থকাজনক অধিক কষ্ট দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Phrase খণ্ডবাক্য
পচলাত দাঁত ভগা
To suffer in doing a trifling act.একেবাৰে সহজ কাম কৰিবলৈ গৈ অশেষ কষ্ট পোৱা৷ Contributed by: Susanta Borgohain on 2011-08-29
Idiom ফকৰা-যোঁজনা
থান থিত লাগ
To get settled in a job or place, or to get organized.শৃংখলাবদ্ধ হ; কোনো কামত বা স্থানত নিয়মিতভাবে থিতাপি ল ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
কটাৰী ধৰাবা শিলে, তিৰোতা চলাবা কিলে ৷
This basically explains that one should stick to the recommended ways for doing certain things.কটাৰী শিলত ঘঁহিলেহে ধাৰ লয় ৷ তেনেদৰে তিৰোতাক বশত ৰাখিলেহে কাম হয় ৷ ইয়াৰ দ্ৱাৰা বুজোৱা হৈছে যে কিছুমান কাম কৰাৰ কিটিপ আছে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
ওঁঠ চেপিলে গাখীৰ ওলাব ৷
A man of the early age when wants to do the activities of an elderly.কম বয়সৰ মানুহে বলে নোৱাৰা কাম কৰিবলৈ গ\'লে বা উফাইদাংমৰা কথা ক\'লে বয়োজ্যেষ্ঠজনে এনেদৰে কয় ৷ অৰ্থাৎ তেনে কাম কৰাৰ বা কথা কোৱাৰ বয়স এতিও হোৱা নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-12
Idiom ফকৰা-যোঁজনা
এলাগীক নকৰিবা হেলা, এলাগীয়েহে তৰিব বিপদৰ বেলা
A person should not be judged by external appearance alone, an ugly looking person may be highly qualified or talentedদেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷
Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Idiom ফকৰা-যোঁজনা
ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক
One, who has blessings of the king or the man in power, can do anything easily without help or support from others.যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
ঠেহ লাগি বেশ পোৱা ৷
Exhibiting annoyance and unhappiness to make someone flexible and emotionally worried and thus becoming successful to obtain desired thing.ঠেহ লাগিলে সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক মৰম প্ৰদৰ্শন কৰে আৰু ঠেহ ভাঙিবলৈ সন্তানে বিচৰা বস্তু যেনে বেশ (পোছাক) আদি আনি দিয়ে ৷ অৰ্থাৎ, সামান্য খং বা অভিমান দেখুৱাই বাঞ্চিত বস্তু, প্ৰতিশ্ৰুতি, পদবী আদি আদায় কৰি লোৱা কাৰ্য্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Phrase খণ্ডবাক্য
পানী খোৱা পুখুৰীত বিহ ঢলা
To cause harm to someone intentionally. (Mostly used in negative sense)ইচ্ছাকৃতভাৱে আনৰ অপকাৰ কৰা ৷ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ৷ যেনেঃ কিনো তাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ যে সি মোক মাত-বোল নকৰা হ’ল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা
অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷
A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
সাতে-পাঁচে মিলাই
(Eng.equivalent: put two and two together)to decide, find out the truth from what you hear and seeশুনা, দেখা কথাৰ পৰা মিলাই মেলি প্ৰকৃত সঁচা কথানো কি তাক থিৰ কৰা। Contributed by: Partha P Sarmah on 2011-03-05
Idiom ফকৰা-যোঁজনা
দেহা গোলাঘটীয়া হ
to feel exhausted due to strenuous exercise or for facing troubles and turbulenceকঠিন পৰিশ্ৰমৰ ফলত অথবা নানান আলৈ-আহুকালৰ সন্মুখীন হোৱাৰ ফলত শৰীৰ অৱশ হৈ পৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
Idiom ফকৰা-যোঁজনা
ধোদৰ পচলা ৷
An extremely idle, sluggish or lethargic person.অতিকৈ এলেহুৱা ব্যক্তি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
অতি চালাকিৰ ডিঙিত জৰী
One who clever by half falls into a trap of his own makingবেচি চালাকি খটুৱাবলৈ গৈ নিজে বিপদত পৰিবলগীয়া হোৱা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Idiom ফকৰা-যোঁজনা
কথা ক’লেই লাগিল পাক, বাৰজনী গৈছিল পানী আনিবলৈ, তেৰজনীৰ কাটিলে নাক ৷
The proverb points out to how rumours spread and how a small story grows when it spreads from one to another.মানুহৰ মুখ বাগৰি কথাই পাক লয় ৷ বিশেষকৈ কোনো অপবাদ বা কেলেঙ্কাৰীৰ কাহিনী মুখে-মুখে বাঢ়ি অতিৰঞ্জিত ৰূপ লয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Phrase খণ্ডবাক্য
আঁঠুৱা চাই ঠেং মেলা
To do something within a limit of one`s capacity.নিজৰ সামৰ্থ্য অনুসৰি কাম কৰা Contributed by: jaimini bora on 2009-05-03
Idiom ফকৰা-যোঁজনা
গাখীৰৰ নামত পানীকে খাবা, দোলাৰ নামত সিকিয়াতে যাবা ৷
If you can not afford, then you should console yourself with whatever you can afford.আৰ্থিক সামৰ্থ্য নাথাকিলে যিমান খৰচ কৰিব পাৰা তাতে সন্তুষ্ট হোৱা উচিত ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
লাগে তামোল নালাগে, নালাগে তামোল লাগে
If one stays very closely to another then there bound to be quarrel between them, that their relationship does not sustain. On the other hand, if they stay not very closely their relation will flourish.গাত গা লগাকৈ তামোল গছ ৰুলে তামোল নালাগে, গাত গা নলগাকৈ ৰুলে তামোল লাগে। অর্থাৎ কাৰোবাৰ সৈতে সম্পৰ্ক বেচি ঘনিষ্ঠ হ’লে তাৰ ফল ভাল নহয় ৷ অলপ দূৰে দূৰে থাকিলে মৰম চেনেহ বাঢ়ে। Contributed by: Syed Sayeedur Rahman on 2008-06-28
Idiom ফকৰা-যোঁজনা
শলাগোতে শলাগোতে শলাগাঠি লাগ ৷
Excessive praise reduces efficiency.অতিবেছি শলাগ লোৱাৰ বাবে কাৰ্যক্ষমতা হ্ৰাস হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |
The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
English sayings: Morning shows the day.কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷
This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Riddle সাথৰ
হাবিত কাহে, ওলাই নাহে ৷
There is sound (coughs) inside the forest, but it is not revealing (coming out). Answer is: Axe.কুঠাৰ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
Idiom ফকৰা-যোঁজনা
হলা গছত বাগি কুঠাৰ মৰা ।
Literal Meaning: To strike an inclined tree with an axe. Real meaning: To attack a person when when he is in helpless situation.বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা । Contributed by: Prasenjit Khanikar on 2008-02-28
Phrase খণ্ডবাক্য
কপালত জুই লাগ্
to face misfortune or bad daysসৌভাগ্য নষ্ট হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
বুঢ়ী আই এ নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত
After being pauper, remembering sadly the times when he was rich.আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা Contributed by: Barnali Deuri Bora on 2010-10-27
Phrase খণ্ডবাক্য
দুখে কুলাই পাচিয়ে নধৰা
to be beset by adversity from all sides.বৰকৈ দুখ-কষ্ট পোৱা বা চাৰিওফালে বিপদে আগুৰি ধৰা৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-20
Idiom ফকৰা-যোঁজনা
খাই কাৰ্শলা ডালত উঠিল | কাঠী চেলেকাৰ মৰণ মিলিল ||
Sometimes, criminals commits crime and escape without getting punishment. But the common and innocent people are harassed in the name of enquiry.কাৰ্শলা এবিধ তীব্ৰবেগী বিষাক্ত সাপ; ই গছ-পাতৰ ওপৰৰে সহজে বগাই ফুৰিব পাৰে| কাঠি চেলেকাৰ অৰ্থ হৈছে সাধাৰণ হোজা আৰু নিৰ্দোষী মানুহ| অৰ্থাৎ দাগী অপৰাধী সাৰি যায় অথচ নিৰপৰাধী ব্যক্তিয়ে হাৰাশাস্তি খাৱ লগা হয়| Contributed by: Biraj Kumar Kakati on 2008-03-01
Idiom ফকৰা-যোঁজনা
নকলেও নোৱাৰোঁ ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ
To invite hatred from others by telling the truthমুখৰ আগত সত্য কথা কৈ আনৰ অপ্ৰিয়ভাজন হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
বাজিব লাগে টেমি-কটাৰী, বাজিছে হাচটি
Person who is supposed to talk is not telling anything, but his supporter is unnecessarily going on telling meaningless things.হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লগীয়া ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
ডাঙৰৰ হ’লে লীলা, সৰুৰ হ’লে বান্ধি ধৰি কিলা
If a powerful or influential person commits something wrong, people are afraid to point out or raise voice, however, if weak person commits the same, he is punished.ডাঙৰ বা সামৰ্থবান লোকে বেয়া কাম কৰিলেও মানুহে বা সমাজে তাত মাত মাতিবলৈ বা দোষ ধৰিবলৈ ভয় কৰে৷ কিন্তু একে দোষতে সৰু অৰ্থাৎ যোত্ৰহীনজনক শাস্তি দিয়া হয়৷ Contributed by: Bikram M Baruah on 2025-03-01
Idiom ফকৰা-যোঁজনা
ঝটপট কৰিলে জটৰ-পটৰ লাগে ৷
A work done in fuss or hurry takes more time and labour than the work done in normal speed.কোনো কাম খৰখেদাকৈ কৰি শেষ কৰিব বিচাৰিলে, তাত খেলিমেলি বেচিকৈ লাগে আৰু শুধৰণিৰ প্ৰয়োজনত সেই কাম পুনৰ কৰিব লগীয়া হয়, ফলস্বৰূপে অতিৰিক্ত সময়হে খৰচ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।
Enjoy the hardwork of others.কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
ঠেলাৰ নাম বাবাজী ৷
1) Necessity is the law of life. 2) Nothing like force.টানত পৰিলে মানুহে তুচ্ছ কামো কৰিব লগা হয়; বা মানসিক বা শাৰীৰিক শাস্তিৰ ভয়ত মানুহে যি কোনো কাম কৰিবলৈ বাধ্য হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ফটা বাঁহ জোৰা নালাগে
a close relationship once severed is impossible to mend.সম্পৰ্ক বিচ্ছেদ হ'লে পুনৰ মিলন অসম্ভৱ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা
লেতেৰা কাপোৰেৰে ময়লা গুচাব নোৱাৰি ৷
A man of bad character cannot contribute to clean the ill deeds of the society.বেয়া মানুহৰ দ্বাৰা বা বেয়া মনোবৃত্তিৰে সমাজৰ কুকৰ্ম, কুসংস্কাৰ আদি আঁতৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-31
Idiom ফকৰা-যোঁজনা
উঠি পৰি লাগ ৷
To be up and doing.ফল নোপোৱালৈকে নেৰানেপেৰাকৈ চেষ্টা কৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
গৰুৱে নেজ ডাঙিলে গোবৰহে ওলায়৷
Cow lift his tail only to yeild excreta. An idiot tries many things yeilding no good resultমুৰ্খই যিয়েই নকৰক ভাল ফল দিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-19
Idiom ফকৰা-যোঁজনা
ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়
Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
জোৰ পুৰি বৰলাৰ হাত পালেহি ৷
The danger is knocking at the door, that means it is time to get ready to face the possible danger.বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
সাপো মৰক, লাঠিও নাভাগক৷
Solving a serious problem without incurring any loss or damageকোনো ক্ষয়-ক্ষতি নোহোৱাকৈ জটিল সমস্যা সমাধান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
ওখ গছত বতাহ লাগে বেছি।
High winds blow on high hills.মানুহ যেতিয়া ক্ষমতাশালী বা অৰ্থনৈতিকভাৱে সবল হয়, তেওঁৰ বাবে নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ আৰু দায়িত্ব বাঢ়ি যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷
These sayings describes the best of everything in various aspects of our daily life.এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
লাওপাত কচুপাত মুখ
Expert in arguments.বৰকৈ আৰু কটু কথাৰে থিতাতে কোনো কথাৰ উত্তৰ দিব পৰা স্বভাৱ ৷ তৰ্ক কৰাত পাকৈত ব্যক্তি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
ৰজাই কৰিলে লীলা |
প্রজাই কৰিলে ধৰি বান্ধি কিলা ||
It explains the bias attitude of law towards powerful and common people. Powerful people gets escape after committing some mistake but a common man gets punishment for the same mistake ক্ষমতাশীল ব্যক্তিয়ে দোষ কৰিলে সেয়া তেওঁৰ কীৰ্তি কৰ্ম বুলি ৰেহাই পায় | কিন্তু সাধাৰণ মানুহে সেই একে কাম কৰিলে শাস্তি ভুগিব লগা হয় বা আইনৰ চকুত দোষী সাব্যস্ত হয়| ইয়াৰ দ্বাৰা অন্ধ আইনৰ পক্ষপাতিত্ব-মূলক ভূমিকাক বক্ৰোক্তি কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-16
Idiom ফকৰা-যোঁজনা
মাহৰ মাৰ দেখি তিলে বেঁত মেলা
One may confess about his misdeeds out of fear, if he witnesses the process of punishment being given to someone else.মাহ আৰু তিল দুয়োবিধকে একেদৰে কোবাই বীজ উলিয়াব লগা শস্য৷ মাহক কোবোৱা দেখি তিলে তাৰ বীজ নিজেই উলিয়াই দিয়া বুলি কোৱাৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে, কাৰোবাৰ শাস্তি দেখি আন মানুহে নিজেই নিজৰ দোষৰ সৈ কাঢ়ি দিয়ে৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
পৈয়েকে বুলিলে কাজী, মন ভাল লাগিছে আজি৷
When a husband appreciates his wife, she feels very happy. Likewise if someone is appreciated by an unexpected person, he feels happy.সাধাৰণতে পৈয়েক আৰু ঘৈণীয়েকৰ মতৰ অমিল হয় আৰু সৰু-সুৰা খৰিয়ালৰ সৃষ্টি হৈয়েই থাকে। তেনে স্থলত ঘৈণীয়েকক যদি গিৰীয়েকে কেতিয়াবা প্ৰশংসা কৰে মনটো বৰ ভাল লাগে। ঠিক সেইদৰে, আশা নকৰাকৈ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ হ`লে মনত বৰ আনন্দ পোৱা যায়। Contributed by: Sitaram Upadhyaya on 2015-03-22
Idiom ফকৰা-যোঁজনা
কুলত বন্তি জ্বলা ৷
To increase the prestige of a family or dynasty.পৰিয়াল বা বংশৰ সন্মান, গৌৰৱ আদি বঢ়া ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ঢিলা পাই ঠিলা মৰা
To cause harm to someone or to fulfil one's selfish interest taking advantage of his/her weaknessকাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ অপকাৰ কৰা বা নিজৰ স্বাৰ্থ পূৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-15
Idiom ফকৰা-যোঁজনা
ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক৷
One should not have enmity with his neighbours.প্ৰতিৱেশী বা ওচৰ-চুবুৰীয়াৰ সৈতে শত্ৰুতা কৰা অনুচিত৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-01-16
Idiom ফকৰা-যোঁজনা
চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷
A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
ভেবা লাগি চা ৷
To watch something or some act with confusion and astonishment.একো বুজিব নোৱাৰি আচৰিত হৈ চা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
বাওনা হৈ চন্দ্ৰলৈ হাত মেলা
To try something impossible with one`s limited capabilityচুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷ Contributed by: Hemanta Saikia on 2009-02-28