অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "সাপ"
Idiom ফকৰা-যোঁজনাসাপৰ সঁজাত নাই৷
A traitor has no friend.সাপে সগোত্রীয় সাপকো দংশন কৰে বা গিলি খায়,একেদৰে সাপৰ দৰে কিছু লোক আছে যি অতি আত্মকেন্দ্রিক আৰু যিসকলে নিজ স্বার্থৰ খাতিৰত আপোন মানুহকো বিশ্বাসঘাতকতা কৰিব পাৰে; এনে লোকক দর্শাবলৈ ব্যৱহাৰ কৰা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
কেচুঁ খান্দোতে সাপ ওলোৱা
While investigating some small secret or scam, discover a bigger secret or a bigger scam.সৰু কিবা এটা বিচাৰোতে ডাঙৰ কিবা ৰহস্য উদ্ঘাতন হোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
সাপে নাপাহৰে কঁকালৰ কোব
One can never forget the injury inflicted or harm done by others to him or her, but generally awaits for an opportune moment to take revenge for it.আনে কৰা অপকাৰ বা আঘাতৰ কথা সাধাৰণতে মানুহে পাহৰিব নোৱাৰে ৷ বৰঞ্চ তাৰ পোটক তুলিবলৈ সুযোগৰ অপেক্ষাত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-09
Idiom ফকৰা-যোঁজনা
সাপো মৰক, লাঠিও নাভাগক৷
Solving a serious problem without incurring any loss or damageকোনো ক্ষয়-ক্ষতি নোহোৱাকৈ জটিল সমস্যা সমাধান কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
ঢোৰা সাপৰ ফোঁচফোঁচনিয়েই সাৰ
All Bark And No Bite: When someone is threatening and/or aggressive but not willing to engage in a fight.কিছুমান মানুহে আনক ভয় খুৱাবলৈ ডাঙৰ ডাঙৰ কথা কয়, কিন্তু সেইবোৰ কামলৈ হ’লে একো নাই Contributed by: Rupankar Mahanta on 2008-09-03
Idiom ফকৰা-যোঁজনা
সাপ হৈ খোঁটা, বেজ হৈ জৰা
The one willfully causing harm to someone posing as the rescuer.ইচ্ছাকৃত ভাৱে অপকাৰ কৰাজনে ত্ৰাণকৰ্ত্তাৰ ভাও দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
Idiom ফকৰা-যোঁজনা
এবাৰ সাপে খালে লেজুলৈকো (বা কেঁচুলৈকো) ভয় ৷
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে সতৰ্ক হয়। Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
গাখীৰ খুৱাই খুৱাই সাপ পোহা
Getting hurt by someone who has been helped and supported for longনিজে ভৰণ-পোষণ দি বা সহায়-সাৰথি কৰি ৰখাজনেই শত্ৰু শালি অপকাৰ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
Idiom ফকৰা-যোঁজনা
সাপ মাৰি নেগুৰত বিষ এৰা
If you have taken on your enemy, then ensure that he is completely finished. Else he may raise his head again in future.সাপৰ জীৱটো নেগুৰত থকা বুলি ভৱা হয় ৷ সেয়েহে সাপডাল ভালকৈ মাৰিবলৈ হ’লে কেবল মূৰত মৰিয়ালেই নহ’ব, তাৰ নেগুৰতো মাৰিব লাগিব ৷ অৰ্থাৎ শত্ৰুক সমূলংশে নিৰ্মূল নকৰিলে ভৱিষ্যতে বিপদ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-20
Idiom ফকৰা-যোঁজনা
সাপৰ সৰু বৰ নাই৷
A snack is counted by its poision(venom)not by its size, because when it bites the victim dies immediate.সাপৰ আকাৰটো ডাঙৰ বা সৰু যিয়েই নহওক, দংশন কৰাৰ লগে-লগে জীৱৰ মৃত্যু ঘটে৷ Contributed by: Sitaram Upadhyaya on 2014-12-04