অ (41) • আ (58) • ই (7) • ঈ (5) • উ (17) • ঊ (3) • ঋ (2) • এ (30) • ঐ (1) • ও (14) • ঔ (4) • ক (69) • খ (19) • গ (36) • ঘ (14) • চ (44) • ছ (10) • জ (19) • ঝ (1) • ট (9) • ঠ (6) • ড (8) • ঢ (11) • ত (17) • থ (9) • দ (25) • ধ (18) • ন (36) • প (34) • ফ (16) • ব (55) • ভ (21) • ম (42) • য (26) • ল (16) • শ (21) • ষ (2) • স (43) • হ (40) • ৰ (23) • ৱ (1) •
Submit New Proverb, Idiom, Phrase OR Riddle
Proverbs containing the word "হ"
Idiom ফকৰা-যোঁজনাহাঁহেও ৰাজী, মাহেও ৰাজী
No complain to any proposal, like the situation when one may agree to have either vegetarian or non-vegetarian food.যিকোনো প্ৰস্তাৱত আপত্তি নকৰা, যেনেকৈ খাবৰ বাবে আমিষ বা নিৰামিষ যিকোনো এবিধ হ’লেই হ’ল | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ইননি-বিননি কাণত পৰে, হুটা কথা খালত পৰে ৷
A polite request pays of, but an impolite word is hardly paid any attention to.ভাল মাতেৰে বা বিনম্ৰতাৰে অনুৰোধ কৰিলে মানুহ সহজে পতিয়ন যায়, একেটা কথা হুটা বা কৰ্কশ মাতেৰে ক'লে বিপৰীত ফলহে পোৱা যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-17
Idiom ফকৰা-যোঁজনা
নাঁৱৰীয়া পোৱালীহে নাঁৱত টোকৰ মাৰিলেই গম পাওঁ
To understand one's own profession.নিজৰ বৃত্তিক খুব ভালদৰে বুজি পোৱা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Idiom ফকৰা-যোঁজনা
কুটৰ পো কুটি, লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি ৷
A conspiracy always harms the conspirator.আনৰ অপকাৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিলে, নিজেই সেই ষড়যন্ত্ৰৰ বলি হ`বলগীয়া হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Idiom ফকৰা-যোঁজনা
উৱাদিহ নোপোৱা হ ৷
To be in the middle of nowhere on facing problems.কোনো বিপদ বা সমস্যাৰ সন্মুখীন হৈ তাৰ সমাধান বিচাৰি হাবাথুৰি খা। Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-05
Idiom ফকৰা-যোঁজনা
শক্তি চাইহে ভক্তি
One should try to involve himself with a task according to his capabilities only.মানুহে পূজা-পাতল আদি মাঙ্গলিক অনুষ্ঠানত নিজৰ সাধ্য অনুসৰিহে খৰচ কৰিব পাৰে | ঠিক তেনেকৈ নিজৰ সামৰ্থ্য অনুসৰিহে মানুহে যিকোনো কামলৈ আগবাঢ়িব লাগে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
সাপ হৈ খোঁটা, বেজ হৈ জৰা
The one willfully causing harm to someone posing as the rescuer.ইচ্ছাকৃত ভাৱে অপকাৰ কৰাজনে ত্ৰাণকৰ্ত্তাৰ ভাও দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-12
Phrase খণ্ডবাক্য
থৰ কাছুটি হেৰা
To be in too much hurry and lose normal balance in work.কোনো কামত অতিমাত্ৰা খৰ-ধৰ কৰ আৰু সাধাৰণ কাৰ্যক্ষমতা হেৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
মই লৈ যাও ৰৌ-বৰালী, তুমি লৈ যোৱা কুচিয়া-মিৰিকা; নহ’লে তুমি লৈ যোৱা কুচিয়া-মিৰিকা, মই লৈ যাও ৰৌ-বৰালী ৷
This phrase is used to ridicule a person who takes lion’s share for himself and deprives others from getting their deserving share.দুজন মানুহ মাছলৈ গৈ ৰৌ, বৰালী, কুচিয়া আৰু মিৰিকা মাছ ধৰে, আৰু ভাগ-বতৰা কৰোতাজনে মাছ ভাগ-বতৰা কৰাৰ সময়ত এইদৰে (ফকৰাটো) কয় ৷ অৰ্থাৎ ভাগ-বতৰা কৰোতাজনৰ ভাগত সদায় ৰৌ-বৰালী পৰিব আৰু আনজনৰ ভাগত সদায় কুচীয়া আৰু মিৰিকা ৷ অৰ্থাৎ যেতিয়া বিলাই দিয়া কাৰ্যত অনিয়ম হয়, আৰু আবন্টন কৰোতাই কৰোবাক প্ৰাপ্য বস্তুৰ পৰা বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰে, তেনেস্থলত এই ফকৰা মাতি আবন্টন কৰোতাজনক উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-11
Idiom ফকৰা-যোঁজনা
দূৰৈৰ পাহাৰ শুৱনি দেখি
A hill from a distance appears to be beautiful as its roughness is not seen. Similarly the roughness or hardness of anything is not known until it is approached by oneself.সেউজীয়া পাহাৰ দূৰৰ পৰা ধুনীয়া দেখি। তাত থকা খলা বমা, শিলবোৰ আঁতৰৰ পৰা চকুত নপৰে৷ ওচৰ চাপিলেহে তাৰ কঠিন ৰূপটো গম পোৱা যায়। অৰ্থাৎ কোনো বস্তুৰ ভাল-বেয়া জানিবলৈ হ’লে তাক ওচৰৰ পৰা নিজে নিৰীক্ষণ কৰিলেহে সঠিককৈ অনুধাৱন কৰিব পাৰি৷ কোনো কামৰ কঠিনতাৰ ক্ষেত্ৰটো ই প্ৰযোজ্য। Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা
মাহৰ মাৰ দেখি তিলে বেঁত মেলা
One may confess about his misdeeds out of fear, if he witnesses the process of punishment being given to someone else.মাহ আৰু তিল দুয়োবিধকে একেদৰে কোবাই বীজ উলিয়াব লগা শস্য৷ মাহক কোবোৱা দেখি তিলে তাৰ বীজ নিজেই উলিয়াই দিয়া বুলি কোৱাৰ পৰা ইয়াকে বুজাব বিচাৰিছে যে, কাৰোবাৰ শাস্তি দেখি আন মানুহে নিজেই নিজৰ দোষৰ সৈ কাঢ়ি দিয়ে৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰি |
A very difficult task can also be carried out if we apply our intelligence.বাঁহগছৰ জোপাৰ মাজত জোটপোট লাগি থকা বাঁহ এডাল কাটিবলৈ হ’লে বুদ্ধি প্ৰয়োগ কৰিব লাগে | ঠিক তেনেকৈ যিকোনো জটিল কাম এটা সমাধা কৰিবলৈ বুদ্ধি খটুৱাব লাগে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
হাতত নাই বিত, মনে কৰে পিত পিত
A poor person who wants to buy many things.আৰ্থিক সম্বল নথকা মানুহে পাৰ্থিৱ বস্তুলৈ হেঁপাহ কৰা Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
ৰক্ষকেই ভক্ষক হোৱা ৷
When a safeguard or a man with responsibility becomes the destroyer or exploiter.যেতিয়া কোনো ব্যক্তিয়ে নিজৰ দায়িত্বত থকা সম্পদ, ধন-সম্পত্তি, মূল্যবান নথি-পত্ৰ আদি আত্মসাৎ কৰে, বিনষ্ট কৰে অথবা কুপ্ৰয়োগ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা
ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় ৷
The fame and prosperity of human being gradually disappear from the world once he/she is dead.কোনো মানুহৰ নাম-যশষ্যা বা ঐশ্বৰ্য্য-বিভূতি সেই মানুহৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নাইকিয়া হৈ যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
এক কথাৰ মানুহ ৷
A man of priniciple.বিশ্বাসযোগ্যতা আৰু আত্মসন্মান থকা মানুহ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
ভুৰুকাত হাতী ভৰোৱা
To describe a lengthy matter in a very concise form, as if an elephant has been forced into a small pipkin.বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
শালকে মিৰিকাই হাঁহে
One having been guilty, to point fingers to the guilts of othersশাল মাছ (Channa marulius) আৰু মিৰিকা( Cirrihinus mrigala)মাছক সচৰাচৰ মানুহে খাবলৈ কম পছন্দ কৰে। কাৰণ মিৰিকা মাছত কাঁইট বেছি আৰু শাল মাছ দেখাত সাপৰ দৰে। সেয়ে এই মাছ দুটাই `মানুহে তোক নাখায়` বুলি কৈ এটাই আনটোক হাঁহে। অর্থাৎ নিজে দোষী হৈ আনৰ দোষ খুচৰি ফুৰা। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
ছাতি ধৰিবা সিফালে, বৰষুণ আহে যিফালে ৷
One has to adapt himself with the changing environment, society, rules-regulations, etc. and try to fit into the new environment.যিফালৰ পৰা বৰষুণ আহে সেইফালেই ছাতি ধৰিব লাগে, নহ\'লে অযথা বৰষুণৰ পানীত তিতি কষ্ট খাব লগা হয় ৷ অৰ্থাৎ যুগ পৰিবৰ্তনৰ লগে লগে মানুহে নিজক পৰিবৰ্তন কৰি লব লাগে, অৰ্থাৎ সময়, পৰিস্থিতি, স্থান, সমাজ আদিৰ আনুষংগিক নিয়ম-নীতিৰ লগত সংগতি ৰাখি চলিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-06
Idiom ফকৰা-যোঁজনা
আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল / আছে গৰু নেবাই হাল, হোৱাতকৈ নোহোৱাই ভাল
If one does not utilize his resources properly there is no benefit of having them.মানুহে নিজৰ হাতত থকা সম্পদবিলাক ভালদৰে ব্যৱহাৰ নকৰিলে সম্পদ নথকাৰ দৰেই হয়৷ অৰ্থাৎ মানুহে নিজৰ সম্পদবিলাক সঠিকভাৱে কামত খটুওৱা উচিত৷ Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
উপদেশতকৈ আৰ্হি ভাল ।
Example is better than precept.আনক উপদেশ দিয়াতকৈ কোনো কাম নিজে কৰি দেখুৱাব লাগে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
হাতী মাৰি ভুৰুকাত ভৰোৱা
To sum up even a very large document in a very concise mannerখুব ডাঙৰ বা দীঘল তথ্য অথবা কথাকো, অৰ্থৰ হেৰফেৰ নহোৱাকৈ থুলমুলকৈ সজাই চুটিকৈ কোৱা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা
বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ৷
One can meet God with deep faith on Him, similarly working with full commitment and confidence one can achieve the goal.সুগভীৰ বিশ্বাসৰ দ্বাৰাহে ঈশ্বৰক পাব পাৰি; কিন্তু ঈশ্বৰৰ অস্তিত্বক লৈ তৰ্ক-বিতৰ্ক কৰিলে, কেতিয়াও পাব নোৱাৰি ৷ একেদৰে গভীৰ নিষ্ঠা আৰু একাগ্ৰতাৰেহে যিকোনো কামত সিদ্ধি লাভ কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
গাখীৰ খুৱাই খুৱাই সাপ পোহা
Getting hurt by someone who has been helped and supported for longনিজে ভৰণ-পোষণ দি বা সহায়-সাৰথি কৰি ৰখাজনেই শত্ৰু শালি অপকাৰ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-03
Idiom ফকৰা-যোঁজনা
ফটা বাঁহ জোৰা নালাগে
a close relationship once severed is impossible to mend.সম্পৰ্ক বিচ্ছেদ হ'লে পুনৰ মিলন অসম্ভৱ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা
হাতী চুৰ কৰি নিয়ে বাটে বাটে বেঙেনা চোৰক ধৰে, নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে।
People with money or power or under political shelter escapes from punishment even after committing big crimes and the poor thieves are caught & punished. Likewise some people are not ashamed even when their name is maligned for bad work but seems to be grieving from a trifle.ডাঙৰ দুষ্কাৰ্য্য কৰি কিছুমান মানুহে সমাজত বৰ মানুহ বোলাই থাকে; অথচ সৰু-সুৰা চোৰেহে শাস্তি পায়। ঠিক তেনেকৈ ডাঙৰ অপমান পায়ো কিছুমানে কেৰেপ নকৰে কিন্তু সৰু কথা একোটাতে বৰ লাজ পোৱা যেন দেখুৱায়। Contributed by: Barnali Deuri Bora on 2010-11-20
Phrase খণ্ডবাক্য
অনভ্যাসে হত বিদ্যা৷
Any skill acquired goes good for nothing if it is not applied for a long time.বিদ্যা বা শিক্ষাৰ দিৰ্ঘদিন ধৰি প্ৰয়োগ নহ'লে পাহৰি যোৱা হ'য়৷ Contributed by: Sitaram Upadhyaya on 2014-12-20
Idiom ফকৰা-যোঁজনা
কুকুৰ বুঢ়া হ’লে ফাপৰে ধৰে, মানুহ বুঢ়া হ’লে পৰকিতি লৰে ৷
Dogs suffer from alopecia and become hairless when become old. On the other hand, some people lose their character at the old age.বুঢ়া হ’লে কুকুৰৰ গাৰ নোম সৰি ফপৰা হয় ৷ আনহাতে কিছুমান মানুহৰ বয়স হ’লে প্ৰকৃতি লৰে অৰ্থাত্ স্বভাৱ বেয়া হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
হাঁহি হাঁহি মাতে, ৰেপি ৰেপি কাটে
heart-breaking words in a smiling face.হাঁহিৰ চলেৰে কিছুমান মানুহে বৰ গাজত লগা কথা কয়৷ গতিকে মুখত মিঠা হাঁহি থাকিলেও এনে মানুহৰ কথাই ৰেপি ৰেপি কটা যেন লাগে৷ Contributed by: durlav gogoi on 2012-04-07
Idiom ফকৰা-যোঁজনা
ৰাজহুৱা শ বাহি শ হয়
many social works gets delayed because everyone expects other to initiate.সমূহীয়া কামবোৰ এজনে আনজনলৈ পেলাই থওঁতে থওঁতে দেৰি হয়। Contributed by: Rupankar Mahanta on 2008-08-18
Idiom ফকৰা-যোঁজনা
ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো |
Every person has his own mindset .প্ৰত্যেক ব্যক্তিৰে চিন্তাধাৰা বেলেগ বেলেগ হয় |মানুহ মাত্রেই সকলোৰে ভাৱ, আৱেগ-অনুভূতি, সুখ-দুখৰ সংজ্ঞা ভিন্ন হোৱাটো স্বাভাৱিক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
হাত কাজি নিজে কৰে, মুখ কাজি আনক বাহে
An efficient person does his own work by himself, but an inefficient one tries to get it done by others.কৰ্মপটু মানুহে নিজৰ কাম নিজে কৰিবলৈ ভাল পায়, কিন্ত অপটু মানুহে আনৰ হতুৱাই কৰাব খোজে ৷ Contributed by: Barnali Deuri Bora on 2010-10-28
Idiom ফকৰা-যোঁজনা
উৰি আহি আগুৰি বহা ৷
To be quick to occupy or to come as an intruder and dig in firmly.কোনো কামত বা সমাজত প্ৰথমৰ পৰা আগভাগ নোলোৱাকৈ, অকস্মাৎ আহি সিংহভাগ আদায় কৰি লোৱা কাৰ্য্য৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
হাঁহৰ ওপৰত শিয়াল ৰজা
A fox tries to establish kingship(command) over a duck. Similarly a man tries to establish kingship over a man relatively inferior to him.দুৰ্বল ব্যক্তিৰ ওপৰত তেওঁতকৈ অলপ সবল ব্যক্তি এজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Phrase খণ্ডবাক্য
কপাল মুকলি হ
to become fortunateভাগ্য উদয় হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-04
Idiom ফকৰা-যোঁজনা
সাপে নাপাহৰে কঁকালৰ কোব
One can never forget the injury inflicted or harm done by others to him or her, but generally awaits for an opportune moment to take revenge for it.আনে কৰা অপকাৰ বা আঘাতৰ কথা সাধাৰণতে মানুহে পাহৰিব নোৱাৰে ৷ বৰঞ্চ তাৰ পোটক তুলিবলৈ সুযোগৰ অপেক্ষাত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-09
Idiom ফকৰা-যোঁজনা
হিতে বিপৰীত হোৱা
To obtain opposite results while attempting to do something goodভাল কাম কৰিবলৈ যাওঁতে বিপৰীত ফল পোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Riddle সাথৰ
যি হ’ব লগা আছিল হ’ল ৷
The worst has come to the worst.কোনো বেয়া ঘটনা যি পাৰ হৈ গ'ল তাক ভৱিষ্যতৰ ভাল কৰ্ম-কাণ্ডৰ মাজলৈ ধৰি অনা উচিত নহয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
অশ্বত্থামা হত ইতি গজঃ ৷
Ashwasthama is killed which is an elephant, or To use an equivocation or to have recourse to an ambiguity.মহাভাৰতৰ কাহিনীত শ্ৰীকৃষ্ণই গুৰু দ্ৰোণাচাৰ্য্যক (যাৰ পুত্ৰৰ নাম আছিল অশ্বত্থামা) এই খবৰ দি বিভ্ৰান্ত কৰিছিল, যাৰ অৰ্থ \'অশ্বত্থামাক হত্যা কৰা হৈছে, যিটো এটা হাতী\' ৷ অৰ্থাৎ মানুহক দুটা অৰ্থ থকা কথাৰে ভুল পথে চালিত কৰা কাৰ্য্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
আহিল কণা, গ’ল কণা, খাগৰি কাটিলো তিনি কণা
To keep an important matter pending lethargicallyগুৰুত্বপূৰ্ণ কাম এটা কৰিম কৰিম বুলি এলাহ কৰি পেলাই থোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
চৰাই মৰে ৰৈ, মানুহ মৰে কৈ
Birds are shot by a hunter when they sit idle on the branches of tree, similarly a person may invite problems by speaking something without much thought. or Think before you lip.চৰাই গছত বহি থাকোঁতেহে চিকাৰীয়ে গুলিয়াই মাৰিব পাৰে; ঠিক তেনেদৰে মানুহে কথা কৈহে বিপদত পৰে। অৰ্থাৎ মানুহে নভবা নিচিন্তাকৈ নক`বলগীয়া কথা কৈ দিলে বিপদত পৰিব লগা হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-01
Idiom ফকৰা-যোঁজনা
তোমাৰ ঘৰৰে বাঁহ-গাঁজ আনি তাৰে কৰিলোঁ খৰিছা; তোমাতে বেচি ধান দোণ লৈছোঁ কথাটো মন কৰিছা?
Deceiving somebody by selling stuff owned by himself.কাৰোবাৰ পৰা অনা বস্তু পুনৰ গৰাকীকে বেচি ঠগী খোৱা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
গছত উঠে মৰিব, জামিন হয় ভৰিব ৷
Climbing a tree is full of risk that one may fall down by slipping grip and die, similarly taking bail on behalf of someone is equally risky which ends up with spending money from one's pocket.গছত উঠোতে ভৰি পিচলি পৰি মৰাৰ আশংকা থাকে; একেদৰে কাৰোবাৰ কাৰণে জামিনদাৰ হ\'লেও টকা পইচা ভৰিব লগা হোৱাৰ আশংকা থাকে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2012-12-11
Idiom ফকৰা-যোঁজনা
বোৱতী গংগাত হাত ধোৱা৷
To get benefited by contributing a little to a venture which has been profitably run through hard work of others.কোনো ব্যক্তি বা ব্যক্তিসমূহৰ প্ৰচেষ্টাত লাভজনকভাৱে চলি থকা কোনো কামত আন ব্যক্তি বা ব্যক্তিসমূহে অতি নগণ্য অবদান আগবঢ়াই অধিক লাভবান হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2016-06-27
Idiom ফকৰা-যোঁজনা
কঁকালেহে জানে চুৰিয়াৰ ফেৰ
A person can judge about the suitability or quality of anything only after using it.চুৰিয়া বা ধুতিৰ ফেৰ বা প্ৰস্থ কিমান হ’লে পিন্ধিবলৈ সুবিধা হ’ব, সেইটো নিৰ্ভৰ কৰে পিন্ধোঁতাৰ কঁকালৰ জোখৰ ওপৰত ৷ যিকোনো চুৰিয়া এখন পিন্ধি চালেহে যেনেকৈ তাৰ ফেৰ কিমান জানিব পাৰি, ঠিক তেনেকৈ যিকোনো বস্তু ব্যৱহাৰ কৰাজনেহে তাৰ দোষ-গুণৰ বিষয়ে ভালকৈ জানে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
সাত বিহুৰ সৈয়া কণী
one surviving even after facing a lot of trouble and distressবহুবাৰ কণী-যুঁজত যুঁজোৱাৰ পাছতো নভগাকৈ থকা কণী, অৰ্থাৎ প্ৰচুৰ দুখ-কষ্টৰ সন্মুখীন হৈও ভাগি নপৰা লোক Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
Idiom ফকৰা-যোঁজনা
সতিনীৰ আছে হৃষ্ট-পুষ্ট এটা, মোৰ আছে ক্ষীণ-মীন পাঁচটা ৷
A co-wife loughs at another co-wife's single child saying 'single but very healthy' and she covers her own guilt even if she has five children saying 'My children are unhealthy and weak may them be five in number'. So, this saying expresses the human character that always has the tendency to exaggerate others guilt or wealth and to show one's own guilt or wealth as very little or negligible.এক সতিনীৰ সন্তান এটা হ'লেও, আন সতিনীয়ে হৃষ্ট-পুষ্ট বুলি কৈ ইতিকিং বা ইৰ্ষা কৰে আৰু নিজৰ সন্তান পাঁচটা হ'লেও ক্ষীণ-মীন বুলি কৈ নিজৰ দোষ ঢাকিব খোজে ৷ অৰ্থাৎ নিজৰ দোষ ঢাকি আনৰ দোষ বঢ়াই কোৱা স্বভাৱ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
কুকুৰৰ নেজ দীঘল নিজে পাৰি বহে
to enjoy one's wealth without giving any share of it to others.নিজৰ সম্পত্তিৰ আয়ৰ ভাগ সদায় নিজেই ভোগ কৰিবলৈ পায় ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
জোলোঙাৰ মেকুৰী বাহিৰ ওলাল
Let the cat out of the bag : A secret is being disclosedআচল কথাটো বা সত্যটো এতিয়াহে প্ৰকাশিত হ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
হাতৰ কুঠাৰ ভৰিত মাৰ
To invite trouble through one`s own actions.নিজে নিজৰ অনিষ্ট কৰা বা অঘটন ঘটাই নিজৰ বিপদ চপাই লোৱা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
ফুলনি শুৱনি জবা, বিয়া-সবাহ শুৱনি ৰভা ৷
China rose or hibiscus makes a flower garden beautiful with red flowers, similarly a nicely arranged pandal in marriage party increasing the beauty of the marriage.যেনেদৰে জবাফুলে ফুলনি এখন সুন্দৰ কৰি তোলে, তেনেদৰে সুন্দৰকৈ সজোৱা ৰভা এখনে বিয়া-সবাহৰ মৰ্য্যাদা বঢ়ায়। Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা
নাখাওঁ নাখাওঁ বিয়নী, নধৰিবা হাতত; টোৰ টোৰকৈ সোমাই গ’ল এন্দুৰৰ গাতত
When someone shows unwillingness to do something with feeble objections and later on he/she does the same without any resistance.কোনো ব্যক্তিয়ে কৃতিম খং দেখুৱাই প্ৰথমে কৰিব নোখোজা কামটো পাছলৈ কোনো আপত্তি নোহোৱাকৈয়ে কৰি পেলোৱা কাৰ্যক দৰ্শোৱা হৈছে Contributed by: Dr. Armaan U. Muzaddadi on 2012-10-15
Idiom ফকৰা-যোঁজনা
কাপোৰ তিতিলে, সাঁতোৰ হ`লেই কি ?
If one loses prestige, it hardly matters whether it is lost partially or fully.তৰাং পানীৰ নদী, নিজৰা, খাল আদি পাৰ হওঁতে মানুহে পিন্ধা কাপোৰ উজাই লৈ পানীত নামে যাতে কাপোৰ তিতি নেযায় ৷ কিন্তু যদি পানী ইমান বেছি থাকে যে পাৰ হওঁতে কাপোৰ তিতিয়ে যায়, তেন্তে পানী আৰু বেছি হৈ সাঁতোৰ দিব লগীয়া হ`লেও বিশেষ লোকচান নহয় ৷ অৰ্থাৎ লাজ-সন্মানৰ হানি হ`লে কমকৈ বা বেছিকৈ বুলি কোনো কথা নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-09
Idiom ফকৰা-যোঁজনা
আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱা
To show interest on irrelevant or unnecessary mattersঅদৰকাৰী কথাৰ প্ৰতি মনোযোগ দিয়া Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
কেও মৰে ছালে-হাঁড়ে, কেও মৰে মঙহ ভাৰে |
What a diverse fate of human beings on earth! While some people die of hunger and malnutrition, others die due to over-eating.পৃথিৱীত মানুহৰ কেনে বিচিত্ৰ জীৱন ! কোনোৱে খাবলৈ নাপাই হাঁড়ে-ছালে লাগি মৰে আৰু আন কোনোৱে মঙহৰ ভৰত মৰে অৰ্থাত্ অধিক ভোজনৰ ফলত মৃত্যু মুখত পৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
খাওঁতে-শোওঁতে, উঠোঁতে-বহোঁতে ৷
At all time and in all circumstances.সকলো সময়তে বা সকলো ক্ষেত্ৰতে বুজাবলৈ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
দূৰৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই৷
Seeing is not always believing. The far-away hills or the fire at night may seem near, but chasing them would be no less foolish than chasing a mirage at the desert. So think before you act!দূৰৰ পাহাৰ আৰু ৰাতিৰ জুই ওচৰত থকা যেন লাগে৷কিন্তু তাকে ভাবি তাক বিচাৰিবলৈ গ`লে সহজে পোৱা নাযাব৷ সেইদৰে দেখি ভাল লগা অথবা শুনা কথাত ভোল যোৱাৰ আগতে নিজৰ বুদ্ধিৰে বিবেচনা কৰা উচিত৷ Contributed by: Dr. Samhita Bharadwaj on 2010-12-12
Idiom ফকৰা-যোঁজনা
ৰূপে কি কৰে গুণেহে সংসাৰ তৰে
The virtue of a person only can conquer the world and his/her beauty can never do it.মানুহৰ শাৰীৰিক সৌন্দর্য্যৰ কোনো মূল্য নাই, যদিহে তেওঁ কোনো গুণৰ অধিকাৰী নহয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
দুদিনৰ কাৰণে তোৰ বেহা, কিহলৈ ইমান তিতা-কেহা ?
Human life has limited span, but people used to forget it and in the process of living a luxurious life they spend whole life with unnecessary tensions, quarrels with fellowmen and consequently live a miserable life with unlimited sufferings.মানুহৰ জীৱন সীমিত দিনৰ বাবে অৱধাৰিত যদিও এই কথা পাহৰি গৈ মানুহ লোভ-লালসা আৰু ভোগ-বিলাসত মত্ত হৈ দৈনন্দিন জীৱনত দন্দ-খৰিয়াল বঢ়াই লয়, আৰু জীৱনটো অবাঞ্চিত যন্ত্ৰণা, শংকা, মানসিক অশান্তি আদিৰে কটাই দিয়ে ৷ এই চিৰসত্য কথাটিৰ উমান দিবলৈ এই ফকৰাৰ ব্যৱহাৰ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-05
Idiom ফকৰা-যোঁজনা
গছত গৰু উঠা আৰু হোলোঙাৰে কাণ খজুৱা কথা
useless absurd ideasনাভূত নাশ্রুত/অবান্তৰ কথা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
চৰণেহে জানে মৰণৰ ঠাই
Literally, "the legs know the location of death" ... meaning the future is unpredictable.মানুহৰ আহি থকা দিনবোৰ কেনে হব জানিব পৰা নাযায় ৷ Contributed by: apurba bhuyan on 2009-11-07
Idiom ফকৰা-যোঁজনা
হ’ব ছলি বুলিব বাপ, তেহে গুচিব মনৰ তাপ
Wishing deeply and waiting eagerly for something to happen in futureসুদূৰ ভৱিষ্যতে কিবা এটা হ’ব বুলি আশা কৰি ৰৈ থকা Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2010-02-22
Idiom ফকৰা-যোঁজনা
চাহৰ চেঁচা, মাছৰ কেঁচা
People normally do not like to have cold tea. Similarly, no one likes to eat fried fish, if it is not properly cooked.চাহ ঠাণ্ডা হ’লে যেনেকৈ খোৱাৰ অনুপযোগী হয়, তেনেকৈ ভজা মাছ কেঁচা হৈ থাকিলে খাব পৰা নাযায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-15
Idiom ফকৰা-যোঁজনা
তিনিশ ষাঠি জোপা ৰুবা কল, মাহেকে পষেকে চিকুণাবা তল; পাত, পচলা লাভত খাবা, লঙ্কাৰ বণিজ ঘৰতে পাবা ৷ আঠিয়াত গোবৰ, মনোহৰত জাবৰ; পুৰাত ছাই, মালভোগত খাই ৷
This proverbial saying depicts the benefit of banana cultivation and the care needed for it. If a cultivator plants 360 numbers of banana plants in his garden, in addition to making a good business out of it, he can also use its byproducts profitably.এই ডাকৰ বচনটোত কল খেতিৰ উপকাৰিতা আৰু ল’বলগীয়া যতনৰ কথা কোৱা হৈছে ৷ তিনিশ ষাঠি জোপা কল ৰোৱা খেতিয়কে আন বেপাৰ-বাণিজ্য নকৰাকৈ সম্পত্তিশালী হোৱাৰ উপৰি কলৰ পাত-পচলা আদি ব্যৱহাৰ কৰিও লাভান্বিত হ’ব পাৰে ৷ আঠিয়া কলৰ খেতিত গোবৰ, মনোহৰ কলত জাবৰ, পুৰা কলত ফুট-ছাই আৰু মালভোগত খলিহৈ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-09
Idiom ফকৰা-যোঁজনা
টান মাটিত মেকুৰীয়ে নেহাগে ৷
People seldom disturb the brave and powerful.মেকুৰীয়ে কোমল মাটিতহে মল ত্যাগ কৰে, কাৰণ তেনে কৰিলে মাটি খান্দিবলৈ উজু হয় আৰু সহজাতভাবে বিষ্ঠাবোৰ মাটিৰে ঢাকি থব পাৰে ৷ অৰ্থাৎ মানুহ ক্ষমতাশালী, নিৰ্ভীক, শক্তিশালী, খঙাল আৰু দৃঢ় সংকল্পৰ হ'লে, তেনে মানুহক আন মানুহে সমীহ কৰি চলে তথা অযথা আমনি নকৰে; আনহাতে নিৰ্জু প্ৰবৃত্তিৰ মানুহক আন মানুহে হকে-বিহকে আমনি কৰে বা তেঁওলোকৰ পৰা সুবিধা আদায় কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-18
Idiom ফকৰা-যোঁজনা
জাঁপ মাৰি দেইছিলো ঢাপলিকা পৰ্বত, টিলিকত মাৰিছিলো বগ; খেদা মাৰি ধৰিছিলো মতা হৰিণা, এতিয়া নাপাওঁ মতা হাঁহৰ লগ ৷
A person who exaggerates much about himselfএটা সময়ত অসাধ্য সাধন কৰিছিলো, কিন্ত এতিয়াহে নোৱাৰোঁ ৷ নিজৰ বিষয়ে বৰকৈ মিছাতে বঢ়াই কোৱা লোক ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷
One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
আলু খালে ভোলানাথে, কল খালে জগন্নাথে, বাকলি চুহিলে যি, ধন ভৰি মৰে সি ৷
The real culprit escapes punishment, while the minor associates get the punishment.আচল দোষীয়ে শাস্তি নাপায়, সাধাৰণ সহযোগীবোৰেহে জৰিমনা ভৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
কত হৰিদ্বাৰ কত গুহ্যদ্বাৰ?
Two different situation, diamatrically opposite, and they are not compareble.দুটা সম্পূৰ্ণ বিপৰীত মেৰুত থকা বস্তু, ঘটনা বা ব্যক্তি; ইটোৰ লগত সিটোৰ তুলনা নহয়৷ তুলনা কৰা নাযায়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-07
Idiom ফকৰা-যোঁজনা
ঢোলৰ দৰে নহৈ ভৰা কলহৰ দৰে হোৱা ৷
Empty vessel sounds much.ঢোলৰ ভিতৰখন ফোপোলা, অকমান স্পৰ্শ কৰিলেই ডাঙৰকৈ শব্দ কৰে, আনহাতে পানীৰে ভৰা কলহে মৰিয়ালেও বিশেষ শব্দ নকৰে ৷ সেয়ে কোৱা হৈছে যে, যি মানু্হ ঢোলৰ দৰে ফোপোলা, জ্ঞানহীন সেই মানুহে নিজৰ গুণ নিজে গাই ফুৰে আৰু সামন্য কথাতে বাজি উঠে (কাজিয়া লাগে); কিন্তু যি মানুহ জ্ঞানী, সেই মানুহ ধীৰ-স্থীৰ হয়, ধৈৰ্যশীল হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
আহক বাৰিষা, কাটক পাত; ৰৈ যা ভিনীহি খাই যা ভাত |
To keep someone waiting by referring to something which is expected to happen only in distant future.কিবা এটা ভবিষ্যতে হ'ব বুলি আশা দি কাৰোবাক আভূৱা ভাৱী থকা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-17
Idiom ফকৰা-যোঁজনা
তেবে যশী, যদি যশ বখানে আনে, তেবেসে গৃহস্থ, যদি আটি খাই ধানে ৷
He is a famous man if his praises are sung by others. He is a real house-holder if he has sufficient paddy to eat.আচল যশস্বী লোকৰ গুণ আনেহে বখানে আৰু সেইজনহে আচল গৃহস্থ, যিজনে নিজৰ ঘৰখন ভালকৈ চলাব পাৰে ৷ Contributed by: Barnali Deuri Bora on 2010-11-18
Idiom ফকৰা-যোঁজনা
কদো বাহত জুই দিয়া
Bringing in great trouble by provocating others by one's own actionকোনো কামৰ জৰিয়তে আনক প্ৰৰোচিত কৰি নিজৰ বিপদ মাতি অনা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-19
Idiom ফকৰা-যোঁজনা
বাটৰ কচু গাত ঘঁহ
to invite trouble by one’s own actsনিজে নিজৰ বিপদ মাতি অনা Contributed by: Aklantika Saikia on 2010-02-07
Idiom ফকৰা-যোঁজনা
চোৰেহে চোৰৰ ঠেং দেখে |
A person with bad character always finds the bad qualities of other persons.বেয়া চৰিত্রৰ লোকে সদায় আনৰ বেয়াহে দেখা পায় | কথাষাৰ পাপীৰ পিঠাত মন আপ্ত বাক্যফাঁকিৰ লগত একে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
যমৰ দুৱাৰ দলিত ভৰি দি অহা
To somehow get back from the face of sure death due to disease or engaging in some dreaded task.অতি বিপদজনক কাম কৰি অথবা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখৰ পৰা কথমপি বাচি অহা | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
অসতীৰ লগত সতীৰো মতিভ্ৰম হয় ৷
Bad company may lead you astray.অসৎ সঙ্গই সকলোকে প্ৰভাৱিত কৰি আনকি সাধুৰ মনতো অসৎ প্ৰবৃত্তিৰ জন্ম দিব পাৰে ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
ধৰ্মৰ ঢোল বতাহে বজায় ৷
1) Truth will come out. 2) Virtue has its own reward.সত্য আপুনা-আপুনি প্ৰকট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
কালৰো কাল বিপৰীত (বা বিষম) কাল, হৰিণাই চেলেকে বাঘৰ গাল |
Tiger and deer have prey predator relationship. Its almost rare to see a deer to leak the face of a tiger. With this proverb it has been tried to explain the commence of some totally unbelievable events.বাঘ আৰু হৰিণ একেলগে থকাৰ দৰে নাভুত নাশ্রূত অসম্ভৱ ঘটনা ঘটা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
চোৰ সৰহ কিল তাকৰ
the harshness of punishment becomes be less when offenders are many.দোষীৰ সংখ্যা বেছি হ’লে গাইপতি শাস্তিৰ পৰিমাণ কম হয় ৷ Contributed by: Anjali Sonowal on 2012-04-20
Idiom ফকৰা-যোঁজনা
চিকা মাৰি হাত গোন্ধোৱা ৷
Do not indulge yourself something lowly that will tarnish your image. Why would you take the blame of killing just a rat ? If you have to do it than do it in way that makes impact.চিকাৰ দৰে সৰু প্ৰাণী মাৰিলে বীৰত্ব ফুটি নুঠে ৷ তেনেদৰে সৰু মানুহৰ লগত কাজিয়া কৰিলে বদনামহে বেছি হয় ৷ কিবা যদি কৰিব খোজা তেনেহলে ডাঙৰ কাম কৰিবা ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Phrase খণ্ডবাক্য
হাত লৰ ৷
The habit of stealing, a thief.চুৰি কৰাৰ স্বভাৱ বা মানসিকতা, চোৰ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
যোৰাও যোৰা পাভ যোৰা তয়ো হাড়ীত খাতি ময়ো গৰু চোৰ
An evil person rejoices and is inspired in the company of another evil person.বন কৰা মানুহ বহু সময়ত হাত-লৰ স্বভাৱৰ হয় আৰু পাৰিলে হাড়ী বা কেৰাহীৰ পৰাই খাব খোজে ৷ দুষ্ট বা অসৎ প্ৰকৃতিৰ লোকে একে প্ৰকৃতিৰ লোক পালে আনন্দিত আৰু দুগুনে উৎসাহিত হয় ৷ Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
আলহীলৈ বুলি হাঁহ মাৰি ঘৰে-ঘৰোৱাহে খায় ৷
To use something prepared or gathered for others to serve one's own purpose.আনক আপ্যায়িত কৰিবলৈ বা আনৰ কাৰণে গোটোৱা বস্তু নিজৰ কামত লগোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-17
Idiom ফকৰা-যোঁজনা
চোকা মুখ ভোটা হ ৷
To be abashed or disconcerted.ফিতাহি মাৰি কথা কোৱা মানুহে, উচিত প্ৰত্যুত্তৰ পাই লজ্জিত হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ ৷
One should deal equally with his equals and then whether he succeeds or not, he need not feel ashamed.নিজৰ সমকক্ষ জনৰ লগত সমভাৱে ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া জয়-পৰাজয় যিয়েই নহওক লাগে, লজ্জাবোধ কৰিব লগীয়া নহয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ফটা হওক, চিটা হওক, পাটৰ টঙালি; কণা হওক, কুঁজা হওক, ভূঞাৰ পোৱালি |
Silk cloths are considered valuable even when torn and a person of Bhuyan family commands respect even if he is blind or has an arched back. It means that social recognition of a person often depends on his family background.ফটা-চিটা হ’লেও পাটৰ টঙালিৰ আদৰ আছে, ঠিক তেনেকৈ কণা-কুঁজা হ’লেও ভূঞা বংশজাত লোকৰ সামাজিক মৰ্যাদা আছে | অৰ্থাত্ মানুহৰ সামাজিক প্ৰতিপত্তি বহুক্ষেত্ৰত বংশ পৰিচয়ৰ ওপৰতো নিৰ্ভৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷
A person who is over conceited about his capabilities.মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
দেহা থাকিলেহে বেহা
Health is wealth. One cannot be successful in any business without a healthy body and mind.সুস্বাস্থ্য অবিহনে মানুহে কোনো কাম সুকলমে সমাপন কৰিব নোৱাৰে | শৰীৰ সুস্থ হ’লেহে মানুহে বেহা-বেপাৰ কৰি অৰ্থ আৰ্জন কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-05
Idiom ফকৰা-যোঁজনা
দীঘলকৈ মাৰিবা ফুই, তেহে দেখিবা জুইৰ মুই ৷
To see firewood burning nicely, one has to blow air deeply into it after having lit.খৰিৰ জুই জ্বলাবলৈ হ’লে দীঘলকৈ ফু মাৰিব লাগে; তেতিয়াহে ই ভালকৈ জ্বলে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-06
Idiom ফকৰা-যোঁজনা
মাৰি খোৱা হাঁহক ঢাৰি পাৰি হগুৱা
To give undue importance to something which is unuseful or transitory.অদৰকাৰী অথবা ক্ষণস্থায়ী বস্তুৰ প্ৰতি অনাহকত আদৰ দেখুওৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
ইকাণ-সিকাণ সহস্ৰ কাণ
the act of spreading a news or fact from person to personএজনৰ পৰা আনজনলৈ কাণে কাণে প্ৰচাৰ হৈ কোনো কথা ক্ৰমাৎ বিয়পি পৰা কাৰ্য্য Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
Idiom ফকৰা-যোঁজনা
নমহীয়া ছোৱালীৰ দহমহীয়া পেট, পৰপুৰুষৰে নাই ভেটাভেট ৷
An women who is wed for only nine months but is in the tenth month of pregnancy and yet claims to have come in touch of any men prior to marriage. This is used to refer an extreme lie.এটা অকট্য মিছা কথা বুজাৱলৈ এইষাৰ বাক্য ব্যৱহাৰ কৰা হয় ৷ বিয়াৰ আগতে পুৰুষৰ সংস্পৰ্শত নাহিলে বিয়াৰ নমাহতে দহমহীয়া গৰ্ভৱতী হব নোৱাৰে ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
আলহীয়ে বিচাৰে শাকত লোণ ধান কিনাই বিচাৰে ডাঙৰ দোন
Salt was very expensive in earlier days still guests loved when their curry was preapared with salt and a paddy- buyer wants larger vessels for storing them , which mean every one wants their own objectives to be fulfilled.আগৰ কালত লোণ বৰ মহঙা হোৱা বাবে সাধাৰণ ৰাইজে লোণৰ সলনি খাৰহে ব্যৱহাৰ কৰিছিল আৰু আলহী বা অঙহী-বঙহী আহিলেহে লোণেৰে ভাতসাজ খাইছিল ৷ আটকীয়া বুলি জানিও আলহীয়ে লোণকণ হলেহে ভাল পায় আৰু ধান কিনোতাই থবলৈ ডাঙৰ দোন বিচাৰে ৷ অৰ্থাৎ সকলোৱে নিজৰ স্বাৰ্থকহে প্ৰাধান্য দিয়ে ৷ Contributed by: Barnali Deuri Bora on 2010-11-23
Idiom ফকৰা-যোঁজনা
ফিতাহি মাৰ ৷
To show excessive pride in one's appearance, qualities, abilities, achievements, etc.মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ দেখুৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা
বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী
One can not asses ones inner character/personality just by looking at the external appearance .কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Phrase খণ্ডবাক্য
আইধৰতকৈ বাইধৰ চাৰ্ হ
one trouble following another with greater intensityএটা বিপদৰ ওপৰত আন এটা তাতোকৈ ডাঙৰ বিপদ আহি পৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-03-27
Idiom ফকৰা-যোঁজনা
এশ নিগনি মাৰি মেকুৰী হজলৈ যায় ৷
When a person does lot of ill deeds and then starts working for welfare of mankind, people make fun of him/her by using this proverb.অত্যধিক বেয়া কাম কৰাৰ পিছত যদি কোনো ব্যক্তিয়ে পুণ্যৰ কাম কৰিবলৈ আগবাঢ়ি আহে, তেনেহ\'লে এইদৰে কৈ সেই ব্যক্তিক ঠাট্টা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Idiom ফকৰা-যোঁজনা
হাতীয়ে খায় যিমান লাদেও সিমান ৷
One who earns more expends more.হাতীৰ দৈনিক খাদ্যৰ পৰিমাণ যেনেদৰে বেছি, সেই অনুপাতে ত্যাগ কৰা মলৰ পৰিমাণো বেছি ৷ অৰ্থাৎ যি মানুহৰ ধনৰ আমদানি বেছি হয়, সেই অনুপাতে সেই ব্যক্তিৰ খৰছো বেছিকৈ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
আয় কালত ব্যয় নাই, মৰণৰ কালত আহূদি নাই
In time of plenty you had very little means to spend and enjoy. But when you need it most, resources become scarce.আৰ্জনৰ উপায় থকা সময়ত বিষেশ ব্যয় নহয়, কিন্তু যেতিয়া নাতনি হয়, তেতিয়াহে প্ৰয়োজনো বাঢ়ে৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
অকলশৰীয়া পহু, গায়ে মূৰে খহু
Living all alone is not easy. You have all the problems in the world to face and have only yourself to defend against them.অকলশৰীয়া জীৱন সহজ নহয় ৷ বেমাৰত পৰিলেও চাবলৈ কোনো নাই ৷ সকলো সমস্যা অকলেই মুখামুখি হোৱাটো যঠেষ্ট কঠিন ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Phrase খণ্ডবাক্য
একাদশত বৃহস্পতি
In one's zodiac, appearance of Jupiter in the 11th position, which is believed to bring a luck or fortune.জন্মচক্ৰ বা ৰাশিচক্ৰত একাদশ স্থানত বৃহস্পতি গ্ৰহ থকা, অৰ্থাৎ সৌভাগ্য উদয় হোৱা ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-06
Idiom ফকৰা-যোঁজনা
ভগা সবাহত উৰুলি
The act of participating in a work that is about to finish.কোনো কামৰ সামৰণিৰ সময়ত যোগ দিয়া কাৰ্য৷ Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
এক বুঢ়ীৰ দুই কাম, ধান বানে চুহে আম ।
To kill two birds in one stone.কোনোৱে ধান বানি থাকোতে আমো চুহি খাই থাকিব পাৰে অৰ্থাত্ কোনোৱে এটা কামত ব্যস্ত থকাৰ সময়তো আন এটা কামত মনোনিবেশ কৰিব পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
হাতত সাৰে ভৰিত সাৰে ৷
Not letting others to know, do something stealthily.মনে মনে বা কোনেও নজনাকৈ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
চুইহে নিকিলোৱা
to almost beat someone out of angerকাৰোবাৰ ওপৰত খং উঠি মৰিয়াবলৈ উদ্যত হৈ অৱশেষত প্ৰহাৰ নকৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-04-15
Idiom ফকৰা-যোঁজনা
গড়গঞা মিতিৰৰ ভাও- মুখে বোলে থাক থাক, ভৰিৰে হেঁচোকে নাও৷
relatives or friends who are insincere or deceitful.মুখে-পেটে একে নোহোৱা৷ বাহিৰত দেখুৱাই মিঠা মাত মাতি ভিতৰত কপট ভাব ৰখা স্বভাৱ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-08-17
Idiom ফকৰা-যোঁজনা
আছিলো বামুণ হ`লো নটা৷ ছোৱালী আনিলো গো-চাল কটা ৷
This idiom is used to refer to a person indulging in something contradictory to social customs and traditions.আগৰ দিনত ব্ৰাহ্মণে নচা অথবা মুচিয়াৰৰ দৰে তথাকথিত নীহকূলীয়া ছোৱালী বিয়া কৰোৱাটো সমাজ-বিৰুদ্ধ গৰ্হিত কাম বুলি ভবা হৈছিল ৷ গতিকে এই যোজনাটো সামাজিক পৰম্পৰা উলংঘা কৰাৰ অৰ্থত ব্যৱহাৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
Idiom ফকৰা-যোঁজনা
হ’বৰ দিনত কুকুৰেও মৈ টানে ৷
If you have good fortune, you can perform even impossible tasks.ভাগ্য সুপ্ৰসন্ন হ’লে অসাধ্যও সাধন কৰিব পাৰি | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
দহজনৰ নাও বামেৰেও যায়
With the unity in people, some hard tasks can also be done with less difficulty.সকলোৱে এক হৈ কাম কৰিলে অসাধাৰণ জটিল কামো সুকলমে কৰিব পৰা যায় Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।
Many men many minds.প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে । Contributed by: Anjali Sonowal on 2008-07-22
Idiom ফকৰা-যোঁজনা
গালো বালো খোলাকটিৰ তাল হ’ল
all efforts have gone in vainসকলো কষ্ট অথলে গ’ল Contributed by: Rupankar Mahanta on 2008-09-04
Idiom ফকৰা-যোঁজনা
বামুণে চিন্তে ভালক, বহুৱাই চিন্তে কালক |
To ignore or refuse to accept help or support from others.আনৰ পৰা উপকাৰ বা সহায় ল’বলৈ অথবা আনৰ সজ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ বা উপেক্ষা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-09
Idiom ফকৰা-যোঁজনা
গাত গোঁসাই নাইকিয়া হ ৷
To be over-enthusiastic and careless.উদণ্ড প্ৰকৃতিৰ হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি
Plan to cause damage or injury others may backfire and end up hurting self.আনৰ অনিষ্ট কৰিব বিচাৰোতে নিজৰেই অনিষ্ট হোৱা Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
বাৰীৰ ঘাহেঁ, গোহালিৰ গৰুৱে ৰাহি নাহে
underestimating one's own experienced ones but taking advise from others who are less experiencedঅভিজ্ঞ আপোনজনৰ মতামতক যথাযোগ্য সন্মান নজনোৱা কিন্ত তাতোতকৈ কম যোগ্য আনৰ কথা সহজে শুনা Contributed by: Barnali Deuri Bora on 2010-10-25
Idiom ফকৰা-যোঁজনা
এঙাৰ ধূলেও বগা নহয়
Just like charcoal cannot be made white by washing, the basic human nature cannot be altered.এঙাৰ যেনেকৈ ধুলেও বগা নহয়, মানুহৰ মৌলিক স্বভাৱ সলনি কৰিব নোৱাৰি৷ Contributed by: Rupankar Mahanta on 2009-12-11
Idiom ফকৰা-যোঁজনা
শ ঘাপেৰে হয় নাঙল আৰু একে ঘাপে হয় খৰি।
It needs lot of hard work, care, time and perverance to construct or build a good thing, institute or relationship; but a careless gesture needs no time to destroy it.বাঢ়ৈয়ে নাঙল এখন বনাবলৈ যাওতে কাঠ এচলাত বহু সতর্কতাৰে শ শ বাৰ হাতিয়াৰৰ ঘাপ দিবলগীয়া হয় আৰু ইয়াৰ বাবে বহু সময় খৰচ কৰিবলগীয়া হয়, কিন্তু এটি মাত্র অসতর্কতাৰে দিয়া ঘাপে নাঙলখনক ক্ষন্তেকতে খৰিলৈ পৰিবর্তন কৰি দিয়ে। একেদৰে অতি কষ্টেৰে আৰু বহু সময়ৰ অধ্যৱসায়েৰে তৈয়াৰ কৰা কোনো বস্তু, সংস্থা, অনুষ্ঠান অথবা পাৰিবাৰিক সম্পর্ক আদি এটি মাত্র অসৱধানতাপূর্ণ কথাই, কর্মই বা পদক্ষেপে ক্ষন্তেকতে থানবান কৰি দিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা
বুঢ়ী আই এ নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলো, গেৰেলাক বাইছিলো হালত
After being pauper, remembering sadly the times when he was rich.আকালৰ (দুৰ্দ্দিনৰ সময়ত) দিনত এসময়ৰ প্ৰাচুৰ্য্যৰ কথা মনত পেলাই শোক কৰা Contributed by: Barnali Deuri Bora on 2010-10-27
Idiom ফকৰা-যোঁজনা
দাঁত নাইকিয়াৰ দাঁত হ’ল, কামোৰ মাৰোঁতেই প্ৰাণ গ’ল৷
inability to enjoy something which has been acquired after a long aspirationবহু প্ৰত্যাশিত কোনো ফল লাভ কৰাৰ পাছত দুৰ্ভাগ্যবশতঃ শান্তিৰে ভোগ কৰিবলৈ নোপোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-02-08
Idiom ফকৰা-যোঁজনা
টেঙা আম বজাৰত এবাৰহে বেছিব পাৰি |
One can not cheat a person again and again .এবাৰ মিঠা বুলি টেঙ্গা আম বেছা দোকানীৰ পৰা দ্বিতীয় বাৰ কোনেও আম নিকিনে | সেইদৰে কাৰোবাক এবাৰ ঠগিলে তেওঁ সেইজন ব্যক্তিৰ ওপৰত আৰু দুনাই কেতিয়া বিশ্বাস নকৰে | অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি
Bad luck does not allow one to enjoy the good timeদুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
কুকুৰে ভুকি হাতীৰ গতি স্থবিৰ কৰিব নোৱাৰে ৷
The barking of a dog cannot stop an elephant. An honest and strong person goes ahead, not caring for the criticisms or hurdles brought about by the rivals/bad wishers or enemies.হাতী এক বিশাল আকৃতিৰ প্ৰাণী আৰু কুকুৰ এক নিকৃষ্ট প্ৰাণী ৷হাতীয়ে গমন কৰিলে, কুকুৰৰ দৰে নিকৃষ্ট প্ৰাণীয়ে পিছফালে ভুকাটো গতানুগতিক কথা, যাৰ প্ৰতি হাতীয়ে ভ্ৰূক্ষেপো নকৰে আৰু নিজ গতিত আগবাঢ়ে ৷ একেদৰে সৎ আৰু শাহসীজনে নিজ শত্ৰু বা প্ৰতিদন্দিৰ উপহাস, সমালোচনা, বাধা আদিক তুচ্চ জ্ঞান কৰি আওকাণ কৰে আৰু নিজ পথত অগ্ৰসৰ হৈ গৈ থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
গৰুৱে নেজ ডাঙিলে গোবৰহে ওলায়৷
Cow lift his tail only to yeild excreta. An idiot tries many things yeilding no good resultমুৰ্খই যিয়েই নকৰক ভাল ফল দিব নোৱাৰে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-19
Idiom ফকৰা-যোঁজনা
ষাঠিত ওপজক প্ৰথম নাতি, বিয়া কৰাওক সবাহ পাতি ৷
One should get married at such an age so that he can become grandfather at an age of sixty; and always get an arranged marriage with full involvement of relatives and society.মানুহে এনেকুৱা বয়সত বিয়া কৰাব লাগে যাতে ষাঠি বছৰ বয়সত প্ৰথম নাতি কোলাত ল`ব পাৰে, আনহাতে বিয়া সদায় আপোন মানুহ আৰু সমাজক লৈ আমোদ স্ফূৰ্ত্তিৰে পাতিব লাগে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
হয় গুৱাহাটী নহয় ৰঙামাটি ।
In do-or-die manner,desperately.মৰণপণ কৰি, প্ৰাণটাকি কৰা কাম । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
তিলক ল’লেই বৈষ্ণৱ নহয় ৷
1) It is not the hood that makes the monk. 2) All are not saints that go to church.বাহ্যিক সাজ-পাৰে মানুৰ চৰিত্ৰৰ পৰিবৰ্তন কৰিব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
অতি লোভে হতশ্ৰী
Greedy people take more food than they need and as a result cannot maintain their health. Similarly, uncontrolled gluttony can never lead to progress.লুভীয়া মানুহে লোভত পৰি খাদ্য-বস্তু প্ৰয়োজনতকৈ বেছিকৈ খায় আৰু ফলত স্বাস্থ্য হানি হয় | সেইদৰে লোভ সম্বৰণ কৰিব নোৱাৰিলে মানুহৰ শ্ৰীবৃদ্ধি নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ওৰণি ল`লেই তিৰী সতী নহয় ৷
The honesty and sincerity of a person cannot be endorsed by his few good work.কোনো নাৰীয়ে কেবল উৰনি লৈ নিজক সতী বুলি সাব্যস্ত কৰিব নোৱাৰে আৰু একেদৰে কোনো ব্যক্তিয়ে এটা-দুটা ভাল কাম কৰিয়ে নিজক সমাজত সৎ মানুহ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে ৷ অথবা দুই-এটা ভাল কাম দেখিয়েই কোনো ব্যক্তিক সৎ চৰিত্ৰবান মানুহ বুলি ধৰি ল'ব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
ভালেহে পায় ভালক, জাৱৰে পায় খালক
Good man gets good company. Similarly, bad one's gets bad company.ভাল মানুহ বা ভাল বস্তুৱে ভাল সঙ্গ বা পৰিবেশ পায় ৷ বেয়া মানুহ বা বেয়া বস্তুৱে বেয়া সঙ্গ বা পৰিবেশ পায় ৷ Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
স্থান হেৰালে মান হেৰায় ৷
If one changes his/her place of residence or working field, he/she has to lose social status and respect.নিজৰ থকা ঠাই অথবা কৰ্মক্ষেত্ৰ সলনি কৰিলে মানুহে সামাজিক প্ৰতিপত্তি আৰু মান-মৰ্য্যাদা হেৰুৱাব লগীয়া হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
Phrase খণ্ডবাক্য
দহ পো দহ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি
One shouldn`t dare to do a tough job unless he has enough strength and intelligence.উপযুক্ত সামৰ্থ্য থাকিলেহে কঠিন কাম কৰিবলৈ আগ বাঢ়িব লাগে৷ Contributed by: durlav gogoi on 2012-04-02
Idiom ফকৰা-যোঁজনা
ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় ৷
Constant dripping wears out the stone.বাৰে বাৰে ঘঁহি থাকিলে শিলৰ দৰে টান বস্তুও ক্ষয় যায়, একেদৰে বাৰে বাৰে চেষ্টা কৰি থাকিলে অসাধ্যও সাধন কৰিব পাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
বুঢ়াৰ হাতত চেঙেলি পৰা ।
A cunning person cannot outwit an experienced veteran.চেঙেলি মাছ বৰ পিচল । তাক ধৰি ৰাখিবলৈ খহটা বস্তুৰ প্ৰয়োজন ।বুঢ়া হলে মানুহৰ হাত খহটা হয় গতিকে সহজে চেঙেলি মাছ ধৰি ৰাখিব পাৰে। ইয়াৰ অৰ্থ হৈছে কোনো জনা-বুজা, জ্ঞানী, বয়োবৃদ্ধ, অভিজ্ঞ লোকৰ হাতত পৰি ধূৰ্ত লোকৰ সাৰিব নোৱৰা অৱস্থা হোৱা। Contributed by: Anjali Sonowal on 2008-07-14
Phrase খণ্ডবাক্য
হাত ধো
to give up relationship, to severe any form of ties.সমন্ধ ছিঙ্, সৰ্ম্পক এৰ্ Contributed by: Barnali Deuri Bora on 2010-10-06
Riddle সাথৰ
জলত জন্ম, স্থলত বাস মাকে চুলে হয় নাশ৷
Born in water, lives in earth. Disapperear when tauch by mother. Ans: Common salt.সেন বা নিমখ৷ সাগৰৰ পৰা আহৰণ কৰা হয়৷ পানীত পৰিলে গলি নোহোৱা হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
Riddle সাথৰ
যাৰ বিয়া সিয়ে পাহৰে, ওচৰ-চুবুৰীয়াৰ টোপনি নাহে ৷
Though he is careless to make his mark, others are moving mountains for him.যেতিয়া কোনো কাৰ্যৰ প্ৰধানজনে কামৰ প্ৰতি নিৰ্লিপ্ততা দেখুৱায়, আৰু আন কোনোবাই বৰকৈ কৰ্মব্যস্ততা দেখুৱায়, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
গোঁজেই গঁজালি হোৱা
A temporary living in a place turning into a permanent settlement.অস্থায়ীভাৱে আৰম্ভ কৰা বসতিয়ে স্থায়ী ৰূপ ধাৰণ কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
হুলকেই ফুল বুলি খোপাত গোঁজা ৷
To commit extreme blunder by accepting a harmful object/matter/companion/friend as beneficial one.ফুলৰ লগতে থকা কাঁইটে বিন্ধে আৰু কষ্ট দিয়ে,আনহাতে ফুলে বিমল আনন্দ দিয়ে ৷সেয়ে কাঁইটক ফুল বুলি ভুল কৰিলে যাতনা ভুগিব লগীয়া হয় ৷ একেদৰে এই ফকৰাই বেয়াকে ভাল বুলি গ্ৰহণ কৰাৰ দৰে মাৰাত্মক ভুল কৰা কাৰ্যক বুজায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
খাহীৰ তেল বাঢ়ে মানে গিৰিহঁতলৈকে আয়
The outcome of a good work done by one can benefit his relations and associates.এজনে কৰা ভাল কামৰ ফল তেওঁৰ আত্মীয় তথা তেওঁৰ সৈতে জড়িত আন লোকেও ভোগ কৰিবলৈ পায় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
হাটৰো বাট, মাকৰো ঘৰ
To accomplish a task taking advantage of the situation while working on another.এটা কাম কৰিবলৈ যাওঁতে সুযোগ পাই অন্য এটা কামো সমাধা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
শিয়ালৰ জাক জাক, সিংহৰ এটা
A single man who is bold and strong could be an asset for the society and he can bring prosperity to it but thousands of cowards cannot do anything.শিয়াল এবিধ ভয়াতুৰ, ধূর্ত আৰু দুর্ব্বল প্রাণী ৷ আনহাতে সিংহ নির্ভীক আৰু শক্তিশালী প্রাণী। সেয়ে জাক জাক শিয়ালে এটা মাত্র সিংহ দেখিলেও পলাই পত্রং দিয়ে। একেদৰে ভয়াতুৰ আৰু দুর্ব্বল মানুহ হাজাৰ জনতকৈ এজন নির্ভীক, শক্তিশালী মানুহে সমাজৰ অশেষ উন্নতি সাধন কৰিব পাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
অন্ধৰ হস্তী দৰ্শন
To have misleading notion about something when its partial view is supposed to be the complete viewকোনো বস্তুৰ সামগ্ৰিক ৰূপটো উপলব্ধি নকৰি তাৰ আংশিক ৰূপটোক সামগ্ৰিক জ্ঞান কৰা Contributed by: Pankaj Jyoti Mahanta(পংকজ জ্যোতি মহন্ত) on 2011-04-09
Idiom ফকৰা-যোঁজনা
কেঁচুৱাই কান্দিলেহে কল পায়।
A baby, when feel hungry, cries and mothers offer milk. Similarly if you want something we need to cry(spell out) otherwise you w'not get it.কেঁচুৱাই ভোক পিয়াহ লাগিলে কান্দে; তেতিয়াহে মাকে বুজি পাই গাখীৰ যাঁচে। তেনেকৈ কাৰোবাক কিবা লাগিলে ক'ব (কান্দিব) লাগে; নহ'লে প্ৰয়োজন পূৰণ নহ'বও পাৰে। Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা
হয় গুৱাহাটী, নহয় ৰঙামাটি ৷
Strong determination to accomplish certain job by any means.কোনো কাম সম্পাদন কৰাৰ বাবে লোৱা দৃঢ় সঙ্কল্প ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-04
Idiom ফকৰা-যোঁজনা
কঠিয়াহে চুটি, জেঠতে পৰা
the depth of a matter cannot be understood by simply looking at it from outside. Maturity of a person may come at an early age.কোনো এটা বিষয়-বস্তুৰ গভীৰতা বাহিৰৰ পৰা চায়েই ধৰিব নোৱাৰি৷ অথবা বয়সত সৰু হলেও পৰিপক্ক লোক৷ Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
সান্দহ খোৱা বালি তল যোৱা
the state of compulsion to lose the vantages enjoyed by someoneভোগ কৰি থকা সুবিধা হেৰুৱাব লগীয়া হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-28
Idiom ফকৰা-যোঁজনা
এলাগীক নকৰিবা হেলা, এলাগীয়েহে তৰিব বিপদৰ বেলা
A person should not be judged by external appearance alone, an ugly looking person may be highly qualified or talentedদেখাত সুন্দৰ লোকৰ প্ৰতি মানুহৰ স্বভাৱজাত দুৰ্বলতা থাকে ৷ কিন্তু অশুৱনি লোকে গুণ থাকিলেও আদৰ নাপায়৷ সেয়েহে কোৱা হৈছে যে বাহ্যিক চিকমিকনিত ভোল যোৱাতকৈ মানুহৰ গুণৰহে মূল্যায়ন কৰা উচিত৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
গাখীৰতে ম’হৰ খুটি
Obtaining added advantages when one is flooded with prosperity.য’ত গাখীৰৰ অভাব নাই তাতে ম’হৰ খুটি পাতি দিলে,ম’হৰ খুটিৰ পৰা অধিক গাখীৰৰ যোগান আহিব। অর্থাৎ সুখৰ ওপৰত সুখ। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
নাই বুলিলেও হাতীৰ শুৰত সাত কলহ পানী থাকে ।
A wealthy person is never totally bereft of resources.ধনী লোকৰ কেতিয়াও তলি উদং নোহোৱা। সকলো সময়তে পৰ্যাপ্ত পৰিমানে কোনো বস্তু থকা । Contributed by: Anjali Sonowal on 2008-06-25
Idiom ফকৰা-যোঁজনা
হাতত পাই বাটত হেৰুৱা৷
Losing something of great value due to negligence.কোনো কামৰ সুফল পোৱাৰ পিছতো অসাৱধানতাৰ হেতু সেই সুফল হেৰুৱাই পেলোৱা৷ Contributed by: Sitaram Upadhyaya on 2015-01-29
Idiom ফকৰা-যোঁজনা
চকু থৰ হ ৷
To be amazed, astonished, astounded, bewildered or surprised.ভাল কথা, গুণ-গৰিমা শুনি বা সৌন্দৰ্যপূৰ্ণ বস্তু, মানুহ, জীৱ, দৃশ্য আদি দেখি মুগ্ধ হ বা আচৰিত হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
হুলেৰে হুল কঢ়া
To negate one misdeed by another misdeedএটা বেয়া কামৰ কুফল আন এটা বেয়া কামেৰে নাইকিয়া কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি |
Shali is a species of paddy which need plenty of water in the paddy field to get good cultivation. To collect water in the rainy season more number of damp is necessary. So, to have good grain from Shali you have to make more damps. Which intriguingly means that hard work is an integral part to achieve success.শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন | সেইবাবে শালি-তলিত পানী ৰাখিবৰ কাৰণে আলি দিয়া হয় | মাটি বাম হ’লে পানী সহজে নৰয় | তাৰ কাৰণে আলি ঘনাই দিয়াৰ প্ৰয়োজন হয় | আলি ঘন হ’লে পানী ৰ’বই আৰু তেতিয়া বাম মাটিতো শালি খেতি ভাল হয় | গতিকে নানাবিধৰ ভাল শালি খেতি পাবলৈ হ’লে আলি ঘনাই দিব লাগে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কোনো বিষয়ত সুফল আৰ্জন কৰিব খুজিলে তাৰ সু-ব্যৱস্থাও ল’ব লাগে | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
দেহা গোলাঘটীয়া হ
to feel exhausted due to strenuous exercise or for facing troubles and turbulenceকঠিন পৰিশ্ৰমৰ ফলত অথবা নানান আলৈ-আহুকালৰ সন্মুখীন হোৱাৰ ফলত শৰীৰ অৱশ হৈ পৰ্ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
Idiom ফকৰা-যোঁজনা
খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা
Anger is not only harmful to others, but also harms own. So, one should keep him/herself calm so that anger does not harm anyone.খং মানুহৰ ঘোৰ শত্ৰু৷ বাছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ কেতিয়াবা নিজকে পাহৰি যায়, আৰু কেতিয়াবা এনে হয় যে খঙৰ জালত কি কৰিছে নিজেই ক'ব নোৱাৰা হয়৷ এনে অৱস্থাত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি নিজৰ পেটকে কাটি লয়৷ খং যেতিয়া মাৰ যায়, তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্ম্মৰ বাবে অনুতাপত ভুগিব লগা হয়৷ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছ'মাহ বা তাতোকৈ বেছিদিন শুকনি (ঔষধ) খাব লগা হয়৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে আনৰ অনিষ্ট সাধন কৰেই, নিজৰো অনিষ্ট সাধন কৰি কষ্টভোগ কৰিব লগা হয়৷ সেইবাবে মানুহে খঙক লাই নিদি সদায় দমাই ৰাখিবলৈ চেষ্টা কৰা উচিত৷ Contributed by: Chandan Kumar Borah on 2011-08-15
Idiom ফকৰা-যোঁজনা
ঘোঁৰাতকৈ লেকামৰ দাম বেছি হোৱা ৷
To spend more money, labour, time etc. for accomplishing an associated task than for the main work.কোনো কাম কৰিবলৈ যাওঁতে মূল কামটোতকৈ আনুষংগিক কামত বেছি ধন, সময়, শ্ৰম আদি খৰচ কৰিবলগীয়া হোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-01-30
Idiom ফকৰা-যোঁজনা
নগাৰ চাং তলেদিহে বাট
To accomplish a task taking advantage of the situation.পৰিস্থিতিৰ সুযোগ লৈ কাম সমাধা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
কিঞ্চিৎ হওক, বঞ্চিত নহওক ৷
Little amount of something desired is always better than being entirely deprived of it.কোনো ভাল বস্তুৰ পৰা একেবাৰে বঞ্চিত হোৱাতকৈ অলপমান পালেও সন্তুষ্টি পোৱা যায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-26
Idiom ফকৰা-যোঁজনা
হাঁড় নাইকিয়া জিভা, কয় কিবা কিবা ৷
A tongue has no bones but it crushes.নকবলগীয়া কথা কৈ, পিছত বিপদত পৰি জিভাকে দোষ দিয়া ৷ মিছা অজুহাত দেখুওৱা ৷ Contributed by: Barnali Deuri Bora on 2010-11-08
Idiom ফকৰা-যোঁজনা
আঠুৰ মঙহ বুকুত নেলাগে।
A person cannot be very close to another person who has a highly different set of cultural charactersযেনেদৰে বুকুৰ মঙহ যিমান আপোন, সিমান আপোন আঠুৰ মঙহ হব নোৱাৰে, একেদৰে বিজাতীয় বা পৰ মানুহ কেতিয়াও নিজ মানুহৰ দৰে আপুন হব নোৱাৰে। Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
নুছুই ডুমুনি তুলি দিলে বোজা, নপঢ়ি নুশুনি হ’ল ওজা
This proverb is meant ironically; in earlier times it was thought that it`s impossible for a person to place a load on the head of a lower caste women without being polluted by her. Similarly, it`s equally impossible for a person to be a `learned` man without reading books.মাছ বেছা-কিনা কৰা কৈৱৰ্ত্ত সম্প্ৰদায়ৰ লোক সকলক আগতে উচ্চ বৰ্ণৰ লোক সকলে অস্পৃশ্য বুলি গণ্য কৰিছিল, সেয়ে তেওঁলোকক স্পৰ্শ কৰিলেই অপবিত্ৰ হয় বুলি ধৰি লৈছিল ৷ অৰ্থাৎ অশুচি নোহোৱাকৈ ডুমুনি (কৈৱৰ্ত্ত মহিলা)ৰ বোজা ছোৱাটো যেনেকৈ অসম্ভৱ, তেনেকৈ নপঢ়া নুশুনাকৈ পণ্ডিত হোৱাও অসম্ভৱ ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
বগা ভাত দেখিলে কাউৰীৰ আকাল নোহোৱা ।
There is no dearth of acquisitive people where wealth abounds.ধন সম্পত্তি দেখিলে পৰ প্ৰত্যাশী লোকৰ অভাৱ নোহোৱা । Contributed by: Anjali Sonowal on 2008-07-16
Idiom ফকৰা-যোঁজনা
হাবিৰ জুই দেখি, মনৰ জুই নেদেখি ।
We can experience fire in wood but misery of human mind can not be understood in their appearance.হাবিত জুই লাগিলে সকলোৱে দেখা পাই কিন্তু মানুহৰ অন্তৰত থকা দুখঃ কষ্টৰ গভীৰতা বাহিৰৰ পৰা উমান পোৱা নাযায় । Contributed by: Anjali Sonowal on 2008-07-08
Idiom ফকৰা-যোঁজনা
ফাল কাটোঁতেই মাহৰ বতৰ গ`ল৷
Every task has to be accomplished at the appropriate time. If we neglect or delay in doing it in time, we cannot expect to achieve the desired goal.কাঠ কাটি নাঙলৰ ফাল তৈয়াৰ কৰি থাকোঁতেই যদি বহুদিন লগোৱা হয়, তেন্তে মাহৰ খেতি কৰাৰ বতৰ উকলি যাব৷ অৰ্থাৎ সময়ৰ কাম সময়ত নকৰি এলাহ বা অৱহেলা কৰিলে ঈপ্সিত ফল পাব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-28
Idiom ফকৰা-যোঁজনা
ৰৌ-বৰালি সাৰি গ’ল, পুঠি-খলিহণা জালত পৰিল ৷
One who is the real culprit gets scot-free due to his influence or power, but an ordinary man although indirectly associated similar crime get severe punishment.প্ৰকৃত অপৰাধী প্ৰভাৱশালী হোৱা বাবে শাস্তি নোপোৱাকৈ সাৰি যায়, অথচ তেনে অপৰাধৰ সৈতে পৰোক্ষভাৱে জড়িত থকা সাধাৰণ ব্যক্তি সহজে ধৰা পৰে আৰু শাস্তি পায় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-17
Idiom ফকৰা-যোঁজনা
জোৰ পুৰি বৰলাৰ হাত পালেহি ৷
The danger is knocking at the door, that means it is time to get ready to face the possible danger.বিপদ আহি দুৱাৰ-মুখ পালেহি, অৰ্থাত্ সম্ভাৱ্য বিপদৰ বাবে সাজু হ’বৰ হ’ল ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
সিংহভাগ লোৱা ৷
To take a lion's share.কোনো কামত বা কামৰ ফলাফল, আয়, লাভ আদিত অতিকৈ বেছি অংশৰ ভাগ লোৱা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
সুদূৰ পৰাহত ৷
Almost impossible to happen.যি কাম বা পৰিঘটনা বাস্তাৱায়িত হোৱাটো প্ৰায় অসম্ভৱ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
অমানুহে মানুহ নিন্দে জোনাকীয়ে সূৰুয নিন্দে
জোনাকী পৰুৱাৰ পোহৰ সূৰ্যৰ কিৰণৰ লগত তুলনা কৰা যেনেকৈ অবান্তৰ কথা, তেনেকৈ গুণ নথকা অমানুহে গুণী-জ্ঞানী মানুহক নিন্দা কৰাতোও অবান্তৰ কথা৷৷ Contributed by: Bikram M Baruah on 2025-01-26
Idiom ফকৰা-যোঁজনা
শুই থকা মানুহকহে জগাব পাৰি ৷
A person who is asleep can be awaken easily, but someone pretends as if he is sleeping, none can make him awake. Similarly, a stubborn person cannot be pursuaded on any matter even by offerring strong arguments.শুই থকা জনক সহজেই জগাব পাৰি, কিন্তু শোৱাৰ ভাও ধৰি পৰি থকা জনক কেতিয়াও জগাব নোৱাৰি ৷ তেনেদৰে, বুজিও নুবুজাৰ ভাও ধৰি থকা মানুহক হাজাৰটা যুক্তি দৰ্শাইও কোনো কথা মনাব নোৱাৰি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা।
One should see the growth of `Ahu` paddy in the evening and that of `Sali` in the morning. Similarly, one has to look for a bride when girls are fishing.আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। (ডাকৰ বচন) Contributed by: Biraj Kumar Kakati on 2008-07-28
Idiom ফকৰা-যোঁজনা
বুৰ্বকৰ ধন টেটোনৰ হক ৷
A crooked person can easily cheat a foolish and makes money out of his/her foolishness.বুৰ্বক অৰ্থাৎ অজ্ঞানী মানুহৰ হাতত ধন-দৌলত পৰিলে অবাবতে উৰাই নষ্ট কৰে আৰু টেটোন মানুহে সিহঁতক সহজে ঠগি ধন কাঢ়ি নিয়ে আৰু হক (ন্যায্য অধিকাৰ) বুলি নিজে ভোগ কৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-01
Idiom ফকৰা-যোঁজনা
নাখাওঁ তাইৰ হাতে ভাত, ঘূৰি ঘূৰি তাইতে হাত
Even if someone takes a pledge not to take a meal prepared by another, when he is hungry he has to break his promise. It means that one cannot avoid asking for help from anyone at the time of distress.কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয় ৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও বিপদৰ সময়ত উপায় নাপাই কৰাবলৈ বাধ্য হয় ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় |
People try to exploit an innocent person.কাৰোবাৰ সহজ-সৰল স্বভাৱ দেখি ঠগি খোৱাৰ চেষ্টা কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
ঈদৰ জোন হ ৷
To appear in blue-moon.ঈদৰ জোনে মুছলমানসকলৰ বাবে আনন্দৰ উৎসৱ ঈদৰ বাৰ্তা কঢ়িয়াই আনে আৰু ইয়াক চাবলৈ মুছলমানসকলে বছৰটো অধীৰভাৱে বাট চাই থাকে, আন কথাত কোনো আপোন ব্যাক্তিবিশেষৰ বহুদিনৰ মূৰত বা দীৰ্ঘদিন অপেক্ষাৰ পাছত দেখা-সাক্ষাৎ হ`লে এই জতুৱা ঠাঁচৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-19
Idiom ফকৰা-যোঁজনা
হাঁহ চোৰৰ মূৰত পাখি, কঁঠাল চোৰৰ আঠাই সাক্ষী
A criminal always leaves behind some signs of a crime he comiits.কিবা অপকৰম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
ঘৰৰ ভাত খাই বনৰ ম`হ খেদা ৷
To work for others without remuneration.নিঃস্বাৰ্থভাবে আনৰ উপকাৰ কৰা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
বোকাতহে পদুম ফুলে ৷
Like the lotus blooming on marshy land, an intelligent or good child can be born even in a very poor or downtrodden family.পদুম ফুল বোকাত ফুলাৰ নিচিনাকৈ দুখীয়া বা অৱহেলিত লোকৰ ঘৰতে জ্ঞানী বা সুসন্তানৰ জন্ম হ’ব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন?
There is none in the whole world like own mother, who loves us, care for us with a clear mind. She likes a river, who flows regularly & silently without any complain.আইৰ সমান কোনেও আদৰ আৰু মৰম দিব নোৱাৰে, যি দৰে নৈ বৈ থাকে কোনো আপত্তি নকৰাকৈ সমাজক নিৰবে পানীৰ যোগান ধৰি৷ Contributed by: shekhar borah on 2009-05-04
Idiom ফকৰা-যোঁজনা
গপতে গঙ্গাটোপ হোৱা
to be swollen with prideভেমত ওফন্দি থকা Contributed by: Aklantika Saikia on 2010-02-07
Idiom ফকৰা-যোঁজনা
কুমলীয়া বেতহে পোনাব পাৰি ৷
A child can be molded easily to adopt certain skills.কুমলীয়া বেতক সহজে পোন কৰিব বা ইচ্ছামতে ভাঁজ দিব পাৰি ৷ ঠিক সেইদৰে কম-বয়সীয়া ল’ৰা-ছোৱালীক সহজে কোনো বিদ্যা শিকাই ল’ব পাৰি ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-13
Idiom ফকৰা-যোঁজনা
অতি দৰ্পে হত লঙ্কা
Too much boosting can invite your endঅতিপাত অহঙ্কাৰে সকলোৰে বিনাশ মাতি আনে ৷ ৰাৱণৰ অহঙ্কাৰৰ ফলতে লঙ্কা নগৰী ধ্বংস হৈছিল ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল
A person matures along with age.বয়স হলে আপোনা-আপুনি পাৰিপক্কতা আহে Contributed by: Barnali Deuri Bora on 2010-10-26
Phrase খণ্ডবাক্য
থৰহৰি কম্পমান হ
To be in panicভয়, আশংকা বা আতংকত আতুৰ হ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
কোৰে কাটি গ্ৰহণী, চপাই লৱ জহনী।
By doing unnecessary work one invites dangerঅপ্ৰয়োজনীয় কাম কৰি নিজৰ বিপদ নিজে মাতি অনা Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Idiom ফকৰা-যোঁজনা
হালৰো নহলি, ফালৰো নহলি
a person who is not useful for any workকোনো কামতে নলগা, অকামিলা লোক Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
উইচিৰিঙাই ৰঙতে উৰে, হুৰমুৰকৈ পুৰি মৰে ।
all that glitters is not gold.ভাল উজ্জ্বল বস্তু দেখিলেই কামৰ বস্তু বুলি ভবা অনুচিত । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-27
Idiom ফকৰা-যোঁজনা
তেলটুপি তোমাৰ মাটিতে থোৱাঁ, পিপাটোহে আজৰাই মোক দিয়াঁ
help me ignoring your losses.নিজৰ লোকচান কৰি হ`লেও মোক সহায় কৰাঁ Contributed by: durlav gogoi on 2012-03-28
Idiom ফকৰা-যোঁজনা
গোহালি পোৰা গৰু ৰঙা মেঘ দেখিলেও চকি উঠে৷
Once someone experiences a disastrous condition, he gets alerted even by a little signal of such a condition in future.গোহালিত জুই লাগি বেয়াকৈ চক খোৱা গৰুৱে যেনেকৈ ৰঙা মেঘে আকাশ পোহৰাই তুলিলে জুই লগা বুলি ভয় খায় ঠিক তেনেকৈ এবাৰ কোনো বিপদৰ সন্মুখীন হোৱা মানুহে বিপদৰ সামান্য উমান পালেই চক্ খাই উঠে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-04-13
Idiom ফকৰা-যোঁজনা
ঊনৈশ বিশ হ ৷
Slight variations in calculations, assessments etc.হিচাপ বা অনুমান আদি কৰোতে সামান্য ইফাল-সিফাল হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-11
Idiom ফকৰা-যোঁজনা
অধিক বাঢ়ৈত গুৰ ধমনা হয়
When many people try to interfere in the work being done by a person, it unnecessarily jeopardizes the performance.এজনে কৰিব পৰা কাম এটাত কেইবাজনেও হেতা ওপৰা কৰিলে অনাহকতে কামত বেমেজালিয়ে দেখা দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
নথৈ আনন্দিত হ ৷
To get delighted or pleased immensely.বৰকৈ উৎফুল্ল বা প্ৰসন্ন হ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-07
Idiom ফকৰা-যোঁজনা
ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল
Some people are believed to be honest. But after knowing some of his indecent act, the faith on him goes way.কোনো লোকক কেতিয়াবা ভাল বুলি ভাবি থকা যায়। কিন্তু পাচত তেনে ব্যক্তিৰ কু-কৰ্ম ধৰা পৰিলে তেওঁৰ বিষয়ে থকা ধাৰণা সলনি হয়। Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো লোকক নকলো লাজে, ছমাহ খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ৷
A person who exaggerates much and gives publicity about a trifleআহোম ৰজাৰ দিনত, ৰাজ্য বিজয়ৰ পাছত বিজয়োল্লাসৰ চিন হিচাবে ’ধনঞ্জয়’ ঢোল বজাইছিল ৷ অৰ্থাত্ সৰু কাম এটা কৰিয়েই গোটেইখন ঢোল পিটি ফুৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-15
Idiom ফকৰা-যোঁজনা
ডাল কাটিলে গছ নমৰে, শিপা কাটিলেহে মৰে ৷
The strong and strict guidance from a warden makes his wards shine in the future, and loose guidance may spoil their future life.শুভাকাংখী অভিভাৱকৰ শাসন কঠোৰ হ'লেও ল'ৰা-ছোৱালীৰ ভৱিষ্যত বেয়া নহয়, আনহাতে মুখৰ মিঠা মাতেৰে কৰা শিথিল শাসনে পৰোক্ষভাৱে সন্তানৰ ভৱিষ্যত নষ্ট কৰিব পাৰে৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
শালকে শিঙিয়ে হাঁহে; তয়ো এসাজী, ময়ো এসাজী, ভালেতো গৰাকী নাহে ৷
One, who himself is in distress, should not ridicule another ill-fated person.শাল আৰু শিঙি দুয়োবিধ মাছ সাধাৰণতে মানুহে নাখায় আৰু সেইবাবে দুয়োবিধেই কামত নহা মাছ ৷ গতিকে শালক শিঙিয়ে হঁহাৰ নিচিনাকৈ দুৰৱস্থাৰ সন্মুখীন হোৱা মানুহ এজনে আন এজন দুৰ্গতক উপলুঙা কৰা অনুচিত ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
Idiom ফকৰা-যোঁজনা
সাজিলে কাচিলে বান্দৰীও সুন্দৰী হয় |
A woman with an unpleasant look may also look beautiful if properly dressed.ভালকৈ সাজি পাৰি ওলাব জানিলে কুশ্ৰী তিৰোতাও দেখিবলৈ শুৱনি হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ
A man needs necessary skills to do any work efficiently. What appears to be very easy for a skilled person, may be an impossible task for one who does not know how to do it.যিকোনো এটা কাম সুকলমে সমাধা কৰিবলৈ হ’লে জ্ঞানৰ প্ৰয়োজন | কামটো কৰাৰ কৌশল যি জানে তেওঁৰ কাৰণে ইয়াক সমাধা কৰাটো তেনেই সহজ কিন্তু যাৰ সেই বিষয়ে প্ৰয়োজনীয় জ্ঞানৰ অভাৱ, তেওঁৰ বাবে ই অতি কষ্টসাধ্য - এক জঞ্জালহে যেন | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-28
Idiom ফকৰা-যোঁজনা
হাবুঙত বোলে লোণৰ সস্তা, দেহাৰ বা কি অৱস্থা!
One cannot hanker after savings through buying desired items only for the sake of its cheap availability. do not depend on uncertain situation.কোনো এখন ঠাইত (হাবুং) বিশেষ বস্তু(লোণ) সস্তাত পোৱা যাব পাৰে, কিন্তু তাৰ বাবে দৈহিক আৰু আৰ্থিক সামৰ্থ, মানসিক স্থিতি থকাৰ লগতে পৰ্যাপ্ত সময় হাতত থাকিলেহে সেই ঠাইলৈ গৈ সেই বিশেষ বস্তুটো কিনি অৰ্থ বচাব পাৰি ৷ অৰ্থাৎ সস্তাত পালেই মানুুহে যিকোনো বস্তু যিকোনো সময়ত কিননিব নোৱাৰে । অজান(হাবুং) ঠাইলৈ গ\\\'লে বজাৰ কৰিম বুলি যাব নালাগে, কাৰণ সেই ঠাইৰ নিয়ম-নীতি আমি নাজানো, অনিশ্চত কথাবোৰ(দেহাৰ বা কি অৱস্থা) আছেই৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা
মাজ-মূৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি ৷
Like the way a man wants to consider his wife beautiful in spite of her being bald, one usually tries to ignore the weakness or misdeeds of his loved ones.মাজ-মূৰত চুলি নোহাৱা তিৰোতাকো গিৰীয়েকে ৰূপহী বোলাৰ দৰে মানুহে সাধাৰণতে প্ৰিয় বা আপোনজনৰ দোষ দেখা নাপায় বা দেখিলেও অৱজ্ঞা কৰিবলৈ চেষ্টা কৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় ৷
A big forest can burn and turn into ashes even from an ember. Similarly, as a consequence of one small mistake, one may suffer from a big problem.এটা মাত্ৰ জুইৰ স্ফুলিঙ্গৰ পৰাই খাণ্ডবৰ দৰে এখন বৃহৎ অৰণ্য পুৰি চাৰখাৰ হৈ যাব পাৰে ৷ ঠিক সেইদৰে মানুহে কৰা একোটা সাধাৰণ ভুলে ডাঙৰ বিপদ মাতি আনিব পাৰে ৷ এতেকে কোনো কথাকে গুৰুত্বহীন বুলি হেয় জ্ঞান কৰিব নালাগে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-27
Idiom ফকৰা-যোঁজনা
দুই ম’হৰ যুজত বিৰিণাৰ মৰণ
\"When two buffaloes fight, the grass dies.\" Innocent common people have to face trouble due to the conflict between/among big people.বেলেগৰ ঝামেলাৰ মাজত নিৰীহৰ হাৰাশাস্তি হোৱা । Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
পানীত পৰা মানুহে লেজু এডালকো খামুচি ধৰে ৷
A man falling in deep waters tries to come out even by grasping a piece of chord. Similarly, a person in crisis remains ready to accept any kind of help to overcome it.পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
Riddle সাথৰ
কোৱা বাহুল্য
Needless to say.সকলোৱে জনা কথা যি পুনৰ কোৱাৰ আৱশ্যকতা নাই ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Phrase খণ্ডবাক্য
হাত দীঘল ৷
Powerful or commandingক্ষমতাশালী Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
ৰজাই ভাল বোলে যাক, হাতী ঘোঁৰা নালাগে তাক
One, who has blessings of the king or the man in power, can do anything easily without help or support from others.যি ক্ষমতাশালী লোকৰ আশীষ ধন্য, তাৰ সকলো কাম সহজে হয় | তাক কাৰো একো সহায়ৰ প্ৰয়োজন নাই | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-01
Idiom ফকৰা-যোঁজনা
পৰৰ পিঠাৰে বিহু পতা
Some people use to boast of themselves even if they are facing hardship or are depending on others' support for everything in their life.নিজৰ সামৰ্থ্য নাথাকিলেও আনৰ পৰা খুজি-মাগি আনি হ’লেও বিহু পতাৰ দৰে কিছুমান মানুহে ’নাও বুৰিলেও টিঙৰ পৰা নানামে’, অৰ্থাত্ দুৰ্দশাত ভূগিলেও ফিতাহি মাৰিবলৈ নেৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
হাততে সৰগ ঢুকি পোৱা
To get an opportunity to achieve one's desired goal easily.ইপ্সিত লক্ষ্য অতি সহজতে পূৰণ কৰাৰ সুযোগ লাভ কৰা | Contributed by: Anonymous on 2010-08-18
Idiom ফকৰা-যোঁজনা
আইয়ে চাই মুখলৈ, তিৰোতাই চাই হাতলৈ ৷
A saying exemplifying unconditional affection between mother and child. When you come home, your mother will look at your face while your wife will look at your hands to find what you have brought for her. This indicates that the mother is more concerned about his son`s well-being.যেতিয়া মানুহজন ঘৰলৈ আহে, মাকে মুখলৈ অৰ্থাৎ স্বাস্থ্যলৈ লক্ষ্য কৰে, কিন্তু ঘৈণীয়েকে হাতলৈ অৰ্থাৎ ধন সম্পত্তি, বয়-বস্তু কিবা আনিছে নেকি তালৈহে লক্ষ্য কৰে৷ Contributed by: Rupankar Mahanta on 2009-10-12
আগে পিচে দুজন হ’লে অকলেই যাব পাৰি; এধানমান পিটিকা হ’লে শুদাই খাব পাৰি |
A person without self-confidence always waits for other's help for doing any little thing.আত্মবিশ্বাস নথকা মানুহে যিকোনো কাম কৰিবলৈ সদায় কেৱল আনৰ সহায়ৰ বাবে বাট চাই থাকে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Riddle সাথৰ
হাতীৰ দাঁত দেখুৱাবলৈ কিছুমান থাকে আৰু চোবাবলৈ আন কিছুমান থাকে ৷
Fifth columnist/ showing double standard.যেতিয়া মানুহে লোকক দেখুৱাবলৈ একধৰণৰ কৰ্ম কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অন্য ধৰণৰ কৰ্ম কৰে, তেনে অৰ্থত প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
অৱস্থা ৰৰৈয়া হ
to suffer from duress and distressআহুকালত পৰি দেহাৰ অৱস্থা শোচনীয় হ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-15
Idiom ফকৰা-যোঁজনা
এবাৰ গোহালি পোৰা গৰুৰ সেন্দূৰীয়া মেঘলৈকো ভয়
Once a person is frightened by something he/she becomes cautious to similar actions/incidents.মানুহে এবাৰ কিবা কাৰণত ভয় খালে, অনুৰূপ কাৰণ অথবা ঘটনা দেখিলে আতঙ্কিত হয়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-11-05
Idiom ফকৰা-যোঁজনা
হাইঠা মাটিত পৰা
Green pigeons live on tall plants and generally do not come down easily. Hence these birds sitting on the ground means an unbelievable proposition. This proverb is generally used to indicate a happening of an unusual nature.হাইঠা চৰাই সাধাৰণতে ওখ গছত জাক পাতি থাকে আৰু সাধাৰণতে মাটিলৈ নানামে | গতিকে হাইঠা মাটিত পৰাটো এটা অবিশ্বাস্য ধৰণৰ ঘটনা | সৰ্বসাধাৰণতে নোহোৱা ধৰণৰ ঘটনা এটা হোৱা বুজাবলৈ এই পটন্তৰটো ব্যৱহাৰ কৰা হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Idiom ফকৰা-যোঁজনা
হস্তীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও।
Even a great person may commit an error of judgement.ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
ফুটা কলহৰ মাত সাৰ।
English sayings: Empty vessel sounds much.
জ্ঞান-বুদ্ধি নথকা ব্যক্তিৰ মুখত অধিক কথা শুনা যায় ৷ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-05
Idiom ফকৰা-যোঁজনা
আগৰ হাল যিফালে যায় পিছৰ হালো সেইফালেই যায় ৷
The youngs of a family follow the foot steps of the elders, normally when someone learns bad habits, attitude, manners or behavour from their elders.পথাৰত হাল বাওঁতে আগৰ হালৰ পিছে পিছে দ্বিতীয়টো হাল, দ্বিতীয়টোৰ পিছে পিছে তৃতীয়টো.. ইত্যাদি ধৰণে চলে ৷ একেদৰে কোনো এক পৰিয়ালৰ অগ্ৰজৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰ, হাৱ-ভাৱ, বদ অভ্যাস, অশিষ্ট আচৰণ আদি অনুজে অনুকৰণ কৰে, শিকে আৰু একেধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ৷ সাধৰণতে কোনো ব্যক্তিয়ে জ্যেষ্ঠজনক দেখি বেয়া আচৰণ শিকিলেহে এই ফকৰাৰ প্ৰয়োগ হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-03
Idiom ফকৰা-যোঁজনা
ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই। তিনিও ডিঙিত ধৰি তিনিওৱে কান্দিলে, সমন্ধত একোৱেই নাই।।
Three persons from three different parts coming together for a national cause.গদাধৰ সিংহ পলাই ফুৰোঁতে এবাৰ চোৰাংচোৱাৰ দৃষ্টিত পৰিব খুজিছিল; ৩ গৰাকী বাটৰুৱা মহিলাই ঘটনাৰ গুৰুত্ব বুজি গদাধৰক কাপোৰৰ তলত লুকুৱাই যেনিবা সম্বন্ধীয় লোকহে ঢুকাইছে, তেনে ভাৱত কান্দিবলৈ ধৰিলে৷ অৰ্থ- দেশৰ স্বাৰ্থত আপোন-পৰ পাহৰি সকলো একেলগ হ\'ব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-20
Riddle সাথৰ
ক্ষমতাত থৈ মানুহ চিনিবা ৷
One who is in power has a natural tendency to hurt or trouble others through illogical exercise of power. Hence, someone's character can be easily read once he/she is in power.মানুহে যেতিয়া ক্ষমতা হাতত পায়, প্ৰাকৃতিকভবে সেই মানুহে নিজৰ ক্ষমতা চৰিতাৰ্থ কৰিবলৈ আন মানুহৰ সুখ- দুখ, সুবিধা-অসুবিধা নুবুজাকৈ বহু কাম কৰি পেলায় আৰু তাৰ দ্বাৰা মানুহজনৰ আচল চৰিত্ৰ ধৰা পৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-04
Idiom ফকৰা-যোঁজনা
ঐৰাৱতো নিমাখিত হয় কাণত সোমোৱা পৰুৱাৰ ওচৰত ৷
Ant is a very small insect and its existence is negligible in front of an elephant. However, if an ant enters the ear of an elephant, this small creature makes the elephant to feel its existence giving much trouble to it. Thus, a small creature, if neglected, may pause much bigger problem.ঐৰাৱত বা হাতীৰ সমুখত পৰুৱা আকাৰত তেনেই নগণ্য প্ৰাণী, কিন্তু হাতীৰ কাণৰ ভিতৰত সোমালে সেই পৰুৱায়ো হাতীক অতিকৈ কষ্ট দিব পাৰে ৷ সেয়ে এই ফকৰাৰ সন্নিৱিষ্ট অৰ্থ হ`ল যে অসতৰ্ক হ`লে কোনো তুচ্ছ বস্তু বা প্ৰাণীয়েও মানুহক মহাবিপদত পেলাব পাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-24
Idiom ফকৰা-যোঁজনা
কুকুৰ স্বৰ্গলৈও যাব পাৰে, পিচে বাটতে জ্ঞাতিয়ে পায় কাৰণেহে ..
One can do great things only if he is able to get rid of bad company and vices.অসত্ সঙ্গ বা বদ্ অভ্যাস ত্যাগ কৰিব পাৰিলেহে মানুহে মহত্ কাম কৰিব পাৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-19
Idiom ফকৰা-যোঁজনা
অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলোঁ নষ্ট |
The monkey is considered as a very stupid animal. Some birds advised the monkeys to build their home showing their own nests. But the monkeys thought that they were just insulted by the birds by giving this advice and so they broke their eggs and destroyed the nests. Through this proverb, it is said that one should not try to advise a fool, as he may take it otherwise and can cause harm in turn.বান্দৰ অতি মূৰ্খ প্ৰাণী | বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল | কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে | ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মূৰ্খবোৰক সজ উপদেশ দিবলৈ যাওঁতে কেতিয়াবা সিহঁতে ভুল বুজি উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে | গতিকে মূৰ্খক উপদেশ দিয়াটো অৰ্থহীন | Contributed by: Biraj Kumar Kakati on 2008-03-28
Idiom ফকৰা-যোঁজনা
শিয়ালৰ কান্ধত মঙহৰ ভাৰ৷
Entrusting the duty of something to someone, who is greedy for the same.যাৰ যি বস্তুৰ প্ৰতি লিপ্সা বেছি তেনে লোকক সেই বস্তুৰ তদাৰক কৰিবলৈ দিয়া। Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
চিনাকি চাউদাঙেহে মানুহ কাটে
Only a known person or one who is very close to someone usually hurts or causes harm.চিনাকি অথবা পৰিচিত ব্যক্তিয়েহে সাধাৰণতে মানুহৰ অপকাৰ কৰে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-30
Idiom ফকৰা-যোঁজনা
পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত
In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place. This applies to forgetfulness at an important moment.ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷ Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।
Ones life and death purely depends on ones fortune (GOD). Nobody has the control on it.কাৰ ক\'ত কেতিয়া মৰণ মিলিব বিধাতাৰ বাদে কোনেও নেজানে। জনম-মৰণৰ হৰ্তা-কৰ্তা ভগৱান মানে হৰি। ভগৱানে নিবিছাৰিলে গভীৰ বিপদত পৰিও কোনো লোক বাচি যায়, আৰু ভগৱানে নবছালে অতি সাৱধান হলেও মৰণ মিলিব পাৰে। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-30
Idiom ফকৰা-যোঁজনা
সৰিয়হৰ ডুলিত ভূত ওলোৱা |
To find some unusual things or incidents in quite unexpected places (or related to unexpected/incompatible person .).ভূতে সাধাৰণতে সৰিয়ঁহলৈ ভয় কৰে বুলি জনবিশ্বাস আছে৷ গতিকে কোনো নভবা স্থানত অগতানুগতিক ভাবে এটা বিপৰীত ধৰণৰ বস্তু ওলালে বা কোনেও ভাবিব নোৱাৰাকৈ এজন ভদ্র ব্যক্তি বেয়া কাৰ্য্যত লিপ্ত হ\'লে এই ফকৰাটো ব্য্যৱহাৰ কৰা হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-14
Idiom ফকৰা-যোঁজনা
চেনেহৰ চুমাই নাকটি ছিঙিলে ৷
Something done by a well-wisher may also sometimes bring in unexpected sufferings.কেতিয়াবা হিতে-বিপৰীত হৈ কোনোবাই মৰমতে ভাললৈ বুলি কৰা কামৰো অশুভ ফল হ’ব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ঘোঁৰা দেখি খোৰা হোৱা ৷
To be unwilling to work when there is somebody to help.কোনো মানুহে ঘোঁৰা থাকিলে ঘোঁৰাত উঠি যাবলৈ খোজ কঢ়াৰ অসমৰ্থতা দেখুৱায়, অৰ্থাৎ কাম কৰিবলৈ মানুহ থাকিলে কিছুমান মানুহে কাম নকৰিবলৈ বিভিন্ন অজু্হাত দেখুৱায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-01
Idiom ফকৰা-যোঁজনা
নাচিব নেজানে চোতালখন হেৰেমগৰীয়া |
One who does not have potentiality to do something, but blames others for his inabilities.নিজৰ ব্যৰ্থতাৰ বাবে আনক জগৰীয়া কৰি দায় সাৰিব চেষ্টা কৰা Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
চিনাকি চোৰেহে পিৰালিত কাহে ৷
A thief will never make noise while attempting theft. Only a thief who has an accomplice inside will make an indicative noise to let the other person know about his presence.প্ৰকৃত চোৰে কেতিয়াও শব্দ নকৰে ৷ চিনাকি চোৰেহে শব্দ কৰে যাতে ঘৰৰ ভিতৰত থকা সঙ্গীয়ে তেওঁ অহাতো গম পায় ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
অনভ্যাসে হতঃ বিদ্যা৷
None application of learning for long time causes no learning at all.অৰ্জিত শিক্ষাৰ দীৰ্ঘ দিন প্ৰয়োগ নহলে পাহৰি যোৱা হয় আৰু কামত নাহে৷ Contributed by: Sitaram Upadhyaya on 2014-11-27
Idiom ফকৰা-যোঁজনা
ভুতৰ ওপৰত দানহ
To get hurt by someone else, when a person is already suffering from the injury he received from another.এজনৰ পৰা পোৱা দুখ-কষ্ট ভোগ কৰি থকা অৱস্থাত অন্য এজনৰ অত্যাচাৰ, অথবা আপদতে বিপদ | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
ছোৱালীৰ চিকণ যোগী, গাইৰ চিকণ মুগী; ডাইলৰ চিকণ মাটি, শয়নৰ চিকণ পাটি; টেঙাৰ চিকণ ঔ, মাছৰ চিকণ ৰৌ; সমন্ধৰ চিকণ বৌ, বাচনৰ চিকণ টৌ; শাকৰ চিকণ লাই, মুদ্ৰাৰ চিকণ পাই; জলাৰ চিকণ আদা, চেনেহৰ চিকণ দাদা; কথাৰ চিকণ ৰস, চাকৰৰ চিকণ বশ; ফলৰ চিকণ কল, হোঁকাৰ চিকণ নল; মুখৰ চিকণ গুৱা, টোপনিৰ চিকণ পুৱা; পানীৰ চিকণ পানীপৰুৱা, মাছৰ চিকণ মোৱা; বিয়াৰ চিকণ বৰকইনা, হোমৰ চিকণ ধোঁৱা ৷
These sayings describes the best of everything in various aspects of our daily life.এই তুলনাবোৰে দৈনিক জীৱনৰ বিভিন্ন বিষয়ত উত্তম বস্তুৰ আভাস দিয়ে ৷ যেনে মাটি ডাইলৰ সোৱাদ ডাইলৰ ভিতৰত সৰ্ব্বোত্তম ৷ Contributed by: Rupankar Mahanta on 2009-12-17
Idiom ফকৰা-যোঁজনা
বিপদ গ’লে, সম্পদ আহে ৷
After rain comes fair weather.বিপদ আতৰি গ’লে মানুহে মনপুতি কাম কৰিব পাৰে, সেয়ে সম্পদ বা ঐশ্বৰ্য্য অহাৰ পথ মুকলি হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।।
Those woman who roam in the market place may loose their character.বজাৰে-সমাৰে ঘূৰি ফুৰা তিৰোতাৰ স্বভাৱ নষ্ট হয়৷ Contributed by: biswadip gogoi on 2011-03-15
Idiom ফকৰা-যোঁজনা
কণী পাৰে হাঁহে, খায় ভকত ডাঁহে৷
one part of the society do great labour, but the cunning part of the society enjoy the profit of their labour. the bad side of our classified society is disclosed in the Fakara.কষ্ট কৰে কোনোবাই, তাৰ ফল ভোগ কৰে কোনোবাই৷ আমাৰ শ্ৰেণী সমাজত থকা শোষিত আৰু শোষকৰ চৰিত্ৰ উদঙাই দিয়া হৈছে৷ Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা
যাৰ বান্দৰ সিহে নচুৱাব পাৰে |
It is easy for the owner of an instrument or equipment to use it as he is habituated for it. But the same is difficult for another person.এটা সঁজুলি বা যন্ত্ৰ চলোৱাটো তাৰ গৰাকীজনৰ কাৰণে অতি সহজ, কিয়নো তেওঁ সঘনাই তাক ব্যৱহাৰ কৰি থাকে | কিন্তু আন এজনৰ বাবে এই কাম সিমান সহজ নহয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস |
Its better to be self dependent.লোকৰ ওপৰত নির্ভৰ কৰাতকৈ নিজ হাতে কাম কৰা মঙ্গল | লোকে কৰিব কৰিব বুলি আশা পালি থাকোতে কেতিয়াবা মূৰামূৰি সময়ত গৈ বিপদত পৰিব লগা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-29
Idiom ফকৰা-যোঁজনা
হলা গছত বাগি কুঠাৰ মৰা ।
Literal Meaning: To strike an inclined tree with an axe. Real meaning: To attack a person when when he is in helpless situation.বাগি কুঠাৰ মৰা মানে কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰা । হলা গছত বাগি কুঠাৰ মৰা কথাফাঁকিৰ অর্থ হ'ল- বিপদত পৰা অসহায় মানুহক আক্রমণ কৰা । Contributed by: Prasenjit Khanikar on 2008-02-28
Idiom ফকৰা-যোঁজনা
চোৰক বোলে চুৰি কৰ, গৃহস্থক বোলে সজাগ থাক ৷
He runs with the hare and hunts with the hounds.কোনো মানুহে বিবাদ, সমৰ্থন, কাৰ্য, মন্তব্য আদিত কোনো এক পক্ষ নলৈ, দুয়ো পক্ষৰ লগতে তাল মিলাই থাকিলে এই ফকৰাৰ প্ৰয়োগ হয় ৷ অথবা, কুপৰামৰ্শ দি জানি-বুজি কৰোবাক বিপদত পেলাবলৈ ছল-চাতুৰি কৰা কাৰ্যক দৰ্শায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
হৰিণাৰ মাংসই বৈৰী
A deer gets killed for its meat. Similarly, one`s prized possession can be his biggest enemy.মাংসৰ সোৱাদৰ কাৰণে পহুক মৰা হয় ৷ তেনেদৰে কাৰোবাৰ ৰূপ বা সা-সম্পত্তিয়েই মৃত্যুৰ কাৰণ হ’ব পাৰে ৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
কথা বুলিলেই বতাহ
Rumor spreads as fast a wind.ইজন-সিজনৰ কাণ বাগৰি কথা একোটা অতি কম সময়ৰ ভিতৰতে বতাহৰ গতিত বিয়পি পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
ৰাতি হ’লে সাত হাল বাই ৰাতিপুৱা এহালো নাই
to plan many things but do nothing.মনতে নানান পৰিকল্পনা কৰি থাকি সময়ত একো কাম নকৰা | Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-08
Idiom ফকৰা-যোঁজনা
বহিবলৈ পালে শুবলৈ বিচাৰে ।
One who gets help often tries to get more.অলপ সুবিধা পাই আৰু বেছি ল`বলৈ বিচৰা । Contributed by: Anjali Sonowal on 2008-07-26
Idiom ফকৰা-যোঁজনা
দিনৰ পাহাৰ ৰাতিৰ জুই; তাক নেখেদি থাকিবা শুই
Do not run after illusions or false dreams. A hill may appear just next block, but is actually vary far away. Simialrly, a fire seen in night may appear from vicinity, but in actuality may be miles away.যিদৰে সন্মুখত দৃশ্যমান পাহাৰটোৰ বা ৰাতি দূৰত দেখা জুইকুৰাৰ সঠিক দূৰত্ব অনুমান কৰিব নোৱাৰি; কিছুমান বস্তু একেবাৰে ওচৰতে যেন লাগিলেও আচলতে বহুত দূৰত আছে ৷ তেনে বস্তুৰ পিছত সময় নষ্ট নকৰাই ভাল ৷ Contributed by: Rupankar Mahanta on 2008-03-13
Idiom ফকৰা-যোঁজনা
ওখ গছত বতাহ লাগে বেছি।
High winds blow on high hills.মানুহ যেতিয়া ক্ষমতাশালী বা অৰ্থনৈতিকভাৱে সবল হয়, তেওঁৰ বাবে নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ পৰিমাণ আৰু দায়িত্ব বাঢ়ি যায় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-31
Idiom ফকৰা-যোঁজনা
ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি
It`s about a person who is very lazy and does not work, and also lives on other`s mercy.কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Phrase খণ্ডবাক্য
কাঁহ পৰি জীন যোৱা অৱস্থা
Pin drop silenceসাৰি-শব্দ নোহোৱা, নিমাত-নিতাল অৱস্থা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-18
Idiom ফকৰা-যোঁজনা
কেৰ্কেটুৱাৰ বাহ পাতেই ভেটি
A squirrel was helping Raja Ramachandra with a bamboo tree leaf during a construction of bridge joining Lanka. Meaning:- everyone should help according to his/her own ability.ৰামচন্দ্ৰই সেঁতু বন্ধোতে সকলোৱে পাৰ্য্যমানে সহায় কৰিছিল৷ কেৰ্কেটুৱাই বাঁহপাত এটুকুৰাকেই আগবঢ়াইছিল৷ অৰ্থ-নিজৰ সাধ্যনুসাৰে সহায় কৰিব লাগে৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-12
Idiom ফকৰা-যোঁজনা
চোৰৰ ভয়ত কাঁহি পুতি থৈ কলপাতত ভাত খোৱা ৷
When someone has illogical fear of unseen and unpredictable incidents and does not perform normal activities out of that fear and prejudice.কাঁহি কিনা হয় তাত ভাত খাবলৈ, কিন্তু সেই কাঁহিখন চুৰ হৈ যাব পাৰে বুলি ভয় কৰি যদি কোনোবাই তাক মাটিৰ তলত পুতি থৈ কলপাতত ভাত খায়, তেন্তে কাঁহিখন কিনাৰে অৰ্থ নাথাকে ৷ অৰ্থাৎ, সৰু-সুৰা দূৰ্ঘটনাৰ ভয়ত অথবা মনি সজা অযুক্তিকৰ বিশ্বাস বা ধাৰণাৰ বশবৰ্তি হৈ নিত্য-প্ৰয়োজনীয় কৰ্ম, কৰ্তব্য আদি নকৰি পিছ হুঁহকি থকা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-08
Idiom ফকৰা-যোঁজনা
বাঁহৰ আগ তল যাওক, কাউৰীৰ ৰং চাওঁ৷
The fox and the crow both are very cunning. The fox desires to see the fate of the crow when the tip of the bamboo tree would get inundated. However, he fails to visualize his own fate under that circumstances. This means - some people would always expect ill of others come what may.শিয়াল আৰু কাউৰী দুয়োটাই অতি ধূৰ্ত্ত প্ৰাণী৷ শিয়ালে ভাবে - বাঁহৰ আগ তল যোৱাকৈ বানপানী হ`লে কাউৰীৰ ৰং চাব পৰা যাব৷ কিন্তু তেনেকুৱা হ`লে নিজৰ অৱস্থা কেনে হ`ব সেইটো ভাবি নাচায়৷ অৰ্থাৎ কিছুমান মানুহে আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰো অহিত সাধন কৰে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা
দানবীৰ কৰ্ণ হ
To be a great donor like Karn, a hero of Mahabharata mythology (normally used to ridicule).মহাভাৰতৰ কৰ্ণৰ দৰে যি অযাচিতে দান কৰিব পাৰে, তেনে চৰিত্ৰৰ হ (ব্যাঙ্গাত্মক ভাবত ব্যৱহাৰ হয়) ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
ঈশ্বৰে কৰিলে লীলা, মানুহে কৰিলে কিলা ।
The transgressions of the great are winked at while those of the lowly are punished.ভগৱান শ্ৰীকৃষ্ণই লীলা কৰিলে দোষ ধৰোঁতা নাই । কিন্তু মানুহে একে কামকে কৰিলে অপৰাধ বুলি ধৰা হয় । অৰ্থাৎ উচ্চপদস্থ জনে অপৰাধ কৰিলেও ধৰোঁতা নাই । কিন্তু নিম্ন স্তৰৰ কোনোবাই সাধাৰণ অপৰাধ বা ভুল এটা কৰিলেই শাস্তি বিহা হয় । Contributed by: Anjali Sonowal on 2008-08-20
Idiom ফকৰা-যোঁজনা
বাওনা হৈ চন্দ্ৰলৈ হাত মেলা
To try something impossible with one`s limited capabilityচুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷ Contributed by: Hemanta Saikia on 2009-02-28
Phrase খণ্ডবাক্য
পানী খোৱা পুখুৰীত বিহ ঢলা
To cause harm to someone intentionally. (Mostly used in negative sense)ইচ্ছাকৃতভাৱে আনৰ অপকাৰ কৰা ৷ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ৷ যেনেঃ কিনো তাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ যে সি মোক মাত-বোল নকৰা হ’ল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা
কিনা হাঁহৰ ঠোঁটলৈকে মঙহ
Something that was bought with money should not be wasted.মূল্য দি কিনা যি কোনো বস্তুৰ অপচয় অবাঞ্চনীয়| Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
আমকলা হোৱা দিয়ে, দৈকলাৰ জুতি লাগে ।
Enjoy the hardwork of others.কাৰোবাৰ কষ্ট আৰ্জিত ফলক আন কোনোবাই আয়াসতে ভোগ কৰা । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
আইৰ সমান হ`ব কোন, নদীৰ সমান ব`ব কোন?
The love and affection of mother always remains unchanged and unmatched for her children like the way water flows in a river.নদীৰ পানী যেনেকৈ নিৰবিচ্ছিন্নভাবে বৈ থাকে, একেদৰে সন্তানৰ কাৰণে মাকৰ মৰম-স্নেহ সদায় অক্ষুণ্ণ থাকে ৷ সেয়ে মাকৰ সমান কোনোৱেই হ`ব নোৱাৰে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-04
Phrase খণ্ডবাক্য
হাত সাৰ ৷
To get rid of.বাচি যা বা ৰেহাই পা ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
খালে-খুৱালে ধন নুঢুকায়, শুলে-বহিলেহে ঢুকায় ৷
It is not eating good food that makes one poor, rather the sleepy head makes one poor.ভাল খাদ্য নিজে খালে বা আনকো খুৱালে মানুহৰ ধন-সম্পত্তি নাইকিয়া নহয়, উপাৰ্জন কৰিবলৈ পৰিশ্ৰম নকৰি শুই-বহি থাকি সময় নষ্ট কৰিলেহে মানুহ নিৰ্ধন হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Phrase খণ্ডবাক্য
ফোপজহী ৰঙাই
A vain person who boasts about himself.বৰকৈ ফিতাহি মাৰি ফুৰা লোক Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
ৰৌ-বৰালিলৈ আশা কৰি পুঠি-খলিহণাও নোপোৱা ৷
To be over ambitious and the act of overlooking the small opportunities in the expectation of bigger opportunities and thus ending up with no achievement at last.মাছ মাৰিবলৈ গৈ, ৰৌ-বৰালিৰ দৰে ডাঙৰ মাছ জালত উঠিলেহে ধৰিম বুলি, সহজতে জালত উঠা পুঠি-খলিহণাৰ দৰে সৰু মাছবোৰ এৰি দিলে অৱশেষত কোনো মাছেই পোৱা নেযাব পাৰে ৷ একেদৰে ডাঙৰ সুবিধা-সুযোগ, লাভ, মুনাফা আদি পোৱাৰ আশা কৰি অনায়াসে হাতলৈ অহা সৰু-সুৰা সুযোগ-সুবিধাবোৰ গ্ৰহণ নকৰিলে পিছলৈ পস্তাব লগা অৱস্থা হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-18
Idiom ফকৰা-যোঁজনা
তুমি হ’লা বাৰৰে, আমি হ’লো তেৰৰে
Reluctance to accept superiority of others over oneself.কোনো কথাতে আনতকৈ পিচ পৰি থাকিব নোখোজা বা আনৰ ওচৰত সেও মানিব নোখোজা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
বাচোঁতে বাচোঁতে গেলা বৰালিত হাত পৰা
To select something inferior after lots of searching and selectingবহু বিচাৰ বিবেচনা কৰি অৱশেষত কিবা বেয়া নিৰ্বাচন কৰা Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা
হাতীৰ গালৈ তৰাৰ ফৰ্মুটি
One cannot cause any harm to an elephant by throwing a small twig. Similarly, without appropriate efforts no problem can be solved.শক্তিবান হাতী এটাৰ গালৈ তৰা গছৰ ফৰ্মুটি মাৰি যেনেকৈ হাতীৰ কোনো ক্ষতি কৰিব নোৱাৰি, ঠিক সেইদৰে যথোপযুক্ত প্ৰচেষ্টা অবিহনে কোনো সমস্যা সমাধান কৰিব নোৱাৰি৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-05
Phrase খণ্ডবাক্য
আঠুৱা তলৰ মহ৷
Comparatively very weak person.অতি দূৰ্বল লোক৷ Contributed by: Sitaram Upadhyaya on 2015-03-03
Idiom ফকৰা-যোঁজনা
আগেয়ে আছিলো দোৱেনী-মোৱেনী, গোৱালে বুলিছিল আই; এতিয়া হ’লো লেজ-গোবেৰী, পালতো নিদিয়ে ঠাই ৷
A man in power is shown respect by anyone with the expectation of getting some sort of favour from him. However, the same person is neglected when he loses power.খীৰতী গাই এজনীয়ে ভালদৰে গাখীৰ দি থকাৰ কালচোৱাত গৰাকীয়ে বৰ আদৰ-যত্ন কৰি পুহি ৰাখে; কিন্তু গাখীৰ নোহোৱা হৈ বেমাৰী হ’লে আলাই-আথানি কৰে ৷ অৰ্থাৎ যাৰ পৰা নিজৰ কোনো লাভ হোৱাৰ সম্ভাৱনা থাকে অথবা যি ক্ষমতাশালী, তেনে লোককহে সকলোৱে আদৰ-সাদৰ কৰে ৷ একেজন ব্যক্তি ক্ষমতাহীন হ’লে কিন্তু কোনোৱে তেওঁক আদৰ নকৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-19
Idiom ফকৰা-যোঁজনা
কণা হাঁহক পতান ধান দিয়া
To deceit someone taking advantage of his helplessnessঅসহায়তাৰ সুযোগ লৈ কাৰোবাক প্ৰৱঞ্চনা কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
ফটাকঁথা তিতে মানে গালৈহে গধুৰ
A stitch in time saves nine.কৰিবলগীয়া কাম পেলাই থ\'লে পাছলৈ সৰু সৰু কাম গোট খাই দিনকদিনে কঠিনৰ কঠিনতৰ হৈ পৰে । Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-03-28
Idiom ফকৰা-যোঁজনা
ঈৰ্ষাত শান্তি নষ্ট, লোভে নষ্ট ধৰ্ম; ক্ৰোধে মিতিৰ নষ্ট, এলাহে নষ্ট কৰ্ম ৷
Jealousy makes a person to loose peace of mind, lust makes him do unethical things and become dishonest. Similarly anger destroys relationship and laziness spoils works.মানুহৰ ঈৰ্ষা বাঢ়িলে মনৰ শান্তি নাইকিয়া হয় আৰু লোভ-লালসা বাঢ়িলে অন্যায়-ব্যভিচাৰত লিপ্ত হৈ মানুহ পথভ্ৰষ্ট হয় আৰু ধৰ্মৰ পৰা আঁতৰ হয় ৷ একেদৰে ক্ৰোধান্বিত হৈ মানুহে বিবেক হেৰুৱাই পেলায় আৰু নকব লগীয়া কথা কৈ আত্মীয় মানুহৰ মনতো আঘাত দিয়ে আৰু তাৰ দ্বাৰা মিতিৰ নষ্ট হয়; এলাহ কৰি পাছত কৰিম বুলি পিছুৱাই থাকিলে কৰ্ম নষ্ট হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2015-02-09
Riddle সাথৰ
হাবিত কাহে, ওলাই নাহে ৷
There is sound (coughs) inside the forest, but it is not revealing (coming out). Answer is: Axe.কুঠাৰ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
Idiom ফকৰা-যোঁজনা
কাণ টানিলে মূৰ অহাৰ ভয়
While pulling by the ear, one`s head also gets pulled. It means- while attempting to gossip on the affairs of someone, there is a chance of revelation of some bigger truth.কাণখনত টান মাৰিলে মূৰটোও টান খায়৷ অৰ্থাৎ কাৰোবাৰ সৰু কথা বা দোষ এটা খুচৰিবলৈ চেষ্টা কৰোঁতে কেতিয়াবা কোনো ডাঙৰ তথ্য ফাদিল হোৱাৰ ভয় থাকে৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-18
Idiom ফকৰা-যোঁজনা
শেনটো হৈ যোৱা, ফেঁচাটো হৈ অহা
Going the hawk and becoming the owlপ্ৰথমতে ডাংকোপ মৰা কথা কৈ পিছত একেবাৰে নিতাল মাৰা Contributed by: Punyalata Gohain on 2025-04-02
Idiom ফকৰা-যোঁজনা
দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷
The best use of one's wealth is in donation. The best way to be happy is to forgive others' misdeeds.দুখীয়াক দান কৰিলে ধন পৱিত্ৰ হয়, অৰ্থাৎ ধনৰ সদ্-ব্যৱহাৰ হয় ৷ ঠিক তেনেদৰে আনৰ দোষ ক্ষমা কৰি দিব পাৰিলে মানুহৰ মন পৱিত্ৰ হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-03-02
Idiom ফকৰা-যোঁজনা
ঘৰৰ গৰুৱে বাৰীৰ ঘাঁহ নেখায়৷
One never has interest for something available in plenty of one's own.নিজ বাৰীত থকা ঘাঁহ গৰুৱে খাবলৈ মন নকৰে কিন্তু বেলেগৰ ঘৰৰ জেওৰা-জপনা ভাঙ্গিও খায় |ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে নিজৰ হাততে থকা উভৈনদী বস্তুৰ প্রতি দৃষ্টি আকৰ্ষণ কম হয়, কিন্তু আনৰ সৰু-সুৰা বস্তু্য়েও মন আকর্ষণ কৰে | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-20
Idiom ফকৰা-যোঁজনা
নাহাঁহিবি মোক সোঁচৰিব তোক ৷
If someone loughs at others distress, the same distress gets into his/her life.কোনো মানুহে যদি কাৰোবাৰ দুৰ্দিন বা দুৰ্দশা দেখি হাঁহে, তেন্তে হাঁহোতাজনেও একেধৰণৰ দুৰ্দশাত ভূগিব লগীয়া হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-08-04
Idiom ফকৰা-যোঁজনা
হাতত নাই কণটো, বৰসবাহলৈ মনটো |
Aiming high without sufficient resources.হাতত ফুটাকড়ি এটাও নোহোৱাকে বৰ বৰ কামলৈ মন মেলা স্বভাৱ Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-02-28
Idiom ফকৰা-যোঁজনা
খাই মৰে মানুহ, নেখাই মৰে কম ৷
Excessive eating makes men disease prone and die early, while little eating reduces susceptibility to disease and men live longer.মানুহে বিভিন্ন পথ্য-অপথ্য বেছিকৈ খাই বেমাৰ বঢ়াই লয় আৰু আয়ু টুটি মৰে, সেই অনুপাতে কমকৈ খোৱা মানুহৰ বেমাৰাদি কম হয়, এতেকে ৰোগ-বেমাৰত অকাল মৃত্যু হোৱাৰ আশংকা কম থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-06
Idiom ফকৰা-যোঁজনা
চৰুক সুধি চাউল বহোৱা
To take suggestion from one for whom somebody is making some arrangements.যাৰ বাবে কোনো আয়োজন কৰা হয়, তেওঁকে সুধি পৰামৰ্শ লোৱা | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-13
Idiom ফকৰা-যোঁজনা
শ পাপে জ্বৰ, হাজাৰ পাপে খৰ
Ringworm is a very annoying skin disease. It is said after hundred sins one suffers from fever and after thousand sins one suffers from ringworm.খৰ আমনিদায়ক চালৰ বেমাৰ৷ এনে বেমাৰ কাৰো নহওক৷ সেয়েহে কৈছে -কোনোৱে এশ পাপ কৰিলে জ্বৰত ভোগে; হাজাৰটা পাপ কৰাজনৰ খৰ হয়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-07
Idiom ফকৰা-যোঁজনা
হৰিয়ে নেৰাখিলে জৰিয়ে কি কৰিব!
Medicine can not fetch good result for the patient if the Almighty does not desire so.ভগৱানে ৰক্ষা নকৰিলে দৰৱ-পাতিয়ে কোনো ফল নধৰে৷ Contributed by: Sitaram Upadhyaya on 2015-02-22
Idiom ফকৰা-যোঁজনা
লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় |
Power can make a man turn into devil. A good man can also do evil when he gets power.ক্ষমতাই মানুহক অমানুহ কৰি তোলে | ভাল মানুহ এজনো ক্ষমতা পালে ৰাৱণৰ দৰে পাপীলৈ পৰিবৰ্তন হয় | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
কি আহে যায়
Some act or speech that does not make any differenceকোনো কথা বা কামে যেতিয়া কাৰোবাক কোনো ধৰণে প্ৰভাবিত/ ক্ষতিগ্ৰস্ত / লাভবান নকৰে, তেনে অৰ্থত ব্যৱহাৰ হয়৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় ৷
Too much politeness is a cause of concern.অসৎ তিৰোতাই অস্বাভাবিকভাবে দীঘল ওৰণি লৈ সমাজক সতীত্বৰ চানেকি দি পৰপুৰুষৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰে আৰু জাৰজ সন্তান জন্ম দিয়ে ৷ অৰ্থাৎ অতি ভক্তি চোৰৰ লক্ষণ ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা
বাল ছিঙোতে মহা মৰিল, মই বোলো মহা ৰণত হে পৰিল ৷
Exaggerating a small matter out of proportion.সৰু কথা এটাকে সজাই পৰাই বহুত ডাঙৰ কৰা ৷ Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় ৷
A meal with rice cannot be replaced with snacks and similarly the place of mother can never be equalized by aunts.যেনেদৰে চিৰা-পিঠা খাই ভাত খোৱাৰ দৰে পেট ভৰাব নোৱাৰি আৰু তৃপ্তি সহকাৰে ভোক পলুৱাব নোৱাৰি, একেদৰে মাহী বা পেহী বুলি মাতি মাৰ অভাব পূৰাব নোৱাৰি ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-13
Idiom ফকৰা-যোঁজনা
পানীত থাকি পিয়াহত মৰা ।
to have poverty amidst plenty.কোনো বস্তু থাকোতেও তাক ব্যৱহাৰ নকৰি কষ্ট ভোগ কৰা । Contributed by: Anjali Sonowal on 2010-01-30
Idiom ফকৰা-যোঁজনা
পাঁচো আঙুলিৰে খায়, বুঢ়াই হেঁচুকিলেহে যায়৷
To accomplish a task, we need experience and capability. Without these, all efforts are useless.কোনো এটা কাম সম্পন্ন কৰিবলৈ অভিজ্ঞতা, শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন৷ ইয়াৰ অবিহনে যিমানেই যত্ন কৰা নহওক কিয়, কামটোৰ সফলতা অসম্ভৱ৷ Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা
য`তে বাঘৰ ভয় ত`তে ৰাতিও হয় |
To face something for what somebody scares a lot.যি বস্তু, কথা বা পৰিস্থিতিলৈ ভয় কৰা হয়, বিধিৰ বিপাকত তাৰেই সন্মুখীন হ`বলগীয়া হয়| Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা
লুইতেহে জানে ব`ঠা কিমানলৈ বয়
One who is bestowed with responsibility can know how difficult is to carry out responsibilities and an irresponsible person can never fathom the difficulties.লুইতৰ বুকুত নাৱৰীয়াই নাও বাওতে ব`ঠাখন যেনি তেনি বায় আৰু লুইতৰ গভীৰতাৰ উমান নাপায়। অর্থাৎ যাৰ মূৰত দায়িত্ব থাকে তেওঁহে জানে দায়িত্বভাৰ চলোৱা কিমান কঠিন, আনে ইয়াৰ উমান নাপায়। Contributed by: Dr. Armaan U. Muzaddadi on 2008-08-29
Idiom ফকৰা-যোঁজনা
নাদ শুকালেহে পানীৰ মূল্য বুজি পায় ৷
The actual value of something can be realised only when it becomes scarce. Similarly, the impotance and contributions of a person is generally realised only when he departs.প্ৰাচুৰ্য্যৰ মাজত মানুহে যিকোনো বস্তুৰ প্ৰকৃত মূল্য অনুধাৱন কৰিব নোৱাৰে ৷ কিন্তু যেতিয়া একেটা বস্তুৰ নাটনি হয়, তেতিয়াহে তাৰ মূল্য বুজি পায় ৷ ঠিক তেনেকৈ সদায় কাষতে থকা ব্যক্তি এজন হঠাতে যেতিয়া আঁতৰি যায়, তেওঁৰ অৱদান বা প্ৰয়োজনীয়তাৰ কথা তেতিয়াহে মানুহে উপলব্ধি কৰিব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
বাজিব লাগে টেমি-কটাৰী, বাজিছে হাচটি
Person who is supposed to talk is not telling anything, but his supporter is unnecessarily going on telling meaningless things.হাচটিত থকা টেমি-কটাৰী আদি নাবাজি হাচটিখন বজা অৰ্থাৎ কথা ক’ব লগীয়া ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা ৷ Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
ডাঙৰৰ হ’লে লীলা, সৰুৰ হ’লে বান্ধি ধৰি কিলা
If a powerful or influential person commits something wrong, people are afraid to point out or raise voice, however, if weak person commits the same, he is punished.ডাঙৰ বা সামৰ্থবান লোকে বেয়া কাম কৰিলেও মানুহে বা সমাজে তাত মাত মাতিবলৈ বা দোষ ধৰিবলৈ ভয় কৰে৷ কিন্তু একে দোষতে সৰু অৰ্থাৎ যোত্ৰহীনজনক শাস্তি দিয়া হয়৷ Contributed by: Bikram M Baruah on 2025-03-01
Phrase খণ্ডবাক্য
আহ্ বৰডেকা ভোজ খাবলৈ যাওঁ৷
Taking a huge decision without prior arrangement or preparation.আগতীয়া প্ৰস্তুতি অবিহনে ডাঙৰ সিদ্ধান্ত লোৱা ৷ Contributed by: Ratul (P) Talukdar on 2011-06-30
Idiom ফকৰা-যোঁজনা
যাৰ খাবৰ-জীৱৰ মন, বহোঁতেও আঁজোৰে বন ৷
Those who wish to succeed in life should never waste a moment.উন্নতি আশা কৰা মানুহে কেতিয়াও সময় নষ্ট নকৰে; বৰঞ্চ সকলো সময়তে নিজকে কামত ব্যস্ত ৰাখে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
ৰণত পৰি ক’লীয়া হ’লো, তেল নাইকিয়া ফপৰা হ’লো ৷
This idiom is used to express the deplorable plight of someone while struggling to overcome various problems in life.জীৱনৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰোঁতে হোৱা নিজৰ শাৰীৰিক দুৰ্দশা বুজাবলৈ এই পটন্তৰটি ব্যৱহাৰ কৰা হয় ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-31
Idiom ফকৰা-যোঁজনা
ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো
Aspiring something big with limited resources.সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা Contributed by: shekhar borah on 2009-01-14
Phrase খণ্ডবাক্য
হোলাৰ ভাই মোলা
A very simple personহোলা মানে সৰল লোকক বুজোৱা হয়, তেওঁৰে ভায়েক মানে তেওঁৰ নিচিনাই, অৰ্থাৎ অতি সহজ সৰল লোক ৷ Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
গুণীয়েহে গুণীৰ মোল বুজে ৷
A scholar can only understand the importance of scholastic qualities and hence shows respect to another scholar.গুণী লোকৰ গুণৰ মোল বুজিবলৈ জ্ঞানৰ আৱশ্যক | সেয়েহে জ্ঞানীজনেহে গুণীৰ গুণৰ মূল্য দিয়ে | Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
সাত পুৰুষত নহ’ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায় |
Some people boast of themselves in such a way that even if they don`t have resources and skill, they always dream of something big only.অত্যধিক ফুটনি মৰা মানুহৰ ক্ষেত্রত এই ফকৰা ফাঁকি ব্যৱহাৰ কৰা হয়, যাৰ সামান্য কাম এটা কৰাৰ সামৰ্থ্য নেথাকে কিন্তু সদায় ডাঙৰ কামৰ স্বপ্ন দেখে | এই ফকৰা ফাঁকি ’গাত নাই ছাল বাকলি, মদ খাই তিন টেকেলি’ৰ লগত প্রায় একেই অৰ্থত ব্যৱহাৰ কৰা হয় | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-21
Idiom ফকৰা-যোঁজনা
জহলৈ নমৰোঁ, মহলৈ মৰোঁ, ফটা আঁঠুৱাখন টিঙালিকৈ তৰোঁ।
Penny wise but pound foolishগৰমত (?জ্বৰ) নমৰোঁ, মহৰ ভয়ত মৰোঁ, কিন্ত ফটা আঁঠুৱাখন বহুত ওখকৈ তৰোঁ, অৰ্থাৎ তলেদি মহ সোমায়েই থাকে। পাতি পইচাৰ হিচাব ৰখা কিন্তু টকাৰ বা ডাঙৰ খৰচৰ হিচাব নৰখা। Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
ঠেহ লাগি বেশ পোৱা ৷
Exhibiting annoyance and unhappiness to make someone flexible and emotionally worried and thus becoming successful to obtain desired thing.ঠেহ লাগিলে সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি অধিক মৰম প্ৰদৰ্শন কৰে আৰু ঠেহ ভাঙিবলৈ সন্তানে বিচৰা বস্তু যেনে বেশ (পোছাক) আদি আনি দিয়ে ৷ অৰ্থাৎ, সামান্য খং বা অভিমান দেখুৱাই বাঞ্চিত বস্তু, প্ৰতিশ্ৰুতি, পদবী আদি আদায় কৰি লোৱা কাৰ্য্য ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-03-03
Idiom ফকৰা-যোঁজনা
গৰাকী নোহোৱা গৰু ঢাকোন নথকা চৰু ।
An object or creature without a caretaker.চোৱা চিতা কৰিবলৈ কোনো নথকা অবস্থা । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-08-12
Idiom ফকৰা-যোঁজনা
গুমৰ ফাঁক হোৱা
Exposure of something being kept as a secret for long.গুপুত ৰহস্য ফাদিল হোৱা বা লুকাই থোৱা গোপন কথা সকলোৱে জনা-জনি হোৱা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
মোহ বাঢ়িলে, ৰোহ বাঢ়ে ৷
When people become possessive to someone or something, a small fault may create more and more misunderstanding and annoyance.কোনো মানুহে আন মানুহ বা বস্তু আদিৰ প্ৰতি যেতিয়া বেছিকৈ মোহ কৰে, তেনেস্থলত সৰু-সুৰা ভুল-ক্ৰটি হ'লেই খং-অভিমান, মনোমালিন্য,ভুলবুজাবুজি আদি বেছিকৈ আহে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা
বামুণৰো এদিন, বহুৱাৰো এদিন
One cannot predict one's future; the fate of a person may change over time.সকলোৰে দিন সদায় একেদৰে অতিবাহিত নহয়; আজি ভালে-কুশলে সুখেৰে থকা জনো ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে ৷ সেইদৰে, যি বৰ্তমানে অসুখী তেওঁৰ বাবেও ভৱিষ্যতে ভাল দিন আহিব পাৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-19
Idiom ফকৰা-যোঁজনা
বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা
One can survive or perform something with optimal use of minimum available resources with good skill.অলপ মাত্র সম্পদৰ সৎব্যৱহাৰ কৰি কোনো কাৰ্য্য সম্পাদন কৰিব পাৰি, কিন্তু তাৰ বাবে দক্ষতাৰ প্রয়োজন Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Idiom ফকৰা-যোঁজনা
কুকুৰ চিকুন গৃহস্থৰ যশ
A healthy pet, owner's pride.এটা ভাল সম্পতি বা পাৰিপাৰ্শিক অৱস্থাই গৃহস্থৰ গৌৰৱ সুচায়৷ Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-25
Idiom ফকৰা-যোঁজনা
ফাঁক পালে আটায়ে চোৰ হয় ৷
Opportunity makes the thief.সাধাৰণতে মানুহৰ মনত চৌৰ্য ভাব সুমাই থাকে আৰু সুবিধা পালেই চুৰি কৰাৰ প্ৰবনতা থাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
চ’ত বিহুলৈ ছমাহ থাকোতেই হাত মেলি নাচ ।
To express pleasure before the cause for it materialises.আনন্দৰ কাৰণ নৌহওঁতেই আনন্দ প্ৰকাশ কৰ । Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-07-28
Idiom ফকৰা-যোঁজনা
বাঘ নাই বনত, হৰিণাই দেও দি চৰি ফুৰি খায় ৷
An organization without a strong administrator is like a forest without tigers wherein the deer have fearless movement for grazing. The employees of such organizations have no fear for punishment of doing wrong doings and thus chaos prevails sooner or later.যি বনত বাঘ নাথাকে, তাত হৰিণািই অবাধে বিচৰণ কৰিব পাৰে আৰু য'তে ত'তে ঘাঁহ খাই ল'ৰি ফুৰিব পাৰে; কাৰণ তেনে বনত হৰিণাৰ প্ৰাণৰ ভয় নেথাকে ৷ একেদৰে যি প্ৰতিষ্ঠানত বলিষ্ঠ প্ৰশাসক নেথাকে, তাৰ সদস্যসকল উদণ্ড প্ৰকৃতিৰ হৈ পৰে আৰু অৰাজকতাৰ উৎপত্তি হয়, যিহেতু তাত আইন ভঙ্গকাৰী বা ভ্ৰষ্টাচাৰীয়ে শাস্তি পোৱাৰ ভয় নেথাকে ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে|
A lazy person can't succeed in life.এলেহুৱা মানুহে জীৱনত কেতিয়াও কৃতকাৰ্য্য হ'ৱ নোৱাৰে | Contributed by: Biraj Kumar Kakati on 2008-02-09
Idiom ফকৰা-যোঁজনা
কোনো মৰে ছালে-হাড়ে, কোনো মৰে মঙহ ভাৰে
Wealth and prosperity cannot ensure peace and happiness to anybody. One may die either due to starvation and mal-nutrition, or due to obesity.আৰ্থিক অনাটনৰ বাবে যেনেকৈ মানুহে নানান দুখ-কষ্ট ভোগ কৰিব লগা হয়, ঠিক তেনেকৈ প্ৰাচুৰ্য্যয়ো মানুহক সুখ-শান্তি আনি দিব নোৱাৰে ৷ কোনোৱে খাবলৈ নাপাই মৰাৰ বিপৰীতে আন কোনোবা আকৌ অত্যধিক ভোজন কৰাৰ ফলত মেদ-বহুলতাৰ বাবে মৃত্যু মুখত পৰে ৷ Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
Idiom ফকৰা-যোঁজনা
ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি ৷
This saying is used to ridicule someone when he/she becomes unusually active and shows excessive haste after spending a long period of time lazily.বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয় ৷ Contributed by: Dr. Armaan U. Muzaddadi on 2014-01-22
Idiom ফকৰা-যোঁজনা
কেৰেলাতকৈ গুটি দীঘল হোৱা
Sometimes the expected output of some work become much more complex or lengthier or expensive.কোনো কাম চমু বা সহজ কৰিবলৈ চেষ্টা চলাওতে বেছি দীঘল বা কঠিন হোৱা। Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03
Idiom ফকৰা-যোঁজনা
গৰুৰ আগত টোকাৰী বায় / বীণ বজায়, শিং জোকাৰি ঘাঁহ খায় |
A cow cannot appreciate music. Therefore, even if you play an instrument in front of a cow, it will not stop feeding to listen to the music. Therefore it suggests that there is a proper place/audience for certain acts and these acts should be performed in these places in order to be appreciated.গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায় | এই ফকৰা ফাকি \'অবুজনক বু্জোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা\' ফকৰা ফাকিৰ সমাৰ্থক | Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-29
Idiom ফকৰা-যোঁজনা
লাও যিমানেই ডাঙৰ নহওক, সদায় পাতৰ তল ৷
In spite of having talents or intellectual excellence, a dependent cannot express them properly. (Earlier it was used to indicate the social status of a woman.)প্ৰতিভা অথবা জ্ঞান-গৰিমাৰে পৰিপূৰ্ণ হ’লেও পৰাধীন লোকে সেইবোৰ প্ৰকাশ কৰাৰ সুবিধা নাপায় ৷ (আগেয়ে এই পটন্তৰটি নাৰীৰ সামাজিক অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল ৷) Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-26
Idiom ফকৰা-যোঁজনা
হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়
a big thief or criminal does not get caught or fall in trouble, only small thieves fall in troubleডাঙৰ অপৰাধী ধৰা নপৰে, সৰু-সুৰা অপৰাধীবোৰ হে ধৰা পৰে Contributed by: Abdul Wahab on 2008-06-05
Idiom ফকৰা-যোঁজনা
মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত
The true nature of a self-claimed great man is when he is left alone with the scope of enjoying lucrative things.এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনি এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে নোৱাৰে, তাতেই ধৰা পৰে| এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্ত্বেও লোভ সম্বৰণ কৰিব পাৰিলেহে বুজা যায় ৷ Contributed by: Bikram M Baruah on 2008-02-18
Idiom ফকৰা-যোঁজনা
উৰহি গছৰ ওৰ বিচৰা
To make the speaker annoyed by asking about the roots of a story unnecessarilyকোনো এটা কথাৰ আঁতিগুৰি বিচাৰি কওঁতাজনক বিৰক্ত কৰা Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-14
Idiom ফকৰা-যোঁজনা
অভাগীৰ কপাল, হাঁহ কণীতো কুহূম নোলাল ৷
A situation of extreme bad luck where even the most usual things may also tend to be not happening, e.g. yoke is missing on the egg served to you.হতভগীয়া জনক দুৰ্ভাগ্যই লগ নেৰে ৷ সদায় ঘটি থকা সাধাৰণ ঘটনাও তেওঁৰ বাবে নঘটা হয় ৷ উদাহৰণ স্বৰূপে, তেওঁক দিয়া কণীটোৰ পৰাও কুহূমটো নোহোৱা হয় ৷ Contributed by: Rupankar Mahanta on 2009-10-12
Idiom ফকৰা-যোঁজনা
উৰহৰ খং ভগা ঢাৰিত চৰোৱা
To show one's anger to somebody who is not responsible for the cause of the angerবেলেগৰ ওপৰত উঠা খং নিৰীহৰ ওপৰত প্ৰদৰ্শন কৰা কাৰ্য্য Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-03