Found 21 proverb(s) beginning with "ভ"
Idiom ফকৰা-যোঁজনা
Contributed by: shekhar borah on 2009-01-14
ভঁৰালত নাই কণটো, বৰসবাহলৈ মনটো
Aspiring something big with limited resources.
সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা
সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা
Contributed by: shekhar borah on 2009-01-14
Idiom ফকৰা-যোঁজনা
Contributed by: Hemanta Saikia on 2009-02-28
ভগা সবাহত উৰুলি
The act of participating in a work that is about to finish.
কোনো কামৰ সামৰণিৰ সময়ত যোগ দিয়া কাৰ্য৷
কোনো কামৰ সামৰণিৰ সময়ত যোগ দিয়া কাৰ্য৷
Contributed by: Hemanta Saikia on 2009-02-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-20
ভঙা ভৰি গাঁতত পৰে ৷
Broken leg falls in the potholes.
When sorrow comes, comes more and more.
সমান মসৃন ৰাস্তাত খোজ কাঢ়ি যাওতে,হঠাৎ ভাল ভৰি গাঁতত পৰিলেই কষ্ট পোৱা যায় আৰু যদি ভঙা ভৰি গাঁতত পৰে কষ্ট অসহনীয় হৈ উঠে l সচৰাচৰ ভঙা ভৰিখনহে গাঁতত বেছিকৈ পৰে ৷ অৰ্থাৎ মানুহৰ জীৱনত যেতিয়া এবাৰ দুখ-কষ্ট বা বিপদ আহে, একে সময়তে আৰু অধিক বিপদ আহে ৷
সমান মসৃন ৰাস্তাত খোজ কাঢ়ি যাওতে,হঠাৎ ভাল ভৰি গাঁতত পৰিলেই কষ্ট পোৱা যায় আৰু যদি ভঙা ভৰি গাঁতত পৰে কষ্ট অসহনীয় হৈ উঠে l সচৰাচৰ ভঙা ভৰিখনহে গাঁতত বেছিকৈ পৰে ৷ অৰ্থাৎ মানুহৰ জীৱনত যেতিয়া এবাৰ দুখ-কষ্ট বা বিপদ আহে, একে সময়তে আৰু অধিক বিপদ আহে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-09-20
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি
Bad luck does not allow one to enjoy the good time
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে।
দুৰ্ভাগ্যই মানুহক কেতিয়াও শান্তিৰে সুখৰ সময় উপভোগ কৰিবলৈ নিদিয়ে।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-15
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি
It is easy to digest eatables with bitter taste, but it is very difficult to tolerate ill behave or misbehave.
কোনো খাদ্য বস্তু তিতা হলে খাব পাৰি বা হজম কৰিব পাৰি, কিন্তু কটু মাত কথা সহ্য কৰিব নোৱাৰি।
কোনো খাদ্য বস্তু তিতা হলে খাব পাৰি বা হজম কৰিব পাৰি, কিন্তু কটু মাত কথা সহ্য কৰিব নোৱাৰি।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-24
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-19
ভাতৰ ভতুৱা মেখেলা ভাৰি ভাত বাঢ়ি থৈছো খোৱাহি আহি
It`s about a person who is very lazy and does not work, and also lives on other`s mercy.
কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷
কাম বন নকৰি, বহি শুই আনৰ উপাৰ্জনৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকক বুজুৱা হৈছে ৷
Contributed by: Barnali Deuri Bora on 2010-11-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
ভালত ভাল বেয়াত যম কাল
One can expect good manners in lieu of the good manners extended by oneself and vice versa.
ভাল ব্যৱহাৰৰ বিনিময়ত সদায় ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰৰ বিনিময়ত বেয়া ব্যৱহাৰ পোৱা যায়।
ভাল ব্যৱহাৰৰ বিনিময়ত সদায় ভাল ব্যৱহাৰ আৰু বেয়া ব্যৱহাৰৰ বিনিময়ত বেয়া ব্যৱহাৰ পোৱা যায়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-19
ভালেহে পায় ভালক, জাৱৰে পায় খালক
Good man gets good company. Similarly, bad one's gets bad company.
ভাল মানুহ বা ভাল বস্তুৱে ভাল সঙ্গ বা পৰিবেশ পায় ৷ বেয়া মানুহ বা বেয়া বস্তুৱে বেয়া সঙ্গ বা পৰিবেশ পায় ৷
ভাল মানুহ বা ভাল বস্তুৱে ভাল সঙ্গ বা পৰিবেশ পায় ৷ বেয়া মানুহ বা বেয়া বস্তুৱে বেয়া সঙ্গ বা পৰিবেশ পায় ৷
Contributed by: Rupankar Mahanta on 2008-03-19
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-14
ভিক্ষাৰীৰ খং, জোলোঙা উদং ৷
A beggar has no choice.
ভিক্ষাৰীয়ে যদি মানুহৰ লগত খং কৰি ভিক্ষা নকৰি ঘৰত বহি থাকে, তেনেহলে ভিক্ষাৰীৰ নিজৰে জোলোঙা নভৰে আৰু ইয়াৰ দ্বাৰা আন কাৰো একো ক্ষতি নহয় ৷ অৰ্থাৎ যি মানুহ আনৰ সহায়, দয়া বা দানৰ উপৰত নিৰ্ভৰশীল তেনে মানুহৰ খং অভিমান, ঠেহ আদিৰ কোনো মূল্য নেথাকে আৰু এনে কৰিলে নিজৰে ক্ষতি হয় ৷
ভিক্ষাৰীয়ে যদি মানুহৰ লগত খং কৰি ভিক্ষা নকৰি ঘৰত বহি থাকে, তেনেহলে ভিক্ষাৰীৰ নিজৰে জোলোঙা নভৰে আৰু ইয়াৰ দ্বাৰা আন কাৰো একো ক্ষতি নহয় ৷ অৰ্থাৎ যি মানুহ আনৰ সহায়, দয়া বা দানৰ উপৰত নিৰ্ভৰশীল তেনে মানুহৰ খং অভিমান, ঠেহ আদিৰ কোনো মূল্য নেথাকে আৰু এনে কৰিলে নিজৰে ক্ষতি হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-09-14
Idiom ফকৰা-যোঁজনা
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
ভুকুতে কল নপকে
It is fruitless to expect results before time.
সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়|
সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়|
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-09
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
ভুতৰ ওপৰত দানহ
To get hurt by someone else, when a person is already suffering from the injury he received from another.
এজনৰ পৰা পোৱা দুখ-কষ্ট ভোগ কৰি থকা অৱস্থাত অন্য এজনৰ অত্যাচাৰ, অথবা আপদতে বিপদ |
এজনৰ পৰা পোৱা দুখ-কষ্ট ভোগ কৰি থকা অৱস্থাত অন্য এজনৰ অত্যাচাৰ, অথবা আপদতে বিপদ |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
ভুতৰ মুখত ৰাম নাম৷
Unusual or unmatched behaviour of someone with his personality or character .
কাৰোবাৰ চৰিত্র বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড |
কাৰোবাৰ চৰিত্র বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-04-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
ভুৰুকাত হাতী ভৰোৱা
To describe a lengthy matter in a very concise form, as if an elephant has been forced into a small pipkin.
বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷
বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-13
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-17
ভেঁটিত তিতা লাউ গজা
to face misfortune [Usually used when throwing a curse on someone.]
অমঙ্গল হোৱা বা অশুভ দিন উপস্থিত হোৱা [সাধাৰণতে গালি-শপনি বা শাওপাত দিওঁতে ব্যৱহাৰ হয়; যেনে: তাৰ ভেঁটিত তিতা লাউ গজক৷]
অমঙ্গল হোৱা বা অশুভ দিন উপস্থিত হোৱা [সাধাৰণতে গালি-শপনি বা শাওপাত দিওঁতে ব্যৱহাৰ হয়; যেনে: তাৰ ভেঁটিত তিতা লাউ গজক৷]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-17
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
ভেকুলি ওলোৱাৰ ভয়ত পুখুৰী নাখান্দিব নেকি
If we want to do something big and meaningful some minor bad consequence may occurs, we should not afraid of it.
ভাল ডাঙৰ কিবা এটা কাম কৰিবলৈ গলে, দুই এটা সৰু-সুৰা বিঘিনি হবই, তাৰ ভয়ত কামটো বাট দিব নালাগে৷
ভাল ডাঙৰ কিবা এটা কাম কৰিবলৈ গলে, দুই এটা সৰু-সুৰা বিঘিনি হবই, তাৰ ভয়ত কামটো বাট দিব নালাগে৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
ভেবা চেকা খা
Not able to act due to facing a sudden and unexpected incident
হঠাৎ ঘটা ঘটনাৰ সন্মুখীন হৈ কিংকৰ্তব্যবিমূঢ় হ ৷
হঠাৎ ঘটা ঘটনাৰ সন্মুখীন হৈ কিংকৰ্তব্যবিমূঢ় হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-07-14
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
ভেবা লাগি চা ৷
To watch something or some act with confusion and astonishment.
একো বুজিব নোৱাৰি আচৰিত হৈ চা ৷
একো বুজিব নোৱাৰি আচৰিত হৈ চা ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-10-27
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
ভোকেই ভাতৰ আঞ্জা
Everything tastes good when we are hungry. Similarly, the importance of anything is realised when there is need.
ভোক লাগি থকা অৱস্থাত যিকোনো বস্তু খালেও সোৱাদ লাগে | ঠিক তেনেকৈ অভাৱতহে মানুহে বস্তুৰ প্ৰকৃত মূল্য বুজি পায় |
ভোক লাগি থকা অৱস্থাত যিকোনো বস্তু খালেও সোৱাদ লাগে | ঠিক তেনেকৈ অভাৱতহে মানুহে বস্তুৰ প্ৰকৃত মূল্য বুজি পায় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: durlav gogoi on 2012-04-01
ভোটানত ভোট মৰিল দৰঙীৰ কি শোগ চৰিল?
no reason to worry to the unrelated matter.
কোনো সম্পৰ্ক নথকা কথাত কিহৰ মূৰ ঘমাব লাগে, লাগিলে সি যিমানে ডাঙৰ নহওক৷
কোনো সম্পৰ্ক নথকা কথাত কিহৰ মূৰ ঘমাব লাগে, লাগিলে সি যিমানে ডাঙৰ নহওক৷
Contributed by: durlav gogoi on 2012-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়
Even God is affraid of danger and punishment. It means that there is none in this universe who does not have fear of danger and punishment.
বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷
বিপদ আৰু শাস্তিলৈ ভগৱানেও ভয় কৰে ৷ অৰ্থাৎ বিপদ আৰু শাস্তিলৈ ভয় নকৰা মানুহ এই পৃথিৱীত নাই ৷
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-01
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-11-03
ভৰা পেটত ভোকৰ উমান নেপায় ৷
The one whose stomach never becomes empty, hardly realizes the pain of starvation, consequently he becomes careless in earning and savings and also becomes extravagant.
যি মানুহে ভোক লগাৰ আগতেই খাবলৈ পায়, তেনে মানুহে ভোকে-লঘোনে থকাৰ কষ্ট অনুভৱ কৰিব নোৱাৰে আৰু তেনে কষ্টৰ পৰা হাত সাৰিবলৈ উপাৰ্জন তথা সঞ্চয় কৰিবলৈ চেষ্টা নকৰে অথবা উপাৰ্জিত ধন মিতব্যয়িতাৰে খৰচ নকৰে ৷