Found 26 proverb(s) beginning with "য"
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
য`তে বাঘৰ ভয় ত`তে ৰাতিও হয় |
To face something for what somebody scares a lot.
যি বস্তু, কথা বা পৰিস্থিতিলৈ ভয় কৰা হয়, বিধিৰ বিপাকত তাৰেই সন্মুখীন হ`বলগীয়া হয়|
যি বস্তু, কথা বা পৰিস্থিতিলৈ ভয় কৰা হয়, বিধিৰ বিপাকত তাৰেই সন্মুখীন হ`বলগীয়া হয়|
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
য`তে ৰাতি, ত`তে কাতি।
Ability to adjust/adapt to any condition or situation.
য`তে ত`তে যিকোনো পৰিৱেশতে মিলি চলি যাব পৰা গুণ |
য`তে ত`তে যিকোনো পৰিৱেশতে মিলি চলি যাব পৰা গুণ |
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-22
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
যত্ন কৰিলে ৰত্ন পায়
The fruit of hard work is always sweet
পৰিশ্ৰমৰ ফলাফল সদায় মিঠা
পৰিশ্ৰমৰ ফলাফল সদায় মিঠা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-28
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
যথা দয়া তথা ধৰ্ম, যথা লোভ তথা পাপ; যথা ক্ৰোধ তথা নাশ, যথা ক্ষমা তথা আপ ৷
Where there is no kindness, there is no religion; if there is lust, there will prevail sin; where there is anger, it will follow
দয়া নাথাকিলে ধৰ্ম নহয়, লোভ-লিপ্সা বাঢ়িলে পাপ কৰ্ম বাঢ়ে, খঙৰ দ্বাৰা বিনাশ হয় আৰু ক্ষমাৰ জৰিয়তে কোনো ব্যক্তিয়ে আপ বা আপোনাক/নিজক মানুহৰ মনত প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিজৰ অস্তিত্ব যুগমীয়া কৰিব পাৰে ৷
দয়া নাথাকিলে ধৰ্ম নহয়, লোভ-লিপ্সা বাঢ়িলে পাপ কৰ্ম বাঢ়ে, খঙৰ দ্বাৰা বিনাশ হয় আৰু ক্ষমাৰ জৰিয়তে কোনো ব্যক্তিয়ে আপ বা আপোনাক/নিজক মানুহৰ মনত প্ৰতিষ্ঠা কৰিব পাৰে আৰু নিজৰ অস্তিত্ব যুগমীয়া কৰিব পাৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-12-16
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2014-12-19
যথা ধৰ্ম্ম তথা জয়৷
A good work always results in a good outcome.
সৎ পথেৰে সঠিকভাৱে আগুৱালে সদায় জয় হয়৷
সৎ পথেৰে সঠিকভাৱে আগুৱালে সদায় জয় হয়৷
Contributed by: Sitaram Upadhyaya on 2014-12-19
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-11
যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া
passing off the responsibility to another, after marring off one`s daughter the responsibility of parents decreases.
ছোৱালীৰ বিয়াৰ পাছত মাক দেউতাকৰ দায়িত্ব কমা, অৰ্থাত্ আনলৈ দায়িত্ব হস্তান্তৰ কৰা ৷
ছোৱালীৰ বিয়াৰ পাছত মাক দেউতাকৰ দায়িত্ব কমা, অৰ্থাত্ আনলৈ দায়িত্ব হস্তান্তৰ কৰা ৷
Contributed by: Barnali Deuri Bora on 2010-10-11
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
যমৰ দুৱাৰ দলিত ভৰি দি অহা
To somehow get back from the face of sure death due to disease or engaging in some dreaded task.
অতি বিপদজনক কাম কৰি অথবা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখৰ পৰা কথমপি বাচি অহা |
অতি বিপদজনক কাম কৰি অথবা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখৰ পৰা কথমপি বাচি অহা |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যাক অপচন্দ কৰোঁ, তাৰ চলন বেঁকা ৷
Faults are thick where love is thin.
মানুহে কাৰোবাক বেয়া পালে, সেই ব্যক্তিৰ গাত সদায় দোষ বিচাৰি ফুৰে ৷
মানুহে কাৰোবাক বেয়া পালে, সেই ব্যক্তিৰ গাত সদায় দোষ বিচাৰি ফুৰে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
যাচি দিয়া সোণৰো মূল্য নাই ৷
Something offered without asking has no value, even if it is gold.
কোনোবাই নোখোজাকৈ উপহাৰ দিয়া কোনো বস্তুৰে মূল্য নাই; তাক পাওঁতাজনে অনাদৰ কৰে ৷
কোনোবাই নোখোজাকৈ উপহাৰ দিয়া কোনো বস্তুৰে মূল্য নাই; তাক পাওঁতাজনে অনাদৰ কৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-02-06
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
যাতে পাৱ শাক-সিন্দুৰ, তাকে পাত ভোকোৰা এন্দুৰ |
Ungrateful people often criticises those from whom they get all sorts of help.
খাই পাত ফলা বা অকৃতজ্ঞ মানুহে যাৰ পৰা সকলো ধৰণৰ সহায় পায়, তাৰে বদনাম ৰটি ফূৰে |
খাই পাত ফলা বা অকৃতজ্ঞ মানুহে যাৰ পৰা সকলো ধৰণৰ সহায় পায়, তাৰে বদনাম ৰটি ফূৰে |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
যাৰ খাবৰ-জীৱৰ মন, বহোঁতেও আঁজোৰে বন ৷
Those who wish to succeed in life should never waste a moment.
উন্নতি আশা কৰা মানুহে কেতিয়াও সময় নষ্ট নকৰে; বৰঞ্চ সকলো সময়তে নিজকে কামত ব্যস্ত ৰাখে ৷
উন্নতি আশা কৰা মানুহে কেতিয়াও সময় নষ্ট নকৰে; বৰঞ্চ সকলো সময়তে নিজকে কামত ব্যস্ত ৰাখে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
যাৰ নেগুৰত জুই লাগে, সি নিজেই নুমাব লাগে ৷
At the time of distress, if anybody waits for others to help and rescue him, there is possibility of greater damage. So, he has to think and work on his own to find a solution for it.
বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷
বিপদত পৰিলে আনৰ পৰা সহায় পোৱাৰ আশাত ৰৈ থাকিলে অধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে বিতত নহৈ নিজেই তাৰ প্ৰতিকাৰৰ উপায় চিন্তি সেইমতে কৰ্ম কৰিব লাগে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-08
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
যাৰ বান্দৰ সিহে নচুৱাব পাৰে |
It is easy for the owner of an instrument or equipment to use it as he is habituated for it. But the same is difficult for another person.
এটা সঁজুলি বা যন্ত্ৰ চলোৱাটো তাৰ গৰাকীজনৰ কাৰণে অতি সহজ, কিয়নো তেওঁ সঘনাই তাক ব্যৱহাৰ কৰি থাকে | কিন্তু আন এজনৰ বাবে এই কাম সিমান সহজ নহয় |
এটা সঁজুলি বা যন্ত্ৰ চলোৱাটো তাৰ গৰাকীজনৰ কাৰণে অতি সহজ, কিয়নো তেওঁ সঘনাই তাক ব্যৱহাৰ কৰি থাকে | কিন্তু আন এজনৰ বাবে এই কাম সিমান সহজ নহয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-04
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যাৰ বাবে চুৰি কৰোঁ, সিয়েই বোলে চোৰ ৷
To be abused by them for whom we do good.
যাৰ ভালৰ বাবে কাম কৰা হয়, সেই আপোনজনেই যদি দোষাৰোপ কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷
যাৰ ভালৰ বাবে কাম কৰা হয়, সেই আপোনজনেই যদি দোষাৰোপ কৰে, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যাৰ বিয়া সিয়ে পাহৰে, ওচৰ-চুবুৰীয়াৰ টোপনি নাহে ৷
Though he is careless to make his mark, others are moving mountains for him.
যেতিয়া কোনো কাৰ্যৰ প্ৰধানজনে কামৰ প্ৰতি নিৰ্লিপ্ততা দেখুৱায়, আৰু আন কোনোবাই বৰকৈ কৰ্মব্যস্ততা দেখুৱায়, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷
যেতিয়া কোনো কাৰ্যৰ প্ৰধানজনে কামৰ প্ৰতি নিৰ্লিপ্ততা দেখুৱায়, আৰু আন কোনোবাই বৰকৈ কৰ্মব্যস্ততা দেখুৱায়, তেনে ক্ষেত্ৰত প্ৰয়োগ হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যাৰ লোণ খোৱা তাৰ গুণ গোৱা ৷
Never fall out with your bread and butter.
মানুহে যাৰ দ্বাৰা জীৱিকা অৰ্জন কৰে তাৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰা উচিত নহয় ৷
মানুহে যাৰ দ্বাৰা জীৱিকা অৰ্জন কৰে তাৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰা উচিত নহয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
English sayings: Morning shows the day.
কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়।
কোনো কামৰ আৰম্ভণীয়ে তাৰ ভবিষ্যত সূচায়। সৰু ল`ৰা-ছোৱালীৰ শৈশৱৰ পাৰদৰ্শিতাই উজ্জ্বল ভবিষ্যতৰ কথা কয়।
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-03-02
Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যি হ’ব লগা আছিল হ’ল ৷
The worst has come to the worst.
কোনো বেয়া ঘটনা যি পাৰ হৈ গ'ল তাক ভৱিষ্যতৰ ভাল কৰ্ম-কাণ্ডৰ মাজলৈ ধৰি অনা উচিত নহয় ৷
কোনো বেয়া ঘটনা যি পাৰ হৈ গ'ল তাক ভৱিষ্যতৰ ভাল কৰ্ম-কাণ্ডৰ মাজলৈ ধৰি অনা উচিত নহয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যিমান গাজে, তিমান নবৰষে ৷
1) Much cry and little wool. 2) Barking dog seldom bite.
মেঘে যিমান জোৰে গাজে, সেই অনুপাতে বৰষুণ নহয় ৷ অৰ্থাৎ, বেছিকৈ কথা কোৱা মানুহৰ কৰ্ম কম হয় ৷
মেঘে যিমান জোৰে গাজে, সেই অনুপাতে বৰষুণ নহয় ৷ অৰ্থাৎ, বেছিকৈ কথা কোৱা মানুহৰ কৰ্ম কম হয় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-10
যুঁজিবলৈ আহিলে মাল, দুইহাতে ছিঙিলে বাল ৷
A person who is over conceited about his capabilities.
মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷
মল্লযোদ্ধা আহিল যুঁজিবলৈ, কিন্ত দুয়ো হাতেৰে নিজৰ চুলিহে ছিঙিব পাৰিলে ৷ অৰ্থাৎ মইবৰ ভাৱ থকা বা অহঙ্কাৰী লোক, যি নিজকে মিছাতে বহুত গুণৰ অধিকাৰী বুলি ভাবে ৷
Contributed by: Barnali Deuri Bora on 2010-11-10
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
যেতিয়ালৈকে শ্বাস, তেতেইয়ালৈকে আশ ৷
1) While there is life, there is hope. 2)A drowning man catches a straw.
মানুহে মৰাৰ আগমুহূৰ্তলৈকে আশা এৰি নিদিয়ে ৷
মানুহে মৰাৰ আগমুহূৰ্তলৈকে আশা এৰি নিদিয়ে ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-23
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
যেনে কুকুৰ তেনে টাঙোন অথবা, যেন্ কুকুৰ তেন্ টাঙোন
Tit for tat
যি যেনে ব্যৱহাৰৰ যোগ্য তাক তেনে ব্যৱহাৰ দিয়া।
যি যেনে ব্যৱহাৰৰ যোগ্য তাক তেনে ব্যৱহাৰ দিয়া।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-09-26
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-14
যেনে কৰ্ম, তেনে ফল
As he sows, so he reaps
যি যেনে কাম কৰে, ভবিষ্যতত তাৰ ফল ভোগ কৰিবলগা হয়
যি যেনে কাম কৰে, ভবিষ্যতত তাৰ ফল ভোগ কৰিবলগা হয়
Contributed by: Barnali Deuri Bora on 2010-10-14
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
যেনে দেৱতা, তেনে ভোগ ৷
Good manners from a good persons is always reciprocated by the good manners from others and vice versa.
ভাল মানুহে সদায় ভাল ব্যৱহাৰ পায় আৰু বেয়া মানুহে বেয়া ব্যৱহাৰ পায় ৷
ভাল মানুহে সদায় ভাল ব্যৱহাৰ পায় আৰু বেয়া মানুহে বেয়া ব্যৱহাৰ পায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2014-02-07
Idiom ফকৰা-যোঁজনা
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
যোগ্য ভোগ্য বসুন্ধৰা
This world is for the fittest one. To avail anything one has to be fit for that.
যোগ্যজনেহে কোনো সামগ্ৰী অথবা সুবিধা উপভোগ কৰিব পাৰে
যোগ্যজনেহে কোনো সামগ্ৰী অথবা সুবিধা উপভোগ কৰিব পাৰে
Contributed by: Mouchumi Bhuyan (মৌচুমী ভূঞাঁ) on 2009-11-27
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-27
যোৰাও যোৰা পাভ যোৰা তয়ো হাড়ীত খাতি ময়ো গৰু চোৰ
An evil person rejoices and is inspired in the company of another evil person.
বন কৰা মানুহ বহু সময়ত হাত-লৰ স্বভাৱৰ হয় আৰু পাৰিলে হাড়ী বা কেৰাহীৰ পৰাই খাব খোজে ৷ দুষ্ট বা অসৎ প্ৰকৃতিৰ লোকে একে প্ৰকৃতিৰ লোক পালে আনন্দিত আৰু দুগুনে উৎসাহিত হয় ৷