All>Art and Culture>Performing Art>Cinema

Items in Cinema


1. PersonalitiesLiteratureCinema(Proper Noun-Masculine) Bhabendra Nath Saikia was a top ranking novelist, short story writer, play writer and film director from Assam. He was born on February 20, 1932 at Nagaon town. He worked as reader in Physics in Gauhati University. Many stories have been translated into indian languages. He was the founder of two most popular magazines: Prantik, a vernacular fortnightly, & Safura, a childrens monthly. He won many literary awards, including Sahitya Academy (1976), Assam valley Literary award ( 1990) and was also recognised with the Padma Shri. He had also written a large number of plays for All India Radio (AIR). He has been associated actively with the stage as a playwrit and director. He has written many plays for 'Mobile Theatre' of Assam, and a number of One Act Plays. He had directed eight feature films. These films have been screened at International Film Festivals held at various places of india and world. Seven out of his eight films have been selected for Indian Panorama Section of the International Film Festival of India. He received the Rajat Kamal Award of the Government of India for his sevent films. Dr. Saikia died on August 13, 2003 in Guwahati. ভবেন্দ্ৰ নাথ শইকীয়া অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক সকলৰ ভিতৰত অন্যতম৷ তেখেতৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে ৷ তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে৷ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী ’প্ৰান্তিক’ আৰু শিশু আলোচনী ’সঁফুৰা’-ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেতে ১৯৭৬ চনত ’সাহিত্য একাডেমি’ আৰু ১৯৯০ চনত ’অসম উপত্যকা বঁটা’ লাভ কৰাৰ উপৰিও ’পদ্মশ্ৰী’ সন্মান লাভ কৰে৷ অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে৷ কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে৷ বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে৷ তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ’ৰজত কমল বঁটা’ প্ৰদান কৰে৷ ২০০৩ চনৰ ১৩ আগষ্টত গুৱাহাটীত ড. শইকীয়াৰ মৃত্যু হয়৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনাসমূহৰ ভিতৰত অন্যতম হ’ল- আত্মজীৱনী- জীৱন বৃত্ত, জীৱন ৰেখা৷ প্ৰৱন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)৷ শিশু গ্ৰন্থ- মৰমৰ দেউতা, তোমালোক ভালে থাকা, শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট, মহাদুষ্টৰ দুষ্টবুদ্ধি, মৰম৷ চুটিগল্প- প্ৰহৰী, সেন্দুৰ, গহ্বৰ, শৃঙ্খল, উপকণ্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সন্ধ্যা ভ্ৰমণ, গল্প আৰু শিল্প, আকাশ৷ উপন্যাস- অন্তৰীপ,ৰম্যভূমি ইত্যাদি ৷
English: Dr. Bhabendra Nath Saikia,
Assamese: ডঃ ভবেন্দ্ৰ নাথ শইকীয়া,
Dimasa: daktor bobendro nat soikiya

2. PersonalitiesMusicCinema(Proper Noun) Jyoti Prasad Agarwala was a playwright, songwriter, poet, writer and film maker from Assam. He is an Assamese cultural icon, deeply revered for his creative vision and output and is popularly called the Rupkonwar of Assamese culture. In fact, he is regarded as the founder of Assamese cinema for Joymati (1935). Jyoti Prasad Agarwala was born on January 17, 1903 in an Agrawal family, to Paramananda Agarwala and Kiranmoyee Agarwala in Tamulbari Tea Estate. His birthday (January 17) is celebrated as Silpi divas (Artists' Day) in his honor. Jyoti Prasad Agarwala had written around 300 songs, many of which he had set to music himself. Collectively, these songs are called Jyoti xongit. He also written five Plays. His published plays are- Sonit Kunwori, Karengar Ligiri, Lobhita, Rupalim, Nimati Konya. "Luitor Paaror Agnixur" is his only Poetry Collection. He died of cancer on January 17, 1951 at Tamulbari Tea Estate. জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ গীতিকাৰ, নাট্যকাৰ, কবি আৰু চলচ্চিত্ৰৰ প্ৰণেতা৷ অসমীয়া সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত অৱদানৰ বাবে তেওঁক “ৰূপকোঁৱৰ” হিচাপে আখ্যা দিয়া হয়৷ তেওঁ ১৯৩৫ চনত নিৰ্মান হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী”ৰ জন্মদাতা৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জানুৱাৰীত তামুলবাৰি চাহ বাগানত৷ তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ি আগৰৱালা৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্ম দিনটো “শিল্পী দিৱস” হিচাপে পালন কৰা হয়৷ তেওঁ ৩০০ মান অসমীয়া গীত (জ্যোতি সংগীত) ৰচনা কৰা উপৰিও পাঁচখন প্ৰকাশিত নাটক- শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতি কইনা ৰচনা কৰে৷ তেওঁৰ একমাত্ৰ কবিতাৰ সংগ্ৰহ হ’ল-“লুইতৰ পাৰৰ অগ্নিসুৰ”৷ ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷
English: Jyoti Prasad Agarwala,
Assamese: জ্যোতিপ্ৰসাদ আগৰৱালা,
Bodo: ज्योति प्रसाद अगरवाल

3. Technology-EngineeringCinema(Abstract Noun) A series of photos displayed in rapid succession to give the visual effect of moving objects.
English: motion picture, movie, video,
Assamese: চলচিত্ৰ, ভিডিঅ’,
Bodo: खारथुन, खारथुनारि सावमु, नायथुन, नुथाइथुन, नुथुन,
Garo: jawilwat

4. Cinema(Common Noun-Neuter) an early form of motion-picture projector. ছায়া-চিত্ৰ বা বোলছবি প্ৰদৰ্শন কৰা এক পুৰণি পদ্ধতি।
English: bioscope,
Assamese: ছায়া-ভাওনা, ছায়াবাজী

5. Cinema(Proper Noun-Masculine) (16 April 1889 – 25 December 1977) An English comic actor, filmmaker, and composer who rose to fame in the silent era. Chaplin became a worldwide icon through his screen persona "the Tramp" and is considered one of the most important figures in the history of the film industry. (১৬ এপ্ৰিল ১৮৮৯-২৫ ডিচেম্বৰ ১৯৭৭ ) ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্য অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজী সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে৷ মাইম, শ্লেপষ্টিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশল ৰ বাবে জনাজাত হৈ পৰে৷
English: Charlie Chaplin, Sir Charles Spencer Chaplin,
Assamese: চাৰ্লি চেপলিন, ছাৰ চাৰ্লছ স্পেনচাৰ চেপলিন

6. Cinema(Abstract Noun) any film not long enough to be considered a feature film পূৰ্ণাঙ্গ কথাছৱিৰূপে বিবেচিত হ`ব পৰাকৈ দীঘল নোহোৱা কথাছৱি
English: short film,
Assamese: চুটিছৱি

7. Cinema(Abstract Noun) the text of dialogue, speeches, operas, etc., translated into another language and projected on the lower part of the screen.
English: sub-title,
Assamese: উপশিৰোনাম, উপশিৰোনামা

8. Cinema(Proper Adj.-Neuter) very popular (movie / theatre) etc অতি জনপ্ৰিয়
English: superhit