sonkhosonless

Sonkordeb (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-16
1. PersonalitiesLiteratureEkasarana Dharma(Proper Noun-Masculine) Mahapurusha Srimanta Sankardeva (1449-1568) saint-scholar, playwright,social-religious reformer, is a colossal figure in the cultural and religious history of Assam, India. Sankaradeva was born into the Shiromani (chief) Baro-Bhuyans family, near Bordowa in Nagaon in a village called Ali-pukhuri. He began attending the tol or chatrasaal(school) of the renowned scholar Mahendra Kandali at the age of twelve and soon wrote his first verses: karatalakamala kamaladalanayana | His literary works, we can divide in Six part as (1) Transliteration- Bhagavat (Book VI, VIII, I, II, VII, X, XI, XII; IX not available), Ramayana (uttarakanda). (2) Poetic works (kavya)- Harischandra-upakhyana, Rukmini-harana, Ajamilopakhyana, Bali-chalana Kurukshetra-yatra, Amrta-manthana. (3) Drama (Naat)- Patni-prasada, Kalia-damana, Keli-gopala, Rukmini-harana, Parijata-harana, Ram-vijay.(4) Songs - Borgeet, Bhatima (5) NamPrasang- Kirtana-ghosha, Gunamala.(6) Bhakti Theory- Bhakati-pradipa, Bhakti Ratnakara. Sattriya dance, that Sankaradeva first conceived and developed and which was later preserved for centuries by the sattras, is now among the classical dance forms of India.Thus, in 1568, after leading a most eventful life dedicated to enlighten humanity; the Mahapurusha passed away - within six months of his stay at Bheladonga -at the remarkable age of 120 years. মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ (১৪৪৯-১৫৬৮) অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক ৷ অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা, সাহিত্য-সংস্কৃতি সকলো ক্ষেত্ৰতে শঙ্কৰদেৱৰ অৱদান বিৰল ৷ ১৪৪৯ চনত নগাঁৱৰ আলিপুখুৰি নামে ঠাইত বাৰ-ভূঞাঁৰ বংশত তেখেতৰ জন্ম হয় ৷ বাৰ বছৰ বয়সত তেখেতে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰতে কোনো মাত্ৰা নোহোৱাকৈ এক অনুপম কবিতা (কৰতল কমল কমল দল নয়ন) ৰচনা কৰি নিজৰ প্ৰতিভাৰ পৰিচয দিছিল ৷ ৰচনাৰীতি অনুসৰি শঙ্কৰদেৱৰ ৰচনাক ছটা ভাগত ভগাব পাৰি (১) অনুবাদমূলক- ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধ'ৰ অনুবাদ, উত্তৰাকাণ্ড ৰামায়ণ (২) কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিনীহৰণ, বলিছলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ, অজামিল উপাখ্যান (৩) অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়াদমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, ৰামবিজয় (৪) গীত- বৰগীত, ভটিমা (৫) নাম প্ৰসঙ্গ- কীৰ্তন, গুণমালা (৬) ভক্তিতত্ত্ব- ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ ৷ শঙ্কৰদেৱে পোনপ্ৰথমবাৰৰ কাৰণে 'চিহ্নযাত্ৰা' নাট লিখি পটত চিত্ৰ আঁকি সাত বৈকুণ্ঠৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল ৷ কীৰ্তন তেখেতৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ ৷ অসমীয়া সংস্কৃতিলৈ নামঘৰ, সত্ৰ, খোল, আৰু মুখাশিল্প আৰু সত্ৰীয়ানৃত্ৰৰ ক্ষেত্ৰত শঙ্কৰদেৱৰ অৱদান উল্লেখযোগ্য ৷ ১৫৬৮ চনত প্ৰায় ছকুৰি বছৰ বয়সত শঙ্কৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ হয় ৷