Found 34 proverb(s) beginning with "প"
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-29
পঁইতা পালমৰা, কৰ্কৰা লৰমৰা, তপত দিনটোলৈ গাতো শকত
Eating a good fresh breakfast in the morning is essential for healthy body.
আগদিনাখনৰ পানী দি থৈ দিয়া ভাত (পঁইতা), বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি কোৱা হৈছে ৷
আগদিনাখনৰ পানী দি থৈ দিয়া ভাত (পঁইতা), বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি কোৱা হৈছে ৷
Contributed by: Barnali Deuri Bora on 2010-10-29
Phrase খণ্ডবাক্য
Contributed by: Susanta Borgohain on 2011-08-29
পচলাত দাঁত ভগা
To suffer in doing a trifling act.
একেবাৰে সহজ কাম কৰিবলৈ গৈ অশেষ কষ্ট পোৱা৷
একেবাৰে সহজ কাম কৰিবলৈ গৈ অশেষ কষ্ট পোৱা৷
Contributed by: Susanta Borgohain on 2011-08-29
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
পলাই পত্ৰং দে ৷
To abscond, flee or escape.
শাস্তি আদিৰ পৰা বাচিবলৈ, বিচাৰি পাব নোৱাৰাকৈ পলাই অন্তৰ্ধান হ ৷
শাস্তি আদিৰ পৰা বাচিবলৈ, বিচাৰি পাব নোৱাৰাকৈ পলাই অন্তৰ্ধান হ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-28
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ ৷
One who evaluates or supervises the work done by another has to devote equal time and energy as that of the performer.
অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷
অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে ৷ ঠিক সেইদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-26
Idiom ফকৰা-যোঁজনা
Contributed by: Hemanta Saikia on 2009-03-01
পাঁচো আঙুলিৰে খায়, বুঢ়াই হেঁচুকিলেহে যায়৷
To accomplish a task, we need experience and capability. Without these, all efforts are useless.
কোনো এটা কাম সম্পন্ন কৰিবলৈ অভিজ্ঞতা, শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন৷ ইয়াৰ অবিহনে যিমানেই যত্ন কৰা নহওক কিয়, কামটোৰ সফলতা অসম্ভৱ৷
কোনো এটা কাম সম্পন্ন কৰিবলৈ অভিজ্ঞতা, শক্তি আৰু সামৰ্থ্যৰ প্ৰয়োজন৷ ইয়াৰ অবিহনে যিমানেই যত্ন কৰা নহওক কিয়, কামটোৰ সফলতা অসম্ভৱ৷
Contributed by: Hemanta Saikia on 2009-03-01
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
পাখি গজিলেই গুৰি পৰুৱাৰ মৰণ |
When red ants develop their wings, they come out of their cavities and while flying, get killed by birds. Similarly, when people out of over-enthusiasm start doing something beyond their capacity, they invite troubles.
গুৰি পৰুৱাৰ পাখি গজিলে গাঁতৰ পৰা ওলাই উৰি ফুৰে আৰু চৰাই-চিৰিকতিৰ খাদ্য হয় | ঠিক তেনেকৈ মানুহে অত্যুত্সাহী হৈ নকৰিবলগীয়া কাম কৰিব খুজিলে বিপদৰ সন্মুখীন হয় |
গুৰি পৰুৱাৰ পাখি গজিলে গাঁতৰ পৰা ওলাই উৰি ফুৰে আৰু চৰাই-চিৰিকতিৰ খাদ্য হয় | ঠিক তেনেকৈ মানুহে অত্যুত্সাহী হৈ নকৰিবলগীয়া কাম কৰিব খুজিলে বিপদৰ সন্মুখীন হয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-11
পাত পাতকৈ বিছাৰ/চা ৷
To search in every place keeping no stone un-turned.
প্ৰতিটো সম্ভাব্য ঠাইত ভালদৰে বিছাৰ ৷
প্ৰতিটো সম্ভাব্য ঠাইত ভালদৰে বিছাৰ ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-11
Phrase খণ্ডবাক্য
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
পানী খোৱা পুখুৰীত বিহ ঢলা
To cause harm to someone intentionally. (Mostly used in negative sense)
ইচ্ছাকৃতভাৱে আনৰ অপকাৰ কৰা ৷ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ৷ যেনেঃ কিনো তাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ যে সি মোক মাত-বোল নকৰা হ’ল ৷)
ইচ্ছাকৃতভাৱে আনৰ অপকাৰ কৰা ৷ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ৷ যেনেঃ কিনো তাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ যে সি মোক মাত-বোল নকৰা হ’ল ৷)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-13
Idiom ফকৰা-যোঁজনা
Contributed by: Anjali Sonowal on 2010-01-30
পানীত থাকি পিয়াহত মৰা ।
to have poverty amidst plenty.
কোনো বস্তু থাকোতেও তাক ব্যৱহাৰ নকৰি কষ্ট ভোগ কৰা ।
কোনো বস্তু থাকোতেও তাক ব্যৱহাৰ নকৰি কষ্ট ভোগ কৰা ।
Contributed by: Anjali Sonowal on 2010-01-30
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
পানীত পৰা মানুহে লেজু এডালকো খামুচি ধৰে ৷
A man falling in deep waters tries to come out even by grasping a piece of chord. Similarly, a person in crisis remains ready to accept any kind of help to overcome it.
পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷
পানীত পৰি ককবকাই থকা মানুহ এজনে সমুখত জৰী এডাল দেখিলেও খামোচ মাৰি ধৰে; জানোচা তাৰ সহায়ত কেনেবাকৈ পানীৰ পৰা উঠিব পাৰে ৷ ঠিক সেইদৰে, বিপদত পৰা মানুহে তাৰ পৰা উদ্ধাৰ পাবলৈ যিকোনো ধৰণৰ সহায় গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-06
Phrase খণ্ডবাক্য
Contributed by: shekhar borah on 2009-05-08
পানীৰ তলৰ কাঁইট
Unknown/unseen enemy
অজান শত্ৰু
অজান শত্ৰু
Contributed by: shekhar borah on 2009-05-08
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
পাপক ঘিণাবা, পাপীক নিঘিনাবা ৷
One should rather hate the sin, not the sinner.
পাপ বা অসত্ কৰ্মক ঘিণ কৰি তাৰ পৰা আঁতৰি থকা উচিত; কিন্তু অসত্ কাম কৰোঁতাজনক ঘিণ কৰা অনুচিত |
পাপ বা অসত্ কৰ্মক ঘিণ কৰি তাৰ পৰা আঁতৰি থকা উচিত; কিন্তু অসত্ কাম কৰোঁতাজনক ঘিণ কৰা অনুচিত |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Rupankar Mahanta on 2008-03-14
পাপীৰ পিঠাত মন
It refers to the mentality of a person. A heretic will be more interested in the offering than paying obeissance to God.
ই মানুহৰ মানসিকতা ব্যক্ত কৰে ৷ পাপীষ্ঠ মানুহ এটা পূজাস্থলীত বহি থাকিলেও তাৰ মনটো উচৰ্গা কৰা পিঠা, লাড়ু আদিতহে থাকিব, ভগৱান বা পূজাত নহয় ৷
ই মানুহৰ মানসিকতা ব্যক্ত কৰে ৷ পাপীষ্ঠ মানুহ এটা পূজাস্থলীত বহি থাকিলেও তাৰ মনটো উচৰ্গা কৰা পিঠা, লাড়ু আদিতহে থাকিব, ভগৱান বা পূজাত নহয় ৷
Contributed by: Rupankar Mahanta on 2008-03-14
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-10-26
পাপৰ ধন পৰাচিতত যায়
A sinner usually spends lot of his earnings for religious activities to get rid of his guilty feelings. Likewise a person who earns illegally cannot enjoy it and ultimately it gets wasted by his successors.
কোনো গুৰুতৰ দোষণীয় কাম কৰিলে তাৰ কাৰণে ঈশ্বৰে শাস্তি দিয়ে বুলি ভবা হয় বা পৰাচিতৰ বিধান থাকে ৷ ঠিক সেইদৰে অনৈতিক ভাৱে অৰ্জা ধনৰ ফলো মানুহে ভোগ কৰিবলৈ নাপায় আৰু সতি-সন্ততিৰ হাতত পৰি সেইবোৰৰ আলৈ-আথানি হয় ৷
কোনো গুৰুতৰ দোষণীয় কাম কৰিলে তাৰ কাৰণে ঈশ্বৰে শাস্তি দিয়ে বুলি ভবা হয় বা পৰাচিতৰ বিধান থাকে ৷ ঠিক সেইদৰে অনৈতিক ভাৱে অৰ্জা ধনৰ ফলো মানুহে ভোগ কৰিবলৈ নাপায় আৰু সতি-সন্ততিৰ হাতত পৰি সেইবোৰৰ আলৈ-আথানি হয় ৷
Contributed by: Barnali Deuri Bora on 2010-10-26
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথ’বা ৰাখি |
One should do the work in time, otherwise he may miss the opportunity.
সময়ৰ কাম সময়ত কৰি যাব লাগে | সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয় |
সময়ৰ কাম সময়ত কৰি যাব লাগে | সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-02
Idiom ফকৰা-যোঁজনা
Contributed by: Barnali Deuri Bora on 2010-11-10
পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত
In the war between Ram and Ravana, when Lakshmana fell unconscious and was almost dying, hit by an arrow from Ravana’s son Meghnad, Hanuman approached the Lankan Royal Physician Sushena for advice. Sushena asked Hanuman to rush to Gandhamardana Hill and fetch four plants: Mritasanjeevani (restorer of life), Vishalyakarani (remover of arrows), Sandhanakarani (restorer of the skin) and Savarnyakarani (restorer of skin colour). Hanuman, not able to pick the four from the multitude, brought back the entire hill, as the medicine was to be given before dawn. The physician then only remembered that he left the flat stone upon which the plants are to be crushed at Ravan`s place.
This applies to forgetfulness at an important moment.
ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱ্ণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল আৰু লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক অনা হ’ল ৷ সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে, কিয়নো উষাৰ আগতেই লক্ষ্মণক বচোৱ প্ৰয়োজন ৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল ৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই পটন্তৰটি ব্যৱহাৰ হয় ৷

Riddle সাথৰ
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
পাৰিব নোৱৰা আম টেঙা৷
The grapes are sour.
আম গছৰ পৰা যদি আম পাৰিব নোৱৰা হয়, তেনেহ\'লে সেই আম টেঙা বুলি কৈ সান্ত্বনা লোৱা হয় ৷ অৰ্থাৎ মানুহে অৰ্জন বা হস্তগত কৰিব নোৱৰা বস্তু, খ্যাতি, ক্ষমতা আদিক অপবাদ দি বা বদনাম কৰি নিজে সান্ত্বনা লোৱা অথবা আনকো সেইমতে পতিয়ন নিয়াবলৈ কৰা চেষ্টাক বুজায় ৷
আম গছৰ পৰা যদি আম পাৰিব নোৱৰা হয়, তেনেহ\'লে সেই আম টেঙা বুলি কৈ সান্ত্বনা লোৱা হয় ৷ অৰ্থাৎ মানুহে অৰ্জন বা হস্তগত কৰিব নোৱৰা বস্তু, খ্যাতি, ক্ষমতা আদিক অপবাদ দি বা বদনাম কৰি নিজে সান্ত্বনা লোৱা অথবা আনকো সেইমতে পতিয়ন নিয়াবলৈ কৰা চেষ্টাক বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-12-14
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
পিঠিত ঔ পৰা
To punish someone by beating or thumping with hand or stick
হাত বা লাখুটি আদিৰে প্ৰহাৰ কৰি শাস্তি বিহা
হাত বা লাখুটি আদিৰে প্ৰহাৰ কৰি শাস্তি বিহা
Contributed by: Dr. Armaan U. Muzaddadi on 2012-11-09
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
পিঠিত কুলা বান্ধ ৷
To tolerate physical torture without any complaint or reaction.
কুলাৰে বাহঁৰ ধান-চাউল আদি জৰা হয়৷ সেই কুলা পিঠিত বান্ধিলে পিঠিত পৰা প্ৰহাৰৰ কষ্ট লাঘৱ হয়৷ সেয়ে এই খণ্ডবাক্যই শাৰীৰিক শাস্তি, যাতনা আদি বিনা প্ৰতিবাদেৰে সহ্য কৰা বুজায় ৷
কুলাৰে বাহঁৰ ধান-চাউল আদি জৰা হয়৷ সেই কুলা পিঠিত বান্ধিলে পিঠিত পৰা প্ৰহাৰৰ কষ্ট লাঘৱ হয়৷ সেয়ে এই খণ্ডবাক্যই শাৰীৰিক শাস্তি, যাতনা আদি বিনা প্ৰতিবাদেৰে সহ্য কৰা বুজায় ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2015-06-10
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
পুহত কল, মাঘত জল, তাৰ গাত সাত ভতৰাৰ বল ৷
One who eats banana during December-January and plenty of water during January-February months becomes very strong and healthy.
পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷
পুহমহীয়া ঠাণ্ডাত কল আৰু মাঘ মাহত প্ৰচুৰ পানী খোৱা মানুহৰ গাত সাতটা ষাঁড় গৰুৰ সমান বল হয়, অৰ্থাত্ স্বাস্থ্য ভাল হয় ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
পেটক আটে চকুক নাটে
A greedy person wants to eat more even after he consumes adequate amount to satisfy his appetite.
লুভীয়া বা খকুৱা মানুহে পেটৰ ভোক গুচাৰ পাছতো আৰু খাবলৈ ইচ্ছা কৰে ৷
লুভীয়া বা খকুৱা মানুহে পেটৰ ভোক গুচাৰ পাছতো আৰু খাবলৈ ইচ্ছা কৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
Phrase খণ্ডবাক্য
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
পেটৰ তাড়না ৷
Struggle to earn livelihood.
জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম ৷
জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম ৷
Contributed by: Dr. Armaan U. Muzaddadi on 2013-11-14
Idiom ফকৰা-যোঁজনা
Contributed by: Sitaram Upadhyaya on 2015-03-22
পৈয়েকে বুলিলে কাজী, মন ভাল লাগিছে আজি৷
When a husband appreciates his wife, she feels very happy. Likewise if someone is appreciated by an unexpected person, he feels happy.
সাধাৰণতে পৈয়েক আৰু ঘৈণীয়েকৰ মতৰ অমিল হয় আৰু সৰু-সুৰা খৰিয়ালৰ সৃষ্টি হৈয়েই থাকে। তেনে স্থলত ঘৈণীয়েকক যদি গিৰীয়েকে কেতিয়াবা প্ৰশংসা কৰে মনটো বৰ ভাল লাগে। ঠিক সেইদৰে, আশা নকৰাকৈ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ হ`লে মনত বৰ আনন্দ পোৱা যায়।
সাধাৰণতে পৈয়েক আৰু ঘৈণীয়েকৰ মতৰ অমিল হয় আৰু সৰু-সুৰা খৰিয়ালৰ সৃষ্টি হৈয়েই থাকে। তেনে স্থলত ঘৈণীয়েকক যদি গিৰীয়েকে কেতিয়াবা প্ৰশংসা কৰে মনটো বৰ ভাল লাগে। ঠিক সেইদৰে, আশা নকৰাকৈ কাৰোবাৰ প্ৰশংসাৰ পাত্ৰ হ`লে মনত বৰ আনন্দ পোৱা যায়।
Contributed by: Sitaram Upadhyaya on 2015-03-22
Idiom ফকৰা-যোঁজনা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
পো-নাতি লয় আতি, জী-নাতি জপনা কাতি
Grandchildren from son`s side gets priority whereas grandchildren from daughter`s side are ignored.
পুতেকৰ ল’ৰা-ছোৱালীক গুৰুত্ব দিয়ে, অথচ জীয়েকৰ ল’ৰা-ছোৱালীক অৱজ্ঞা কৰে।
পুতেকৰ ল’ৰা-ছোৱালীক গুৰুত্ব দিয়ে, অথচ জীয়েকৰ ল’ৰা-ছোৱালীক অৱজ্ঞা কৰে।
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
প্ৰবাসে নিয়ম নাস্তি
Those who are away from home cannot strictly follow the social norms and customs; so it may be forgiven.
প্ৰবাসত থকা অৰ্থাত্ ঘৰৰ পৰা আঁতৰত থকা মানুহে বহুতো সামাজিক ধূতী-নীতি মানি চলিব নোৱাৰে | গতিকে ই সিমান ধৰিব লগীয়া কথা নহয় |
প্ৰবাসত থকা অৰ্থাত্ ঘৰৰ পৰা আঁতৰত থকা মানুহে বহুতো সামাজিক ধূতী-নীতি মানি চলিব নোৱাৰে | গতিকে ই সিমান ধৰিব লগীয়া কথা নহয় |
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
পঢ়ায়, পঢ়ে, ৰোৱে পাণ; এই তিনিয়ে নিচিন্তে আন ৷
While teaching, reading or planting a beetal leaf creeper, one should concentrate only in his own work without thinking anything else.
আনক পঢ়াওঁতে, নিজে পঢ়োঁতে আৰু বাৰীত পাণ ৰোওঁতে অন্য চিন্তা নকৰি কেৱল নিজৰ কামত মনোযোগ দিয়া উচিত ৷
আনক পঢ়াওঁতে, নিজে পঢ়োঁতে আৰু বাৰীত পাণ ৰোওঁতে অন্য চিন্তা নকৰি কেৱল নিজৰ কামত মনোযোগ দিয়া উচিত ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
পৰ যে পৰ বাটত পৰি পৰি মৰ
Kith and kins are always the best help during distress.
আপোন মানুহৰ দৰে পৰে সহায় নকৰে, সেয়ে পৰৰ আশাত থাকি আপোন মানুহৰ লগ এৰিলে বাটত পৰি মৰিলেও কোনো চাওঁতা নাথাকে।
আপোন মানুহৰ দৰে পৰে সহায় নকৰে, সেয়ে পৰৰ আশাত থাকি আপোন মানুহৰ লগ এৰিলে বাটত পৰি মৰিলেও কোনো চাওঁতা নাথাকে।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Idiom ফকৰা-যোঁজনা
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
পৰত আশ বনত বাস
A person keeping trust on someone who is not very close to him by blood relation, looses everything and lives in bankruptcy.
আপোন মানুহ এৰি পৰক বিশ্বাস কৰিলে, ধন সম্পত্তি, ঘৰ বাৰি বিনষ্ট হয় আৰু অৱশেষত বনত গৈ বসবাস কৰিব লগীয়া হয়।
আপোন মানুহ এৰি পৰক বিশ্বাস কৰিলে, ধন সম্পত্তি, ঘৰ বাৰি বিনষ্ট হয় আৰু অৱশেষত বনত গৈ বসবাস কৰিব লগীয়া হয়।
Contributed by: Dr. Armaan U. Muzaddadi on 2008-10-25
Phrase খণ্ডবাক্য
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-30
পৰুৱাই পোৱা
In a unknown place to get lost, forgetting direction
বাট হেৰুওৱা৷ অচিন ঠাইত দিক-বিদিক হেৰুওৱা৷
বাট হেৰুওৱা৷ অচিন ঠাইত দিক-বিদিক হেৰুওৱা৷
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-30
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
পৰ্বতত কাছ কণী বিচৰা
To expect something which is impossible
এনে আশা কৰা, যি পূৰণ হোৱাটো অসম্ভৱ
এনে আশা কৰা, যি পূৰণ হোৱাটো অসম্ভৱ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-07-26
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
পৰৰ পালে জ্বৰৰ গাৰে খোৱা
to be lavish with the wealth or resources of another.
পৰৰ পালে ব্যয় কৰিবলৈ অলপো সংকোচ নকৰা
পৰৰ পালে ব্যয় কৰিবলৈ অলপো সংকোচ নকৰা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
পৰৰ পিঠাৰে বিহু পতা
Some people use to boast of themselves even if they are facing hardship or are depending on others' support for everything in their life.
নিজৰ সামৰ্থ্য নাথাকিলেও আনৰ পৰা খুজি-মাগি আনি হ’লেও বিহু পতাৰ দৰে কিছুমান মানুহে ’নাও বুৰিলেও টিঙৰ পৰা নানামে’, অৰ্থাত্ দুৰ্দশাত ভূগিলেও ফিতাহি মাৰিবলৈ নেৰে ৷
নিজৰ সামৰ্থ্য নাথাকিলেও আনৰ পৰা খুজি-মাগি আনি হ’লেও বিহু পতাৰ দৰে কিছুমান মানুহে ’নাও বুৰিলেও টিঙৰ পৰা নানামে’, অৰ্থাত্ দুৰ্দশাত ভূগিলেও ফিতাহি মাৰিবলৈ নেৰে ৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
পৰৰ মূৰত কঁঠাল ভাং
to live upon the labour of another.
লোকৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি চলা
লোকৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি চলা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
Idiom ফকৰা-যোঁজনা
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-02-25
পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা
to lead a life of ease and comfort at the expense of another.
পৰৰ উপাৰ্জনেৰে সুখেৰে জীৱন নিৰ্বাহ কৰ