Please enter word or phrase to be searched and hit 'search' key.


অ (40)আ (56)ই (7)ঈ (5)উ (17)ঊ (3)ঋ (2)এ (30)ঐ (1)ও (14)ঔ (4)ক (69)খ (19)গ (36)ঘ (14)চ (44)ছ (10)জ (19)ঝ (1)ট (9)ঠ (6)ড (7)ঢ (10)ত (16)থ (9)দ (25)ধ (18)ন (36)প (34)ফ (16)ব (55)ভ (21)ম (42)য (26)ল (16)শ (20)ষ (2)স (43)হ (40)ৰ (23)ৱ (1)

Proverbs beginning with "থ"

থকা সৰকা কৰ

To make someone speechless asking critical questions.
তীক্ষ্ণ কথাৰ বাণ, প্ৰশ্ন, সমালোচনা আদিৰ দ্বাৰা কোনো ব্যক্তিক অতিকৈ বাকৰূদ্ধ/বিহ্‌বল কৰ ৷

থল পাই কঠীয়া পৰা

To fulfill one's aspirations taking advantage of the situation.
সুযোগ বুজি নিজৰ অভিষ্ট সিদ্ধি কৰা

থলুৱা কুকুৰ থলত বাঘ, বাজত মেকুৰী ৷

A local dog is lion in his own den, but becomes a cat once it goes out. Other words, one who shows bravery by dint of the courage of others, but really he is a coward.
থলুৱা কুকুৰে নিজ স্থানত বাঘৰ নিচিনা সাহস দেখুয়ায়, কিন্তু বাহিৰত গ'লে মেকুৰীৰ দৰে আচৰণ কৰে ৷ অৰ্থাৎ যি আনকাৰোবাৰ শক্তিৰে বা আপোন মানুহৰ উপস্থিতিতহে সাহস প্ৰদৰ্শন কৰে, যি প্ৰকৃততে ভয়াতুৰ বা কাপুৰুষ ৷

থান থিত লাগ

To get settled in a job or place, or to get organized.
শৃংখলাবদ্ধ হ; কোনো কামত বা স্থানত নিয়মিতভাবে থিতাপি ল ৷

থান-বান কৰ ৷

To destroy, demolish, ruin, wreck, crash or shatter
বিনষ্ট কৰ, ধ্বংস কৰ, বিশৃংখল কৰ ৷

থিতাপি ল ৷

To inhabit in a place permanently.
কোনো স্থানত নিগাজিভাবে বসবা্স কৰ ৷

থৈয়া নথৈয়া

Big destroying (used in war, battle etc.)
বৰ ডাঙৰকৈ বা প্ৰলয়ংকাৰী (যুদ্ধ-বিগ্ৰহ আদিত প্ৰয়োগ হয়)

থৰ কাছুটি হেৰা

To be in too much hurry and lose normal balance in work.
কোনো কামত অতিমাত্ৰা খৰ-ধৰ কৰ আৰু সাধাৰণ কাৰ্যক্ষমতা হেৰা ৷

থৰহৰি কম্পমান হ

To be in panic
ভয়, আশংকা বা আতংকত আতুৰ হ